ভুলৰ প্ৰায়চিত্ত-কুমকুম শৰ্মাবৰুৱা

পিংকি আৰু ৰিমা দুজনী নলে-গলে লগা বান্ধৱী। দুয়োজনী শ্ৰেণীত একেলগে বহে। এজনী বিদ্যালয়লৈ নাহিলেই ইজনীয়ে ঘৰ পায়েই ফোন কৰি খবৰ লয় আৰু সেইদিনা কি কি পঢ়াইছে কয়। পিংকি মাক-দেউতাকৰ একমাত্ৰ সন্তান। তাইৰ মাক-দেউতাক দুয়ো চাকৰি কৰে।তাই বিদ্যালয়লৈ বিভিন্ন ডিজাইনৰ বেগ, ৰং-পেন্সিল বাকচ, পেন্সিল, ৰবৰ ইত্যাদি আনে। তাৰোপৰি তাইৰ টিফিন বাকচ , পানীৰ বটল ইত্যাদিও বিভিন্ন ৰঙৰ। তাকে দেখি ৰিমাইও ঘৰত এইবিলাক বস্তু বেলেগ বেলেগ ৰঙৰ বিচাৰে।ৰিমাক মাক-দেউতাকে বুজায় যে প্ৰয়োজনতকৈ বেছি বস্তু লোৱা বা কিনা ভাল কথা নহয়। তোমালোকে ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় বস্তুখিনিযে পাইছা সেইটোৱেই বহুত ভাগ্যৰ কথা। তোমালোকৰ বয়সৰ কিছুমান দুখীয়া লোকৰ ল’ৰা-ছোৱালীয়ে প্ৰয়োজনীয় পেন্সিল ৰবৰখিনিকে পোৱা নাই। ৰিমাৰ খং উঠে যদিও নিৰুপায় হৈ মনে মনে থাকে।

এইবাৰ গৰমৰ বন্ধত ৰিমাহঁতৰ ঘৰলৈ ৰিমাৰ মাহীয়েকৰ ছোৱালী বৰ্ণালী ফুৰিবলৈ আহে। ৰিমাৰ মাকে তাইক দুদিনমান থাকিবলৈ কোৱাত বৰ্ণালীৰ মাকে তাইক থৈ যায়। বৰ্ণালীৰ মাকে এখন প্ৰাইমেৰী স্কুলত চাকৰি কৰে। তাইৰ দেউতাক অসুখ হৈ ঢুকাল। এখন ঘৰৰ সকলো খৰচ বৰ্ণালীৰ মাকৰ ওপৰতে নিৰ্ভৰ কৰে। বৰ্ণালীৰ ককায়েকে ইঞ্জিনিয়াৰিং পঢ়ি আছে।দৰ্মহাৰ সৰহখিনি টকা মাকে তালৈকে পঠাব লাগে। সেয়েহে বৰ্ণালীয়ে এটা ভাল ফ্ৰকো পিন্ধিবলৈ নাপায়। বৰ্ণালীয়ে সুন্দৰ গান গায়। ৰিমাই বৰ্ণালীক পিংকিহঁতৰ  ঘৰলৈ ফুৰাবলৈ লৈ গ’ল। দ্ৰয়িংৰুমত সুন্দৰ হাৰমনিয়ামটো দেখিয়েই বৰ্ণালীয়ে উচপিচাবলৈ ধৰিলে। পিংকিৰ মাকে কথাটো ধৰিব পাৰি তাইক গান গাব জানানেকি বুলি সুধিলে। তাই অলপ-অচৰপ জানো বুলি ক’লত সকলোৱে তাইক গান গাবলৈ অনুৰোধ কৰিলে। তাই নিজে হাৰমনিয়ামটো বজাই এটাৰ পিছত এটাকৈ কেইবাটাও সুন্দৰ গান গালে। জ্যোতি সঙ্গীত, ৰাভা সঙ্গীতৰপৰা আধুনিক গীতলৈকে সকলো গীতকেই তাই গালে। সকলো স্তব্ধ হৈ গ’ল। ৰিমা গৰ্বত ফুলি উঠিল।তাইৰহে মাহীয়েকৰ ছোৱালীয়ে ইমান ধুনীয়াকৈ গীত গাইছে। সকলোৱে যেতিয়া জানিব পাৰিলে যে তাই কেৱল সঙ্গীত বিদ্যালয়ত কণ্ঠ সঙ্গীত শিকে আৰু বাকী গানবোৰ কেছেট শুনি নিজে নিজে শিকা, সকলো আচৰিত হৈ গ’ল। অলপতে মাকে কম দামতে পাই তাইক এটা পুৰণা হাৰমনিয়াম কিনি দিয়াত তাইৰ শিকিবলৈ বৰ সুবিধা হৈছে বুলি ক’লে। পিংকিৰ মাকে ক’লে….

: দেখিলানে পিংকি, আগ্ৰহেৰে নজনা কথা শিকিবলৈ যত্ন কৰাটোহে ভাল কথা। প্ৰয়োজনতকৈ অধিক বস্তু মাক-দেউতাকক বিচাৰি থকাটো ভাল কথা নহয়।

পিংকি আৰু ৰিমা দুয়োজনীয়ে কথাটো ভালদৰে বুজি পালে। সিহঁত দুয়োজনীৰ দুটা দামী ভাল হাৰমনিয়াম থাকোতেও সিহঁতে বৰ্ণালীৰ দৰে বজাই গান গাব নাজানে। বৰ্ণালীয়ে ছবিও আ‍ঁকে সুন্দৰকৈ ক’তো নিশিকাকৈয়ে। ঘৰখন সুন্দৰকৈ সজাই-পৰাই থোৱাতো তাইৰ বৰ চখ আছে। তাই ৰিমাহঁতৰ ঘৰখনৰ চেহেৰাই বদলাই পেলালে। ৰিমা আৰু পিংকি দুয়োজনীয়ে বৰ্ণালীৰ গুণবোৰ দেখি বৰ ভাল পালে। দুয়োজনীয়ে বৰ্ণালীক ঘৰলৈ যোৱাৰ দিনা বিভিন্ন বস্তুৰ উপহাৰ দিলে আৰু চিঠি-পত্ৰেৰে খবৰ জনাই থাকিবলৈ অনুৰোধ কৰিলে , কিয়নো বৰ্ণালীহঁতৰ ঘৰত মবাইল ফোন নাই। এইদৰে বৰ্ণালী নামৰ সিহঁততকৈ এবছৰৰ সৰু ছোৱালীজনীয়ে পিংকি আৰু ৰিমাৰ ভুল ভাঙি জ্ঞানৰ চকু মুকলি কৰি থৈ গ’ল। 

**********

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *