অগ্নি-নৃত্য-কমল চন্দ্ৰ চেতিয়া
(এই লেখাটি ডাইনী হত্যাৰ এক নিৰ্মম সত্য কাহিনীৰ ওপৰত আধাৰিত। তথ্যগত গোপনীয়তাৰ বাবে চৰিত্ৰ দুটিৰ নাম ইয়াত সলনি কৰি ব্যৱহাৰ কৰা হৈছে। এই লেখাটোৰ জড়িয়তে কাৰো অন্তৰত আঘাত দিয়া লেখকৰ উদ্দেশ্য নহয়।)
(১)
কাহিনীটোৰ আৰম্ভণি এনেদৰেওতো ঘটিব পাৰিলেহেঁতেন – কাহিলীপাৰাৰ এটা নিৰ্জন পদপথত পুৱাৰ নিয়ৰ খচকি হাতত ধৰা-ধৰিকৈ আগ বাঢ়িছে এহাল তৰুণ-তৰুণী। ধৰাহ’ল সিহঁত নৱযৌৱনা প্ৰণয়ীযুগল। তৰুণীৰ মুখৰ আৰ্যাত কিছু পৰিমাণে লাজৰ আভা। ফুটো- নুফুটোকৈ ওঁঠত ওলমি ৰোৱা মিচিক-মাচাকখিনি বাৰুকৈয়ে তুলি ধৰিছে সুকোমল গালৰ সোঁমাজৰ দুটা মৰমলগা টোলে। তৰুণৰ সমগ্ৰ সত্ত্বাতে ব্যাপ্ত হৈ পৰিছে এক নৱ-উত্তেজনাৰ শিহৰণৰ স্পৰ্শকাতৰতা।
অথবা কাহিনীটোৰ প্ৰথমতেই এই প্ৰণয়ীযুগলক জালুকবাৰীৰ কৃষ্ণচূড়াৰ দেশতো উপস্থাপন কৰাব পৰা গ’লহেঁতেন, দুখন বেঞ্চিত বাহুত বাহু লগাই অন্তৰ উজাৰি হৃদয়ৰ কথা পতা অৱস্থাত। আনহাতে দীঘলীপুখুৰীৰ পাৰো এই প্ৰণয়ীযুগলৰ উপস্থাপৰ বাবে বেচ উপযুক্ত স্থানেই নহ’বনে—যদিহে হৃদয়ৰ সমস্ত অনুৰাগেৰে ৰঞ্জিত হৈ হাতত ধৰা-ধৰিকৈ কোনোবা এটা সন্ধিয়া ভৰিৰ চঞ্চল গতিশীলতাত দীঘলীপুখুৰীৰ পাৰৰ পদপথ খোজ কাঢ়ি নেফানেফ কৰি পেলোৱাৰ সংকল্পৰে দুয়ো আগুৱাই আহে।
কিন্তু…. মহানগৰীৰ এই ল’কেচন ত্যাগ কৰি একমাত্ৰ কাহিনীৰ সত্যতাক পাঠক সমাজৰ আগত অৱগত কৰাৰ স্বাৰ্থতে কাহিনীটিৰ উপস্থাপন ঘটাব লগা হ’ল এটি অতি ভিতৰুৱা অঞ্চলত।এইবাৰ এই প্ৰণয়ীযুগলক উপস্থাপন ঘটোৱা হওক এখন দূৰণীবটীয়া আওহতীয়া গাঁৱত।
বায়খ’দেৰাৰ নাতিদূৰৰ কেঁচা আলিটোৰে তীৰ গতিৰে পাৰ হৈ গ’ল নন্দ ৰাভা। অস্ ….সৌৱা…..মেৰা-খমফাৰৰ বুকুৰে জিলিকি উঠা সৌযুৰি কাৰ চকু? বায় খোকচি, আয়া তামাই, দাৰমাং নে চিঙৰাবুদাৰ…? কৰবাত মানচেলেংকা এটাই ৰৈ ৰৈ ইমান কৰুণভাৱে কিয়বা কান্দিছে? কিবা দুখৰ সম্বাদ? বিধিয়ে পঠালি দি ধৰিলেও এতিয়া ৰ’বৰ মুঠেই সময় নাই। ওখ ওখ শাল গছৰ ছায়াত দীঘল এটা বিশাল অজগৰৰ দৰে পৰি ৰোৱা পথটোৰে নন্দ ৰাভাৰ বাইচকুলে বিচিত্ৰ শব্দৰ ঝংকাৰৰ সুৰ-সমলয় তুলি আগবাঢ়িছে।ক’ৰবাত ৰৈ ৰৈ এটা খাম বাজি উঠিছিল। ভাহি আহিছিল কেতবোৰ অস্পষ্ট গীতৰ সুৰীয়া কলি…………
বি চই তইমুং আইআ তামাইআ
হা বি চই তইমুং আইআ তামাইআ
সগৌছিনি হাদামি তইমুং আইআ তামাইআ
খচান তিনি হাদামি তইমুং আইআ তামাইআ
খজান তিনি হাদামি তইমুং……….
অ’… সেয়া কাৰোবাৰ ঘৰত ৰাইজে হৈমাৰু আৰম্ভ কৰিলেই। নন্দৰ কপালত বিন্দু বিন্দু ঘামে দেখা দিয়ে। এবাটি মিঠা চক’ দামব্ৰং পোৱা হ’লে ক’ৰবাত! চহৰৰ পৰা এইছোৱা বাট একেৰাহে বাইচকুল কৰি অহা যন্ত্ৰণাত ৰংখ’ৰ দৰে কঠিন দেহবল্লৰীৰ ডেকা নন্দও যেন কিছু পৰিমাণে ক্লান্ত হৈ পৰিছে।
(২)
বগেজাৰী বাই এ তোৰে গীত গাওঁ
সকলো জাতিয়ে মদ খায় ৰাভাৰ উঠে নাও….
আলিৰ দাঁতিত দেখা গ’ল খদাবাঙৰ কিঞ্চিত ৰঙীন আভা।বাইচকুলৰ যন্ত্ৰসংগীত কিছু সময়ৰ বাবে তল পেলাই নন্দৰ আগেৰে পাৰ হৈ গ’ল এসাগৰ হাঁহিৰ খিল খিলনি, ৰ’ফানৰ মৃদু খচখচ ধ্বনি। হাৰে, ৰঙীন কাম্বুঙেৰে আঁতি আঁতি বন্ধা বুকুৰে সৌজনী দেখো বুধে..!! এই সন্ধিয়া….!! নিৰ্জন পথত..!! অকলশৰে…!!
….”তক লেগিয়ে ৰখি আছিলো এ কাকা….”
বুধেৰ হাঁহিটোৱে এইবাৰ এটা খৰস্ৰোতা ঝৰ্ণাৰ ৰূপ ল’লে। নন্দৰ হাতৰ মুঠিত ইতিমধ্যে বাইচকুলৰ গতি নিৰোধক দুয়োডাল ব্ৰেক্ সজোৰেৰে চেপা খাইছিল।
……”কালি চাথাৰ নাচিবিনা কাকা ম’ৰ সতে.. তক লেগি ৰখি থাকিম দে… আইভি….।”
কেও কিছু নোহোৱা অকলশৰীয়া এই দুখুনী বুধেজনীৰ বুকুতনো ইমান হাঁহিৰ ৰহঘৰা ক’ৰপৰা থুপ খায়হি! কেৱল হাঁহি আৰু হাঁহি। নন্দই মুখ মেলিবলৈ নৌ পাওঁতেই থিতাতে বুধে উৰা মাৰিলে, এজনী খৰ জিঞা হৈ… অথবা তাইৰ এই গতিশীলতাক এজনী পাখিলাহী পখিলাৰ লগতো ৰিজাব পাৰি। নন্দৰ চৌপাশে উপঙি ৰ’ল পৰিচিত এক সুগন্ধ, পেক দিয়া ৰোৱতী পথাৰৰ।
এজনী গাভৰু নাচনী হৈ জোনটোৱে আকাশত ওৰে
ৰাতি নাচিছিল। বুধেয়ে আলফুলে এখন ফুলাম কুম্বাং লৈ চিন্তাৰ এৱাঁ সূতাৰে এখন ৰঙীন চাদৰ ব’বলৈ আৰম্ভ কৰিলে। আকাংক্ষিত স্বপ্নৰ বাস্তবায়িত ৰূপায়ণ ঘটোৱাৰ কাল্পনিক তৎপৰতাত বুধে আতিপাত ব্যস্ত।
নাঙান আঙি ছোনালেদা
ভানাৰিনি লখমী
নাঙি বাদাং খাটিনোৱা
মায়ছিকা বুখি…..
এয়া যে ছাথাৰ নচাৰ মায়া লগা বতৰ। ছাথাৰ… নন্দ-বুধেৰ প্ৰাণৰ ছাথাৰ। গাঁৱৰ এমূৰীয়াকৈ থকা বুধেহঁতৰ জনপ্ৰাণীহীন ঘৰখনৰ নিৰ্জনতাখিনিয়ে তাইক লাহে লাহে এটা অজগৰৰ দৰে এফালৰ পৰা গিলিবলৈ আৰম্ভ কৰিলে।ডেকাহঁতৰ খোজবোৰ ব্যস্ত হৈ পৰিছিল গাঁওবুঢ়াৰ চোতাল অভিমুখে। এতিয়ামানে হয়তো খাম আৰু ম’ৰিৰ শব্দৰ তালত ক্ৰমে ক্ৰমে একাকাৰ হৈ পৰিছে ফাকচেক আৰু খদাবঙৰ ৰংবোৰ। জাকি মাৰি ওলোৱা তৰাজাকৰ দৰে যোৰ পাতি হাতত ধৰা-ধৰিকৈ ছাথাৰ নচা ডেকা-গাভৰুহঁতৰ ভৰিৰ গচকত এতেপৰে কিজানি গাঁওবুঢ়াৰ চোতালখন চেৰচেৰকৰে ফাটি দুফাল হওঁ হওঁ অৱস্থা।
কইনা নি নাচু ফাকামিনা টাচু
ছিং ছাথাৰ থিববানা
নাৰং মুকেন টাচু
হুৰছেই…..হুৰছেই…..
ছেহ…ই নন্দই হ’ল বুলি ইমান বেলি কৰিব লাগেনে! নে বুধেৰ স’তে ছাথাৰ নচাৰ তাৰ অকণো হাবিয়াস নাই! কাইমা ৰঙৰ পাজাৰখনে তাক বৰকৈ তুলি ধৰে। এনেহে থ’গা লাগে! নন্দ কেৱল বুধেৰ ছাথাৰৰ সংগীয়েইনে? ভাবীকালৰ জীৱন সংগীও নহয়জানো? পিছে তাৰ এনেহে আশয়! বাপা হাৰে! মনৰ ভাবোনো কোনবাই এনকে লুকে ৰাখবা পাৰেনা! চিন্তাৰ এৱাঁসূতাবোৰৰ আঁৰত বুধে নামৰ গাভৰুজনী এইবাৰ বাৰুকৈয়ে লুকাই পৰে।
(৩)
খামৰ ছেও তল পেলাই সেয়া কিহৰ গুঞ্জন? সন্মিলিত হুৰছেই হুৰছেই শব্দতো এয়া কেতিয়াও হ’ব নোৱাৰে। ছাথাৰ গীতো কেতিয়াও ইমান বেসুৰা হ’ব নোৱাৰে। তেন্তে সেয়া কি? কাথিৰ পৰা ডেঙ মেলি তাই উহ ল’ব খোজে। শব্দবোৰ লাহে লাহে অসংখ্য সংখ্যা যোগ হৈ একোটা ডাঙৰ সংখ্যালৈ পৰিণত হোৱা পাটিগণিতৰ যৌগিক অংকবোৰৰ দৰেই বৃহৎ কলেৱৰ ধাৰণ কৰিব ধৰিলে। হাতে হাতে জোঁৰ লৈ দেখোন মানুহবোৰ তাইৰ ফালেই আগুৱাই আহিব ধৰিছে। হয় হয়… এইবাৰ তাই ভুল কৰা নাই, মানুহবোৰ তাইৰ ফালেই আহি আছে। আজি সিহঁতৰ চোতালতে সকলোৰে ছাথাৰ নচাৰ মন নেকি? ইমান সৌভাগ্যৱতীনে তাই! ই নন্দনো এতেপৰে আহিব নাপায়নে! বুধে দিশহাৰা হয়। মানুহবোৰ দেখোন উন্মাদ হৈ উঠিছে। তাই কাথিৰপৰা ভিতৰ সোমাই দুৱাৰত দাং দিয়ে।আপী মানুহ…. ভয় নালগেনা ! বুধেৰ দুৱাৰত জোৰে জোৰে পদাঘাত পৰে। ‘কুনি হাঁ…’ ভয়ত বুধেৰ বুকুৱে বায়খ’দেৰাত বলি দিবলৈ অনা গাহৰিটোৰ দৰে ছটফট কৰিব ধৰে। ইহঁতে কি কৰে, কি কৰে এতিয়া…….
“এই আপী ওলে নাহা কিয়া? ওলে আহ ওলে আহ…”
“আপী..? আপী নহয় কাকা… ডাইন…. মানুহ খাৱা ডাইন…..”
“মাৰ মাৰ…নেৰবি কাকা… ছেলে ফেলা, ছেলে ফেলা….”
এজাক মানুহৰ উন্মত্ত ক্ৰোধ সহ্য কৰাত বুধেৰ দুৰ্বল বাঁহৰ দুৱাৰখন এইবাৰ চৰমভাৱে ব্যৰ্থ হৈ পৰিল। ভয়ত পেটতে হাত-ভৰি লুকুৱাই অন্ধকাৰত নিজকে বিলীন কৰি দিব খোজা অৱস্থাতে কাৰোবাৰ স্পৰ্শত তাই চক খাই উঠে। কিন্তু এয়াতো স্পৰ্শ নহয়…কৰাঘাত-পদাঘাত আৰু ঘৃণাৰ সহাৱস্থানত তাইক প্ৰদান কৰা প্ৰহাৰৰ ই এক অনন্ত সমষ্টি। আস্ .. ই নন্দনো নাহে কিয়………..
মানুহজাকৰ মনত এইবাৰ হয়তো দীপান্বিতা পাতিবৰ ইচ্ছা হ’ল। এক অত্যুৎসাহীয়ে এইবাৰ বুধেৰ বাঁহৰ বেৰখনত জোঁৰৰ শিখাটো সমন্বয় ঘটালে।মানুহটোৱে যেন পৰীক্ষা কৰি চাব খুজিছিল দুখুনীৰ বাঁহৰ বেৰ অগ্নিদেৱতাই স্পৰ্শ কৰে নে নকৰে। বচ্। আৰম্ভ হৈ গ’ল অন্য এক মেষদাহ পৰ্ব। চাৰিওফালে জুই… জুই… জুইৰ মাজত বুধে… আস্… তিতি থকা শীতল কাইমা পাজাৰ এখনেৰে এইমুহূৰ্ত্ততে কোনোবাই তাইক ঢাকি ধৰা হ’লে! জুইৰ মাজত পথ বিচাৰি হাহাকাৰ কৰা বুধেৰ অসহায় অৱস্থা বাৰুকৈয়ে উপভোগ্য হৈ উঠিল মানুহজাকৰ বাবে……..
মানুহ…? নহয় নহয়…. পশু পশু… তাই চিৎকাৰ কৰি উঠিল। জুইৰ মাজেৰে বাহিৰলৈ আহিবলৈ আপ্ৰাণ চেষ্টা চলাই গ’ল।এনেতে কোনোবাই তাইক এডাল দীঘল বাঁহেৰে হেঁচা মাৰি ধৰিলে জুইৰ মাজত। চৌপাশে অট্টহাস্যৰ বিকৃত খলকনি। মানুহৰ হাঁহিও ইমান ভয়ংকৰ হ’ব পাৰেনে…!
এই মেষদাহ পৰ্বৰ শেষান্তৰত অমসৃণ কেঁচা আলিত বাজি উঠিল বাইচকুলৰ যন্ত্ৰবৎ কেৰকোঁচ ধ্বনি।বুধেৰ কাষত এতিয়া কোনো নাই। সেয়া নন্দ আহিছে…. নন্দ আহিছে….। কিন্তু এতেপৰে ৰঙাশিখাৰ উদাত্ত বাৰকানাককায় নাচোনত বুধে নামৰ তেজ-মঙহৰ জীৱন্ত মানুহজনী থিতাতে ছাইলৈ পৰিণত হৈ গ’ল।
“তাইক মই নাপালু এ বাবা…মই যাই পাৱাৰ আগাতেই…”
নন্দ ৰাভাৰ বাগিন্দ্ৰিয়ক যেন কিবা এক অশৰীৰী আত্মাই ৰূদ্ধ কৰি পেলাব খুজিছিল।
“মানছেলেঙকাটোৱে কান্দা শুনি মই জানবাই লাগছিল….” তেওঁৰ কথাবোৰ ক্ৰমে অসংলগ্ন হৈ আহিছিল।
(৪)
মোৰ সমুখত নিৰ্বাক হৈ বহি আছে এজন অসহায় বৃদ্ধ। এসময়ৰ ৰংখ’ৰ দৰে কঠিন দেহবল্লৰীৰ নন্দ ৰাভা। বয়সৰ বোল লাগি ফ’কচাক পাতৰ তলৰ অংশৰ দৰে নন্দ দাইটিৰ চুলিকোচা আজি ৰূপোৱালী ৰূপ ল’লে। নিৰ্বাক হৈ বহি ৰোৱা এই বৃদ্ধক কি বুলি সান্ত্বনা দিয়া যায়? কিয়েইবা কোৱা যায় এই অস্বস্তিকৰ নিৰৱতাক থান-বান কৰিবলৈ?তেওঁৰ সমুখত মই আজি ভাষাহীন। শ্ৰোতাৰ আসন পূৰাবলৈ গৈ মই নিজেই যে এটা প্ৰাণহীন নিথৰ দেহলৈ ৰূপান্তৰিত হৈ পৰিলো।আমাৰ দুয়োকে আৱৰি যেন কোনোবাই আঁৰি দিলে নিৰৱতাৰ এখন বিশাল কাইমা পাজাৰ। নিৰৱতা… নিৰৱতা…। আৰু সেই নিৰৱতা ভেদ কৰি ৰি-ৰিকৈ আমাক আৱৰি বাজিব ধৰিলে হেজাৰ হেজাৰ মানচেলেংকাৰ অত্ৰাহি ক্ৰন্দন।
******
5:54 PM
সুন্দৰ
7:45 PM
ভাল পালোঁ পঢ়ি।