শঙ্কৰদেৱৰ অসম ৰাজ্য ত্যাগ আৰু ভাটীলৈ যাত্ৰা-কুঞ্জ খাউণ্ড
অসমীয়া জাতীয় জীৱনলৈ অসামান্য অৱদান আগবঢ়াই এটা জাকত-জিলিকা জাতিলৈ ৰূপান্তৰ কৰি থৈ গ’ল শংকৰদেৱে।সেইজনা মহাপুৰুষৰ অমৰ সৃষ্টি ‘গুণমালা’।এই গুণমালা ভাগিৰ সৃষ্টিৰ মূলতে হ’ল কোঁচ ৰজা নৰনাৰায়ণ।শঙ্কৰদেৱে নিজ ৰাজ্য অসমৰপৰা কোঁচ ৰাজ্যত গৈ কিয় থাকিব লগা হৈছিল তাৰে এটি চমু আভাষ দিব বিচাৰিছোঁ।
শঙ্কৰদেৱৰ প্ৰথমা কন্যা মনুক হৰিলৈ বিয়া দিছিল আৰু বৰ সুখেৰে আছিল।এনেদৰে ধূৱাহাটতে নাম ধৰ্ম প্ৰচাৰ কৰি মাধৱদেৱ সহিতে সুখেৰে থাকোতেই অসমৰ ৰজাই তেওঁৰ হাতীৰ লেখ এহেজাৰ কৰিবৰ নিমিত্তে নানা ঠাইৰ পৰা হাতী আনি গড় বন্ধাই তাত সুমুৱাই থলে আৰু তাৰ পৰাই কিছুমান হাতী পলাই গ’ল।পলাই যোৱা হাতী ধৰিব নোৱাৰাৰ দোষত শঙ্কৰদেৱৰ জোঁৱায়েক হৰিক ৰজাই কটোৱালৰ হতুৱাই কটাইছিল।জোঁৱায়েক হৰিক কটোৱাৰেপৰা শঙ্কৰদেৱৰ মন বিষাদ আৰু চিন্তাক্লিষ্ট হ’ল।কিয়নো তেওঁৰ ভাব হৈছিল ‘বনৰীয়া জন্তু বনলৈ পলাই গ’ল আৰু অশেষ চেষ্টা কৰিও তাকে ধৰিব নোৱাৰাৰ বাবে প্ৰাণদণ্ড দিব পৰা এনে অবিবেকী আৰু অত্যাচাৰী ৰজাৰ ৰাজ্যত থকাটো আৰু নিৰাপদ নহয়’।সেই সময়ত চাৰিজন সন্যাসী শঙ্গৰদেৱৰ ওচৰ ওলালহি।শঙ্কৰদেৱে তেওঁলোকক খুৱাই -বুৱাই জিৰণি লোৱাৰ পিছত সুধিলে যে তেওঁলোকে কেইবাখনো দেশ দেশান্তৰ ঘূৰি আহি অসম ৰাজ্য পাইছেহি, গতিকে কোনজন ৰজা ভাল?প্ৰশ্ন শুনি সন্যাসীয়ে ক’লে…..
“আমি অনেক দেশ-দেশান্তৰ ঘূৰি ফুৰিলোঁ আৰু আসাম আৰু বেহাৰ মুলুকৰ দুজন ৰজা দেখিলোঁ।আসামৰ ৰজাৰ কাৰ্য্য দেখি আমি বৰ ব্যথিত হ’লোহঁক।এদিন আমি ৰাজসভাত বহি থাকোঁতেই এজন বাৰীচোৱাই বিৰা-জৰা এটা আনি ৰজাক ভেঁটী দিলেহি।ৰজাই জৰাটো খণ্ড খণ্ডকৈ কটাই ৰাজমন্ত্ৰীসকলেৰে খাই বৰ তৃপ্তি পাই শলাগিবলৈ ধৰিলে।আৰু মন্ত্ৰীক ক’লে…
‘এই বাৰীচোৱাটো বৰ চতুৰ, ই ইমান সুন্দৰ সোৱাদ জৰাৰ খেতি কৰিছে।তুমি এই জৰাৰ গুটিৰে সৈতে বাৰীছোৱাক লৈ গৈ মোৰ বোপাইৰ মৈদামত সুমুৱাই দিয়াগৈ,তাত সি মোৰ বোপাইক ইমান সোৱাদ জৰা খেতি কৰি খাবলৈ দিয়ক।মন্ত্ৰীয়ে ৰজাৰ আজ্ঞা শিৰোধাৰ্য্য কৰি জৰাগুটিৰে সৈতে বাৰীছোৱাক মৈদামত সুমুৱাই দিলে।এনেকুৱা অপৰিপক্ক আৰু মুৰ্খ ৰজাৰ ৰাজ্যত বাস কৰোতাৰ জীৱন অনিশ্চিত।দ্বিতীয়তে আমি আৰু এজন ৰজা দেখিলো,তেওঁ বেহাৰৰ ৰজা, নাম নৰনাৰায়ণ।নৰনাৰায়ণ ৰজাই বিস্তৰ টকা ভগন কৰি প্ৰসিদ্ধ বৈদ্য এজনক মহানাৰায়ণ তেল প্ৰস্তুত কৰিবলৈ দিলে।এবছৰ পৰিশ্ৰম আৰু বিস্তৰ টকা ভগনৰ পিছত তেল প্ৰস্তুত হ’লত,দুটা ভাৰীৰ কান্ধত দি তেল ৰজাৰ ঘৰলৈ পঠোৱা হ’ল।বাটত ভাৰী দুটাৰ ভৰি পিছলি তেলৰ মাথিটো মাটিত পৰি ভাগি তেলবোৰ নষ্ট হ’ল।ৰজাই ভাৰী দুটাক কিয় তেল নষ্ট কৰিলে সুধিলত,ভাৰী দুটাই আঁঠুকাঢ়ি কৰযোৰ কৰি ক’লে……
‘মহাৰাজ আমাক ক্ষমা কৰক।আমি ছটা ভৰিৰে খোজকাঢ়ি অতি সাৱধানে তেল আনিছিলোঁ।কিন্তু দৈব দুৰ্বিপাকত তথাপিও পিছলি পৰিলোহঁক।আনে দুটা ভৰিৰেহে আহে,আমি তিনিও ভৰিৰে মুঠতে দুজনে ছয় ভৰিৰে আহোঁতেও এনে দুৰ্ঘটনা হ’ল।ৰজাই কথা শুনি ভাৰীক সুধিলে….
‘ছটা ভৰি কেনেকৈ হ’ল দুজন মানুহৰ?’
ভাৰীদুটাই ক’লে….
‘আমাৰ দুজনৰ চাৰিটা ভৰি আৰু হাতত একোডালকৈ লাখুটি আছিল!এই ছটা ভৰিৰে মহা যত্ন কৰি তেল আনিছিলোঁ।এতেকে মহাৰাজ বন্দীক ক্ষমা কৰক।’
এইকথা শুনি ৰজাই বিচাৰ কৰি চাই সিঁহতৰ গাত দোষ নাই বুলি ক্ষমা কৰি দিলে আৰু নতুনকৈ তেল প্ৰস্তুত কৰিবলৈ বন্দবস্ত কৰিলে।এতেকে ইয়াতে বুজক কোন ৰজা ভাল আৰু জ্ঞানী!সন্যাসীৰ কথা শুনি শঙ্কৰদেৱে মাধৱদেৱক ক’লে…..
“বঢ়াৰ পো,যি ৰাজ্যৰ ৰজাৰ গাত অলপো বিচাৰ-শক্তি নাই, যি ৰজা অজ্ঞানী ,যি ৰজাই অসাধ্য কাম কৰিবলৈ দি মানুহৰ প্ৰাণ বধ কৰে সেই ৰাজ্যত থকা উচিত নহ’ব।এতেকে আমি বেহাৰ ৰাজ্যলৈ যোৱাটোৱেই উচিত হ’ব।”
শঙ্কৰদেৱৰ আজ্ঞাক্ৰমে নৌকা প্ৰস্তুত কৰা হ’ল; কিন্তু সকলো মানুহ যাবলৈ নোজোৰাত কলগছৰ ভূৰও তৈয়াৰ কৰা হ’ল।সকলো যোগাৰ হ’লত মাধৱদেৱৰ লগতে ভকত-জ্ঞাতি সকলোৰে সৈতে নাৱত উঠি ভাটীলে যাত্ৰা কৰিলে।
**********
4:53 AM
বৰ ভাল লাগিল।