এটা ধোঁৱা ৰঙৰ সন্ধিয়া-সংহিতা ভট্টাচাৰ্য্য
জিতেন বৰুৱাই মিনতিৰ শিৰত সেন্দূৰকণ দি বহুসময় ৰ লাগি চাই থাকিল।একা-বেঁকা যেন লগা দীঘলীয়া অলিবাটটি যেন কোনোবাখিনিত আহি আহি ৰৈ গৈছেহি…! কিমানদিনৰ মূৰত ইমান ওচৰৰপৰা চাইছে মানুহগৰাকীক। কিবা যেন মনত পৰা নাই বৰুৱাৰ। ফোঁটটো কপালত দিবলৈ লওঁতেই দূৰৰপৰা কোনোবাই খিলখিলকৈ হাঁহা শুনিলে তেওঁ…।
কেইগৰাকীমান মহিলাই মিনতিক ৰুমটোলৈ লৈ আহিছে। উৰণিৰ তলৰ মুখখন ভালকৈ মনিব নোৱাৰি। চাবলৈ বৰ মন গ’ল যদিও কিবা এটা লাজত তেওঁ আঁতৰি আহিল। এনে দেখুৱালে যেন তেওঁ একো মনেই কৰা নাই।গোটেই জীৱনটোত এই লাজ সংকোচ কৰি থাকোঁতেই কিছুমান কথা যেন ক’বলৈ থাকি গ’ল বৰুৱাৰ।তেওঁৰ জীৱনত মিনতিৰ স্থান অথবা মিনতিয়েই যে তেওঁৰ জীৱনত সকলো সেই কথা মিনতিয়ে নজনাকৈয়ে থাকি গ’ল। তেওঁ লিখা কবিতাসমূহ যে বেছিভাগেই মিনতিক লৈ লিখা কবিতা সেইকথাও মিনতিয়ে নজনাকৈয়ে ৰৈ গ’ল..।
ৰূমটোলৈ লাহে লাহে সোমাই গ’ল বৰুৱা।এটা কোণত মিনতি কুচিমুছিকৈ বহি আছে। ওচৰলৈ যাবনে নাযাব জিতেন বৰুৱাই যেন ধৰিব নোৱাৰিলে। আৰম্ভ হ’ল এক নতুন জীৱনৰ।
দুৱাৰখন খোলোতে কেৰেক্ কৈ কিবা এটা শব্দ হ’ল। ওপৰৰ মকৰা জালবোৰ আহি মুখতে লাগিল মিনতিৰ।
ছেঃ!অলপতো চাফা কৰি থ’ব পাৰিলে হয় ৰূমটো আজি। নিজৰ ওপৰতে খং উঠিল বৰুৱাৰ।বিয়াৰ দুবছৰৰ পিছত ঘৰটোলৈ প্ৰথম আহিছে মিনতি।চাকৰি সূত্ৰে নিজৰ ঘৰখন এৰি যমুনামুখ ঠাইখনত অকলে আছেহি তেওঁ।আৰু মিনতি মাক-দেউতাকৰ লগত গাঁওৰ ঘৰখনত।
অলপ বেছি সোনকালেই যেন মিনতি ঘৰখনৰ লগত মিলি পৰিল।কেইদিনমানৰ ভিতৰতে এনেকুৱা হ’লগৈ যে মিনতি নোহোৱাকৈ কাৰো একো কাম নোহোৱা হ’ল।
‘মিনতি ভৰি ধোৱা গৰম পানীকণ দিয়াচোন, মিনতি মোৰ চাদৰখন ক’ত আছে, মিনতি মোৰ পেন্টটো ক’ত আছে, আনকি মোৰ পেইনটোত চিয়াঁহী ভৰাই দিয়ালৈকে মিনতি। কেৱল মিনতি। মিনতিয়েও যেন এই কামবোৰ কৰিবলৈ পাই বৰ সুখ অনুভৱ কৰিছিল। বৰ আগ্ৰহেৰে কামবোৰ কৰিছিল মিনতিয়ে। সকলোৱে বিচৰা বস্তুবোৰ ঠিক সময়তে সকলোৱে পাইছিল। কিন্তু মিনতিয়েনো কি বিচাৰিছিল সেইটো ভাবিবলগীয়া কথা বুলি কোনেও হয়তো ভবা নাছিল। জিতেন বৰুৱাৰো ভবা হোৱা নাছিল। এনেকৈয়ে নিজৰ কথা নাভাবি কেৱল আনৰ কাৰণে কাম কৰি যোৱা মিনতিৰ ধুনীয়া চুলিখিনিত কেতিয়ানো ৰূপালী ৰঙে আৱৰি ধৰিলে গমেই পোৱা নগ’ল। দিনবোৰ ৰাতিবোৰ এনেদৰেই গৈ থাকিল। গৈ থাকিল..।
লাহে লাহে এটি দুটিকৈ তিনিটা ল’ৰা-ছোৱালীৰ মাক হৈছিল মিনতি। শৰীৰ-মন অলপো খালী নোহোৱাকৈ যেন ব্যস্ত হৈ পৰিছিল তাই। বৰ নিয়াৰিকৈ চলাইছিল ঘৰখন। দু:খ মানে কি যেন বুজি নাপাইছিল তাই। কোনো কথাত আক্ষেপ বা অভিযোগ নাছিল।কেতিয়াবা অনবৰতে গাত গা লগাই লাগি ফুৰি মাকক একেবাৰে এৰি নিদিয়া সৰু ছোৱালোজনীক অশান্তি পাই কোৱা শুনিছিল বৰুৱাই…….
‘ইহঁতকেইটাৰ পৰা যে শান্তি নোহোৱা হৈছে। কেতিয়া ডাঙৰ হয় কেতিয়া ডাঙৰ হয় লাগিছে আৰু মোৰ। কেতিয়াবা ঘৰ এৰি গুচি যামগৈ যেন লাগে।’
হাঁহি হাঁহি বৰুৱাই কৈছিল,
‘এই ভোলানাথক এৰিনো ক’লৈ যোৱা অ’?
মন গ’লেও যাব পাৰি জানো? মই নাথাকিলে ঘৰ গুচি বাঁহৰ তল হ’বগৈ। মিনতিৰ কথাখিনি মনে মনে শুনি থাকে বৰুৱাই। এইটো আজিৰ কথা নহয়। প্ৰায়ে কয় মিনতিয়ে। তেওঁ নহলে ঘৰ গুচি বাঁহৰ তল হবগৈ!
কিন্তু বেছি দিন নালাগিল ইহঁতকেইটা ডাঙৰ হওঁতে। সৰু হৈ থাকোঁতে যেনেকৈ কেতিয়ানো ডাঙৰ হ’ব বুলি চিন্তা, ঠিক একেদৰে ডাঙৰ হ’লে সৰু হৈ থকাহেঁতেনেই ভাল আছিল যেন অনুভৱ হোৱাকৈ আটাইকেইটা ডাঙৰ হ’ল। এটা এটাকৈ গোটেইকেইটা বাহিৰত পঢ়িবলৈ গ’ল। মাক দেউতাক নোহোৱা হোৱাৰপৰা ৰৈ গ’ল মাথোন তেওঁলোক দুজন।আগৰ হুলস্থূল হৈ থকা ঘৰখনত বেজী এটা পৰিলেও শব্দ শুনা যেন হ’ল।নিজান নিতাল এখন ঘৰ। বৰুৱা আগতকৈ বেছি লিখা মেলাত ব্যস্ত হৈ পৰিল। আৰু মিনতি?নিঃসঙ্গতাই যেন আগুৰি ধৰিলে মিনতিক চাৰিওফালে। প্ৰথম অৱস্থাত মাহেকে পষেকে ইহঁতকেইটাৰ পৰা চিঠি পাইছিল আৰু সপ্তাহত এটা ফোন।লাহে লাহে সেয়াও নাইকিয়া হ’ল। মাক -দেউতাক নোহোৱাকৈও সিহঁত চলিব পৰাকৈ ডাঙৰ হ’ল।
বৰুৱাৰ অন্তৰ্মুখী গহীন গম্ভীৰ চৰিত্ৰটোৰ বিপৰীতে মিনতি আছিল মুকলিমূৰীয়া স্বভাৱৰ।হাঁহি মাতি ফূৰ্ত্তি কৰি ভালপোৱা মিনতি বৰ চৌখিন আছিল। ফুৰা-চকাতো বৰ চখ। প্ৰায়ে ৰেডিঅ’টোত গান লগাই গুণগুণাই থকাতো মিনতিৰ অভ্যাস।প্ৰথম ঘৰখনলৈ আহোঁতে বৰুৱাই এই কথাবোৰ মন কৰিছিল যদিও পিছলৈ যেন মিনতি অলপ গহীন হৈ পৰিছিল।হাঁহো নাহাঁহোকৈ হঁহা মুখখন যেন প্ৰয়োজনতকৈ বেছি গহীন হৈ পৰিছিল।কথাটো মন কৰিছিল যদিও বৰুৱাই যেন বৰ এটা বেয়াও পোৱা নাছিল।কাৰণ লিখা পঢ়াৰ ক্ষেত্ৰত তেওঁ আগৰপৰাই এটা শান্ত পৰিৱেশ বিচাৰিছিল।
‘হেৰা হেৰা শুনিছানে,
………বুলি বৰুৱাই চিঞৰি চিঞৰি আগৰ নিচিনাকৈ আগফালৰ বাৰাণ্ডা পালেহি। হয়। মিনতিয়ে আকাশখনলৈ চাই চাই বাৰাণ্ডাতে বহি আছে। পদূলিমুখৰ মাধৈমালতী জোপালৈ চকু গ’ল বৰুৱাৰ। বৰ ধুনীয়াকৈ ফুলিছে এইবাৰ। বৰুৱাই জনা হৈছে আজিকালি মিনতি বেছিভাগ সময় বাৰাণ্ডাতে বহি থাকে। এই ফুলবোৰ,গছ-গছনিবোৰ,আকাশখনৰ লগতে বেছিভাগ সময় কটাই মিনতিয়ে।আজিও তাৰ ব্যতিক্ৰম নহয়।ধোঁৱা ৰঙৰ সন্ধিয়াটোত আকাশখনলৈ চাই আছে তাই। কি চাই থাকে ইমান মিনতিয়ে? বৰুৱাই আকাশখনলৈ মূৰ তুলি চালে…….
‘তৰা এটাও নাই আজি আকাশখনত।’
কি ক’ম কি ন’কম কৈ বৰুৱাই কথা আৰম্ভ কৰিলে। দিনটোত তেওঁলোকৰ কিমান কথা হয় সেইটো হিচাব কৰিব পাৰি।আজিকালি কাজিয়াও নহয় তেওঁলোকৰ আগৰ নিচিনাকৈ।কাজিয়া কৰিবলৈ একো কথাই দেখোন বিচাৰি নাপাই দুইজনে।
‘ইহঁতকেইটা আমি ভবাতকৈও বেছি ডাঙৰ হৈ গ’ল ন?’
বৰ লাহেকৈ মুখৰ ভিতৰতে কোৱা মিনতিৰ কথাষাৰ শুনি ৰৈ দিলে বৰুৱা।মিনতিৰ সেইটো প্ৰশ্ন আছিল নে ইহঁতকেইটা বেছি ডাঙৰ হোৱাৰ দুখ আছিল বুজি যেন নাপালে তেওঁ।
‘আগতে দেখোন কেতিয়া ডাঙৰ হ’ব কেতিয়া ডাঙৰ হ’ব চিন্তা কৰি তত নোপোৱা হৈ আছিলা।এতিয়া ডাঙৰ হওঁতে আকৌ এয়া কথা।’
হাঁহি হাঁহি পৰিবেশতো যেন সহজ কৰিবলৈ চেষ্টা কৰিলে বৰুৱাই।
‘নহয়।সিহঁতকেইটা সৰু হৈ থকা হ’লেই ভাল আছিল অ’।’
মিনতিৰ কথাত এইবাৰ বৰুৱাৰো দুখ লাগি গ’ল। এৰা, সৰু হৈ থকা হ’লেই ভাল আছিল। ঘৰখন অন্ততঃ ভৰি আছিল।এতিয়া ঘৰখন কিবা মৰিশালীৰ দৰে হ’লগৈ।
ভাবি ভাবি কিয় জানো মিনতিৰ হাতখন এবাৰ চুই চাব মন গ’ল বৰুৱাৰ। আকৌ যেন নতুনকৈ জীৱনটো আৰম্ভ কৰিব তেওঁ। সেই প্ৰথম ঘৰটোলৈ আহোঁতে লাজ সংকোচ বাদ দি ‘ৱেলকাম মাই ডাৰ্লিং’ বুলি সাৱটি ধৰিবৰ মন গ’ল মিনতিক। কিয় জানো বৰুৱাৰ যেন আজি প্ৰথম অনুভৱ হ’ল সময় থাকোঁতেই মানুহে ভালপোৱা, ভাললগা কামবোৰ কৰি যাব লাগে জীৱনত। নহ’লে কেতিয়াবা বৰ দেৰি হৈ যায়।এৰা! দেৰি হৈ যায় বৰ।কওঁ কওঁকৈ থকা কথাবোৰ নোকোৱাকৈয়ে থাকি যায় কেতিয়াবা। মিনতিক কেতিয়াও নোকোৱা কথাষাৰ ক’বলৈ মন গ’ল তেওঁৰ আজি।মিনতিক যে তেওঁ কিমান ভালপায়, মিনতি নহ’লে যে তেওঁৰ আৰু কোনো নাই সেই কথা সন্ধিয়া খোজকাঢ়ি গৈ থাকোঁতে ক’বৰ মন গ’ল তেওঁৰ।আন কাৰো কথা চিন্তা নকৰি কেৱল মিনতিক লৈ তেওঁৰ চিনেমা এখন চাবলৈ মন গ’ল আজি। কিমান বছৰ যে চিনেমা চোৱা হোৱা নাই। আগতে ইহঁত আটাইকেইটাক লৈ চিনেমা চাবলৈ গৈছিল প্ৰায়। ইহঁতৰ বাবে পানী আৰু খোৱা বস্তু কিছুমান লৈ গৈছিল। কিন্তু অলপ সময় চোৱাৰ পিছতে সৰুজনীয়ে ইমান অশান্তি কৰিছিল যে বৰুৱাৰ আৰু চিনেমা চোৱা নহৈছিল। তাইক কোলাত লৈ বাৰে বাৰে বাহিৰত ৰৈ থাকিব লগা হৈছিল।গতিকে লাহে লাহে চিনেমা চোৱাটো কমি আহিছিল। এনেকৈ নাচাওঁতে নাচাওঁতে সিহঁতবোৰ ডাঙৰ হোৱাৰ পিছত মিনতিয়ে মন কৰিছিল যদিও বৰুৱাই যেন গুৰুত্ব দিয়া নাছিল ইমান।কিয় জানো আজি বৰুৱাৰ চিনেমা চাবলৈ যাব বৰকৈ মন গ’ল। চাব মন গ’ল ধুনীয়া ধুনীয়া গান থকা মিনতিয়ে ভাল পোৱা এখন ৰোমান্টিক চিনেমা।আজি যেন সকলোবোৰ মিনতিয়ে ভাল পোৱা ধৰণে কৰিব। মিনতিয়ে ভালপোৱা চাৰ্ট এটা পিন্ধিবলৈ মন গ’ল তেওঁৰ।এটা উজ্জ্বল ৰঙৰ চাৰ্ট। মিনতিয়ে উজ্জ্বল ৰংবোৰ বৰ ভাল পাইছিল। কপালখনো সদায় ডাঙৰকৈ লোৱা উজ্জ্বল সেন্দূৰৰ ৰংটোৰ ফোঁটটিৰে জিলিকাই ৰাখিছিল।আজিৰ এই সন্ধিয়াতো যেন সুখেৰে উপচাই দিব মিনতিক। মনত ৰৈ যাব পৰাকৈ এটা ভাললগা সন্ধিয়া। জীৱনৰ শেষ বয়সৰ এটা মধুৰ সন্ধিয়া…!
‘দেউতা,ফোঁটতো দি দিয়ক মানুহবোৰ ৰৈ আছে।’
ছোৱালীজনীৰ মাতত হঠাৎ যেন টোপনিৰ পৰা সাৰ পালে বৰুৱাই! ক’ত আছিল ইমান সময় তেওঁ? কাৰ ওচৰত?! মিনতিৰ ফালে তেওঁ ঘূৰি চালে। বৰ শান্তিত যেন শুই আছে মিনতি। আগৰ দৰেই নাই কোনো অভিযোগ অথবা নাই কোনো ক্ষোভ। মিনতিৰ কপালত ফোঁটতো আগতকৈও বেছি ডাঙৰ আৰু উজ্জ্বলকৈ দি চিঞৰি চিঞৰি তেওঁৰ কান্দি দিব মন গ’ল। কিন্তু নোৱাৰিলে বৰুৱাই। আজিও নোৱাৰিলে। কিবা এটা বস্তুৱে যেন তেওঁৰ ডিঙিত চেপা মাৰি ধৰিলে। আকৌ সেই লাজ আৰু সংকোচ নেকি এয়া! হঠাৎ তেওঁ মানুহ কিছুমানে চিঞৰা শুনিলে।দেৰি হৈছে। দেৰি হৈছে। সন্ধিয়া সময় হ’বহি এতিয়া।
‘কিহৰ নো দেৰি? দেৰি অথবা সোনকালৰ অৰ্থই বা কি এতিয়া?এটা জনমৰ বাবে যাবলৈ ওলাইছে মোৰ মিনতি। থাককচোন আৰু অলপ দেৰি। চাই লওঁ হেঁপাহ পলুৱাই। কথা পাতো অথবা একো নোকোৱাকৈয়ে ওচৰতে বহি থাকোঁ অলপ পৰ !’
নোৱাৰিলে একো ক’ব বৰুৱাই। আগতে যেনেকৈ পৰা নাছিল আজিও নোৱাৰিলে। মনৰ কথা মনতে থাকিল। নীৰৱে মাত্ৰ তেওঁ বাঁহডাল এটা কান্ধত তুলি ল’লে। আজি যেন বহুবছৰৰ মূৰত একেলগে মিনতিৰ লগত যাবলৈ ওলাইছে তেওঁ।এখোজ দুখোজকৈ তেওঁ গৈ থাকিল….গৈ থাকিল……গৈ থাকিল…।।
লাহে লাহে এন্ধাৰ হৈ আহিছিল।আগৰদৰেই একো সলনি নোহোৱাকৈ জোনটো বৰ ধুনীয়াকৈ ওলাইছিল। সন্ধিয়া সময় হৈছিল।সেই সন্ধিয়াটো আছিল এটা ধোঁৱা ৰঙৰ সন্ধিয়া…।
******
5:53 PM
সুন্দৰ
10:01 AM
অশেষ ধন্যবাদ।
8:53 PM
অতি সুন্দৰ অনুভৱী গল্প এটা পঢ়িলোঁ। দুখো লাগিল।
9:59 AM
অশেষ ধন্যবাদ বাইদেউ।