সাক্ষাৎকাৰ

(ৰাষ্ট্ৰীয় মহিলা দবা খেলুৱৈ, বিশিষ্ট কবি,সাহিত্যিক জুনমনি গগৈৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ।সাক্ষাৎ গ্ৰহণ কৰিছে পূৰ্ণিমা শইকীয়া গগৈয়ে)

পূৰ্ণিমা শইকীয়া গগৈ: নমস্কাৰ।

জুনমনি গগৈ: নমস্কাৰ।

পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ নাম? পিতৃ মাতৃৰ নাম আৰু ঠিকনা?

জুনমনি গগৈ: মোৰ নাম জুনমনি গগৈ।পিতৃৰ নাম ৰাতিৰাম গগৈ আৰু মাতৃৰ নাম মেনকা কোঁৱৰ‌ গগৈ। মই যোৰহাট জিলাৰ নকছাৰি মৌজাৰ তিৰুৱাল গাঁৱৰ বাসিন্দা।

পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ শিক্ষাগত অৰ্হতা?

জুনমনি গগৈ: শিক্ষাগত অৰ্হতা বুলি ক’বলৈ হ’লে মই অৰ্থনীতি আৰু অসমীয়াত এম.এ.কৰিলো।অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰপৰা প্ৰবীণ আৰু নিখিল ভাৰত সংগীত সমিতিৰ পৰা আৰ্টত বিশাৰদ ডিপ্লমা লাভ কৰিলোঁ।বৃত্তিগত শিক্ষা হিচাপে মই ডি.এল.এড. কৰিলো।

পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ বৃত্তি?

জুনমনি গগৈ: বৃত্তিত মই এগৰাকী শিক্ষয়িত্ৰী।মই বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষ‌য়িত্ৰী হিচাপে কৰ্মৰত।ইয়াৰ আগতে মই নকছাৰি মডেল ইংলিছ হাইস্কুলত শিক্ষকতা কৰিছিলো।ইয়াৰ উপৰিও বৰ্তমান মই মেনকা গগৈ সোঁৱৰণী দবা আৰু আৰ্ট একাডেমী নামেৰে এখন একাডেমী চলাই আছোঁ।য’ত দেওবাৰে ক্লাচ সমুহ কৰা হয়।

পূৰ্ণিমা শইকীয়া গগৈ: আপুনি বৃত্তিত এগৰাকী শিক্ষয়িত্ৰী।তাৰোপৰি আপুনি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলুৱৈ।এগৰাকী কবি, সাহিত্যিক। এখন বিদ্যালয়ৰ প্ৰধান শিক্ষ‌য়িত্ৰী হোৱাত বিদ্যালয়ৰ দায়িত্ব যথেষ্ট বেছি। এই সকলোখিনি দায়িত্ব আপুনি একেলগে কেনেদৰে পালন কৰিছে?

জুনমনি গগৈ: হয় আপুনি সঠিক কথাই কৈছে। এগৰাকী শিক্ষয়িত্ৰী হিচাপে খেলৰ লগতে সাহিত্য চৰ্চা কৰি যোৱাটো বৰ্তমান সময়ত যথেষ্ট অসুবিধা‌ অনুভৱ কৰিছো। আজিকালি অনবৰতে আহি থকা চৰকাৰী নিৰ্দেশনাবোৰৰ বাবে অন্য কাম কৰিবলৈ আহৰিকে নোপোৱা হলো।সেয়েহে সাহিত্য চৰ্চা মোৰ যথেষ্ট কমি গৈছে।মনৰ কথাবোৰ সময়ৰ অভাৱত লিখিবলৈ থাকি যায় দেখোন।আনহাতে যিহেতু মই এগৰাকী দবাৰু গতিকে খেল নেখেলাকৈও থাকিব নোৱাৰোঁ।তাতে আকৌ একাডেমীখনতো সময় দিব লাগে।ল’ৰা ছোৱালীবিলাকক শিকাওঁতে নিজাকৈ অনুশীলন কৰাই নহয়।অনলাইনত কেতিয়াবা দবা খেলো যদিও বিদ্যালয়ৰ বিভিন্ন দায়িত্বৰ বাবে অফলাইনত খেলিবলৈ যাবলৈকে নোৱাৰা হৈছোঁ। কেইবাখনো ৰাষ্ট্ৰীয় খেল বাতিল কৰিবলগীয়া হৈছে।এতিয়া বছেৰেকত এখন মান খেলিবলৈ পোৱাটোৱেই মোৰ বাবে পৰম সৌভাগ্যৰ কথা যেন অনুভৱ হয়। তথাপিও নিচা আৰু পেচাক একেলগে চলাই নিবলৈ যত্ন কৰিছোঁ। চৰকাৰে যদি আমাৰ নিচিনা খেলুৱৈৰ বাবে কিছু ছুটীৰ ব্যৱস্থা কৰিলেহেঁতেন,নিশ্চয় সুখী হলোহেঁতেন।

পূৰ্ণিমা শইকীয়া গগৈ: মই জনাত ২০১৭ চনতে আপুনি FIDE পৰা National Instructor উপাধি লাভ কৰা অসমৰ একমাত্ৰ মহিলা দবা খেলুৱৈ।ইমান এটা ডাঙৰ কৃতিত্বৰ অধিকাৰী হ’বলৈ পোৱাটো আপোনাৰ সৌভাগ্য। আপোনাৰ অনুভৱ কি?

জুনমনি গগৈ: হয় মই ২০১৭ চনতে FIDE অৰ্থাৎ World Chess Fredaration ৰ পৰা National Instructor উপাধি লাভ কৰিছিলো। গুৱাহাটী ছাই একাডেমীত ২০১৭ চনত FIDE Training অনুষ্ঠিত হৈছিল।তাত কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। অসমৰপৰা মই আৰু কেইজনমান পুৰুষ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিলো।গোটেই প্ৰশিক্ষণটোত আমি মাত্ৰ চাৰিগৰাকীহে মহিলা দবাৰু আছিলো।আমাক প্ৰশিক্ষণ দিছিল গ্ৰেণ্ড মাষ্টাৰ আৰ. বি. ৰমেশ, ইণ্টাৰনেচনেল মাষ্টাৰ লংকা ৰবি, ইণ্টাৰনেচনেল মাষ্টাৰ বিশাল চ’ৰেন আৰু গ্ৰেণ্ড মাষ্টাৰ জেকব আগাৰে। আমি তাত‌ দেখুওৱা পাৰদৰ্শিতা আমাৰ ৰেটিংৰ‌ ওপৰত ভিত্তি কৰিয়েই পিছত বেলাৰুচৰ মিনস্কত বহা বৰ্ডৰ সিদ্ধান্ত অনুসৰি আমাক এই উপাধি প্ৰদান কৰিছিল।

পূৰ্ণিমা শইকীয়া গগৈ: আপুনি দবা খেল প্ৰথমে কাৰ ওপৰত শিকিছিল?

জুনমনি গগৈ:  মই দবা খেলৰ অ আ ক খ  দেউতাৰ কোচত বহিয়েই শিকিছিলো বুলি কয়।মোৰ কিন্তু মনত নাই। কাৰণ মই তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই দেউতাই আমাক এৰি পৰলোকলৈ গমন কৰিলে।আমাৰ দুয়োজন ককাইদেৱে দবা খেল খেলিব জানিছিল। পঞ্চম শ্ৰেণী মানত পঢ়ি থাকোঁতে এবাৰ ডাঙৰ ককাইদেৱে দবা গুটিবোৰ দিবলৈ শিকোৱা মনত আছে।হয়তো তেনেকৈয়ে দবা খেলৰ আৰম্ভণি হৈছিল। অৱশ্যে পিছলৈ কিছু উন্নতমানৰ দবা কেনেদৰে খেলিব পাৰি মোৰ গৃহস্থই শিকাইছিল। লগতে দবাৰ বিভিন্ন কিতাপ অধ্যয়ন কৰিছিলোঁ। তাৰ পিছত এবাৰ গুৱাহাটীত ইণ্টাৰনেচনেল মাষ্টাৰ নীৰজ কুমাৰ মিশ্ৰৰ ওচৰত এসপ্তাহৰ প্ৰশিক্ষণ লবলৈ সুবিধা পাইছিলো।

পূৰ্ণিমা শইকীয়া গগৈ‌: আপোনাৰ দবা খেলৰ জয়যাত্ৰাৰ বিষয়ে কওকচোন।

জুনমনি গগৈ: ১৯৯৭চনত মই প্ৰথম প্ৰতিযোগিতামূলক দবা খেল খেলিছিলো। যোৰহাট জিলা ভিত্তিত আয়োজন কৰা ‘নৰসিংহ তাছা সোঁৱৰণী দবা প্ৰতিযোগিতা’ত মোৰ প্ৰথম অভিষেক ঘটিছিল। সেই বছৰতে মই মঙ্গলদৈত অনুষ্ঠিত হোৱা ‘সদৌ অসম দবা প্ৰতিযোগিতা’ত যোৰহাট জিলাৰ হৈ অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিলো।তাৰ পিছৰ বছৰ ডিব্ৰুগড়ত খেলি ২৫ নম্বৰৰ পৰা ৮নম্বৰ ৰেটিঙলৈ আহিলো।১৯৯৯ চনত ডিগবৈত  ৰাষ্ট্ৰীয় খেলুৱৈ ববী বৰুৱাক হৰুৱাই তৃতীয় স্থান লাভ কৰি ৰাষ্ট্ৰীয় দবা খেলিবলৈ প্ৰথম বাৰৰ বাবে নিৰ্বাচিত হলো।সেয়াই আৰম্ভণি। ইয়াৰ পিছত আৰু থমকি ৰ’ব লগা হোৱা নাই। সদৌ অসম দবা প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাৰ বাবে জিলাৰ বাচনি খেল চাৰিবাৰহে খেলিলো। আটাইকেইখনতে চেম্পিয়ন হলো। ১৯৯৭চনৰ পৰা ২০২২চনলৈকে (মাজতে কৰ’ণাৰ বাবে দুবাৰ খেল নহ’ল) একেৰাহে ২৫ বৰ্ষ খেলি২২ বাৰ পুৰস্কাৰ পাই ৰাষ্ট্ৰীয় খেলত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিলো। তাৰে ৯ বাৰ চেম্পিয়ন, ৪বাৰ ৰানাৰ আপ, ৪বাৰ তৃতীয় আৰু ৫বাৰ চতুৰ্থ স্থান লাভ কৰিলো। ৯বাৰকৈ অসমৰ মহিলা চেম্পিয়ন হোৱা‌ আৰু একেৰাহে ২৫বৰ্ষ খেলা এই দুটা দবা খেলৰ মোৰ ৰেকৰ্ড বুলিয়েই কব পাৰি। ইয়াৰোপৰি মই কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ মহিলাৰ‌ পদক লাভ কৰিলোঁ। ইয়াৰোপৰি জিলা আৰু আন্তঃজিলা ভিত্তিত পতা প্ৰাইজমানি দবা প্ৰতিযোগিতাৰ কেইবাখনতো পুৰস্কাৰ লাভ কৰিছিলোঁ।

দবা খেলৰ মোৰ আটাইতকৈ ভাল লগা কথাটো হ’ল এই খেলৰ যোগেদি দেশ‌ বিদেশৰ ৰথী মহাৰথী খেলুৱৈ সকলক লগ পোৱাটো।গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টত ১৭খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।অন্যহাতে জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় খেলত ভাৰতৰ ১৬ গৰাকী গ্ৰেণ্ড মাষ্টাৰ আৰু ২৯ গৰাকী I M এই অংশগ্ৰহণ কৰিছিল।পুনেত খেলিবলৈ যাওঁতে কল্যাণ ষ্টেচনৰপৰা খেলৰত্ন বঁটা (২০২১-২২) পোৱা অভিজিত কুন্তে আৰু তেখেতৰ দেউতাক প্ৰকাশ কুন্তেই আমাক নিবলৈ আহিছিল। পুৰবী সিংহা আৰু মই তেখেতসকলৰ গাড়ীত উঠি গৈছিলো। এবাৰ কেৰেলাত FIDEৰ প্ৰেচিডেন্ট  পি টি ওমৰ খৈয়াৰ ঘৰত সকলো খেলুৱৈ গৈ ডিনাৰ কৰিলো।এই কথাবোৰ ভাবিলে বৰ ভাল লাগে। ‘অৰ্জুন বঁটা’ পোৱা, ‘খেলৰত্ন বঁটা’ পোৱা ভাৰতৰ তাৰকা খেলুৱৈ সকলক দেখা পোৱা, লগ পোৱা তথা একেখন টুৰ্ণামেণ্টতে খেলিবলৈ পোৱাটো সঁচাকৈয়ে পৰম সৌভাগ্যৰ কথা। এনেকুৱা অনেক ভাল লগা কথাবোৰ মোৰ জীৱনৰ সোণসেৰীয়া কথা হৈ ৰ’ব।

পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ মাতৃ মেনকা গগৈৰ সোঁৱৰণত আপোনাৰ এখন দবা একাডেমী আছে। আপুনি নিজেই প্ৰশিক্ষণ দিয়ে। এই বিদ্যালয় খনে কেনেধৰণৰ ফল দেখুৱাবলৈ সক্ষম হৈছে?

জুনমনি গগৈ: প্ৰত্যেক মানুহৰ সফলতাৰ আঁতৰ কোনোবা থাকে। মোৰ জীৱনত আটাইতকৈ বেছি অনুপ্ৰেৰণা, সাহস আৰু পথ-প্ৰদৰ্শকৰ ভুমিকা পালন কৰা মহিয়সী নাৰীগৰাকীয়েই হৈছে মোৰ মা।মাৰ উপদেশ, সাহস আৰু সহযোগিতাৰ‌ বাবে আজিৰ ‘মই’জনী হ’ব পাৰিলো। সেয়েহে মাৰ বাবে কিবা এটা কৰাৰ হেঁপাহ মোৰ বৰকৈ হৈছিল। যিহেতু মই আৰ্ট আৰু দবাৰ শিক্ষা ছাত্ৰ ছাত্ৰীসকলক দিছিলোঁৱেই,সেইটো স্থায়ী কৰিবলৈ মাৰ‌ নামতে একাডেমীখন খোলাৰ কথা ভাবিলোঁ। প্ৰথমতে ২০০৭চনতে ‘মেনকা গগৈ আৰ্ট এণ্ড চেচ্ একাডেমী’ নাম দি স্কুল খুলিছিলো। কৰ্মসূত্ৰে ২০১৩চনত যোৰহাটত থাকি ল’ব লগা হ’ল কাৰণে আৰ্টটো চলি থকিল যদিও দবা প্ৰশিক্ষণটো বন্ধ ৰাখিব লগা হ’ল। পিছত ২০২২চনৰ জুলাইত পুনৰ ‘মেনকা গগৈ মেমৰিয়েল‌ দবা একাডেমী’ বুলি সুকীয়াকৈ এই একাডেমী খন চলাই আছোঁ। মোৰ এতিয়া প্ৰায় ৩০ জন মান‌ ছাত্ৰ-ছাত্ৰী আছে। ইতিমধ্যে তেওঁলোকে জিলা আন্তঃজিলাত কেইবাটাও পদক বুলিবলৈ সক্ষম হৈছে। মোৰ একাডেমীৰ কেইবাজনেও ইল’ৰেটিং লাভ কৰিছে। এয়া নিশ্চয় ভাল খবৰ।

পূৰ্ণিমা শইকীয়া গগৈ: দবা খেলুৱৈ হোৱাৰ উপৰিও আপুনি সাহিত্য চৰ্চা কৰা মহিলা।‌ ইতিমধ্যে আপোনাৰ কেইবাখনো পুথি প্ৰকাশ পাইছে। প্ৰকাশিত পুথি কেইখন কি কি?

জুনমনি গগৈ: হয়।সাহিত্য চৰ্চা কৰাটো মোৰ নিচা। ইতিমধ্যে মোৰ তিনিখন গ্ৰন্থ প্ৰকাশ পাইছে। দুখন কাব্যগ্ৰন্থ-

১)তই গান এটা হৈ ৰৈ ৰৈ বাজিছ কলিজাত

২) I am a Golden Fish

প্ৰথম কাব্যগ্ৰন্থৰ বাবে মই লেখিকা সংস্থাৰপৰা দীপা বৰুৱা ঠাকুৰ সোঁৱৰণী প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলো। দ্বিতীয় খন কাব্যগ্ৰন্থৰ কবিতাসমূহ ইংৰাজীলৈ অনুবাদ কৰিছিল মোৰ শিক্ষাগুৰু ডঃ নুৰুল হুছেইন ছাৰে।

৩)’বন্ধুত্বৰ সেউজীয়া বাটেদি’ ——-এইখন মোৰ ভ্ৰমণ কাহিনী।

 পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ সাহিত্যৰ জয়যাত্ৰাৰ বিষয়ে কওকচোন।

জুনমনি গগৈ: মোৰ সাহিত্য চৰ্চাৰ বিষয়ে কবলৈ গ’লে নব্বৈ দশকলৈ উভতি যাব লাগিব। আচলতে মই একেবাৰে সৰুতেই হাতত কলম তুলি লৈছিলো। কিতাপ পঢ়ি বহুত ভাল পাইছিলো। ককাদেউৱে গঢ়ি তোলা ব্যক্তিগত লাইব্ৰেৰীৰপৰা মনে মনে কিতাপ পঢ়িছিলোঁ আৰু তেনেদৰে অনুপ্ৰাণিত হৈ প্ৰথমে কবিতা লিখিবলৈ শিকিছিলো।বিদ্যালয়ৰ পৰা প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা ‘প্ৰভাত’ত  ‘মোৰ শৰত’ নামৰ কবিতাটো প্ৰকাশ পাইছিল।সেইটো মোৰ জীৱনৰ প্ৰথম প্ৰকাশিত কবিতা। মই তেতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। তাৰ পিছত স্কুলীয়া দিনতে অনেক কবিতা প্ৰকাশ হৈছিল।  সাপ্তাহিক জনমভূমি, দৈনিক জনমভূমি, অগ্ৰদূত, জনসংযোগ, সীমান্ত অসম, ভূমি পুত্ৰ, মইনাৰ বাতৰি আদি কাকতত মোৰ কবিতা প্ৰকাশ হৈছিল। তাৰ পিছত বিভিন্ন আলোচনী যেনে -পূবালী,পান্থপাদক, কাব্যশ্ৰী, গাণ্ডীৱ,পিংগল,নিতম, অলকানন্দা, ৰ’দ,ত্ৰিধাৰা,কলাজ, ইত্যাদি, অনুভূতি, সঁজাল আদিত মোৰ কবিতা প্ৰকাশ পাইছিল। অন্যহাতে স্বৰ্ণলিপি, আলোক,শৰতসুৰভি, অন্তদৃষ্টি, সুচেতনা, বৰহমথুৰি, জাছিংফা,দীপশিখা,অয়ন, অন্তৰংগ, নৈমিষাৰণ্য, অংহিপ, কবিকণ্ঠ  আদি আলোচনী আৰু মুখপাত্ৰত মোৰ গল্প, প্ৰৱন্ধ আৰু কবিতা প্ৰকাশ হৈছিল।

মই কেইবাখনো স্মৃতিগ্ৰন্থৰ সম্পাদনা সমিতিৰ লগত জড়িত হৈ আছিলো  আৰু অৰুণৰাগ, কবি কণ্ঠ, প্ৰমা, নৈমিষাৰণ্য, অংহ্ৰিপ স্মৃতিগ্ৰন্থৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিলো।

মোৰ লেখাবোৰ বা মোৰ সৃষ্টি সমূহে পাঠকৰ ঘৰৰ আলহী হ’ব পাৰিছে নে নাই নাজানো। কিন্তু বিভিন্ন প্ৰতিযোগিতাত মোৰ কবিতা, গল্প, প্ৰৱন্ধই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। পুৰস্কাৰ বা বঁটা প্ৰতি মই লুভীয়া নহয়,কিন্তু প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি মোৰ ভাল লাগিছিল। ১৯৯৬চনত মই  দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হৈছিলো। কবিতা,গল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাত একক আৰু পাণ্ডুলিপিৰ আটাইকেইটাতে পুৰস্কাৰ লাভ কৰিছিলো। ২০০২চনত সদৌ অসম লেখিকা সংস্থাৰ দ্বাৰা আয়োজিত কবিতা পাণ্ডুলিপিত শ্ৰেষ্ঠ হৈ ‘দীপা বৰা ঠাকুৰ সোঁৱৰণী’ পুৰস্কাৰ লাভ কৰিছিলো। আকৌ ২০১৫ চনত ‘সদৌ অসম কবি সন্মিলনে’  ‘ইভা শইকীয়া বুঢ়াগোহাঁই সোঁৱৰণী বঁটা’ প্ৰদান কৰে। এই বঁটাটো প্ৰগতিশীল কবিতাৰ শিতানত প্ৰদান কৰিছিল।ইয়াৰোপৰি যোৰহাট জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীবৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা গল্প, কবিতা আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ কেউটাতে প্ৰথম স্থান লাভ কৰিছিলো। ঠিক তেনেদৰে কামৰূপৰ পচৰীয়া সাহিত্য সমাজে আয়োজন কৰা গল্প, কবিতা দুয়োটাতে প্ৰথম স্থান পাইছিলো।পূৱ যোৰহাট শিক্ষক কৰ্মচাৰীয়ে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতা যেনে কবিতা, নীলা  খামৰ চিঠি, প্ৰৱন্ধ,গল্প, ঠাইতে লিখা কবিতা, দবা, কেৰম আৰু বেটমিণ্টনৰ পাঁচটাতে প্ৰথম আৰু দুটাত  দিতীয় স্থান লাভ কৰিছিলো। ‘যোৰহাট জিলা শিক্ষক সন্মিলনী’য়ে জিলা অধিবেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰৱন্ধ প্ৰতিযোগিতাত  প্ৰথম, (২০১৮) , গল্প প্ৰতিযোগিতাত প্ৰথম(২০১৯) ,আৰু ২০২১-২২ পূৱ যোৰহাট শিক্ষক সন্মিলনীয়ে আয়োজন কৰা নীলা খামৰ চিঠি,আৰু কবিতাত প্ৰথম আৰু অণুগল্পত দ্বিতীয় স্থান লাভ কৰোঁ। এনেদৰেই মোৰ সাহিত্যৰ পৃথিবীখনত খোজ বুলাই গৈছো।

পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ কবিতাসমূহ কেইবাটাও ভাষালৈ অনুবাদ হৈছে। কি কি ভাষালৈ অনুবাদ হৈছে কবনে?

জুনমনি গগৈ: হয় মোৰ কেইবাটাও কবিতা হিন্দী, ইংৰাজী, মালয়ালম আৰু ভোজপুৰী ভাষালৈ অনুবাদ হৈছে। হিন্দী ভাষাত অৱশ্যে মই নিজেও চৰ্চা কৰোঁ। ইতিমধ্যে মই ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ ন্যায়ালয়ৰদ্বাৰা আমন্ত্ৰিত হৈ হিন্দী নৱলেখক শিবিৰত অংশগ্ৰহণ কৰি অসমৰ বাহিৰৰ সাহিত্যিকসকলৰ সান্নিধ্যলৈ আহিছোঁ। চৌহন কানুৱে মোৰ কেইবাটাও কবিতা,গল্প হিন্দীলৈ অনুবাদ কৰিছে।মালয়ালম ভাষালৈ ড° এচ কে বাসুদেৱনে আৰু ড° সন্তোষ পাটিলে ভোজপুৰী ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে।

পূৰ্ণিমা শইকীয়া গগৈ: আপুনি বহুতো সামাজিক/সাহিত্যনুষ্ঠানৰ লগত জড়িত। অনুষ্ঠান সমূহ কি কি?

জুনমনি গগৈ: হয়, মই কেইবাটাও অনুষ্ঠানৰ সৈতে জড়িত। বিশেষকৈ এগৰাকী শিক্ষয়িত্ৰী হিচাপে নকছাৰি শাখা শিক্ষক সন্মিলনীৰ লগতে, পূব যোৰহাট শিক্ষক সন্মিলনী আৰু যোৰহাট জিলা শিক্ষক সন্মিলনীৰ লগত জড়িত।নকছাৰি কবি সন্মিলন আৰু নকছাৰি শাখা লেখিকা সংস্থাৰ দুয়োটাতে বৰ্তমানৰ সম্পাদকৰ দায়িত্বত আছোঁ। ইয়াৰ উপৰিও নকছাৰি ক্ৰিয়া সংস্থাৰ দবা উপসমিতিৰো সম্পাদকৰ দায়িত্বত আছোঁ। লগতে লেখিকা সংস্থাৰ অসমৰ কাৰ্যকৰী সদস্য। আনহাতে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত, প্ৰজ্ঞাকানন মইনা পাৰিজাত, যোৰহাট জিলা দবা সংস্থা, যোৰহাট জিলা কবি সন্মিলন আদিত বিভিন্ন সময়ত বিভিন্ন দায়িত্বত আছিলো। মই অসম সাহিত্য সভাৰ আজীৱন‌ সভ্য।

পূৰ্ণিমা শইকীয়া গগৈ: আপুনি এগৰাকী সফল মহিলা। ইয়াৰ বাবে আপুনি কাৰ ওপৰত কৃতজ্ঞতা প্ৰকাশ কৰিব? আপোনাৰ মা-দেউতা নে স্বামী?

জুনমনি গগৈ: বাইদেউ মই নিজকে কেতিয়াও সফল মহিলা বুলি ভবা নাই বা নাভাবো। অৱশ্যে এতিয়ালৈকে যিকণ সফলতা লাভ কৰিছো তাৰ বাবে মোৰ মা-দেউতা, স্বামী তথা শুভাকাংক্ষী সকলোৱেই কম বেছি পৰিমাণে কৃতজ্ঞতাৰ প্ৰাপ্ত।অৱশ্যে সবাতোকৈ বুলি যদি কোৱা হয় মোৰ স্বৰ্গগত মাতৃ মেনকা কোঁৱৰ গগৈৰ কথাই ক’ব লাগিব। তেখেত এতিয়া শাৰীৰিকভাৱে নাই যদিও প্ৰতি মুহূৰ্ত্ততে মোৰ কাষত আছে।‌মাৰ অন্তৰাত্মাৰ কথা মই এতিয়াও অনুভৱ কৰিব পাৰো। মাৰ পিছত মোৰ স্বামী প্ৰৱীণ কুমাৰ গগৈ কথা উল্লেখ কৰিব লাগিব। তেখেতেই এতিয়া মোৰ সহযোদ্ধা আৰু প্ৰেৰণাৰ উৎস।

পূৰ্ণিমা শইকীয়া গগৈ: আপোনাক অশেষ ধন্যবাদ জনালোঁ,ইমান ব্যস্ততাৰ মাজত মোক সময় দিয়াৰ বাবে। আপোনাৰ যাত্ৰা অব্যাহত থাকক, তাকেই কামনা কৰিলো।

জুনমনি গগৈ: হয়। আপোনাকো অশেষ ধন্যবাদ জনালোঁ। কাৰণ মই আজি নিজকে উলটি চাবলৈ সুবিধা এটা পালো।

**********

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *