সংখ্যাৰ আঁৰৰ কথা-পূৰ্ণিমা শইকীয়া গগৈ

কেতিয়া‌ এই গ্ৰুপত সোমালো মনত নাই।এদিন কুমকুম বাইদেৱে মেচেজ দিলে….

: তুমি তৰ্কত দ্বিতীয় হৈছা।অৰবিন্দ গোস্বামীয়ে তোমাৰ ফটো এখন বিচাৰিছিল।মই দিলোঁ।তেওঁ তোমালৈ friend request পঠিয়াইছে।

গ্ৰুপৰ মুখ্য পৃষ্ঠাত মোৰ ফটো ওলাল।এয়াই আৰম্ভণি। তাৰ পিছত গ্ৰুপটোৰ প্ৰতি অলপ মোহ হ’ল। 

‘শব্দ চিত্ৰ জীৱন‌ জিজ্ঞাসা’ৰ পাতত যোৱা তিনিটা সংখ্যাত মোৰ সৰু সৰু লেখাই স্থান পালে।লেখা পঠোৱাৰ বাবে অৰবিন্দ গোস্বামীৰ হোৱাটচ্ আপ্ নম্বৰটো মোৰ ম’বাইলত চেভ হল। সেই নম্বৰটোত এদিন কথাও‌ পাতিছিলো।

এমাহৰ আগতে সন্ধিয়া  ম’বাইলটোলৈ চেভ নথকা নম্বৰ এটাৰ পৰা ফোন আহিল।

: বাইদেউ ভালে আছেনে?

মাতটো ধৰিব পৰা নাছিলোঁ।‌

পুনৰ ক’লে…

: মই অৰবিন্দ গোস্বামী।মাতটো আগতে শুনাতকৈ অলপ মিঠা যেন লাগিল।গোস্বামীৰ মিঠা মাতৰ আচল ৰহস্য জানিব‌ পাৰি মই ভয় খালো।একেষাৰতে নোৱাৰো বুলি ক’লো।কিন্তু গোস্বামীৰ কথাই মোক বান্ধি পেলালে।শেষত বাধ্য হৈ মই গুৰু দায়িত্ব ল’বলগা হ’ল।

এখন আলোচনী সম্পাদনা কৰাটো মোৰ নিচিনা এগৰাকী সাধাৰণ গৃহিণীৰ  বাবে মুঠেই সহজ কাম নাছিল।তথাপিও অৰবিন্দ গোস্বামীৰ বিশ্বাস আৰু আপোনালোকৰ সহায়ৰ সাহসতে মই সেই গুৰু দায়িত্ব কান্ধ পাতি ল’লো।

আলোচনীখনৰ বাবে লেখা আহিবনে নাই,সেই কথা ভাবি প্ৰথমতে ভয় খাইছিলো যদিও এটা-দুটাকৈ লেখাবোৰ আহি থাকিল।চিনাকি দুই-এজনৰপৰাও লেখা বিচাৰিলো।বৰ্ণাশুদ্ধিৰ কাম নিজেও যিমান পাৰোঁ আগবঢ়াই থৈছিলো।দায়িত্ব লোৱাৰেপৰা প্ৰতিটো দিনৰ হিচাপ ৰাখি গৈছিলো।ঘৰুৱা ব্যস্ততাৰ মাজতে প্ৰত্যেকদিনা আলোচনীখনৰ বাবে সুকীয়াকৈ অলপ সময় ৰাখিছিলো।মাজে সময়ে অৰবিন্দ গোস্বামীৰ সৈতে আলোচনীখন সম্পৰ্কে আলোচনাও কৰিছিলো।

প্ৰথমে আলোচনীখনৰ বাবে যিমান ভয় খাইছিলো,পিছলৈ সেই ভয় কমিল।আলোচনীখন সম্পাদনা কৰি মোৰ নিজৰ অভিজ্ঞতাও বৃদ্ধি কৰা হ’ল।এনে কামবোৰ কৰাৰ এক সুকীয়া মাদকতাও আছে যাক মই উপলব্ধি আৰু উপভোগ কৰিছিলো।

প্ৰথমেই মই সকলো লেখক-লেখিকাক‌ ধন্যবাদ জনাইছো।‌ আপোনালোকৰ লেখাই আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।বৰ্ণাশুদ্ধি কৰি‌ সহায় কৰি দিয়া মোৰ শ্ৰদ্ধাৰ শ্ৰীযুতা ইলি তালুকদাৰ বাইদেউ আৰু ড° চাহিনক অশেষ ধন্যবাদ জনালোঁ।তাৰ লগতে

আলোচনীখনৰ বেটুপাত প্ৰস্তুত কৰা শ্ৰীযুত প্ৰাঞ্জল দত্তলৈ অশেষ ধন্যবাদ জনালোঁ। লগতে অৰবিন্দ গোস্বামী‌ ডাঙৰীয়াৰ নাম নল’লে ভুল হ’ব। তেখেতকো মই অশেষ ধন্যবাদ জনালোঁ। তেখেতে দিয়া দায়িত্ব পালন কৰাত মই কিমান দূৰ সফল হৈছো সেয়া নাজানো।কিন্তু এটা কথা ক’ব লাগিব আলোচনীখনৰ এইবাৰৰ সম্পাদিকা হিচাপে থাকি বৰ ভাল লাগিল।

‘টীম ৱৰ্ক’ তেতিয়াই ভাল হয়,যেতিয়া টিমৰ প্ৰত্যেকজন সদস্য-সদস্যাৰে দায়িত্ববোধ থাকে।সেই দায়িত্ববোধ মই এই আলোচনী টিমত দেখা পাইছিলো।

শেষত পাঠক সমাজে  আলোচনীখন আদৰি ল’ব বুলি আশা ৰাখি সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জনালোঁ।

**********

One comment

  • Kumkum Devi Sarmabaruah

    সুন্দৰকৈ লিখিছা।প্ৰথমেই মোৰ নাম ইফালে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *