পূজাত আৰতিৰ প্ৰাসংগিকতা আৰু  মানৱ মনত ইয়াৰ প্ৰভাৱ-উপাসা ভাগৱতী

ভাদমাহৰ পূৰ্ণিমাৰ পিচৰ চতুৰ্থীটোত গণেশ পূজা আৰম্ভ হোৱাৰ পিছতে নিৰ্মল এক বাতাৱৰণে সমগ্ৰ পৰিৱেশ চানি ধৰে।আকাশত শুক্ল নিৰদ, মৰ্ত্যত শুক্ল কঁহুৱাৰ নাচোন ,ৰাতিৰ বতাহ সুগন্ধিত কৰি পুৱা দলিচাৰ ৰূপেৰে সৰি থকা শেৱালিয়ে এই ধাৰণা আৰু তীব্ৰ কৰি তোলে । শৰৎ ঋতুৰ আগমণত প্ৰথমেই মনত পৰে শাৰদীয় দুৰ্গা পূজাভাগিলৈ।দেৱী পক্ষৰ নটা দিন, প্ৰতিপদৰপৰা নৱমীলৈ দুর্গাৰ নটা ৰূপৰ পূজা অৰ্চনা কৰা হয়।আমাৰ ইয়াত অৰ্থাৎ পূৱত ষষ্ঠীৰপৰাহে পূজা আৰম্ভ কৰা হয় বেলবোধনৰ জৰিয়তে।

পূজা বুলিলেই আমি বাহ্যিক দিশটোৰ প্ৰতিহে আকৰ্ষিত হওঁ।বৰ্তমান বাহ্যিক আড়ম্বৰত পূজাৰ সাত্বিক দিশটো প্ৰায় লুকাই পৰাৰ দৰেই হৈছেগৈ।এই পূজাৰ লগত জড়িত প্ৰতিটো ক্ৰিয়া তথা সামগ্ৰীয়েই মানুহৰ শাৰীৰিক তথা মানসিক উন্নতিৰ বাবে যে অতি প্ৰয়োজনীয়, সেই কথা ইয়াৰ ভিতৰত প্ৰৱেশ কৰি ইয়াত সংযোজিত হোৱা দ্ৰব্যৰ গুণাগুণ তথা ক্ৰিয়াকলাপ লক্ষ্য কৰিলে বুজিব পাৰোঁ।প্ৰকৃতি আমাৰ বাবে কিমান প্ৰয়োজনীয় এই কথা দুৰ্গা পূজাৰ সমগ্ৰ ক্ৰিয়া-কলাপে আমাক ক’ব খোজে। ধাৰ্মিক প্ৰতিটো ক্ৰিয়া-কৰ্মই প্ৰকৃতিৰ লগত জড়িত হৈ মানুহৰ মানসিক আৰু শাৰীৰিক সুস্থতাক লৈ গঢ়ি উঠা এই কৰ্মকাণ্ডবোৰৰ বাবেই এঠাইত কৈ গৈছে ‘শৰীৰম্ আদ্যং খলু  ধৰ্ম সাধনম্’। অর্থাৎ সকলো ধৰ্ম কাৰ্য্যৰ মূল শৰীৰ ।

প্ৰাচীন কালৰেপৰা আমাৰ অতিথিৰ প্ৰতি যি সহৃদয়তা সেয়া পূজাত যিগৰাকী দেৱক বা দেৱীক পূজন কৰা হয় সেই একেই ভাৱ পোষণেৰে কৰা হয়।এগৰাকী অতিথি ঘৰলৈ আহিলে আমি যি যি কৰ্ম কৰিব লাগে তাৰেই শিক্ষা দিবলৈ যেন পূজাৰ আয়োজন,এনে এক ভাৱো মনলৈ আহে।ঘৰৰ পূজাত নিমন্ত্রিত অতিথিৰ লগত আৰু ৰাজহুৱা পূজাত সকলোৱে একগোট হৈ সমিলমিলেৰে কৰ্ম সম্পাদন তথা আনন্দ-উল্লাসৰ আমাৰ জীৱনত প্ৰয়োজন আছে।একঘেয়ামী হৈ পৰা জীৱনটোৰ বিৰক্তি আঁতৰাবলৈ,মানুহৰ মাজত সহৃদয়তা বঢ়াবলৈ উৎসৱৰ প্ৰয়োজন আছে।বহুদিন আঁতৰত থকা ঘৰৰ সদস্যসকলেও এই সময়তে আহি যোগ দিয়াত ঘৰ আনন্দমুখৰ হৈ পৰে।এয়াই জীয়াই থকাৰ এক অনুপ্ৰেৰণা।

‘পূজা’ এই সংস্কৃত শব্দটোৰ  অৰ্থ হৈছে শ্রদ্ধা, সন্মান আৰু উপাসনা। উপাস্য দেবতাক প্রদীপ, ফুল, পানী বা খাদ্যবস্তুৰ প্রেমপূর্ণ নৈবেদ্য উৎসর্গা কৰাই পূজা।এক কথাত ক’বলৈ গ’লে আতিথ্য।পূজা হিন্দু ধর্মৰ এক অপৰিহার্য অনুষ্ঠান।পূজা শব্দৰ সমাৰ্থক শব্দ হ’ল আৰাধনা, উপাসনা, অর্চনা; ভক্তি; শ্রদ্ধাজ্ঞাপন; সংবর্ধন আদি।

পূজা কৰিবলৈ উপাচাৰৰ প্ৰয়োজন । এই উপাচাৰেই হ’ল পূজাৰ উপকৰণ। পাঁচ, দহ, ষোল, ওঠৰ বা চৌষষ্ঠী উপচাৰৰ পূজাৰ বিধান পোৱা যায়।সংক্ষিপ্ত পূজা বা অপ্রধান দেবতাৰ পূজা ‘পঞ্চোপচাৰ’ৰ দ্বাৰা অনুষ্ঠিত হয়। সাধাৰণ পূজা ‘দশোপচাৰে’ আৰু বিশেষ পূজা ‘ষোড়শোপচাৰে’ অনুষ্ঠিত কৰা হয় । ওঠৰ বা চৌষষ্ঠী উপচাৰৰ প্রচলন প্ৰায় নোহোৱাৰ দৰেই ।

পঞ্চোপচাৰত গন্ধ ( চন্দন বটা ), পুষ্প ( ফুল, বেলপত বা তুলসী ), ধূপ, দীপ ও নৈবেদ্যৰ প্রয়োজন।

দশোপচাৰত পাদ্য ( ভৰি ধোৱা ), অর্ঘ্য (দুর্বা, ভিজা আতপ চাউল, ফুল, চন্দন আৰু পানী ), আচমনীয় ( আচমনৰ পানী ), গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য, পানীয় ও তামোলৰ দৰকাৰ হয়।

ষোড়শোপচাৰৰ  বস্তুবোৰ হ’ল : আসন ( সাধাৰণতঃ ৰূপৰ পাতৰ টুকৰা ), স্বাগত প্রশ্ন, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক ( মিশ্রিত দধি,মধু,ঘৃত আদি ), স্নানৰ বাবে পানী , বস্ত্র, আভৰণ ( সাধাৰণতঃ ৰজতাঙ্গুৰীয়ক ), গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য, পানীয়, তামোল আদি। বিত্তশাঠ্য ( অর্থাৎ অর্থ সম্পর্কে শঠতা) নকৰি গৃহকর্তাই সামৰ্থ্য পৰিমাণ ও উৎকর্ষ অনুসাৰে উপকৰণ ব্যৱহাৰ কৰিব পাৰে।অৰ্থাৎ সকলো মানুহৰ প্ৰতি দৃষ্টি ৰাখি পূজা কৰাৰ নিয়ম প্ৰশস্ত।

পূজাৰ  কিছুমান উপকৰণ সংযোজিত কৰি পূজাৰ আদি আৰু অন্তত কৰা এক বিশেষ ক্ৰিয়া হ’ল আৰতি। আৰতিয়ে প্ৰথম অৰ্থত ক’বলৈ গ’লে পূজাৰ আদি আৰু অন্ত সূচায়।সাধাৰণ অৰ্থত আৰতি সন্ধ্যা সেৱা,গধূলি বিগ্ৰহৰ আগত চাকি জ্বলাই কৰা আৰাধনাক বুজায়। পূজাৰ বাবে আৰতি অতি প্ৰয়োজনীয় অংগ। ই দেৱ অথবা দেৱীপূজাৰ অঙ্গবিশেষ। ‘আৰতি’ আৰাত্রিক,নীৰাজন, নির্মঞ্চন প্রভৃতি নামেৰে প্রসিদ্ধ।হিন্দু উপাসনাৰ এক বিধি আৰতি কৰোঁতে হাতত লোৱা পাত্ৰৰ জুইত কিছুমান নিৰ্দিষ্ট বস্তু দি আৰাধ্য দেৱ-দেৱীৰ সন্মুখত এক বিশেষ বিধিৰে ঘূৰাই থকা হয়।এই অগ্নিক ঘিউ বা তেলেৰে প্ৰজ্বলিত কৰা হয় আৰু বৈকল্পিক ৰূপত ঘিউ,ধূপ কৰ্পূৰ আৰু সুগন্ধিত পদাৰ্থ আদি মিহলি কৰা হয় । সাধাৰণতে এই আৰতি কৰাৰ কথা আমি শাৰদীয় পূজাভাগৰ পৰাই জানিব পাৰোঁ।প্ৰতিদিনে দুৰ্গা পূজাৰ আদি, অন্তত আৰু সন্ধ্যা ডবা কাঁহ বজাই এক মাংগলিক পৰিৱেশৰ সৃষ্টি কৰা হয়।মূল পুৰোহিতে আৰতি কৰাৰ পিচত বিভিন্ন ভক্তই হাতত চাকি,ধূপ, ধূনাবান লৈ এক লয়লাস গতিৰে আৰতি কৰে।এইক্ষেত্ৰত কলকাতাৰ দুৰ্গা পূজাত কৰা ‘ধুনুচি নৃত্য’ প্ৰখ্যাত । সেইদৰে সন্ধ্যা  ভাৰতৰ বিভিন্ন অঞ্চলত উদাহৰণ স্বৰূপে কলকাতা,বাৰাণশী আদিত গঙ্গাৰ পাৰত কৰা আৰতি বিশেষভাৱে প্ৰসিদ্ধ।প্ৰকৃতি পূজাৰ ই নামান্তৰ মাথো । বৰ্তমান বিভিন্ন পূজা মণ্ডপত ইয়াৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা দেখা যায়।পূৰ্বতে পুৰুষে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মহিলা,

শিশু,কিশোৰ ,কিশোৰী সকলোৱে অংশ লোৱা দেখা যায়।

পূজাৰ লগত জড়িত এই আৰতি নামৰ অনুষ্ঠানত প্ৰকৃততে দেৱ-দেৱী মূর্তিৰ সম্মুখত প্রদীপাদি জ্বলাই আৰাধনা কৰা হয় । আৰতিৰ উপকৰণ প্রধানতঃ পাঁচটি— দীপমালা বা পঞ্চপ্রদীপ, জলপূর্ণ শঙ্খ, ধৌতবস্ত্র,  আঁহত পাত বা ফুল, বেলপাত আৰু সাষ্টাঙ্গ প্রণিপাতসহিতে আৰতি সম্পূৰ্ণ হৈ উঠে।ধূপ-ধূনা ও কৰ্পূৰৰ বাতিৰো ব্যৱহাৰ দেখা যায়। ইয়াত ব্যৱহৃত প্ৰতিটো দ্ৰব্যৰে প্ৰকৃতি ৰক্ষাৰ লগতে মানৱ শৰীৰ সুস্থ কৰি ৰখাৰো কাৰক।উদাহৰণ স্বৰূপে শঙ্খধ্বনিৰ কথাই ক’ব পাৰি।ই মানৱ শৰীৰৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।তেনেদৰেই মিঠাতেলৰ বা ঘিউ চাকি, ধূপ-ধূনাই পৰিৱেশ বিশুদ্ধ কৰাৰ লগতে ফুল ,পাত আদিৰ ব্যৱহাৰ মানৱ শৰীৰৰ, মনৰ বাবে সু ফলদায়ক।

আৰতি কৰাৰ বিশেষ নিয়ম আছে।সাধাৰণতে প্রথমে দেৱতাৰ পদতলত চাৰিবাৰ, তাৰপিছত ক্রমান্বয়ে নাভিদেশত দুইবাৰ, মুখমণ্ডলত তিনিবাৰ আৰু সর্বাঙ্গত সাতবাৰ এই সমস্ত বস্তু ঘূৰাই অনাৰ ব্যৱস্থা আছে। আৰতিৰ অনুষ্ঠান ও দর্শন বহু ফলপ্রদ বুলি উল্লেখ আছে। মন্ত্রহীন ও অঙ্গহীন দেৱ-দেৱীপূজা নীৰাজনৰ দ্বাৰা সম্পূর্ণতা লাভ কৰে বুলি বিশ্বাস কৰা হয়।সুদৃশ্য দীপাৱলীৰদ্বাৰা বিষ্ণুৰ নীৰাজন অনুষ্ঠিত হ’লে তমোবিকাৰ বিনষ্ট হয় আৰু ফলত পুনর্জন্ম নিৰস্ত হয় বুলি কোৱা হয় । ইয়াৰ দ্বাৰাই অনুভূত হয় আৰতিৰ গুৰুত্ব।

কোনো কোনো ক্ষেত্ৰত আৰতিৰ লগত সংগীত আৰু নৃত্যৰো পয়োভৰ হয়।আৰতি মন্দিৰত প্ৰাতঃ,সন্ধ্যা আৰু ৰাত্রি দ্বাৰ বন্ধ কৰা সময়ৰ কিছুপূর্বেও কৰা হয়।প্ৰাচীন কালত ইয়াৰ ব্যাপক প্ৰয়োগ আছিল।কোনো দেৱতাক আৰতি কৰাৰ সময়ত তিনিবাৰ পুষ্প অৰ্পণ কৰা উচিত। সেই সময়ত ঢাক,ঢোল,নাগৰা,তাল আদি বজাই থাকিব লাগে।

সাধাৰণতে পূজাৰ অন্তত আৰাধ্য দেৱতাৰ আৰতি কৰা হয় আৰু ইয়াত ব্যৱহৃত বিশেষ বস্তুৰ প্ৰয়োগে এই বিশেষ মান্যতা প্ৰদান কৰে।ইয়াক কেৱল সাধাৰণ বুলি ভবা অনুচিত।ইয়াৰ বাবে সন্মিলিত হোৱা সকলোৱে আৰতিৰ  দ্বাৰা বহুতো পূণ্য অৰ্জন কৰে বুলি কোৱা হয়।বিশেষকৈ এই সময়খিনিত মনলৈ  অহা ভক্তিভাৱে মনলৈ প্ৰশান্তি আনে।মনটো কেৱল নিজৰ বাবে নহয় দহৰ কল্যাণ কামনা কৰিব পৰাকৈ যেন মুকলি হৈ পৰে।

 আৰতি কৰি থাকোঁতে ব্যক্তিগৰাকীৰ মনত এক নিৰ্মল,ভক্তিভাৱে ক্ৰিয়া কৰিব লাগে।সাধাৰণতে আৰতি কৰিবলৈ লোৱা ঘিউৰ চাকিগছিৰ জ্যোতিক আত্মাৰ প্ৰতীক বুলি মনা হয়।যদি ভক্তই অন্তঃমনৰপৰা ভগৱানক মাতে তেতিয়াই তাক ‘পঞ্চাৰতী’ বুলি কোৱা হয়।দিনত আৰতি পাঁচবাৰ পৰ্যন্ত কৰিব পৰা যায়।সকলো প্ৰকাৰৰ ধাৰ্মিক সমাৰোহৰ অন্তত আৰতি কৰা হয়।ইয়াক যিকোনো প্ৰকাৰৰ ধাৰ্মিক সমাৰোহ বা উৎসৱ আদিত অন্তত বা পোনে পোনে ক’বলৈ গ’লে পূজাৰ অন্তত আৰতি কৰা হয়।এটা পাত্ৰত শুদ্ধ ঘিউ লৈ তাত বিষম সংখ্যাৰ যেনে -৩,৫,৭ ডাল শলিতা জ্বলাই আৰতি কৰা হয়।ইয়াৰ ওপৰিও কৰ্পূৰ জ্বলাই আৰতি কৰা হয় । সাধাৰণতে পাঁচটা দীপক জ্বলাই আৰতি কৰা হয় যাক ‘পঞ্চ-প্ৰদীপ’ বুলি কোৱা হয়।সেইদৰে পাঁচপ্ৰকাৰৰ আৰতি কৰা হয়  যেনে— প্ৰথম দীপমালাৰে অৰ্থাৎ পঞ্চ প্ৰদীপেৰে ,দ্বিতীয়তে পানীৰে ভৰা শংখৰে, তৃতীয় ধুই থোৱা বস্ত্ৰৰে,চতুৰ্থতে পঞ্চ পল্লৱেৰে আৰু সৰ্বশেষত সাষ্টাংগ প্ৰণাম কৰি।মস্তিষ্ক,হৃদয়,দুয়ো কান্ধ,হাত আৰু আঁঠুৰে মাটি স্পৰ্শ কৰি প্ৰণিপাত কৰাকে সাষ্টাংগ প্ৰণাম বোলা হয়।এই প্ৰণাম যোগৰ দৃষ্টিত মানৱ শৰীৰৰ বাবে বিশেষ ফলদায়ক বুলি বিবেচিত।আৰতিক মানৱ শৰীৰৰ পঞ্চ প্ৰাণৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় ।

  আৰতিৰ থালখনৰ চাকিগছিক ইষ্ট দেৱতাৰ মূৰ্তিৰ সন্মুখত ওপৰৰপৰা তললৈ গোলাকাৰভাৱে ঘূৰোৱা হয়। এইদৰে ঘূৰোৱাৰ একোটা নিৰ্দিষ্ট সংখ্যাও থাকে বা গোলাকাৰ ব্যাস থাকে। ইয়াৰ লগত আৰতি গীত সকলোৱে একেলগে গায়;আৰতি হোৱাৰ পিছত পুৰোহিতৰদ্বাৰা আৰতি কৰা সেই জ্যোতিক উপস্থিত ভক্তৰ সন্মুখত ঘূৰোৱা হয়।মানুহবোৰে নিজৰ হাত সেই জ্যোতিৰ ওপৰত ৰাখি নিজৰ শিৰক স্পৰ্শ কৰে।ইয়াৰ দুটা কাৰণ আছে বুলি কোৱা হয়।প্ৰথম মতে ঈশ্বৰৰ জ্যোতি সেই প্ৰদীপত সাঙোৰ খাই পৰে যাৰ অংশ ভক্তগণেও লাভ কৰিব পাৰে।দ্বিতীয় মান্যতা অনুসৰি মাকে সন্তানৰ সকলো মংগলৰ বাবে নিজে অমংগল গা পাতি লোৱাৰ দৰে এই নিয়ম অনুসৰি ঈশ্বৰৰ মুখলগা ভাঙি সকলো অমংগল ভক্তই নিজৰ গাত লোৱাৰ চেষ্টা কৰে।দ্বিতীয়তকৈ প্ৰথম মান্যতাকহে অধিক বিশ্বাস কৰা হয়।দ্বিতীয় মান্যতাক আৰতি কৰোঁতে সেই ভাৱনাৰে প্ৰকৃততে কৰা হয়।এককথাত ক’বলৈ গলে ঈশ্বৰৰ প্ৰতি প্ৰেমময় প্ৰকাশ হ’ল আৰতি আৰু এই প্ৰেমময় প্ৰকাশ মানৱ হিতৰো কাৰক।এইদৰে হাতেৰে অগ্নিৰ উত্তাপক স্পৰ্শ কৰি গালৈ সেই উত্তাপক টানি অনা কাৰ্যই অগ্নিৰ উত্তাপক অনুভৱ কৰাৰ লগতে ইয়াৰদ্বাৰা বীজাণু নাশৰ ধাৰণা এটাও আছে যেন অনুভৱ হয়।চাকি,ধূপ,ধূনাৰ প্ৰয়োগে বায়ু পৰিশোধিত কৰে বুলি কোৱা হয়। বিশেষকৈ পূজাস্থলীৰ লগতে ঘৰত ধূনাৰ প্ৰয়োগৰ বিশেষ প্ৰয়োজনীয়তা আছে।

 আৰতিৰ বাবে থাল ধাতুৰে নিৰ্মিত হব লাগে যি  পিতল,তাম ৰূপ,সোণ আদিৰ হ’ব পাৰে।চাকিগছ গোলাকাৰ পঞ্চমুখী,সপ্তমুখী বা অধিক বিষম সংখ্যাৰ হব পাৰে।সাধাৰণভাৱে চাকিগছ,আটাৰ, ভিজা মাটিৰে তৈয়াৰ কৰি ল’লে অধিক বিশুদ্ধ বুলি ভবা হয়। এনেধৰণৰ দ্ৰব্যৰে সৰ্বসাধাৰণ মানুহেও আৰতি কৰা সম্ভৱপৰ হৈ উঠে।ইয়াক ঘিউৰ উপৰি তেলৰো প্ৰয়োগেৰে কপাহৰ শলিতাৰে জ্বলাব পাৰি।শলিতাৰ সলনি কৰ্পূৰৰ প্ৰয়োগো কৰা হয় । ইয়াৰ লগতে পূজাৰ ফুল ,ধূপ আদি ৰখা হয়।অৱশ্যে সাধাৰণভাৱেৰে থালখন কেৱল চাকিৰেই সজাই ল’ব পাৰে।বিভিন্ন স্থানত বিশেষকৈ নদীৰ আৰতি কৰাৰ সময়ত কেৱল সেই জ্যোতিৰহে প্ৰয়োগ কৰা দেখা যায়।এই আৰতিত চাকিৰ সংখ্যা ১০০১ ও হ’ব পাৰে ,যাক ‘সহস্রদীপ’ বুলিও কোৱা হয়। ধ্যানযোগৰ মতে দীপক কেতিয়াও সমসংখ্যাৰ হ’ব নালাগে।

 আৰতি কৰোঁতে সাধাৰণতে আমি থিয় হৈ কৰোঁ। চাবলৈ গ’লে কোনো ব্যক্তিক আদৰ-সাদৰ কৰোঁতে আমি থিয় হৈ কৰোঁ।ই এক সন্মান জনোৱা কাৰ্য্য।আৰতি তেনে এক কাৰ্য্য।সেই বিশেষ আৰাধ্য দেৱতাক আদৰ-সন্মান প্ৰদৰ্শন কৰা হয়।অৱশ্যে থিয় হোৱাতে এই কাৰ্য্য সমাপন নহয়।মূৰ দোঁৱাবও লাগিব।ইয়াৰদ্বাৰা মনৰপৰা অহং ভাৱৰ বিনাশ হয় বুলি বিশ্বাস কৰা হয়।

আৰতি আৰম্ভ কৰাৰ পূৰ্বে সাধাৰণতে গুৰু মন্ত্ৰ মাতিব লাগে বুলি কোৱা হয়।আৰতিৰ অন্তত এই মন্ত্ৰ গাব লাগে।

“কৰ্পূৰগৌৰং কৰুণাৱতাৰং সংসাৰসাৰংভোজগেন্দ্ৰহাৰম।

সদা বসন্তং হৃদয়াৰবৃন্দে ভবং ভবানী সহিতং নমামী।।”

অর্থাৎ কৰ্পূৰৰ সমান শ্বেত, কৰণৰ অৱতাৰ,সমগ্ৰ সংসাৰৰ সাৰ, নাগবিলাকৰ স্বামীৰ হাৰ সদৃশ, মই তোমাক নমস্কাৰ কৰোঁ।যি সদায় ভৱ আৰু ভবানীৰ সৈতে মোৰ হৃদয় কমলত নিবাস কৰি থাকে।

শেষত ইয়াকে ক’ব পাৰি যে পূজাৰ আদি আৰু অন্তত পৰিৱেশিত আৰতি নামৰ ক্ৰিয়াই মনৰ পংকিলতা আঁতৰাই মনটো মুক্ত আৰু সজীৱ কৰি তুলিবলৈ সক্ষম হয়।এই কাৰ্যই বা এই পৰিৱেশত মানুহৰ মন আনন্দেৰে ভৰি পৰে আৰু চাকি,ধূপ, ধূনাৰ সুগন্ধিয়ে আকাশ সুগন্ধিত কৰাৰ দৰে মনাকাশো সুগন্ধিত কৰে।

(উৎস–ভাৰতকোষৰ পূজা,আৰতি,আদি ভিন্ন ৰচনা, বাংলা আৰু হিন্দী ৱিকিপিডিয়া আৰু এই সন্দৰ্ভৰ ভিন্ন প্ৰবন্ধ আদি)

**********

2 Comments

  • সুন্দৰ লেখা।

    Reply
  • Anonymous

    পঢ়ি ভাল পালোঁ।আৰতিৰ বিষয়ে বিষদ ভাৱে দাঙি ধৰিলে।আজিহে ইয়াৰ তাৎপৰ্য বুজি পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *