অনুভৱ-কৌশিক নন্দন বৰুৱা

“কিছুমান মানুহক কিবা এটা ভাল লাগে।”

এই যে ক’ৰবালৈ গৈ পায়েই মাকক ফোন কৰি কোৱা ল’ৰাটো,

“মা মই পালোঁহি দেই।”……কিবা এটা ভাল লাগে।

এই যে ঘৰৰ বাহিৰত থাকি মাকক ফোনত সোধা ছোৱালীজনী,

“দেউতাই ঔষধ খাই আছে নে ঠিকমতে?”…..কিবা এটা ভাল লাগে।

বহুদিনৰ মূৰত লগ পাই …..

“কি কৰি আছা এতিয়া, চাকৰি বাকৰি নকৰা নেকি” বুলি নুসুধি…..

“ঘৰত ভাল নে সকলোৰে, মাৰ অসুখটো কমিছে নে?”…

বুলি সোধা মানুহজনক কিবা এটা ভাল লাগে।

এই যে চিনাকি বা অচিনাকি কাৰোবাৰ কেঁচুৱা এটা দেখিয়েই আগবাঢ়ি গৈ অকণমান ধেমালি কৰি ওমলাই অহা ল’ৰাটো, কিবা এটা মৰম লাগে। এই যে পৰিয়ালৰ বিয়া এখনত কোনোবা এচুকত বহি থকাৰ সলনি সম্বন্ধীয় খুড়া, মামা, বৰমা, পেহীহঁতৰ লগত ধেমেলীয়া কথা পাতি হাঁহি বিলাই থকা দাদাটো বা বাইদেউজনী, কিবা এটা মৰম লাগে। এই যে ৰাস্তাৰে গৈ থাকোঁতে কোনোবা গছৰ ফুল এপাহ নিছিঙাকৈ আলফুলে হাত বুলাই থৈ যোৱা বা ম’বাইলতে ফটো এখন তুলি লোৱা ছোৱালীজনী, কিবা এটা ভাল লাগে। নিজৰ হাত খৰচ মিলাবলৈ দেউতাকক কোৱাৰ সলনি টিউচন কৰি ভাগৰুৱা হৈ ঘৰলৈ অহা ল’ৰাটো বা ছোৱালীজনী, কিবা এটা ভাল লাগে। গাঁৱৰ বিহুখনৰ বাবে ৰাসখনৰ বাবে মানুহবোৰ গোটাই আগভাগ লোৱা ল’ৰাটো, কাৰোবাৰ কিবা এটা বিপদ হ’লেই দৌৰ মাৰি যোৱা ছোৱালীজনী কিবা এটা মৰম লাগে। গাঁৱৰ যাৰ ঘৰতেই বিয়া সবাহ নহওক কিয়, সময়তকৈ আগতেই গৈ গৃহস্থক “দিয়া চোন কি কি কাম আছে” বুলি গোটেই সকামটোৰ দায়িত্ব নিজে মূৰ পাতি লোৱা বৰমাজনী, কিবা এটা ভাল লাগে।

এই চৰিত্ৰবোৰ আমাৰ চাৰিওকাষেই ঘূৰি থাকে। কোনোদিন স্বীকৃতি, প্ৰশংসা একো নোখোজাকৈ ঘূৰি থাকে। অভিযোগবিহীন ভাবে  নিজক আনৰ বাবে বিলাই দিব পৰা এই মানুহবোৰে, সৰু সৰু কামেৰে, কথাৰে নিজৰ লগতে আনৰ জীৱনৰো জোৰা টাপলি মাৰি নিজক চলাই নিয়া মানুহবোৰ, মানুহৰ হেঁপাহক, মানুহৰ ভালপোৱাক মূল্য দিয়া মানুহবোৰ, সঁচাই কিবা এটা ভাল লাগে। তেওঁলোকৰ বাবেই ধুনীয়া হৈ থাকে পৃথিৱীখন। ভালে থাকক তেওঁলোক।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *