একাকীত্ব-মৌচুমী হাজৰিকা

কেৰ্ কেৰ্ শব্দটি শুনি অতবোৰ খেলি মেলি চিন্তাভাৱনাৰ মাজতো আহিব ধৰা টোপনিটো ভাগি গ’ল। এতিয়া ৰাতিটো বিচনাখনত ইকাটি সিকাতিকৈ পাৰ কৰিব লাগিব।দেউতাক  জীয়াই থকা হ’লে পানী যোগান ধৰা,পেচাপ কৰোৱা আদি নানান  কাম কৰোঁতে  কেতিয়ানো ৰাতিপুৱায় গমেই নাপায়।কামবোৰ নোহোৱা  কৰি  থৈ মানুহজনৰ  যোৱা আজি কেইবাদিনো হ’ল।

আকৌ কেৰ্ কেৰ্ শব্দত মন্দিৰাৰ চিন্তাত যতি পৰিল।শব্দটিৰ আত ধৰি ৰেক্ খনৰ ওচৰ পালেগৈ।ইচ্!ঘুণ্ গুড়ি দম হৈ আছে।আৰু বেছিকৈ খালে দেখোন পেৰাটো খহি পৰিব!!কালিলৈ  কেৰাচিন তেল অলপ আনি সানি  দিব লাগিব।আজিকালি  কেৰাচিন তেল পাবলৈও নোহোৱা হ’ল নহয়!বাটেৰে  যোৱা সিখন গাঁৱৰ ৰেকিবকে ক’ব লাগিব!!ঘুণ গুড়িখিনি হাতেৰে চাফা কৰি বিচনাখনলৈ আহিবলৈ ধৰোঁতে পেৰাটোলৈ চকু গ’ল।বৰ ডাঙৰ চেচু কাঠৰ পেৰা দুজন গপচ মানুহ ন’হলে ইফাল সিফাল কৰিব নোৱাৰি।পেৰাটোৰ ঢাকনীখন তাই লাহেকৈ খুলিলে।এটা পুৰণি  ভাল লগা গোন্ধ  আহি নাকত লাগিল।লাহে লাহে কাপোৰ কেইখন চুই চালে।তাৰে ভিতৰৰ বিশেষ  এখন কাপোৰ টানি আনি লিৰিকি বিদাৰি থাকিল।তাইৰ স্বামীয়ে জাৰৰ দিনত সদায় এইখন উলিয়াই লৈছিল।সেই এৰী চাদৰখন তাই নিজ হাতেৰে বোৱা।

“বোৱা-কটা জানানে?”

কোনো ৰস-সুৰ নোহোৱাকৈ কোৱা  টান মাতষাৰ শুনি  তাই চক্ খাই উঠিল।

মাকে উত্তৰটো দিছিল…..

“জানে অলপ অচৰপ।”

কৰ্কশ মাতৰ মানুহগৰাকীলৈ মন্দিৰাৰ বৰ ভয় লাগিল। তাই চকু তুলি চাবলৈ সাহস নকৰিলে।সেইগৰাকী মহিলাই এদিন তাইৰ শাহু হৈছিল আৰু আৰু এক কথাত ক’বলৈ গ’লে জীৱনৰ গুৰু।

বিয়াৰ পিছত সকলো কামেই তাই শিকিব লগা হৈছিল। বৰ ধৈৰ্য্য এই মানুহগৰাকীৰ।প্ৰতিটো কথাই তাইক শিকাই গৈছিল।আনকি শাহুৱেকে তাইৰ হাতত ধৰি শিকাই তাইক এদিন লুধীয়ন পাতৰ,আশী সুতাৰ কাপোৰো ব’ব পৰা পাকৈত বোৱনী কৰি গঢ়িলে।ভাতত লাও সিজাই প্ৰথম সাজ ভাত ৰন্ধা তাইজনী এদিন পাকৈত ৰান্ধনীও হৈছিল।শাহু আই ঢুকুৱাৰ পাছত সেই ভৰা সংসাৰখন ক’তো খুঁটি-নাটি নোহোৱাকৈ ধৰি ৰাখিছিল।নাম পাইছিল তাই সফল পত্নী বা মাতৃৰ।এদিন  আলহী আহিলে থাকিবলৈ নাটনি হোৱা ঘৰখনত থাকিবলৈ মানুহৰ অভাৱ হৈছিল। সমাজৰ চকুত সুযোগ্য সন্তানবোৰে যোগ্যতাৰে নতুনকৈ ঘৰৰ ভেঁটি গঢ়িছিল। অকলে ভাত খাবলৈ বেয়া পোৱা মন্দিৰাই সদায় অকলে ভাত খাব লগা হ’ল।সময়ে সকলো কথা সহজে ল’বলৈ শিকাই গৈছে।মন্দিৰাৰ শেষ লগৰী নিজৰ স্বামীও আঁতৰি গ’ল।এইকেইদিন স্বামীৰ মৃত্যুৰ খবৰ লবলৈ অহা মানুহৰ বাবে আৰু ল’ৰাকেইটাৰ সৈতে বোৱাৰী ল’ৰা -ছোৱালীৰে ভৰা ঘৰখনত তাই এবাৰলৈও ভবা নাছিল তাইৰ ভবিষ্যতৰ অকলশৰীয়া দিনবোৰৰ কথা।কালি দিনত ল’ৰাৰ কথাষাৰে মন্দিৰাক ভাবাই তুলিছিল।

“মা আমি কাইলৈ যাব লাগিব।মোৰ ছুটী শেষ হৈছে। ভাইটিক পাৰে যদি থাকিবলৈ ক’বি।কিন্তু সিও ক’ত পাৰিব চাগৈ!”

মন্দিৰাই মনৰ ভিতৰৰ ধুমুহাখিনি লুকাই যিমান পাৰে সিমান সুস্থিৰতাৰে সিহঁতক বিদায় দিয়াৰ কথা প্ৰকাশ কৰিছিল।তাই জীৱনৰ প্ৰতিটো পৰিবৰ্তনত সাহসেৰে যুঁজ দিছিল আৰু আজিও হাৰি নাযায় তাই।এদিন বুকুত শিল বান্ধি তাই নিজৰ সন্তানক দূৰলৈ পঢ়িবলৈ পঠাইছিল।তেতিয়া তাই স্বাৰ্থপৰ হোৱা নাছিল আৰু আজিও নহয়।সিহঁতক কেতিয়াও তাই পিছলৈ ঘূৰাই নানে।

“যাবতো লাগিবই, মোৰ লগত থাকিলে তোমালোকৰ সংসাৰ নচলিব; মই থাকিম দিয়া যি কেইদিন পাৰোঁ। আৰু নোৱাৰিলে জনাম তোমালোকক  আৰু তেতিয়া তোমালোকক দিয়া সংস্কাৰে যি কয় সেইমতেই কৰিবা।”

কথাষাৰে সকলোকে আচৰিত কৰি গ’ল। মা তুমি যেতিয়াই যেনেকৈ বিচাৰা তেনেকৈ আমাক পাবা বুলি কৈ সকলো গুচি গৈছিল। তাইক নিবলৈ জোৰ কৰা স্বত্বেও তাই যাব নোৱাৰিলে।ঘৰখনত তাইৰ সকলো আছে। তাইৰ স্বামীৰ ল’ৰা-ছোৱালীৰ স্মৃতি।এইবোৰ তাই এলাগী কৰিব নোৱাৰে।

ল’ৰা- ছোৱালীকেইটা যোৱাৰ পাছত ৰেলিঙত আউজি তাই কিমান সময় পদূলিলৈ চাই আছিল ক’ব নোৱাৰে। কাষৰ ঘৰৰ মৰমীৰ কথাষাৰে তাইৰ চমক ভাঙিলে…..

“ল’ৰাহত গ’ল হ’বলা!আপোনাক নিনিলে?অকলশৰীয়া হ’ব এতিয়া আপুনি।”

অকলশৰীয়া!ক’ত মই অকলশৰীয়া?তোমালোক আছা দেখোন!

কথাষাৰ শুনি মৰমীয়ে সহায় লাগিলে ক’বলৈ কৈ গুচি গ’ল।

মনৰ ধুমুহাখিনি মাৰ নোযোৱাই হৈছে।ল’ৰা-ছোৱালীৰ শৈশৱৰ মধুৰ সপোন জড়িত সাঁচি ৰখা বস্তুবোৰ তাই এটা এটাকৈ চুই চালে।প্ৰতিটো দিনতেই মন্দিৰাই অতীতটোক বিচাৰি ফুৰে।‌এনেদৰে কেইবামাহো পাৰ হ’ল।ইয়াৰ মাজতে প্ৰায় প্ৰতিদিনেই আবেলি পৰত সংগ দিবলৈ আহিছিল নামতি আইতা।আইতাৰ সেই বিশেষ চাহকাপ তৈয়াৰ কৰোঁতে তাই সেই আগৰ আনন্দকে পায় দেখোন।বৰ শুৱলা আইতাৰ মাতষাৰ।সোলা মুখখনত খুন্দি লোৱা তামোলখন ভৰাই অহৰহ ভাগৱতৰ কথাবোৰ কৈ যায়। আইতাৰ শুৱলা মাতত কথবোৰ শুনিবলৈ মন্দিৰাৰ বৰ ভাল লাগে‌, ভাগৱতখন তন্ন -তন্নকৈ পঢ়িবলৈ মন যায় ।

মন্দিৰা লাহে লাহে সেই বিশেষ কোঠাটোৰফালে আগবাঢ়ি যায়।দুৱাৰখনৰ হুকটো খুলি কোঠাটোলৈ সোমায়।সকলো একেধৰণে আছে মাথো যত্নৰ অভাৱত বস্তুবোৰত ধূলি বহিবলৈ ধৰিছিল।তাইৰ স্পষ্টকৈ মনত আছিল তাইৰ স্বামীয়ে দৰমহাৰ বুজন এটা অংশ প্ৰায়ে কিতাপত খৰচ কৰাৰ কথা।তাই কেতিয়াবা ইমানবোৰ কি কৰিব বুলি সুধিলে তেওঁ হাঁহি হাঁহি কৈছিল……..

“মই নহ’লে এইখিনি তোমাৰেই লগৰী হ’ব।”

“আপুনি কিয় নোহোৱা হ’ব?”

….. বুলি ভেকাহি মাৰি তাই আঁতৰি গৈছিল।সেই কথাষাৰ কিমান সত্য আছিল তাই আজিহে অনুভৱ কৰিব পাৰিছে।তাই মনতে ভাবিলে এইবোৰ কিতাপৰ ব্যৱহাৰ হওক কালিৰেপৰা।গাঁৱৰ ল’ৰা-ছোৱালীৰ বাবে কিতাপবোৰ পঢ়াৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু সেই অজুহাততে তাইৰ ঘৰখন ভৰি থাকিব। তাই কিতাপৰ আলমাৰিবোৰ চাফা কৰাত লাগি গ’ল। কিতাপৰ মাজতে তাই বহী এখন পাই ৰৈ গ’ল।তাইৰ কলেজীয়া জীৱনৰ আঁক-বাঁক,তাইৰ স্বামীৰ বাবে সেইবোৰ একোটা অপূৰ্ণ সুন্দৰ গল্প হ’লেও তাইৰ বাবে সেইবোৰ আঁক-বাঁকেই আছিল। মন্দিৰাই বহীখন মেলি চালে আখৰবোৰৰ কিছুমান চিনিব নোৱাৰাৰ দৰে হৈছে। জুপি জুপি মন্দিৰাই পঢ়িবলৈ ধৰিলে। তাইৰ মনটো ভৰি গ’ল।ভালেই লিখিছিলচোন তাই!অসম্পূৰ্ণ গল্পবোৰ সম্পূৰ্ণ কৰাৰ হাবিয়াস এটা তাইৰ মনত জাগি উঠিল।

বাৰিষাৰ লগত উটি যোৱা তাইৰ জীৱনটোৱে যেন উপকূল বিচাৰি পালে।কিতাপ বিচাৰি অহা কোমল মুখবোৰত পালে আশাৰ তৃপ্তি।একাকীত্বক সৃষ্টিৰ উমাল পৰশেৰে স্মৰণীয় কৰাৰ হাবিয়াস এটা জাগি উঠিল মন্দিৰাৰ।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *