অসমীয়া জনজীৱন অন্যতম সম্পদ তাঁতশাল-অনামিকা কলিতা

অসমীয়া জনজীৱনৰ অন্যতম সম্পদ তাঁতশাল। হয়, বস্ত্ৰনগৰী শুৱালকুছিৰ  জীয়ৰী-বোৱাৰী হিচাপে অনুভৱ কৰো।

তাঁতশালৰ অন্যতম স্থান আমাৰ শুৱালকুছিত কুটীৰ শিল্পটোৱে প্ৰাচীন কালৰপৰাই এক উল্লেখযোগ্য ভূমিকা বহন কৰি আহিছে ।এই শিল্পবোৰে গ্ৰাম্য অৰ্থনীতিত ওপৰত প্ৰভাৱ পেলাই আহিছে আৰু লগতে অসমৰ শিল্প সংস্কৃতিৰো নিদৰ্শন দাঙি ধৰিছে।কিন্তু বৰ্তমান কুটীৰ শিল্পবোৰৰ শোচনীয় অৱস্থা দেখি মন সেমেকি যায়। বিশেষকৈ তাঁতশালৰ পৰিবৰ্তন হ’ল।এতিয়া থলুৱা তাঁত শালৰ ঠাইত পাৱাৰ লুমৰ মেছিনৰ প্ৰচলন বেছি।

আমাৰ শুৱালকুছিত ২০ বছৰৰ আগত প্ৰত্যেক ঘৰ মানুহৰ চাৰিখনকৈ  থলুৱা তাঁতশাল আছিল।সকলো পৰিয়ালৰ লোক সূতা লোৱা,মহুৰা বটা ,মুগা কটা,মেচিনৰ ফুলৰ কাইড তৈয়াৰ কৰা ইত্যাদি কামত ব্যস্ত আছিল। বাহিৰৰপৰা আমাৰ গাঁৱত শিপিনীবোৰ কৰ্মসংস্থাপন বাবে আহিছিল।এই ভূমি বহু মানুহৰ কৰ্ম আৰু ধৰ্মৰ মিলনভূমি আছিল।তেওঁলোকে সুন্দৰ সুন্দৰ কাপোৰ বনাই নিজৰ শিল্পী পৰিচয় দাঙি ধৰাৰ লগতে,পৰিয়ালবোৰৰ ভৰণ-পোষণ দিব পাৰিছিল।বিয়া-সবাহ ,বিহু তিথি,পৰ্বত মুগা /পাট কাপোৰৰ ব্যৱহাৰে অতীজৰেপৰা বৰ্তমানলৈকে এক গৌৰৱৰ স্বাক্ষৰ বহন কৰি আহিছে।কিন্তু লাহে লাহে অসাধু ব্যৱসায়ীৰ ভেজালকৰণ,কেঁচা মালৰ অভাৱ আৰু অত্যধিক দাম ,বজাৰৰ অভাৱ ইত্যাদিৰ বাবে শিল্পটোৰ এতিয়া মৃতপ্ৰায় অৱস্থা। তাঁতশালৰ সংখ্যা বহুত কমিল, এতিয়া গাঁৱৰ প্ৰায়সংখ্যক লোকে কোম্পানী আদিত কাম কৰিবলৈ যায়।

বিশেষকৈ আমাৰ অসমৰ  গাঁওবোৰত তাঁতশালত একাংশ মানুহ জড়িত হৈ থাকে ।গতিকে এই কুটীৰ শিল্প বোৰ সুৰক্ষিত কৰা আৰু ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰাৰ কাৰণে আমি সকলোৱে সচেতন হ’ব লাগিব ,শিল্পবোৰ জীয়াই ৰখাৰ চেষ্টা কৰিব লাগিব আৰু তাৰ বাবে চৰকাৰৰ সহায়-সহযোগিতাৰ প্ৰয়োজন আছে।

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *