ছায়া-নন্দিতা ভাণ্ডাৰ কায়স্থ
বিল ক্লিয়াৰেঞ্চ, পেমেন্ট, বাজেট শব্দবোৰ মূৰৰপৰা উলিয়াই দেহৰ চাৰিওফালে জমা হ’বলৈ ধৰা চৰ্বিখিনি কেঁকো জেঁকো কৈ ডাঙি ভাগৰে বৰকৈ আগুৰি ধৰা প্ৰণীতাই প্ৰথম মহলাত থকা ঘৰৰ কলিং বেলটো সজোৰে টিপি দিলে।কান্ধত ভেনিটি বেগ, বাওঁহাতত ফল-মূলৰ টোপোলা লৈ বাহিৰৰ লহপহকৈ বাঢ়ি অহা এলোভেৰা জোপালৈ তাই চকু দিয়ে।দেখিয়েই তাইৰ মনটো কিবা এটা ভাল লাগি গ’ল।
: মা, আহিলা।আজিও দেৰি হ’ল ন?ভাগৰেই লাগিছে ন তোমাৰ?টোপোলাটো মোক দিয়া।
চতুৰ্থ শ্ৰেণীত পঢ়া জুহিয়ে দুৱাৰ খুলি মাকৰ হাতৰপৰা টোপোলাটো লৈ মাকক বৰ আথে বেথে ভিতৰলৈ সোমাবলৈ দিয়ে।মাকৰ ক্লান্ত মুখখনে জুহিৰ কুমলীয়া অন্তৰখন যেন ক্ষণিকৰ বাবে মোচৰ মাৰি দিয়ে।জুহিৰ সম্ভাষণে প্ৰণীতাৰ অৱসাদ ভালেখিনি দূৰ কৰিলে।
: অ’ জুহি মা আহিলো দিয়া।মাৰ্চ মাহৰ শেষ যে কাম বহুত থাকে।আজি পৰীক্ষা ভালেই হ’ল ন?
পৰীক্ষাৰ খবৰ ফোনত লৈছিল যদিও সমুখত দেখি পুণৰ সুধিলে।
: ভাল হৈছে মা।সব পাৰিছো।নাইন্টি ফাইভমান পাব লাগে।
: নীড়ে পঢ়ি আছে নে?মোবাইল টিপি আছিল নেকি?পুত্ৰ নীড়ৰ খবৰো থোৰতে ল’বলৈ ইচ্ছা কৰে প্ৰণীতাই।
: মই স্কুলৰপৰা আহোঁতে গে’ম খেলি আছিল।আবেলিৰ পৰা কিন্তু টেবুলতে বহি আছে।
জুহিৰ পোনপটীয়া উত্তৰ।
: উম!তোমাৰ পৰহিলৈ পৰীক্ষা শেষ হ’ব নহয় জানো??
:অ মা।পৰহি শেষ।ইয়ে কি মজা।মই জেঠাইৰ ঘৰলৈ যাম দেই মা।
: বাৰু।মই কাপোৰ সলাই লওঁ। ভবানীয়ে( ঘৰৰ সহায়িকা) কি কৰি আছে?……..ভবানী ভবানী কফি বনাবি চোন। মূৰটো টিংটিঙাইছে।
ভবানীক চিঞৰি কফি বনাবলৈ কৈ প্ৰণীতা নিজৰ শোৱনি কোঠাৰ বাথৰূমত সোমাল।
জুহিয়ে টোপোলাটো পাকঘৰত থৈ দিয়ে।ভবানীক সকলোৰে কাৰণে কফি বনাবলৈ কয়।
প্ৰণীতাই শ্বাৱাৰৰ তলত গাটো এৰি দিলে।কুহুমীয়া গৰম পানীয়ে দিনটোৰ দুখ ভাগৰ ধুৱাই নিলে।পাতল গুলপীয়া নাইটিটো পিন্ধি ওলাই আহে প্ৰণীতা।মূৰটো আঁচুৰি তাই নীড়ৰ কোঠালৈ গ’ল।
:বাবা,কাইলৈ কি পৰীক্ষা আছে?
নাইনৰ বছৰেকীয়া পৰীক্ষা দি থকা ল’ৰাক প্ৰশ্ন কৰে প্ৰণীতাই।
: ইংৰাজী আছে মা।কিতাপৰপৰা মূৰ নোতোলাকৈ চমু উত্তৰ দিয়ে নীড়ে।
: সকলো অধ্যায় পঢ়িছা ন? ব্যাকৰণবোৰ বুজি পাইছা ন? অলপ বেছিকৈ প্ৰেক্টিচ কৰিবা হা।
: মা,মই জানোতো কেনেকৈ পৰীক্ষাৰ প্ৰস্ততি চলাব লাগে।তুমি ইমান advice দিব নালাগে নহয়।মা মোৰ টেবটোত storage capacity ইমান কম।নতুন এটা দিম বুলি কৈছিলা,মনত আছে নহয়।
বাবাৰ কন্ঠত কোমল স্বৰৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে প্ৰণীতাই।
: অ বাবা, মনত আছে।পৰীক্ষাৰ পিছদিনাখনেই ওলাবা।কিনি দিম… হ’ব। এতিয়া পঢ়া দেই।
লৰাটোক পঢ়িবলৈ কৈ প্ৰণীতা শোৱনি কোঠালৈ আহে। একমাত্ৰ ল’ৰাটো যেন লাহে লাহে প্ৰণীতাৰ ওচৰৰপৰা আঁতৰি যাবলৈ ধৰিছে, এনেকুৱাই লাগে তাইৰ।মাক, দেউতাক,ভনীয়েক সকলোৰে লগত প্ৰয়োজনতহে সি কথা পাতে।মোবাইল, টেব নতুবা টিভিত খেল উপভোগ কৰা,এয়াই যেন কাম পোন্ধৰ বছৰীয়া লৰাটোৰ। হয়তো কৈশোৰ সন্ধি নামৰ অক্টোপাছটোৰ কবলত সোমাই পৰিছে তাইৰ বাবাটো। অস্বাভাৱিক নহয়,তথাপি প্ৰণীতাৰ মাতৃ হৃদয়খনত বিষাদৰ ডাৱৰ এচপৰাই ভিৰ কৰেহি। হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিল ,
“Adolescence is a period of stress and storm.”
সঁচাকৈয়ে কৈশোৰ কালছোৱা ধুমুহাৰ সময়।উঠি অহা কিশোৰ-কিশোৰীহঁতে নতুন কিবা এটাৰ অনুসন্ধানত অহৰহ ব্যস্ত থাকে।জীৱনটোক উপভোগ কৰাৰ দুৰ্বাৰ হাবিয়াস সিহঁতৰ।আৰু হয়তো বহুত কিশোৰৰ দৰে তাইৰ নীড়ো অন্তৰ্মুখী হৈ পৰিছে।হুমমম!!এক দীৰ্ঘ নিশ্বাস এৰে প্ৰণীতাই। বিচনাত শুই শুই লৰাটোৰ কথাবোৰকে ভাবি থাকে প্ৰণীতাই।
: মা, কফি খোৱা।মই ভবানী বাক মালপোৱা বনাব কৈছিলো।তুমি খাই ভালপোৱা ন মা?ট্ৰেএখনত কফি কাপ আৰু প্লেট এখনত মালপোৱা, ভুজিয়া লৈ জুহি প্ৰণীতাৰ বিচনাৰ ওচৰতে থিয় দিলে।
ক’ব নোৱাৰাকৈ প্ৰণীতাৰ হিয়াত পদুম ফুল কেইপাহমানে যেন জকমকাই ফুলি উঠে।আস!শব্দ নহয় যেন জুহিৰ মুখেৰে মৌৰসহে বৰষিছে।শুই থকাৰপৰা উঠি বহি ল’লে প্ৰণীতাই। জুহিৰ হাতৰপৰা প্লেটখন লৈ বিছনাত থ’লে।
: জুহি মা, তোমাৰ প্লেট আনা আকৌ।একেলগে খাওঁ আঁহা।
: অ মা, ভবানী বাই মোৰ বাবে আনি আছে।
অলপ পিছত ভবানীয়ে জুহিৰ নিৰ্দিষ্ট বাৰ্বী কাপ প্লেটত মালপোৱা কফি লৈ প্ৰণীতাৰ ওচৰতে ৰাখে।
প্ৰণীতা আৰু জুহিয়ে বিছনাতে মুখামুখিকৈ বহি কফিৰ সোৱাদ লয়।ফুলা ফুলা মালপোৱাৰ জুতি লয় মাক জীয়েক হালেই।কফি,মালপোৱা খাই কাপ-প্লেটবোৰ প্ৰণীতাই পাকঘৰত থৈ আহে।কিতাপত মূৰ গুজি থকা নীড়ৰ কোঠালৈ ভুমুকি মাৰে,
: বাবা,কফি মালপোৱা খালা নে?কফি খালে সতেজ লাগিব দিয়া।
: মা কিনো কৈ আছা? মই কিবা সৰু ল’ৰা নেকি? বৰ আমনি কৰা দেই তুমি।
চুৰিৰ তীক্ষ্ণ আঘাতৰ দৰে শব্দ নীড়ৰ।সামান্য আহত হয় প্ৰণীতা।দুনাই একো নক’লে প্ৰণীতাই।
নীড়ৰ কোঠাৰপৰা ওলাই পাকঘৰত বাচন মাজি থকা ভবানীক ভাতৰ দিহা দি প্ৰণীতা জুহিৰ কাষলৈ আহে। জুহিয়ে ইতিমধ্যে তাইৰ কিতাপ বহী লৈ ডাইনিং টেবুলতে পঢ়া আৰম্ভ কৰিছে।
:মা,মোক এই chapter ৰ questions বোৰ সুধিবা নেকি?হৈছে মোৰ, তুমি এবাৰ সুধিলেই হ’ল।
: কিতাপ খন দিয়া।মই প্ৰশ্ন কেইটামান লিখি দিওঁ।
প্ৰণীতাই জুহিৰ বহীখনত প্ৰশ্ন লিখিব ধৰে।লিখি থকাৰ মাজতে প্ৰণীতাই উত্তৰ মুখস্থ কৰি থকা জুহিলৈ চকু দিয়ে।নীড়ৰ উদাসীনতা থকা নিৰ্লিপ্ততাৰ বিপৰীতে জুহিৰ মাকৰ সৈতে গঢ়ি উঠা অন্তৰঙ্গতাই প্ৰণীতাৰ জীৱনত সাৰ-পানী যোগোৱাৰ দৰেই হৈছে।জুহি যেন প্ৰণীতাৰ ছায়াহে।কলমটো বাওঁ হাতত লৈ সোঁ হাতেৰে প্ৰণীতাই জুহিৰ মূৰত আলফুলে পিহি দিলে।
******
5:47 PM
সুন্দৰ