মাতৃতীৰ্থ-অচ্যুত কৃষ্ণ বৰদলৈ 

মাতৃতীৰ্থৰ স্নেহাতুৰ আলিংগনত

মোহাচ্ছন্ন মৰমৰ আৱেশত,

কুঞ্জলতা হৈ খামুচি ৰাখে

সেই হৃদয় জুৰোৱা পল,

প্ৰাপ্তিৰ দুৱাৰদলিত আজি অপ্ৰাপ্ত হ’ল

সেই মৰমৰ জীপাল বুলনি

সেই বুকুৰ উমেৰে যোৱা শান্তিৰ টোপনি।।

আজিও সাজোৰে বুকুত বাজে

সেই স্বৰ সেই ধ্বনি,

শিয়ালী এই নাহিবি ৰাতি

তোৰে কাণে কাটি লগামে বাতি।


ত্যাগোত্তৰ আকাশত মমতাৰ জোনাকৰ ছায়াত

আপ্লুত সেই ক্ষণবোৰৰ জুমুঠি

জুকিয়াই নিতৌ বান্ধো থোৰালি থোৰালি,

সেই অকৃত্ৰিম ভালপোৱাবোৰৰ

আজি মানুহে উঠি যায়

স্মৃতিপুষ্প সামৰো হাৱলি বাউলি।।


বেলিফোঁটৰ কপালত কেঁচা নামৰ শৃংগাৰ

ভাগৰিলেও নাভাগৰা সেই ঐশ্বৰিক স্পৃহা,

নিৰৱধি প্ৰেমাস্পদৰ তেওঁ গৰাকী

আজিও বুটলো সেই মৰমৰ লেচেৰি।।।


পাঞ্চজন্যৰ পৱিত্ৰতা মোৰ আইৰ দুৰ্ভিক্ষত

চিৰ প্ৰস্তৰ অথচ বোৱতী মতমাৰ নৈ,

কবিতাত অনাদি তোমাৰ ত্যাগৰ পৰিসৰ

বুকুৰ মোহনাত থাকিব আজীৱন বৈ।।

**********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *