ৰাসৰ লিমাৰিক-হৰিচন্দ্ৰ ডেকা
(১)
নলবাৰীৰ ৰাস প্ৰতি বছৰে চাওঁ
মূৰ্তিবোৰ চাই সঁচাকৈয়ে মজা পাওঁ
উজনিৰো ৰাস চাই
বৰ মজা লাগে পাই
গোপ গোপিনীৰ নৃত্য দেখি ভোল যাওঁ ৷
(২)
নলবাৰীৰ ৰাসত টিকট নালাগে
থিয়েটাৰৰ কথা মই কৈছিলোঁ চাগে
থিয়েটাৰ যদি চাই
টিকট হ’লে নাপায়
নলবাৰীৰ মানুহে কাটে আগে ভাগে ৷
(৩)
উজনিৰ ৰাসলৈ যাবলৈ মন যায়
সেয়েহে বন্ধুবোৰৰ আছোঁ মুখ চাই
কোনেও একো নকয়
সেয়েহে মোৰ সংশয়
এইবাৰো এনেকৈয়ে যাব নেকি ভাই ?
(৪)
উজনিৰ ৰাস সকলোৱে ভাল পায়
মাজুলীৰ ৰাসত সেয়ে টিকট নাই
কোনেও যদি নামাতে
ৰৈ যাম আদবাটতে
টিকত এটা নাপালে কি কৰিম যায় ?
(৫)
নলবাৰীৰ ৰাসলৈ ব্যাকুলতা দেখি
কিদৰেনো নমতাকৈ থাকোঁ মই সখী
যদি আহে ৰাস চাব
ষ্টেজতেই মোক পাব
নহাকৈ নাথাকিব, নাহিলে হ’ম দুখী ৷
(৬)
নগাৱলৈ মাতিছে মোক ৰাস চাবলৈ
মোৰহে সময় নহ’ল তালৈ যাবলৈ
নগাৱৰ ৰাসো পিছে
চাই বৰ মজা আছে
শইকীয়াই কৈছে তেওঁক লগ পাবলৈ ৷
(৭)
গড়মূৰ সত্ৰৰ ৰাসৰো নাম আছে
সন্দিকৈ কয় ল’ৰাই ছোৱালী হৈ নাচে
মতা মানুহ নে নাৰী
চিনি পাবই নোৱাৰি
কিছুমানে ভুলতে ছোৱালী বুলি ফচে ৷
(৮)
দুলীয়াজানলৈ মাতি আছে কুমকুমে
তাৰ ৰাসো নহয় কম কোনো গুণে
যদিহে সময় পাওঁ
যাব পাৰোঁ নেকি চাওঁ
আপত্তি কৰোঁ যদিও কথা কোনে শুনে ?
(৯)
কল্যাণী,সুমিতা,সুনিতা আৰু হেমেন্দ্ৰ
ৰাসলৈ নিমন্ত্ৰণ দিলে আৰু গজেন্দ্ৰ
যদিও লাগে ভাগৰ
নেওচা নিদি আদৰ
যাম বুলি ভাবি আছোঁ মই হৰিচন্দ্ৰ ৷
(১০)
গোলাঘাট, তেজপুৰ আৰু জামুগুৰি
একেলেথাৰি আহিম ৰাসবোৰ ফুৰি
হাউলি হৈ নলবাৰী
এপাক আহিম ঘুৰি
বন্ধুবোৰে মাতি আছে ৰাউচি জুৰি।
**********
12:12 PM
কি মজা লিমাৰিক লেখে ডেকা দাদাই। সদায় পঢ়ি বৰ ভাল পাওঁ।
12:45 PM
পঢ়ি বৰ ভাল পালোঁ।সুন্দৰ লিমাৰিক লিখিছে।
1:13 PM
ককাইদেউ,তেজপুৰলৈ আহক।এইবাৰ মিলনপুৰৰ ৰাস দেখুৱাম।
7:14 PM
সুন্দৰ হৈছে লিমাৰিক কেইটা।
6:58 PM
বৰ ভাল লাগিল