মাজুলী-শুভ বৰা শইকীয়া 

মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ।কিছুমান লোকৰ মতে মা-মানে অন্ন জুলী মানে ভঁৰাল। মাজুলী শস্যে মৎস্যে এখন উভয়নদী ঠাই বাবে ঠাইখনক মাজুলী বুলি কোৱা হয়। আকৌ আন কিছুমান লোকৰ মতে চাৰিওফালে নদীৰে আগুৰি থকা মাজৰ দ্বীপ বাবে মাজুলী বুলি কোৱা হয়। মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। মাজুলীক সত্ৰ নগৰী আৰু এটকা মহন্তৰ স্থান বুলিও কোৱা হয়।

বৰ্তমান মাজুলীৰ মাটি কালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮২ বৰ্গমাইল)। ২০১৬ চনৰ ২৭জুন তাৰিখে মাজুলীক অসমৰ এখন জিলা হিচাপে স্বীকৃতি দিয়া হয়।

মাজুলীত সৰু ডাঙৰ ৩৬ খন সত্ৰ আছে।তাৰে কেইখনমান মহাপুৰুষীয়া সত্ৰ। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ, শ্ৰীশ্ৰী আউনীআটী সত্ৰ, শ্ৰীশ্ৰী নতুন কমলাবাৰী ন সত্ৰ, শ্ৰীশ্ৰী পুৰণি কমলাবাৰী সত্ৰ, শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ, শ্ৰীশ্ৰী ভোগপুৰ সত্ৰ এই কেইখন উদাসীন সত্ৰ।এই সত্ৰ কেইখনৰ বৈষ্ণৱবৃন্দ‌ই সংসাৰৰ মায়া মোহ ত্যাগ কৰি গোটেই জীৱন উদাসীন হৈ অতিবাহিত কৰে। বাকী আনকেইখন বিষয়ী সত্ৰ। ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ বাবে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ এটা শাখা যোৰহাট জিলাৰ চটাইত প্ৰতিষ্ঠা কৰে। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এটা শাখা যোৰহাট জিলাৰ টীয়ক কলীয়াপানীত প্ৰতিষ্ঠা কৰে আৰু শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ এটা শাখা যোৰহাট জিলাৰ তিতাবৰত প্ৰতিষ্ঠা কৰে।এই  সত্ৰকেইখন চাৰিটা সংহতিৰ অন্তৰ্ভুক্ত।কাল সংহতি, পুৰুষ সংহতি,নিকা সংহতি আৰু ব্ৰহ্মসংহতি।

মাজুলীৰ প্ৰধান উৎসৱ ৰাস আৰু পালনাম। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত প্ৰথম ৰাস‌ উৎসৱ পালন কৰে ১৭৬২ শকত।এই সত্ৰত ৰাসোৎসৱ তিনিটা বিশেষ ভাগেৰে তিনিদিনীয়াকৈ পালন কৰে।এই উৎসৱ ৰাস পূৰ্ণিমাত অসমীয়া কাতি বা আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।এই উৎসৱত দেশী-বিদেশী পৰ্য্যটক আৰু দৰ্শনাৰ্থীৰ খুব ভিৰ হয়। মাজুলী লোকে লোকাৰণ্য হয়। বৰ্তমান মাজুলীৰ বিভিন্ন স্থানত মঞ্চ ৰাস মঞ্চস্থ হয় যদিও   যদিও সত্ৰসমূহত ৰাসৰ গৰিমা এতিয়াও অক্ষুণ্ণ আছে। শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰৰ সংগ্ৰহালয়ত বহুতো সোণ-ৰূপৰ আপুৰুগীয়া সম্পদ আছে।

মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰত প্ৰত্যেক বছৰেই অসমীয়া কাতি মাহৰ ২৫ তাৰিখৰপৰা ২৯তাৰিখলৈকে পালনাম‌ উৎসৱ পালন কৰে।এই সত্ৰত গোটেই কাতি মাহটোত আকাশ বন্তি প্ৰজ্বলন কৰি সত্ৰৰ প্ৰাঙ্গন আলোকিত কৰি ৰাখে।দেশী-বিদেশী পৰ্যটকৰ লগতে স্থানীয় দৰ্শনাৰ্থীৰ লোকে সত্ৰৰ চাৰিহাটীত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। বৰ্তমান মাজুলীৰ যাতায়ত আৰু পৰিবহন ব্যৱস্থা সুচল হোৱা বাবে আগতকৈ দৰ্শকৰ সংখ্যা বৃদ্ধি পাইছে। আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত আহোমৰ ৰজাদিনীয়া বহুতো আপুৰুগীয়া সম্পদ সংৰক্ষিত কৰি ৰাখিছে।আউনীআটী সত্ৰ পাটিদৈ বিচনীৰ বাবে বিখ্যাত।পালনাম দৰ্শন কৰিবলৈ অহা বহু দৰ্শনাৰ্থীয়ে স্মৃতি হিচাবে অধিক মূল্য দি হ’লেও এই বিচনী কিনি নিয়ে।

মাজুলীৰ শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত।এই সত্ৰৰ সত্ৰাধিকাৰ ড০ হেমচন্দ্ৰ গোস্বামী দেৱে মুখা শিল্পৰ বাবেই পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হয়।ভাৰতবৰ্ষৰ বিভিন্ন স্থানত মাজুলীৰ মুখা শিল্প দেখিবলৈ পোৱা যায়।ৰাস পালনামত অহাৰ উপৰিও এই সত্ৰত মুখা শিল্প দৰ্শন কৰিবলৈ অহা লোক বছৰৰ প্ৰত্যেক মাহতেই দেখিবলৈ পোৱা যায়।

মাজুলীৰ লোকসকল সহজ সৰল অতিথিপৰায়ণ আৰু কষ্টসহিষ্ণু। বিভিন্ন শিল্প কৰ্মৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব আছে।আউনীআটী,শালমৰা,চিনাতলি অঞ্চলৰ লোক সকল নৌকা নিৰ্মাণত পাকৈত।সেই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে সুখী জীৱন যাপন কৰিব পাৰিছে।চিনাতলি আৰু শালমৰা অঞ্চল মৃৎ শিল্পৰ বাবে বিখ্যাত। কুমাৰ সম্প্ৰদায়ৰ লোকসকলে মানুহৰ প্ৰয়োজনীয় কলহ, টেকেলি,নদীয়া,মঠিয়া,চৰু,চাকি ধূপদানী,বানমলা আদি তৈয়াৰ কৰি মানুহৰ চাহিদা পূৰণ কৰে।অসমৰ বিভিন্ন ঠাইত মাজুলীৰ মৃৎ শিল্প দেখিবলৈ পোৱা যায়।

মাজুলীত বহুত বিল আছে যদিও ভকতি আৰু চৰলা নামৰ দুখন ডাঙৰ বিল আছে। মাজুলীত আহোম ৰজাৰ দিনত খন্দা এটা ডাঙৰ পুখুৰী আছে।ৰাওনা নামৰ মানুহ জনৰ নামানুসৰি এতিয়া সেই ঠাইৰ নাম ৰাৱনাপাৰ হয়। বৰ্তমান ৰাৱনাপাৰ ব্যৱসায়ৰ কেন্দ্ৰস্থল আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী অঞ্চলৰূপে চিহ্নিত হৈছে।

মাজুলীৰ মাছমৰীয়া লোকসকলে নদী বিল আদিত মাছ ধৰি মাছৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰে।কিছু লোকে বিলত হোৱা মুঠা আৰু কুঁহিলা গছ আনি নাম প্ৰসংগত ভকত-বৈষ্ণৱ বহিব পৰাকৈ কঠ সাজি ব্যৱসায়িক ভিত্তিত সত্ৰ,নামঘৰ আৰু গাঁওসমূহত বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হোৱা দেখা যায়।

মাজুলী মিচিং অধ্যুষিত সমষ্টি যদিও বিভিন্ন জাতি জনজাতিৰ এক মিলন ভূমি।সত্ৰ দৰ্শনৰ ক্ষেত্ৰত কোনো জাতি, ধৰ্ম,বৰ্ণ বৈষম্য নাই। মাজুলীত গোঁসাই, ব্ৰাহ্মণ,কায়স্থ,কোঁচ,কলিতা,কুমাৰ,কৈৱৰ্ত,মটক,আহোম, কছাৰী, চুতীয়া, মিচিং, দেউৰী,নেপালী সম্প্ৰদায়ৰ লোকে বাস কৰে।মিচিংসকলে তেওঁলোকৰ পৰম্পৰা অনুসৰি “আলি আঃয়ে লৃগাং”আৰু “পঃৰাগ ” উৎসৱ পালন কৰে।এই উৎসৱ শস্যৰ বীজ সিঁচাৰ সময়ত উলহ মালহেৰে পালন কৰে। অন্যান্য জাতি জনজাতীয় লোকসকলেও নিজৰ পৰম্পৰা অনুসৰি উৎসৱ-পাৰ্বন সমূহ পালন কৰে।বিশেষকৈ ভাদ মাহত মাজুলীৰ সত্ৰ নামঘৰসমূহত হৰি নামৰ ধ্বনিৰে চৌপাশ মূখৰিত কৰি তোলে।

মাজুলী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া। মাজুলীৰ চিকিৎসা ব্যৱস্থা সিমান সুবিধাজনক নোহোৱাৰ বাবে কেতিয়াবা কেতিয়াবা মাজুলীবাসী প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হয়।

মাজুলীৰ মানুহৰ প্ৰধান জীৱিকা কৃষি।ধান,মাহ, সৰিয়হ তিল, কুঁহিয়াৰ অপৰ্যাপ্ত পৰিমাণে উৎপন্ন হয়। বৰ্তমান বান্দৰ আৰু বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে উৎপাদন আগতকৈ হ্ৰাস পাইছে। প্ৰতিবছৰে হোৱা বানপানী আৰু গৰাখহনীয়াৰ বাবে মাজুলীৰ পৰিসৰ আগতকৈ হ্ৰাস পাইছে।সকলো দিশৰপৰা  মাজুলীক লৈ মাজুলীয়াল হিচাপে গৌৰৱ কৰিব পাৰোঁ যদিও বাৰিষা ব্ৰহ্মপুত্ৰৰ কালৰূপ দেখি ভয়ত আতংকিত হৈ পৰোঁ। তেতিয়া মাজুলীৰ লগত অন্য ঠাইৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। মাজুলী আৰু মাজুলীবাসীৰ সুৰক্ষাৰ বাবে গৰাখহনীয়া ৰোধ কৰি যাতায়তৰ সুবিধা কৰি মাজুলী নিমাতী সংযোগী দলং নিৰ্মাণত যদি চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহে মাজুলীৰ গৰিমা অক্ষুণ্ণ থাকিব।

                           ॥জয়তু মাজুলী॥

**********

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *