সময়ৰ আহ্বান-আৰেচা বেগম
তোমাৰ শৰীৰত লম্ভিছে কি,
উতলা সাগৰৰ ঢৌ নে,
সীমাহীন অক্ষয় সাগৰ
খটাসুৰ সময়ৰ আহ্বান নে,
নিজাকৈ দিয়া
বিষপান।
পুৱাৰ আকাশত সূৰ্য্য উঠিবনে,
এজাক চিপচিপিয়া বৰষুণ
শীতৰ স্পৰ্শ
থাকিবনে,ৰ’দৰ।
মোৰ চেতনাক,অৱচেতনালৈ ৰূপান্তৰ কৰিব বিচাৰিলেও
চালি জাৰি চোৱা তোমাৰ ভাৱনাবোৰ।
ক’লা সূৰ্য্য, ক’লা সাপৰ সৃষ্টি নকৰিবা
ই যে ঘৃণনীয় পাপ।
উৰি যোৱা চৰাই জাকক সোধা,
সিহঁতেও বিচাৰিব জানে পথৰ সন্ধান,
উৰিব জানে সিহঁতে
হাঁহি,হাঁহি ডেউকা ভাঙি।
মোৰ চেতনাক সাৰ পোৱাই চিঞৰি, চিঞৰি ক’ম
নতুনত্বৰ কঁপনিৰে,
নতুনত্বৰ আশাৰে—
নালাগে আমাক খটাসুৰ সময়।
**********