কোচবিহাৰ ভ্ৰমণৰ ডুখৰীয়া ছবি-চিত্ৰলেখা দেৱী

কথা এষাৰ আছে — “যিমানে ফুৰিবা, সিমানে শিকিবা”। কথাষাৰৰ সত্যতা নুই কৰিব নোৱাৰি। ফুৰিলে – চাকিলে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পায়। ঘৰ – সংসাৰৰ নানানটা বেমেজালিৰ মাজতো মই বছৰত একোবাৰকৈ কোনোবা এফালে ফুৰিবলৈ যোৱাৰ সুযোগ এটা যেনে তেনে উলিয়াই লওঁ। তাৰ বাবে পাছত আৰ্থিক দিশত কেতিয়াবা অসুবিধাৰো সৃষ্টি নোহাৱাকৈ নাথাকে, যিহেতু আমি সীমিত উপাৰ্জনৰ পৰিয়াল।
এইবাৰ বিভিন্নজনে কোচবিহাৰৰ ৰাজপ্ৰাসাদ আৰু মধুপুৰ সত্ৰৰ ফটো ফেচবুকত আপলোড কৰি থকা চাই চাই নিজেও এবাৰ নিজ চকুৰে দেখাৰ লোভ সম্বৰণ কৰিব নোৱাৰিলো। স্কুলত কথা প্ৰসঙ্গত যোৱাৰ কথা ওলোৱাত সহকৰ্মী দুগৰাকীও লগত ওলাল। লগে লগে ডিব্ৰুগড়ত থকা ছোৱালীজনীলৈ ফোন কৰাত তাই অন লাইনত পূজাৰ বন্ধত যাব পৰাকৈ ৰেলৰ টিকট কাটি মোলৈ ফটো পঠিয়াই দিলে। কামৰূপ এক্সপ্ৰেছত waitingতহে পালো। পাছত confirm হ’ব বুলি বিশেষ চিন্তা কৰা নাছিলো। পাছদিনা সহকৰ্মী ৰূপাই ক’লে বোলে waiting ৰ PQWL অৱস্থাত থকা বাবে টিকটকেইটা পাছত confirm নহ’বও পাৰে। লগে লগে আমি শিমলুগুৰি জংচনলৈ ঢাপলি মেলিলো। ষ্টেচন মাষ্টৰৰ লগত কথা পাতি আমি নিৰ্দিষ্ট দিনটোত কোনো ৰেলতে টিকট নাপাই দুদিনৰ আগতে যাব লগা L T T তে পুনৰ টিকট কাটিব লগা হ’ল।
যথা সময়ত আমি ২০২৩ চনৰ ১৮ ছেপ্টেম্বৰৰ ৰাতিপুৱা শিমলুগুৰিৰপৰা যাত্ৰা আৰম্ভ কৰি সেইদিনাই ৰাতি কোচবিহাৰ জংচনত সুকলমে উপস্থিত হ’লোগৈ। বৰ্তমানৰ ৰেল সেৱাৰ কৃপাত ইমানখিনি দূৰত্ব একেদিনাই অতিক্ৰম কৰিব পৰাত অভিভূত হৈ পৰিছিলো।আমি গৈ গুৱাহাটী জংচনত ৰৈ থাকোতে এফালে নতুনকৈ চলিবলৈ আৰম্ভ কৰা “বন্দে ভাৰত” ৰেলখন দেখা পোৱাত ঘূৰি আহোঁতে সেইখনতহে আহিব বুলি সকলোৱে ইচ্ছা কৰাত পুনৰ আগৰ টিকট ৰিটাৰ্ণ কৰি কোচবিহাৰৰপৰা গুৱাহাটীলৈ সেইখনত  আৰু তাৰপৰা শিমলুগুৰিলৈ কামৰূপ এক্সপ্ৰেছত টিকট কটা হ’ ল। ৰাতি গৈ পামগৈ বুলি জানি  মই ছোৱালীজনীৰ হতুৱাই জংচনত থকা ৰিটায়াৰিং ৰূমত আমাৰ বাবে দুটা ৰূম আগতেই বুক কৰি থৈছিলো। সেইমতে প্লেটফৰ্মৰ গাতে লাগি থকা বিল্ডিংটোত আমাৰ বাবে থকা নিৰ্দিষ্ট দুটা ৰূম আমি অধিগ্ৰহণ কৰিলো। মই কোচবিহাৰলৈ যোৱাৰ কথা ভাবোতেই ইউটিউবত ঠাইডোখৰৰ কথা চাওঁতে এই ৰিটায়াৰিং ৰূমৰ ব্যৱস্থাৰ কথা জানিব পাৰিছিলো। ৰূমবোৰ ভালেই — মধ্যমীয়া ধৰণৰ হোটেলৰ দৰে। পাছদিনা ৰাতিপুৱা  তাৰপৰা ওলাই আমি আগতেই  বুক কৰি থোৱা হোটেল অভিমুখে ৰাওনা হলো। জংচনটো এতিয়াহে ভালকৈ দেখা পালো। ৰঙা ৰং দি আঁতৰৰপৰাই জিলিকা কৰি থৈছে। আগতে ফটোত দেখা কোচবিহাৰৰ ৰাজপ্ৰাসাদটোৰ সৈতে ইয়াৰ বহুখিনি সাদৃশ্য আছে। অসমৰ দৰে তাতো ই- ৰিক্সা সুলভ। আমি তেনেকুৱা দুখনকে ভাড়া কৰি ল’লো। অন- লাইনত দেখুওৱা মতে জংচনৰপৰা চক্ চকা নামৰ ঠাইত থকা হোটেলখনলৈ মুঠেই দহ মিনিট মানৰ বাট। পিছে, ড্ৰাইভাৰে আমাক বাহিৰৰপৰা অহা আঁকৰা মানুহ বুলি ভাবি ৰিক্সাকেইখন টাউনৰ মাজলৈ নি যেনি তেনি ঘূৰাই ফুৰাবলৈ ধৰিলে। ছোৱালীজনীয়ে নেটত চাই দেখুওৱা পথ সিহঁতে নামানে — সিহঁতি ‘লোকেল’ মানুহ বুলি আমাকহে ভয় খুৱাব খুজিছে যেন লাগিল। শেষত যেনিবা সিহঁতৰ লগৰে এজনে এনেকৈ ঘুৰাই ফুৰোৱা বাবে সিহঁতক গালি দি হোটেলৰ ৰাস্তাটো দেখুৱাই দিলে। এইবাৰ যেনিবা চুপচাপ আমাৰ নিৰ্দেশমতে আনি হোটেলৰ দুৱাৰমুখত আমাক নমালেহি (দহ মিনিটৰ ৰাস্তা এঘণ্টাত আহিব লগা হ’ল, তাকো দুগুণ খৰচ ভৰি)। ৰাতিপুৱাতে আমি গোটেই কোচবিহাৰখন ঘুৰিলো।
হোটেলখনৰ পৰিৱেশটো ভাল লাগিল — ঘৰুৱা ঘৰুৱা যেন। তাতে পুৱাৰ আহাৰ খাই লৈ আমি হোটেলৰপৰা বন্দোৱস্ত কৰি দিয়া গাড়ীত উঠি ৰাজকাৰেঙকে আদি কৰি চাব লগা ঠাইবোৰ চাবলৈ ওলাই গ’লো। ৰাজকাৰেঙৰ মেৰামতিৰ কাম চলি থকাৰ বাবে বেছিভাগ অংশই দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি থোৱা হৈছে। যিখিনি দেখা পালো সেয়াই অভিভূত কৰিলে। ইংলেণ্ডৰ ৰাজপ্ৰাসাদ “বাকিংহাম পেলেচ” ৰ আৰ্হিত কোচ ৰজা নৃপেন্দ্ৰ নাৰায়ন সিংহই এইটো নিৰ্মাণ কৰিছিল। প্ৰাসাদটো সকলো দিশতে ৰঙা ৰঙেৰে বোলোৱা। সমুখত দীঘলীয়া বাট, মনোমোহা ফুলনি, পুখুৰী আদি।তাৰ ওচৰে পাঁজৰে থকা সাগৰ দীঘি, মদনমোহন মন্দিৰ তথা অন্যান্য কেইটামান মন্দিৰ আমাক ড্ৰাইভাৰজনে দেখুৱালে।ৰাজকাৰেঙৰ সমুখৰ ফুটপাথৰ সৰু বজাৰখনত আমি খুচ-খাচ দুটামান বস্তু কিনিলো আৰু মধুৰি (বিশেষ ধৰণেৰে কাটি সজোৱা) আৰু কুঁহিয়াৰৰ ৰস খালো।ড্ৰাইভাৰজনে আমাক যিটো গৌৰৱেৰে বস্তুবোৰ দেখুৱালে, ভাবিছিলো তেওঁলোকে আমাৰ শিৱসাগৰ পুখুৰী, শিৱদৌল, মৈদাম আদি দেখাহলে নিশ্চয় অবাক হ’লহেঁতেন।
পাছদিনা আমি মধুপুৰ সত্ৰলৈ বুলি ওলালো।আমি ১০ মান বজাত পালোগৈ — তেতিয়া নাম-প্ৰসঙ্গ শেষ হৈছিল বাবে মনটো অলপ বেয়া লাগিল। তাত আমি গাড়ীৰপৰা নামোতেই গড়গাঁৱৰ আমাৰ ঘৰৰ ওচৰৰ মানুহক দেখা পোৱাত আচৰিত হৈ পৰিছিলো । তেওঁলোকো কোনোবা এখন হোটেলৰপৰা পুৱাই ওলাই আহিছে। বৰ্তমানৰ ডেকা সত্ৰাধিকাৰজনে আমাক চাকি- বন্তি দিয়াৰ ব্যৱস্থা কৰি দিলে আৰু আমাক মাহ-প্ৰসাদৰ একোটাকৈ টোপোলাও দিলে। আমাৰ ভনীজোঁৱাইৰ সৈতে যোগাযোগ থকা প্ৰধান শৰণাচাৰ্যজনৰ বহালৈ গৈ তেখেতে নিজে কৰি দিয়া চাহ খাবলৈ পালো।সত্ৰৰ ইফালে সিফালে চাই বৰকৈ মানুহ-দুনুহ নেদেখিলো। অতিথি থাকিব পৰা গৃহ কেইবাটাও চকুত পৰিল। দূৰত বৰ্তমান অসম চৰকাৰে সজাই থকা প্ৰকাণ্ড অতিথিশালা দুটা দেখা পাই ভাল লাগিল। অসমৰ ৰাইজৰ বহুদিনীয়া অভাৱ এটা পূৰণ হ’ব।তাৰপৰা ড্ৰাইভাৰজনে আমাক বহুত দূৰৰ বাণেশ্বৰ মন্দিৰলৈ লৈ গ’ল।আমি কোচবিহাৰ জংচনটো পোৱাৰ আগতে বাণেশ্বৰ নামৰ এটা সৰু ষ্টেচন পোৱাৰ কথা মনত পৰিল। এই মন্দিৰটো সেই ষ্টেচনটোৰ ওচৰতে।মন্দিৰৰ ভিতৰত বহুত তলত শিৱলিংগটো আছে।
আমি ৰেলৰ টিকট কাটোতে কোচবিহাৰত দুদিন থাকিম বুলি প্ৰথমে আলচ কৰিছিলো যদিও নিৰ্দিষ্ট সময়ত কোনো ৰেলৰ টিকট নোপোৱাত দুদিন আগৰ ৰেলৰ টিকতহে পাইছিলো। সেইবাবে আমি কোচবিহাৰত চাৰিটা দিন থাকিবলৈ পালো। তৃতীয় দিনা আমি ভূটান সীমান্তলৈ (Phuentsholing) বুলি ৰাওনা হলো। এইটো এটা ৰোমাঞ্চকৰ যাত্ৰা। প্ৰথম বাৰৰ বাবে আমি সকলোৱে বিদেশ ভ্ৰমণ কৰিম। আগতেই জানিব পাৰিছিলো যে ভূটানত সোমাবলৈ কেৱল ভোটাৰ কাৰ্ড  লাগে। সেইমতে আমি হাততে পোৱাকৈ ভোটাৰ কাৰ্ডবোৰ লৈ ললো। আমাৰ হোটেলৰপৰা প্ৰায় দুঘণ্টা যোৱাৰ পাছত ভাৰত আৰু ভূটানৰ সীমান্ত অংশ পালোগৈ। দেখিলো – অসংখ্য মানুহ চেকিং দুৱাৰেৰে পাৰ হৈ গৈছে -আহিছে । কোনো ৰৈ থাকিব লগা হোৱা নাই। কৰ্তব্যৰত বিষয়াসকলে ইমানেই ক্ষীপ্ৰ গতিত কাম কৰিছে যে নেদেখা হলে কল্পনাই কৰিব নোৱাৰিলোহেঁতেন!  বৰ সোনকালেই আমি বিদেশৰ মাটিত ভৰি দিলোগৈ। বা: — কি সুন্দৰ পৰিৱেশ! বেৰখনৰ  সিফালেই যে এটা কদৰ্যময় পৰিৱেশ বিৰাজ কৰিছে তাক ভাবিবই নোৱাৰি। আমাৰ গাড়ীখন আগতেই নিয়ম মানি পাৰ কৰোৱা হৈছিল। এতিয়া ড্ৰাইভাৰজনো পুনৰ ঘূৰি গৈ চেক গেট পাৰ হোৱাত আমি ভূটানৰ কিছু অংশ চাবলৈ স্থিৰ কৰিলো। সেইমতে আধা ঘণ্টা মান যোৱাৰ পাছত এটা সুন্দৰ বৌদ্ধ মঠ (গুম্ফা) পালোগৈ। পাহাৰীয়া পৰিষ্কাৰ সুন্দৰ বাট-পথ।ভূটানত তামোল-পাণ বাটে পথে খোৱা নিষিদ্ধ। সেইবাবে চাৰিওফালে পৰিচ্ছন্নতা বিৰাজ কৰিছে। মন্দিৰৰ শান্ত পৰিৱেশে মন মুহিলে। মন্দিৰৰ পৰা উভতি আহি ওচৰতে থকা ৰেষ্টুৰেন্ট এখনত চাহ একোকাপ খালো আমাৰ ইয়াতকৈ দুগুণ দাম দি। ৰেষ্টুৰেন্টত পইচা ঘূৰাই দিওঁতে ভূটানৰ নোট দিছিল আৰু কোচবিহাৰত সেইবোৰ চলাব পাৰিম বুলি ক’লে।সেইমতে আমি পাছদিনা কোচবিহাৰত বজাৰ কৰোতে সেইখিনি খৰচ কৰিব পাৰিছিলো (দুখন স্মৃতি হিচাপে ৰাখি থ’লো)। তাৰপৰা ঘূৰি আহি সীমাৰ ওচৰৰ টাউনৰ দোকান কিছুমান চাই সৰু সৰু উপহাৰ দিব পৰা বস্তু কিছুমান কিনিলো আটায়ে। বস্তুবোৰৰ জুই-ছাই দাম।তথাপিও বিদেশৰ চিন হিচাপে লৈ থ’লো। গেট পাৰ হৈ ভাৰতত এখন ডাঙৰ ভূটীয়া বজাৰ। বিচৰা সকলোখিনি বস্তুৱেই পোৱা যায় যদিও তাতো অতি দাম। তথাপিও কিছুমান বস্তু লোৱাৰ লোভ সামৰিব নোৱাৰিলো।
পাছদিনা আমাৰ বাবে ৰাহি সময়। আমি দূৰলৈ যোৱাৰ কথা চিন্তা নকৰি কোচবিহাৰ টাউনতে পূজা চাম বুলি ওলালো। কেইবাখনো পূজা চালো। পূজা মণ্ডপবোৰ বৰ সুন্দৰভাবে কাৰুকাৰ্য্য কৰা — অতি আকৰ্ষণীয়।আমাৰ ইয়াৰ দৰে পূজা মণ্ডপৰ কাষত কোনো দোকান- পোহাৰৰ মেলা নাই। আমি সেইদিনা মণ্ডপবোৰ চালো আৰু ৰেষ্টুৰেন্টত খালো। ৰাস্তাৰ কাষৰ সৰু সৰু টি-ষ্টলত বৰ ধুনীয়া চাহ খাব পাৰি। তাৰো সোৱাদ ল’লো। বজাৰলৈ গৈ আমি সকলোৱে নিজৰ নিজৰ বাবে কিবা একোটা কিনিলো। মই বাংলা তাঁতীৰ শাৰী এখন আৰু জোতা এযোৰ ল’লো।আমি প্ৰথমতে ৰেলৰ ৰিটাৰ্ণ টিকট কৰোতে ৰাতি ২ মান বজাত ৰেলত উঠিব লাগিছিল। সেইবাবে সুবিধা হোৱাকৈ পুনৰ কোচবিহাৰ জংচনৰ ৰিটায়াৰিং ৰূমত ৰাতি কেইঘণ্টামান থাকিব পৰাকৈ ঠাই ঠিক কৰি থৈছিলো। অৱশ্যে সেই তাৰিখত ৰূম নোপোৱাত ডৰ্মিটেৰীত পাঁচটা চিট লৈছিলো।অন- লাইনত চাওঁতে চিটকেইটা ডাঙৰ হলঘৰ এটাৰ ভিতৰত  কাঠৰ বেৰ আৰু দুৱাৰ থকা সৰু সৰু কোঠা হিচাবে দেখা পাইছিলো।ভালেই লাগিছিল দেখি।পাছত “বন্দে ভাৰত”ত টিকত কৰাত ৰেল পাছদিনা ৰাতিপুৱা হ’ল। তথাপিও চিট বুক কৰা আছে বাবে তাত থাকিলে সুবিধা হ’ব বুলি আমি গধূলি টালি-টোপোলা বান্ধি চক্ চকাৰ হোটেলৰ পৰা বিদায় ল’লো। এই  কেইদিন থাকি হোটেলৰ পৰিৱেশটো ঘৰুৱা হৈ পৰিছিল। হোটেলৰ মালিক তথা প্ৰধান কৰ্মচাৰীজনে সেই ৰাতিও আমাক তাতে থাকিবলৈ জোৰ কৰিছিল-— পাছদিনা ৰাতিপুৱা ‘বন্দে ভাৰত’ ৰেল ধৰিব পৰা ব্যৱস্থা তেওঁলোকে কৰি দিব বুলি কৈছিল।পিছে,আমি আগতে বুক কৰি থোৱা ডৰ্মিটেৰীৰ পইচাকেইটা এনেয়ে যাব বুলি তেওঁলোকৰ অনুৰোধ ৰক্ষা নকৰিলো।
ডৰ্মিটেৰীত সোমাইহে লেঠা লাগিল। সহকৰ্মী ৰূপাৰ চকুত পৰিল — প্ৰতিটো কোঠাৰে দুৱাৰত ভিতৰফালৰ হুক নাই ; দুৱাৰবোৰ বন্ধ কৰিব নোৱাৰি। গোটেই ডৰ্মিটেৰীটোত মুঠ দহটা তেনেকুৱা কোঠা আছে। অৰ্থাৎ, আমাৰ বাহিৰেও তাত আৰু পাঁচজন মানুহ থাকিব। কেনেকুৱা মানুহ বা থাকিব?গোটেইটো সম্পূৰ্ণ খোলা, এজনে আনজনক দেখা পাই থকা ধৰণৰ হোৱা হ’লেও ইমান ভয়ৰ কাৰণ নাছিল।কোনোবা এটা কোঠাত কিবা অঘটন ঘটিলে কি হ’ব? আনগৰাকী সহকৰ্মী অঞ্জুৱে  পুনৰ হোটেলখনলৈকে ঘূৰি যাওঁ বুলি ক’লে। ছোৱালীজনীয়ে লগে লগে হোটেললৈ ফোন কৰাত আমাক তালৈকে মাতি পঠিয়ালে।ষ্টেচন মাষ্টৰক কথাটো কোৱাত তেওঁ আমাক ঘূৰি যাবলৈ নিদিয়া হ’ল।তেওঁ হেনো আমাক নিৰাপত্তা দিব — ডৰ্মিটেৰীটোত একো বেয়া ঘটনা নঘটে বুলি আমাক বুজাবলৈ ধৰিলে।আমি তাৰপৰা গুচি আহিলে তেওঁলোকৰ বদনাম হ’ব বুলিয়েই চাগৈ আমাক আহিবলৈ দিয়া নাছিল।পিছে, আমিও নাচোৰবান্দা — বস্তু-বাহানিৰ কথা বাদেই, আমাৰ জীৱনবোৰৰ ৰিক্স তেওঁ ল’ব পাৰিব নেকি? কিছু বাক-বিতণ্ডা কৰিয়েই আমি আহিব লগা হ’ল। হোটেলখনত আমাক পুনৰ দেখি সকলোৱে সন্তোষ পোৱা যেন লাগিল।
পাছদিনা পুৱা ৬ বজাতে ই-ৰিক্সা মাতি আনি আমাক তুলি দি এইবাৰ হোটেলৰ পৰা বিদায় দিলে। হোটেলখনৰ মুখ্য কৰ্মচাৰী বীৰেশে আমাক “ভালে ভালে যাওক” বুলি হাত জোকাৰি বিদায় জনালে। এই বীৰেশ হোটেলখনৰ সৰ্বেসৰ্বা বুলিলেও ভুল কোৱা নহ’ব কিজানি।  ৰন্ধা-বঢ়াৰপৰা চাফ-চিকুণ কৰালৈকে সকলো তেওঁকেই কৰা দেখিলো। যি কি নহওক, প্ৰায় ৭-৩০ বজাত “বন্দে ভাৰত”ত  উঠি আমি ঘৰমুৱা হলো। ৰেলত উঠাৰ লগে লগেই চাহ আৰু পাতলীয়া জলপানৰ যোগান ধৰা হ’ল। দ্ৰুতগতিত যাত্ৰা কৰিছে যদিও ভিতৰত সেয়া গম ধৰিব নোৱাৰি। এঘণ্টামানৰ পাছত পুনৰ চাহ আৰু  বিবিধ বস্তু খাবলৈ পালো। খাই খাই খিড়িকীৰে বাহিৰলৈ চাই চাই  চাৰি ঘন্টামানৰ পাছত আমি গুৱাহাটীত নামিলোহি। আৰু ২-৩০বজাৰ কামৰূপ এক্সপ্ৰেছত উঠি একেদিনাই ৰাতি ১২ বাজি যোৱাৰ পাছত শিমলুগুৰিত নামিলোহি।
একেদিনাই দূৰৰ বেলেগ এখন ৰাজ্য গৈ পাব পৰা কথাটোৱে আমাক আপ্লুত কৰিলে।আগতে কোচবিহাৰলৈ একেখন ৰেলতে যাব পাৰি বুলি নাজানিছিলোৱেই। মধুপুৰ দেখিবলৈ পোৱাটোও অতিশয় কষ্টকৰ বুলি ভাবিছিলো। ঘৰৰপৰা ওলাই গ’লেহে আচলতে কথাবোৰ জানিব পাৰি। কোচবিহাৰখন আমাৰ অসমখনৰ দৰেই লাগিল— একেই লেতেৰা-পেতেৰা।পুৰণি স্মৃতি চিহ্নখিনিৰেহে ঠাইখন চহকী ; নতুন বিশেষ একো নেদেখিলো।  তাৰোপৰি, তাত বৰ বেছি নতুনকৈ ওলোৱা যান-বাহন নাই বুলি বোধ হ’ল। দেখিবলৈ পোৱা গাড়ীবোৰ সকলো পুৰণি মডেলৰ। বাসিন্দাসকলৰ সৰহভাগ বেঙ্গলী যদিও ভিতৰুৱা অঞ্চলত ৰাভা – কোচ আদি সম্প্ৰদায়ৰ মানুহে বাস কৰে।  কোচবিহাৰখন বৰ বেছি ডাঙৰ ঠাই নহয়। ফুৰোঁ বুলিলে একেদিনাই ওপৰে ওপৰে নগৰখন তথা সত্ৰখন চাই শেষ কৰিব পাৰি।মধুপুৰ সত্ৰ আৰু কোচবিহাৰৰ ৰাজকাৰেং  দৰ্শনাৰ্থীৰ বাবে দুটা আকৰ্ষণীয় স্থান। ভাগ্যত থাকিলে ভৱিষ্যতে পুনৰ এয়া দেখা পাম বুলি আশা কৰিছো।
 ******

2 Comments

  • Mamoni Kalita

    বৰ ভাল লাগিল

    Reply
  • Kumkum Devi Sarmabaruah

    যাম বুলি ভাবিছোঁ।পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *