সম্পাদকীয়

দুৰ্গোৎসৱ ভাৰতীয় সমাজৰ এক ধৰ্মীয় পৰম্পৰা।দুৰ্গা দেৱীৰ পূজাক কেন্দ্ৰ কৰিয়েই এই উৎসৱ উদযাপন কৰা হয়।সমাজৰপৰা আসুৰিক শক্তিক বিনাশ আৰু মানৱ জাতিৰ কল্যাণ কামনা কৰিয়েই দেৱী দুৰ্গাক পূজা কৰা হয় বুলি লোকবিশ্বাস আছে।কোৱা বাহুল্য যে অসমতো প্ৰতি বছৰেই অতি জাক-জমকতা আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজনেৰেই এই উৎসৱ পালন কৰা হয়। অৱশ্যে ভাৰতৰ বিভিন্ন ৰাজ্যতো দুৰ্গাৰ ধৰ্মীয় পৰম্পৰা পালন কৰা দেখা যায়।

দুৰ্গা পূজাত দুৰ্গা দেৱীকে ধৰি কাৰ্তিক, গণেশ, লক্ষী আৰু স্বৰস্বতী,এই পঞ্চ দেৱ-দেৱী পূজাৰ আয়োজন কৰা হয়। দুৰ্গা পূজাৰ লগত কিছু পৰম্পৰা আৰু জনবিশ্বাস জড়িত আছে। পৰম্পৰামতে দুৰ্গাদেৱীক বছৰত দুবাৰকৈ পূজা কৰা নিয়ম।বসন্ত কালত বাসন্তী দেৱীৰ পূজা আৰু শৰত কালত শাৰদীয় দুৰ্গোৎসৱ। 

শাৰদীয় দুৰ্গোৎসৱ মহলয়াৰপৰাই আৰম্ভ হয় বুলি ধৰা হয়।মহলয়াৰ দিনা দেৱীক মৰ্ত্য-ধামলৈ আগমণৰ বাবে আহ্বান জনোৱা হয় আৰু সেইদিনাই দেৱী মৰ্তধামলৈ বুলি যাত্ৰা আৰম্ভ কৰে। জনবিশ্বাস আছে যে মহালয়াৰপৰা বিজয়া দশমীলৈ মুঠ ন-ৰাতি দহ দিন সময় দেৱী মৰ্ত্যধামত বিচৰণ কৰে আৰু সেই সময়তেই দেৱীক পূজা অৰ্চনা কৰা নিয়ম। গতিকে এই ন দিন হিন্দু সমাজৰ কিছুলোকে দেৱীৰ নামত ব্ৰত পালন কৰে। উত্তৰ ভাৰতৰ হিন্দু সমাজৰ লোকে নৱৰাত্ৰি পালন কৰে আৰু কিছুমানে কুমাৰী পূজাও কৰে।

 দুৰ্গা পূজাৰ পৰম্পৰা মতে আহিন মাহৰ শুক্লা ষষ্ঠীত দেৱীৰ মূৰ্তি পূজাৰ বাবে মণ্ডপত স্থাপন কৰা হয় আৰু সপ্তমীত দেৱীক পূজাৰ বাবে নৱপত্ৰিকাসহিতে ঘট স্থাপন কৰা হয়। নৱপত্ৰিকা হ’ল কলপুলি, ধানৰ সীহ, ক’লা কচু, যুগ্ম বেল, জয়ন্তী,হালধি, ডালিম, মানকচু আৰু আশোক। ঘটটি স্থাপনৰ সময়ত সৰ্বতো ভদ্ৰমণ্ডল নামে মণ্ডল বা মড়ল অঁকা হয়। কোনো কোনোৱে পঞ্চপল্লৱ- আম, আঁহত, বট, অশোক আৰু ডিমৰু গছৰ পাতেৰে এটি কেঁচা নাৰিকলেৰে পূৰ্ণঘট স্থাপন কৰে। তাৰ পিছত সপ্তমীৰপৰা নৱমীৰ দিনলৈ তিনিদিন পূজা-অৰ্চনা কৰা হয়।দশমীৰ দিনা নদীৰ পানীত দেৱীৰ বিগ্ৰহ বিসৰ্জন দি দেৱী দুৰ্গাক মৰ্ত্যধামৰপৰা বিদায় জনায়। 

জন-বিশ্বাস যে দেৱী দুৰ্গা এসময়ত প্ৰজাপতি দক্ষৰাজৰ কন্যা ‘সতী’ৰূপে অৱতাৰ ধাৰণ কৰিছিল।পিছত পাৰ্বতী ৰূপে পূুন:জীৱন প্ৰাপ্ত হয়।এসময়ৰ সতী আৰু পিছত পাৰ্বতী, কৈলাশপতি মহাদেৱৰ অৰ্ধাঙ্গিনী আছিল। মহাদেৱ বা সদাশিৱই দেৱী পাৰ্বতীক দহদিনৰ বাবেহে মাতৃগৃহত থাকিবলৈ অনুমতি দিছিল।সেয়েহে কিছুমানে এই সময়ত নৱৰাত্ৰী ব্ৰত পালন কৰে।আন এক জনবিশ্বাস মতে দেৱী দুৰ্গাই মহিষাসুৰক দমনৰ বাবে দহ দিন তয়াময়া যুঁজ কৰিব লগা হৈছিল। দুয়োপক্ষৰ তয়াময়া যুদ্ধৰ দশম দিনাহে দেৱীয়ে মহিষাসুৰক পৰাস্ত কৰি বধ কৰি বিজয় সাৱস্ত কৰিছিল।

কোৱা হয়, জগতৰ কল্যাণৰ বাবেই দুৰ্গা দেৱীক পূজা কৰা হয়।মানৱ সমাজত সময়ে সময়ে অশুভ শক্তি বা আসুৰিক শক্তিয়ে প্ৰভুত্ব বিস্তাৰ কৰা বুলি ধৰ্ম শাস্ত্ৰত উল্লেখ আছে। দেৱতাসকলে তেনে আসুৰিক বা অশুভ শক্তিক বিনাশ কৰি জগতত শুভ শক্তিৰ সঞ্চাৰ কৰে বুলি বিশ্বাস কৰা হয়। 

পুৰাণৰ এক আখ্যানমতে প্ৰাচীন কালৰ কোনো এক সময়ত মৰ্ত্যধামত ব্ৰহ্মাৰ বৰদান পাই মহিষাসুৰ নামৰ এক অসুৰ ৰজা অতিশয় অত্যাচাৰী হৈ পৰিছিল।তেওঁৰ অত্যাচাৰত আনকি দেৱলোকৰ দেৱতাসকলো তিষ্ঠিব পৰা নাছিল।তেওঁ দেৱলোক অধিকাৰ কৰি দেৱতাসকলৰ ৰজা দেৱৰাজ ইন্দ্ৰক পৰাজিত কৰি তেওঁক সিংহাসনচ্যুত কৰিছিল। মহিষাসুৰৰ অত্যাচাৰত অতিষ্ঠ দেৱতাসকল মিলি অৱশেষত বৈকুণ্ঠতধামত ব্ৰহ্মা,বিষ্ণু আৰু মহেশ্বৰ,এই ত্ৰিমূৰ্তিৰ শৰণাপন্ন হয়। দেৱতাসকলে মহিষাসুৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ তাৰ মৃত্যুৰ উপায় বিচাৰি ত্ৰিদেৱৰপৰা পৰামৰ্শ আশা কৰে। কিয়নো ব্ৰহ্মাৰ বৰদান মতে নাৰী শক্তিৰ বাহিৰে কোনো শক্তিয়েই তাক বিনাশ কৰিব নোৱাৰে।কেৱল এক প্ৰতাপী নাৰীৰদ্বাৰাই তাক বধ কৰা সম্ভৱ।গতিকে দৈৱ শক্তিৰে এক প্ৰতাপী নাৰীশক্তি সৃষ্টি কৰিবলৈ ত্ৰিমূৰ্তিয়ে দেৱতাসকলক পৰামৰ্শ দিয়ে।ইয়াৰ বাবে ত্ৰিদেৱেও সহযোগিতা আগবঢ়াব বুলি সকলো দেৱ-দেৱীক আশ্বস্ত কৰে।সেই মতে সকলো দেৱ-দেৱী মিলি মহামায়াৰূপে দুৰ্গা দেৱীক সৃষ্টি কৰে।দেৱীৰ বিভিন্ন অংগ বেলেগ বেলেগ দেৱতাই দান কৰে আৰু তাৰ লগতে অতি শক্তিশালী অস্ত্ৰ-শস্ত্ৰ দান কৰি ভয়ংকৰ যুদ্ধৰ বাবে দেৱীক সুসজ্জিত কৰি তোলে। দেৱতাসকলে দান কৰা অপাৰ শক্তিৰে অৱশেষত দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিবলৈ সক্ষম হয়। তেতিয়াৰপৰাই দুৰ্গা দেৱী ‘মহিষাসুৰমৰ্দিনী’ নামেৰে প্ৰখ্যাত হোৱাৰ লগতে   দেৱী পূজাৰ প্ৰচলন হয় বুলি জনবিশ্বাস আছে। 

দুৰ্গা পূজা সম্পৰ্কে আমাৰ সমাজত বিভিন্ন ধাৰণা থকা দেখা যায় যদিও দুৰ্গা দেৱীক কোনে, ক’ত আৰু কেতিয়া প্ৰথমে পূজা কৰিছিল এই বিষয়ত সঠিককৈ কোৱাটো অতি কঠিন।কোৱা হয় ত্ৰেতা যুগত প্ৰভু শ্ৰীৰামচন্দ্ৰই সীতা দেৱীক লংকাৰ অধিপতি ৰাৱণৰপৰা উদ্ধাৰৰ বাবে শ্ৰীলংকাত প্ৰৱেশৰ প্ৰাকমুহূৰ্তত সমুদ্ৰৰ তীৰত শক্তিৰ বাবে দেৱী দুৰ্গাক পুজা কৰিছিল। অৱশ্যে এই সম্পৰ্কে মত বিৰোধ থকা দেখা যায়।কিয়নো একাংশ পণ্ডিতৰ মতে বাল্মিকীৰ ৰচিত আদি ৰামায়ণত এই বিষয়ে উল্লেখ নাই। তেনেসকলৰ মতে বাল্মিকী ৰামায়ণত আগস্ত্য ঋষিয়ে প্ৰভু ৰামচন্দ্ৰক শক্তি অৰ্জনৰ বাবে সূৰ্য দেৱতাক পূজা কৰিবলৈহে পৰামৰ্শ দিছিল।অৱশ্যে পুৰাণত প্ৰভু শ্ৰীৰাম চন্দ্ৰৰ দেৱী দুৰ্গাৰ উপাসনাৰ বিষয়ে উল্লেখ পোৱা যায়। 

শক্তিৰ অধিষ্ঠিত আৰাধ্য দেৱী হিচাপে দুৰ্গাৰ উপাসনাৰ পৰম্পৰা যে অতি প্ৰাচীন এই কথা পুৰাণ শাস্ত্ৰৰপৰাও জানিব পাৰি। 

সম্ভৱত: মাৰ্কণ্ডেয় পুৰাণতেই প্ৰথমবাৰৰ বাবে মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰাৰ কথা পোৱা যায়। ইয়াৰ দেৱী মাহাত্ম্য খণ্ডত ৰজা সুৰথ আৰু বৈশ্য সমধিয়ে দেৱীৰ মৃন্ময় মূৰ্তি সাজি পূজা কৰাৰ কথা পোৱা যায়। অৱশ্যে বৰ্তমানেও দুৰ্গাৰ স্থায়ী মূৰ্তি থকা মন্দিৰ অতি নগণ্য। জনামতে মথুৰা মিউজিয়ামত এটি চতুৰ্ভুজা প্ৰাচীন দুৰ্গা মূৰ্তি সংৰক্ষিত আছে আৰু এই মূৰ্তি প্ৰথম অথবা দ্বিতীয় খৃষ্টাব্দৰ বুলি ঠাৱৰ কৰা হৈছে। ভাৰতৰ ইতিহাসত উল্লেখ থকামতে একাদশ শতিকাত দক্ষিণ ভাৰতৰ চোল ৰাজবংশৰ প্ৰথম ৰাজেন্দ্ৰই চোল ৰাজ্যৰ ওচৰে পাঁজৰে থকা কেইবাখনো ৰাজ্য আক্ৰমণ কৰি প্ৰচুৰ ধন-সোণ লৈ গৈছিল। মূল্যবান সামগ্ৰীবিলাকৰ ভিতৰত কেইবাটাও সোণৰ দেৱ-দেৱীৰ মূৰ্তি আছিল। তেওঁ চিনাক্ত কৰি লৈ যোৱা এই সোণৰ মুৰ্তিবিলাকৰ ভিতৰত চালুক্য ৰাজ্যৰপৰা সোণৰ অন্য মূৰ্তিৰ লগতে এটা গণেশ আৰু দুৰ্গা মূৰ্তিও লৈ গৈছিল। বংগৰ পালসকলৰপৰা এটা কালী মূৰ্তিও নিয়া বুলি জানিব পাৰি।গতিকে ইতিহাসৰ এই বাখ্যা যদি সঁচা হয়, তেনেহলে, দক্ষিণৰ চালুক্যসকলৰ মাজতো দুৰ্গা পূজাৰ প্ৰচলন আছিল বুলি সঠিককৈ ধাৰণা কৰিব পাৰি।

 সাৰ্বজনীন দুৰ্গা পূজা বংগৰ বাঙালী সমাজৰপৰাই প্ৰচলন হয় বুলি কোৱা হয়।বঙ্গত দুৰ্গা পূজাৰ প্ৰচলনৰ প্ৰাচীন পৰম্পৰাৰ আভাস পোৱা সম্ভৱ।বঙ্গৰ বল্লাল ‘ডিবিত’ খননৰপৰা পোৱা পঞ্চদেৱতাৰ প্ৰাচীন দেৱালয়ৰ ভগ্নাৱশেষে তাত পুৰণি কালত দুৰ্গাদেৱীৰ উপসনাৰ প্ৰচলন থকাৰ কথা প্ৰমাণ কৰে। অৱশ্যে আগতে অসমৰ দৰে বঙ্গদেশতো দুৰ্গা পূজা ৰজা আৰু জমিদাৰসকলৰ মাজতেই সীমিত আছিল বুলি জানিব পাৰি। 

অসমত দেৱী পূজাৰ প্ৰাচীন পৰম্পৰাৰ বিষয়ে জানিব পাৰি।দেৱী মা‌ কামাখ্যৰ দেৱালয় নিশ্চয় তাৰেই নিদৰ্শন। নৰকাসুৰ আৰু তাৰ পিছত নৰকাসুৰৰ বংশৰ পিছৰ কামৰূপৰ ৰজাসকলেও দেৱী মা কামাখ্যাক শ্ৰদ্ধা ভক্তি কৰিছিল। কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰ গ্ৰন্থাদিয়ে তাৰেই সাক্ষ্য বহন কৰে।এই গ্ৰন্থ দুখন অধ্যয়ণৰপৰা জানিব পাৰি যে প্ৰাচীন কামৰূপতো বিশেষ ৰূপত দেবী পূজাৰ প্ৰচলন আছিল। মা কামাখ্যা দেবীৰ অন্য বিশেষ ৰূপত যেনে  কালী, চণ্ডী, উগ্ৰতাৰা, ভাগৱতী আদি ৰূপত উপসনা কৰা বুলিও উপৰোক্ত পুৰণি গ্ৰন্থ দুখনত উল্লেখ পোৱা যায়।কিছুমান মুখ্য পুৰাণ যেনে মাৰ্কণ্ডেয় পুৰাণতো প্ৰাচীন কামৰূপত দেৱী পূজাৰ প্ৰচলনৰ বিষয়ে উল্লেখ আছে।   

   

আহোমসকলৰ দুই এক ৰজায়ো দুৰ্গাৰ বিগ্ৰহ সাজি পূজা অনুষ্ঠিত কৰাৰ বিষয়ে অসমৰ ইতিহাস গ্ৰন্থত পোৱা যায়। ড°সুৰ্যকুমাৰ ভূঞাৰ সংকলিত হৰকান্ত বৰুৱাৰ সদৰমিনৰ অসম বুৰঞ্জীত(পৃ: ৩৬-৩৭,) উল্লেখ কৰা অনুসৰি….

আহোমৰ ১৭তম ৰজা স্বৰ্গদেৱ প্ৰতাপ সিংহৰ দিনত সুন্দৰ গোহাঞিৰ পৰামৰ্শ মতে “বেহাৰ দেশত মাটিৰ দুৰ্গোৎসৱ প্ৰতিমা কৰি পূজা কৰা দেখি সেইমতে প্ৰতিমা কৰিবৰ মৰঙ্গিয়াল মানুহ পঠাই খনিকৰ শিকোৱাই আনিবৰ কাৰণে পাতাল শিঙ্গা কাজিৰ লগত পত্ৰ-সন্দশ দি বেহাৰ ৰজালৈ পঠালে, আৰু অচিৰ কালতে শিকাই আনি কোচানৰ দেশৰ দৰে মৃন্ময় মূৰ্তি কৰি দুৰ্গোৎসৱ পূজা চলালে। সেই অৱধি প্ৰতিমা পূজা চলিল।” 

একেখন বুৰঞ্জী কিতাপত (পৃ:৬৮-৭১) পোৱা মতে শিৱসিংহৰ বৰকুঁৱৰী ফুলেশ্বৰীয়ে শিলাগ্ৰাম নিবাসী কৃষ্ণানন্দ ন্যায়বাগীশ ভট্টাচাৰ্যত মন্ত্ৰী লৈ শিষ্য হৈ দেৱী পূজা কৰিছিল। পিচলৈ পৰ্বতীয়া গোসাঞি নামে খ্যাত ভট্টাচাৰ্যক গুৱাহাটীৰ সকলো দেৱালয়ৰ দেৱতাৰ ব্যৱস্থা বিধি চোৱা চিতাৰ দায়িত্ব অৰ্পন কৰিছিল। তেখেতৰ পৰামৰ্শমতেই বৰৰজা ফুলেশ্বৰী ভাগৱতীৰ পূজা সেৱা বলি বিধান কৰাই মোৱামৰীয়া মহন্তসকলৰ বিদ্ৰোহৰ সূচনা কৰা বিষয়ে জানিব পাৰি।আহোমৰ বৰৰাণী ফুলেশ্বৰী আৰু ৰাজগুৰু কৃষ্ণকান্ত ন্যায়বাগীশৰ কুমন্ত্ৰনাত মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ কাৰণ বিশ্লেষণ কৰিলে এনে কথাৰ প্ৰমাণ পোৱা সম্ভৱ। তাৰ কাৰণতেই পিছলৈ দুৰ্গা পুজাৰ প্ৰতি অসমৰ কিছুমান মানুহৰ বৈৰাগ্য ভাৱ জন্মাটো যুক্তিসংগত বুলি ক’ব পাৰি।

 আহোমৰ সমসাময়িক ত্ৰিপুৰাৰ ৰজা আৰু জয়ন্তীয়া ৰজাসকলেও দেৱী পূজা অনুষ্ঠিত কৰিছিল বুলি ইতিহাসৰ কিতাপত আছে।সেই সময়ত জয়ন্তীয়া ৰজা সকলে দেৱী দুৰ্গাৰ পূজা কৰাৰ নিদৰ্শন পোৱা সম্ভৱ। বৰ্তমান বাংলাদেশৰ জয়ন্তীয়াত থকা জয়ন্তীয়া দেৱীৰ মন্দিৰত থকা দেৱীৰ বিগ্ৰহে তাৰেই স্বাক্ষৰ বহন কৰে। 

 অসমত একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰধান প্ৰৱক্তা হ’ল শ্ৰীমন্ত শংকৰদেৱ।তেখেতৰ প্ৰধান শিষ্য হ’ল শ্ৰী শ্ৰী মাধৱ দেৱ।এই দুইজনৰ  মিলনক ‘মনিকাঞ্চন সংযোগ’ বুলি কোৱা হয়। মাধৱদেৱ প্ৰথমে দেৱী পূজাত আসক্ত আছিল।শংকৰদেৱৰ লগত মিলন হোৱাৰ পিচতহে তেখেতৰ ধৰ্মীয় ধাৰণাৰ পৰিৱৰ্তন হয়। মাধৱদেৱৰ মাতৃৰ টান নৰীয়া হয়। নিৰাময়ৰ বাবে গোসাঁনীৰ পূজাত পঠা ছাগলী বলি দিয়াৰ মানস কৰে। সেইমতে নিজৰ বৈনাকক দুটা পঠা আনিবলৈ দিছিল। কিন্তু তেওঁ তাক অনা নাছিল বাবেই দুয়োজনৰ মাজত তৰ্কাতৰ্কি হয়। ভনীজোঁৱায়ে শংকৰদেৱৰ ভয়ত বলিৰ বাবে পঠা আনিবলৈ অমান্তি হোৱাত মাধৱদেৱে খঙত কৈছিল-

“বলচোন জাঞ দুৰ্গ্গা দেৱীকনো কোনে কেনকৈ খণ্ডে চাঞ জাৰ সৃষ্টিৰ মায়া।”

এই ঘটনাৰপৰা এটা কথা স্পষ্ট যে সেই সময়তো অসমীয়া সমাজত কিছু লোকৰ মাজত দুৰ্গাপূজাৰ প্ৰচলন আছিল।একাংশই  ইংৰাজৰ দিনত অসমলৈ অহা শিক্ষিত বাঙালীসকলেই প্ৰথমে অসমত দুৰ্গা পুজাৰ প্ৰচলন কৰা বুলি প্ৰকাশ কৰা যুক্তিও অতি দুৰ্বল।

এতিয়া উলহ মালহেৰে দুৰ্গা পূজা চলি আছে।দেৱীৰ কৃপাবলেৰে সমাজৰ অশুভ শক্তিবোৰৰ বিনাশ হওক।অসমভূমি,অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ মঙ্গল হওক।শেষত,সকলোলৈকে দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা জনালোঁ।

সম্পাদিকা
শব্দচিত্ৰ—জীৱন জিজ্ঞাসা
(২য় বৰ্ষ,চতুৰ্থ সংখ্যা)

**********

5 Comments

  • কুঞ্জ খাউণ্ড

    বৰ ভাল লাগিল উচ্চমানৰ সম্পাদকীয় পঢ়ি।দূৰ্গা পূজাৰ অতীত আৰু বৰ্তমানৰ সকলো কথা সামৰি লিখা সুন্দৰ সম্পাদকীয়।

    Reply
  • হৰিচন্দ্ৰ ডেকা

    উৎসৱৰ বতৰত দূৰ্গা পূজাৰ সকলো দিশ সামৰি লিখা উচ্চ মানৰ সম্পাদকীয়টো সঁচাকৈয়ে বৰ মনোগ্ৰাহী হৈছে ৷

    Reply
  • Kumkum sarmabaruah

    দুৰ্গাপূজাৰ ইতিহাস সম্বলিত এটি অতি উচ্চ পৰ্যায়ৰ সম্পাদকীয়।

    Reply
  • প্ৰদীপ চন্দ্ৰ বৰা

    বুৰঞ্জী মূলক সম্পাদকীয় ভাল লাগিল ৷ বৰ্তমান শ্ৰীমন্তশঙ্কৰদেৱৰ প্ৰকৃত অনুগামী সকলে দুৰ্গোৎসৱত সেৱা অৰ্চন বন্দন বা ভক্তি নকৰে ৷ মহাপুৰুষৰ অৰ্ধ সমৰ্থক সকলেে দুৰ্গাপূজাৰ আধ্যাত্মিকতাক আওকান কৰি ব্যৱসায় বাণিজ্যতহে গুৰুত্ব দিয়ে ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *