সোণোৱালী শৈশৱৰ কেইটামান দিন-প্ৰদীপ বৰা

মোৰ পিতৃৰ জন্মস্থান আছিল যোৰহাটৰ গৰুমৰা নামৰ গাওঁখন।দেউতাই বিয়াৰ পিছত লক্ষিমপুৰৰ ভোলাবড়ী নামৰ ঠাইলৈ উঠি গৈছিল ১৯৫৪/৫৫ চনত।তাতেই মোৰ জন্ম হৈছিল।কেঁচুৱা কালতে মোৰ সম্ভৱ ডেৰ-দুই বছৰত এটি দুৰ্ঘটনা ঘটিছিল।মায়ে ভাত ৰান্ধি দগমগীয়া পকা অঙঠাবোৰ জুহালত থৈ দিছিল।বাইদেৱে মোক কোলাত লৈ জুই ফুৱাই আছিল।পকা অঙঠাবোৰৰ তিৰবিৰণিত মই ভোলগৈ জুইলৈ জাপ দিছিলো।হালি গৈ বাইদেউৰ পিঠিৰ কিছু অংশ দগ্ধ হৈছিল আৰু মোৰ শৰীৰৰ প্ৰায় কুৰি শতাংশ দগ্ধ হৈছিল।বহু দিনলৈ মোক কলপাতত শুৱাই থৈছিল আৰু দেউতাই তেজপুৰৰপৰা শিহুৰ তেল আনি চিকিৎসা কৰিছিল।মোৰ সোঁফালৰ আঁঠুত এতিয়াও জুয়ে পোৰাৰ চিন বিদ্যমান।

দেউতাই ভোলাবড়ীৰপৰা পুনৰ গোলাঘাটৰ পশ্চিম প্ৰান্তৰ ফুলবাৰী নামৰ এটা অখ্যাত অঞ্চললৈ পৰিয়াল সহ উঠি আহে। ৬০ চন মানৰ কথা। সেই অঞ্চল হাবি জঙ্ঘলেৰে পৰিপূৰ্ণ আছিল।বৰ্তমান ফুলবাৰীৰ উত্তৰে শ্যামৰাইপুৰ বাগান।দক্ষিণে মুৰফুলনি বাগান পূৱে ফলঙনি আৰু পশ্চিমে বিজুলী ৰিজাৰ্ভ আৰু দৈগ্ৰোং নদী।তাৰপৰা কাৰ্বি পাহাৰলৈ (তেতিয়া মিকিৰ পাহাৰ ) ১৫ কি মি মান হ’ব।সেই সময়ত তাত কাৰ্বি জনজাতিৰ বসতিস্থল আছিল।যাতায়ত আৰু চৰকাৰী বিভাগীয় ব্যৱস্থাপনা ইত্যাদিৰ সেই অঞ্চলত কোনো সুবিধা নাছিল।বিভিন্ন অঞ্চলৰ  মানুহৰ প্ৰবজন ঘটি কালক্ৰমত তাত গাঁৱৰ সৃষ্টি হৈছিল।হাবি ভাঙি ৰাইজে কুঁহিয়াৰ,ধান আদিৰ খেতি কৰিছিল।প্ৰায়ে বনৰীয়া হাতীৰ উপদ্ৰৱ হৈছিল।নিৰ্দিষ্ট পথ নাছিল।নগৰলৈ যাবলৈ হ’লে জনসাধাৰণে নাহৰবাৰীলৈ প্ৰায় ছয় কি.মি. খোজকাঢ়ি আহিবলগীয়া হৈছিল।অহা-যোৱা কৰোঁতে বাটত পোৱা জানবিলাকত  বাৰিষা পানীত নামি আহিবলগীয়া হৈছিল আৰু কেতিয়াবা তিয়নি সলাই পানীত নামি আহিব লগীয়া হৈছিল।আমাৰ ঘৰৰপৰা বহু দূৰলৈকে স্কুল নাছিল।

মোৰ বয়স বাঢ়ি অহা হেতুকে মোৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি আমাৰ দেউতাই মোক যোৰহাটৰ সৰু মোমাইদেউৰ লগত পঠিয়াই দিছিল ৷মোমাইদেৱে যোৰহাটৰ ‘দহোটীয়া  উচ্চ বুনিয়াদী বিদ্যালয়’ত মোৰ নামভৰ্তি কৰি দিছিল।সেই সময়ত উক্ত স্কুলত ‘ক’ শ্ৰেণীৰপৰা ষষ্ঠ শ্ৰেণীলৈকে আঠটা শ্ৰেণী আছিল আৰু শিক্ষক ৯/১০ জনমান আছিল।কিন্তু বৰ্তমান যুগৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত ১/২ জন শিক্ষকে ছয়টা শ্ৰেণীত বিশটা বিষয়ৰ পাঠদান দিয়া পদ্ধতিটো ভাবিলে আচৰিত লাগে।’ক’ শ্ৰেণীত মই কিছুমান বৰ্ণ বা শব্দ শুদ্ধ ৰূপত উচ্চাৰণ কৰিব নোৱাৰিছিলো আৰু সেয়েহে চেকনিৰ আগৰ বিদ্যা বোলা আপ্তবাক্যফাঁকি মোৰ ক্ষেত্ৰত যথাযথ প্ৰতিফলিত হৈছিল। ‘খ’ শ্ৰেণীত গোলোক পূজাৰী (১৯৬৬) চাৰে  এদিন সংখ্যাৰে লিখিবলৈ দিছিল। ভুল কৰাসকলক চাৰে বেতেৰে যিধৰণে কোবাইছিল দেখি মোৰ জীৱ ওলাই যাওঁ ওলাই যাওঁ অৱস্থা হৈছিল।আচলতে চাৰে বেতৰ কোবটো ডেক্সত পেলাই কৃত্ৰিম ভয় খুৱাইছিল।মই অঙ্কৰে লিখোতে মাজত শূন্য একোটা থাকি গৈছিল। জনিবা সাত হেজাৰ বাৰ টো মই লিখিছিলো ৭১২ ।

চাৰে ভুলটো শুধৰাই দি বেত্ৰাঘাত নকৰাৰ বাবে চাৰক মই  আন্তৰিক কৃতজ্ঞতা জনাইছিলো।তাৰ পিচত গণিত বিষয়টো মোৰ প্ৰিয় বিষয় হৈ পৰে।’খ’ শ্ৰেণীৰপৰা মই প্ৰায় প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীণ হৈছিলো।

 সেইসময়ত মোমাইদেউহঁতৰ আৰ্থিক অৱস্থা সিমান এটা টনকিয়াল নাছিল।তাত মই শৰীৰে বলে পৰাবিধৰ বিভিন্ন কাম কৰিবলগীয়া হৈছিল।কোনো কাম নকৰোঁ বা ভাগৰ লাগিছে বা পিছত কৰিম তেনেধৰণৰ অজুহাত দেখুৱাব নাজানিছিলো।স্কুলৰ ওচৰত ৰাস্তাৰ কাষত মানুহ এজনে টেবুল এখনত ভজা মটৰ,কটা তামোল মৰটন-লুজেন আদি বিক্ৰী কৰিছিল।সেই সময়ত পাঁচ পইচাৰ ভজা মটৰ খালে হেঁপাহ পলাইছিল কিন্তু সদায় মটৰ খাবলৈ আমাৰ হাতত পইচা নথকাৰ বাবে মনৰ হেঁপাহ মনতে মাৰ নিয়া হয়।

ঘৰুৱা কামৰ ভিতৰত কেঁচুৱা উমলোৱা,জেং খৰি লোৰা, গৰু চৰোৱা,ঘাঁহ কটা,দানা সিজোৱা,মৰণা মৰা,পথাৰত হালোৱাক চাহ জলপান দিয়া আদিয়েই প্ৰধান।

সেই সময়ত পাখি কলম আৰু এবিধ বিশেষ কলম আছিল।চিয়াঁহী দোৱাতত কলম জুবুৰিয়াই  বহীত লিখা হৈছিল।চিয়াঁহীৰ পিল বা সৰু সৰু পুৰিয়া কৰা পেকেট আছিল।সেইবোব পানীত গুলি চিয়াঁহী প্ৰস্তুত কৰা হৈছিল।পিচলৈ অৱশ্যে সুবেলা আৰু সুলেখা চিয়াঁহী কলমত ভৰাই লিখা হৈছিল।এবটল চিয়াঁহী শেষ হোৱাৰ আগে আগে আমাৰ পিচৰ বটল কিনিবলৈ পইচা মঞ্জুৰ কৰিবলৈ চিন্তাত পৰিছিলো।সেই সময়ত তৃতীয়(৫নং শ্ৰেণী) শ্ৰেণী প্ৰাইমেৰী স্কুলৰ  চুড়ান্ত শ্ৰেণী আছিল। তৃতীয় শ্ৰেণীৰ গণিতৰ পৰীক্ষা দি ঘূৰি আহোঁতে বাটতে ডাঙৰ মোমাইদেৱে লগ পাই প্ৰশ্নখন চাইছিল।তাত থকা ড়াঙৰ ডাঙৰ সৰল অঙ্ক দুটা দেখি মোমাইদেৱে কৈছিল..

: তই এইকেইটা কৰিব পৰা নাই…দেখাতে কয়।

সেই কথাত মই মানসিকভাৱে হতাশ হৈছিলো। তাৰ পিচত মোমাইদেৱে কৈছিল ঘৰলৈ গৈ  কিবা এটা খাই ম’হটো নাকিত ধৰি চৰাবি।সেই অসমীয়া ম’হটোৰ আকৃতি বহুত ডাঙৰ আছিল।এতিয়া কিন্তু তেনেকুৱা ম’হৰ ওচৰ চাপিবলৈ সাহস ন’হব।

মোক এল.পি.বৃত্তি পৰীক্ষা দিবলৈ পঠাইছিল।’যোৰহাট মক্তাব স্কুল’ত বৃত্তি পৰীক্ষা দিবৰ বাবে সৰু মোমাইদেৱে মোক চাইকেলৰ কেৰিয়াত আঠ মাইল দূৰলৈ প্ৰতিদিনে লৈ গৈছিল। মই এল.পি.বৃত্তি পোৱা নাছিলো।

শৈশৱৰ এই স্মৃতিবোৰে এতিয়াও কেতিয়াবা মোৰ মনত দোলা দি যায়।

**********

One comment

  • Kumkum Devi Sarmabaruah

    লৰালিৰ কথাবোৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *