বিভ্ৰান্ত বাস্তৱ: ড° ৰীতা চৌধুৰী -মামণি কলিতা

এই খ্যাতনামা অসমীয়া সাহিত্যিকগৰাকী একেধাৰে কবি, উপন্যাসিক তথা ‘সাহিত্য অকাডেমী বঁটা’ (২০০৮) প্ৰাপ্ত তথা গুৱাহাটীৰ কটন কলেজৰ এগৰাকী প্ৰবক্তা। তেখেত নেচনেল বুক ট্ৰাষ্টৰ নিৰ্দেশক আছিল। ৰীতা চৌধুৰী বাইদেৱে ১৯৮১ চনৰ ‘অসম সাহিত্য সেৱা’ বঁটা আৰু ২০০৬ চনত ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’ও লাভ কৰিছে।তেখেতৰ প্ৰথম উপন্যাস ‘অবিৰত যাত্ৰা’। ‘মাকাম’ক তেখেতৰ সাহিত্য জীৱনৰ আধাৰশিলা বুলিব পাৰি। 

বাইদেউৰ উপন্যাসসমূহৰ ভিতৰত ম‌ই শেহতীয়াকৈ পঢ়া ‘বিভ্ৰান্ত বাস্তৱ’ উপন্যাসখন মোৰ প্ৰিয় উপন্যাসমূহৰ অন্যতম।

উপন্যাসখন গায়ত্ৰী নামৰ এজনী সৰলমনা ছোৱালীৰ কাহিনী,য’ত তাই যৌৱনৰ দুৱাৰদলিতে এটা হৃদয়হীন  পাষাণৰ ভাল পোৱাৰ অভিনয়ৰে কৰা ষড়যন্ত্ৰৰ বলি হৈ  যন্ত্ৰণাকাতৰ জীৱন এটা যাপন কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছতো তাই যি এক অদম্য আত্মশক্তিৰ বলত আকাশ চোৱাৰ সপোন পূৰ্ণ কৰিলে,সেই কাহিনীয়ে সকলোকে জীৱন যুদ্ধত হাৰ নামানি আগুৱাই যোৱাৰ প্ৰেৰণা দিব।ত‌াই অকলেই আকাশ চুব খোজা নাই। তাইৰ দৰে সহস্ৰজনী পুৰুষৰ ষড়যন্ত্ৰৰ বলি শক্তিহীনা নাৰীক তাই মূৰ তুলি জীয়াই থাকিবলৈ শিকাইছে।উপন্যাসখনত আজিৰ পৃথিৱীৰ নিৰ্মম বাস্তৱৰ এখন চিত্ৰ অংকন কৰিছে লেখিকা ৰীতা চৌধুৰী বাইদেৱে।যিসকল সহজ-সৰল কিশোৰী যুৱতীয়ে তেওঁলোকৰ জীৱনক লৈ আনে হেতালি খেলাৰ পিছত জীৱনৰ প্ৰতি মোহভংগ হৈ  আত্মহনন কৰিবলৈ  বাধ্য হৈছে , তেওঁলোকক এই কিতাপখনে সাহস আৰু শক্তি দিব, পথ দেখুৱাব বুলি মই ভাবো।পুৰুষৰ হাতত লাঞ্ছিতা,প্ৰবঞ্চিতা,অপমানিতা সকলো নাৰীৰ বাবে ‘বিভ্ৰান্ত বাস্তৱ’ পাথেয় হৈ ৰওক।

কিতাপখনত গায়ত্ৰীয়ে নিজৰ জীৱন যন্ত্ৰণাক এখন চিনেমাৰ ৰূপ দিবলৈ বিচাৰি চিত্ৰনাট্য লিখিবলৈ লৈ  প্ৰতি খোজতে নিৰুপায় হৈ পৰে।কিতাপখনৰ এটা ভাল লগা অনুভৱ….

“সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকি মৃত্যুৰ আন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।”  

সঁচাকৈ প্ৰত্যেক  মানুহৰে জীৱনত থাকি যায় কিছু বাস্তৱ,কিছু ক্ষোভ,কিছু অভিমান যাক প্ৰকাশ নকৰাকৈয়ে মানুহে পৃথিৱী এৰি গুচি যায়। কিতাপখনৰ আন এটা ভাল লগা অনুভৱ….

গায়ত্ৰীয়ে বিচাৰে এই পৃথিৱীৰ প্ৰতিজন সৰল আৰু ভাল মানুহে অশুভ শক্তিবোৰক দেখক।নৰকলৈ যোৱা বাটবোৰ চিনি পাওক।অশুভৰ হাতত পৰাজিত মানুহবোৰে অশুভক পৰাজিত কৰি বিজয় নিচান উৰুৱাওক।”

উপন্যাসখনত গায়ত্ৰীৰ মাতৃয়ে কিদৰে যশস্যা,সন্মানৰ খাতিৰত নিজ কন্যাক আঁতৰাই পঠাইছিল তাক চিত্ৰায়ন কৰিছে,আমাৰ সমাজত এনে মানসিকতাৰ মহিলাৰ কোনো অভাৱ নাই।তাৰ বিপৰীতে সন্দ্বীপনৰ মামীয়েকক অনুভূতিৰ গভীৰতাৰে সমৃদ্ধ এগৰাকী সাদৰী, হৃদয়বান মহিলা হিচাপে অংকিত কৰিছে আৰু মোমায়েক যাক বাস্তৱক পিঠি দি কল্পনাৰ ৰহণ সানি এজন উদাৰ,মৰমিয়াল আৰু ধেমেলীয়া অভিভাৱকৰ ৰূপত উপস্থাপন কৰিছে।

যিসকলে আত্মবিশ্বাসৰ অভাৱত জীৱন যুদ্ধত বিচলিত হৈ আত্মজাহৰ দিশে ধাৱমান হয়,সেইসকলৰ বাবে উপন্যাসখন জীৱনৰ প্ৰাচুৰ্যৰে ভৰপূৰ আশাৰ অমোঘ মন্ত্ৰৰ দৰেই।আশাৰ তীব্ৰতা, আত্মিক উপলব্ধি,ভাষাৰ প্ৰাঞ্জলতা, অনুভৱৰ সৱল প্ৰকাশ,সমাজলৈ দিয়া কিছু বাৰ্তা, শব্দৰ গভীৰতা, প্ৰেম-ভালপোৱা সকলো অনুভূতিৰে ভৰপূৰ হৈ আছে উপন্যাসখনত। এক কথাত ক’বলৈ গ’লে প্ৰতিজন পাঠকৰ হিয়াৰ এচুকত ঠাই ল’ব পৰাকৈ ই এখন সুন্দৰ অন্তৰস্পর্শী উপন্যাস।

**********

One comment

  • Anonymous

    ভাল লাগিল।সুন্দৰ বিশ্লেষণ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *