জন্মভূমি-কুমকুম দেৱী শৰ্মাবৰুৱা
জন্ম হৈয়েই উশাহ ল’লো
য’ত হৃদয় ভৰায়,
সেয়ে মোৰ জন্মভূমি
চেনেহী অসমী আই।
মাৰ মুখত শুনা
অমিয়া বৰষা,
সেয়ে মোৰ মাতৃভাষা
অসমীয়া ভাষা।
প্ৰশান্ত সেউজীয়া
অনুপম গছ-বন,
জীৱ-জন্তু,পশু-পক্ষী
সকলো আপোন।
বৈ যায় নদ-নদী
কুলু কুলু ধ্বনি,
ধানেৰে উপচি থাকে
সোণালী ধাননি।
পাট-মুগা,এৰী সূতা
ইয়াতেই হয় ,
তাঁতশালত শিপিনীয়ে
সপোন ৰচি বয়।
শংকৰ-মাধৱ আৰু
আজান ফকীৰ ,
সাজিছিল ইয়াতেই
প্ৰেমৰ মন্দিৰ।
কীৰ্তন,ভাগৱত পুথি
আৰু নামঘোষা,
বৰগীত,ভাওনা,নৃত্য
আছে মালাগঁথা।
গাঁৱে গাঁৱে জিলিকিছে
হৰি নামঘৰ ,
একতাৰে বান্ধি ৰাখে
নাই সৰু-বৰ।
সংস্কৃতিৰ বৰঘৰ
সাজে বিষ্ণু-জ্যোতি,
সংগীতত ভূপেন মামাৰ
বিশ্বজোৰা খ্যাতি।
সাহত লাচিত বীৰ
ৰাখে উচ্চশিৰ ,
এয়ে মোৰ জন্মভূমি
অতি চেনেহৰ।
******