জীৱন : এক সুন্দৰ আৰ্শীবাদ-চন্দামিতা শৰ্মা
ড০ নিৰ্মল প্ৰভা বৰদলৈৰ ভাষাত “জীৱন জীৱন বৰ অনুপম”।সঁচাকৈয়ে জীৱন সুন্দৰ,জীৱন অমূল্য।সেয়েহে হয়তো কোৱা হয় যে – আপুনি যে জীয়াই আছে পৃথিৱীত,তাতকৈ ডাঙৰ কথা একো নাই।
এনে ভাৱ মনত লৈয়ে সৰুৰেপৰা ডাঙৰ হোৱা এজন সুন্দৰ-সুঠাম দেহৰ যুৱক।সৰুৰেপৰাই যথেষ্ট সাহসী আৰু দু:সাহসিক ক্ৰীড়াৰ প্ৰতি অতি উৎসাহী।ল’ৰাজনে সৰুৰেপৰাই দুচকুত কঢ়িয়াই লৈ ফুৰিছিল এক সপোন, এভাৰেষ্ট শৃংগত আৰোহণ কৰাৰ।সময় নিজ কক্ষত ঘূৰি আছিল আৰু সমানে দৃঢ় হৈছিল ল’ৰাজনৰ সপোন।সময়ত ল’ৰাজনে যোগদান কৰিলে নিজ দেশৰ সেনাবাহিনীত।কিন্তু..। পেৰাগ্লাইডিঙৰ সময়ত প্ৰায়
১৭,০০০ ফুট উচ্চতাৰপৰা পৰি ল’ৰাজন ঘূণীয়া হৈছিল। বাচিল যদিও ডাক্তৰে একেমুখে কৈছিল যে ল’ৰাজনে আগৰ দৰে খোজ কাঢ়িব নোৱাৰিব আনকি বন্ধু-বান্ধৱ তথা পৰিয়ালৰ লোক কিছুমানেও সহমৰ্মিতা প্ৰৰ্দশন কৰি এভাৰেষ্ট শৃংগত আৰোহণ কৰাৰ আশা ত্যাগ কৰিবলৈ কৈছিল। কিন্তু সেই ল’ৰাজনে একান্তই নিজৰ মনৰ দৃঢ়তা অটুট ৰাখি তেওঁৰ সেই সময়ৰ কনিষ্ঠ আৰোহণকাৰী হিচাবে এভাৰেষ্ট শৃংগত আৰোহণ কৰি সমগ্ৰ বিশ্বক প্ৰমাণ কৰি দেখুৱাইছিল যে কোনো সমস্যাই সপোনক বাধা দিব নোৱাৰে,যেতিয়ালৈকে আমি নিজে নিজৰ সপোনক হত্যা নকৰো।এই দৃঢ় মনৰ ল’ৰাজন আন কোনো নহয়,তেওঁ হ’ল আমাৰ সকলোৰে পৰিচিত “বেয়াৰ গ্ৰীলচ”।
এইটো মাত্ৰ এটা অতি সৰু উদাহৰণহে কাৰণ ইয়াতকৈও অধিক প্ৰেৰণাদায়ক হাজাৰ হাজাৰ বৃত্তান্ত ,মানৱজাতিৰ সভ্যতাৰ ইতিহাসৰ পাতে পাতে বিৰাজমান।এনেবোৰ কাহিনীয়ে শিকাই থৈ যায় যে সমস্যা আচলতে বহুক্ষেত্ৰত জীৱনত লাভ কৰিব পৰা সফলতাৰ মূল চাবি-কাঠি।ইপ্সিত লক্ষ্যত উপনীত হ’বলৈ লাগিব প্ৰচণ্ড ইচ্ছাশক্তি।হুইল চেয়াৰত বহি জীৱনৰ বাকী কালছোৱা পংগুত্বৰ অভিশাপেৰে পাৰ কৰাতকৈ আত্মহত্যাই শ্ৰেয় বুলি ভবাহেঁতেন আমি জানো পালোহেঁতেন বিখ্যাত ডিছক’ভাৰী চেনেলৰ বিখ্যাত অনুষ্ঠান Man vs Wild ৰ “বেয়াৰ গ্ৰীলচ”ক?
বৰ্তমানৰ তথাকথিত আধুনিক যুগত আমিবোৰ যেন হৈ পৰিছোঁ বহু বেছি পৰিমাণে অধৈৰ্য্য।বস্তুবাদী পৃথিৱীত আমি যিকোনো সমস্যাৰ বিচাৰোঁ তাৎক্ষণিক সমাধান, ফলত সমস্যাৰ সমাধান ওলোৱাটো,কাৰ্যত পৰিণত হৈছে এক দুৰূহ কামত।বৰ্তমান যুগত আপুনি,মই কি কৰিছোঁ? জীৱনৰ বাটত দুই এটা ধুমুহা আহিছে আৰু আমি উৰিছোঁ পাতল পাখি এটাৰ লেখীয়াকৈ।সেইবাবে সহজতে ভাগি পৰিছোঁ।
এজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ মূল ভেঁটি ব্যক্তিজনৰ শৈশৱৰ পৰিৱেশটো।শিশুসকলক সৰুৰেপৰাই চাপমুক্ত পৰিৱেশ এটাত ডাঙৰ কৰিব পাৰিলে ভৱিষ্যতে ই এটা সুন্দৰ জীৱন গঢ় দিয়াত সহায়ক হয়।কিন্তু বৰ্তমানৰ প্ৰতিযোগিতাৰ দিনত কথাবোৰ ইমান সহজ হৈ থকা নাই, সকলোবোৰ হৈ পৰিছে অত্যন্ত জটিল।বৰ্তমান যুগৰ ল’ৰা-ছোৱালীৰ বাবে “আত্মহত্যা” এটা অতি চিনাকি শব্দ, যিটো আজিৰপৰা কেইবছৰমান আগলৈকে আমাৰ বাবে ইমান পৰিচিত শব্দ নাছিল।পৃথিৱীখন যিমানেই আধুনিক(?) হৈ গৈ আছে সিমানেই জটিলো হৈ পৰিছে। সমান্তৰালভাবে বাঢ়ি গৈছে মানুহৰ অসন্তুষ্টিবোৰ। আচলতে পৃথিৱীৰ প্ৰতিজন মানুহৰে এদিনৰ বাবে হ’লেও আত্মহত্যাৰ ভাৱ বা মৰি যোৱাই ভাল আদি ধৰণৰ ভাৱ আহে,এইটো এটা সাংঘাতিক কথা নহয়।জীৱনৰ দীঘল বাটছোৱাত এনে এটা ভাৱ আহিলেও আগৰ দিনত মানুহে এই ভাৱক নিজৰপৰা নিলগত ৰাখিছিল কিন্তু বৰ্তমানৰ শূণ্য সহনশীলতাৰ যুগত আমাৰ ধৈৰ্য্যশক্তি যথেষ্ট থৰক বৰক হৈ টুটি আহিছে।বহুক্ষেত্ৰত দ কৈ চিন্তা কৰিব পৰা ক্ষমতা কমি আহিছে।ফলত কিছু দুৰ্বল মুহূৰ্ত্তত আগবাঢ়ি যাওঁ নকৰিবলগীয়া কামৰ ফালে।
অলপতে দেশৰ এটা আগশাৰীৰ নিউজ চেনেল “ইণ্ডিয়া টুডে”ত টেলিকাষ্ট হোৱা বাতৰি এটা চাই নিশ্চয়কৈ বহুলোকক জোকাৰি গৈছে।বাতৰিটো আছিল ৰাজস্থানৰ এখন চহৰ কোটাৰ।প্ৰকাশিত বাতৰি মতে তাত থকা বহু বিখ্যাত কোচিং চেন্টাৰত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰী থকা প্ৰাইভেট হোষ্টেলৰ চাৰিওকাষে থাকে জাল, চিলিং ফেনত সংলগ্ন থাকে বিশেষ ডিভাইচ য’ত ১০কিলোগ্ৰামতকৈ অধিক বোজা পৰিলে এলাৰ্ম বাজি উঠে!কিহৰ বাবে এই ব্যৱস্থা? নিশ্চয় বুজিবলৈ অসুবিধা হোৱা নাই যে এই ব্যৱস্থা আত্মহত্যা ৰোধ কৰিবলৈ!গা শিয়ৰি উঠা কথা নহয়নে?পশুকো নিশ্চয় এই ব্যৱস্থাত আমি চাব নোৱাৰিম,তেন্তে আমাৰ সন্তানক? অত্যধিক প্ৰতিযোগিতা,মানসিক চাপ আদিয়ে নৱ প্ৰজন্মক কৰিছে বিষাদগ্ৰস্ততাৰ চিকাৰ। এইটোও ঠিক যে নৱপ্ৰজন্ম সম্মুখীন হ’ব লাগিব প্ৰতিযোগিতাৰ কিন্তু সম্পূৰ্ণ সুস্থ প্ৰতিযোগিতাৰ।প্ৰতিযোগিতাৰ দৌৰত অন্ধ হ’ব নালাগে আৰু এইক্ষেত্ৰত অভিভাৱকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
সমগ্ৰ বিশ্বতে আত্মহত্যা জনস্বাস্থ্যৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহবান।কোনখন দেশ আত্মহত্যাৰ ক্ষেত্ৰত কোন স্থানত বা দেশৰ আত্মহত্যাৰ হাৰ কোন চনত কিমান এইবোৰ কিছু কিছু ক্ষেত্ৰত দৰকাৰী যদিও আটাইতকৈ দৰকাৰী কথা হৈছে মানুহৰ মানসিক স্বাস্থ্যৰ উন্নীতকৰণ।এজন লোকৰ চিন্তা,কৰ্ম,ব্যৱহাৰ আদিত মানুহৰ মানসিক স্বাস্থ্যৰ যথেষ্ট প্ৰভাৱ থাকে।মানসিক স্বাস্থ্যই নিৰ্দ্ধাৰণ কৰে আমি কেনেদৰে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰোঁ।এনেবোৰ বিভিন্ন কাৰণত প্ৰতিবছৰে ১০ ছেপ্টেম্বৰ তাৰিখে পালিত হয় “বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস” শীৰ্ষক সজাগতা আৰু জাগৰণমূলক দিৱস।২০০৩ চনৰপৰাই পালিত এই দিৱসত বিভিন্ন কৰ্মসূচীৰ জৰিয়তে আত্মহত্যাৰ সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰি আত্মহত্যাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বব্যাপ্ত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰকাশ কৰাৰ উদ্দেশ্যে আগত ৰখা হৈছে।আন্তঃৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ সংস্থা(IASP)-ই বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু বিশ্ব মানসিক স্বাস্থ্য ফেডাৰেছন(WFMH)-ৰ সহযোগত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰাত অগ্ৰণী ভূমিকা লৈ আহিছে।২০১৪ চনত মুক্তিপ্ৰাপ্ত WHO-ৰ মানসিক স্বাস্থ্য এটলাছ (Mental Health Atlas)-ৰ তথ্য অনুসৰি, নিম্ন আয়সম্পন্ন কোনো দেশতেই আত্মহত্যা প্ৰতিৰোধৰ কোনো ৰাষ্ট্ৰীয় নীতি বা কৰ্মপন্থা নাছিল। অন্যহাতে, নিম্ন-মধ্য আয়সম্পন্ন দেশসমূহৰ ১০%-তকৈ কম, আৰু উচ্চ-মধ্য আয়সম্পন্ন আৰু উচ্চ আয়সম্পন্ন দেশসমূহৰ প্ৰায় দুই তৃতীয়াংশৰে আত্মহত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত সুস্পষ্ট ৰাষ্ট্ৰীয় নীতি আছিল।
২০০৩ চনৰ পৰা আৰম্ভ হোৱা ‘বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস’ৰ প্ৰথম কাৰ্য্যসূচীত, ১৯৯৯ চনত ‘বিশ্ব স্বাস্থ্য সংস্থা’ই এই বিষয়ত গ্ৰহণ কৰা কিছু পদক্ষেপৰ সম্পৰ্কে আলোকপাত কৰা হয় য’ত প্ৰধান কৌশলসমূহ নিৰ্ধাৰণ কৰা হৈছিল:
আত্মহত্যাৰ প্ৰৱণতা ৰোধ আৰু এই সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বৰ এটি সংস্থাৰ লগতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুমুখী কৰ্মসূচী গ্ৰহণ আৰু আত্মহত্যাৰ ঘটনাসমূহ ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান।
বিভিন্ন দেশৰ আত্মহত্যা প্ৰতিৰোধৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নীতি,কৰ্মসূচী আৰু পৰিকল্পনাসমূহৰ বিকাশ আৰু মূল্যায়ণ,আৰু সেই সম্পৰ্কীয় দক্ষতাৰ শক্তিশালীকৰণ।
আত্মহত্যাৰ বিষয়ে মুকলিভাৱে আলোচনা-বিলোচনাক লৈ থকা সামাজিক দ্বিধাবোধ , বাধা-নিষেধ যেনে “আত্মহত্যাৰ কথা কোৱাটোও পাপ,শুনাটোও পাপ” ইত্যাদি, আত্মহত্যাৰ সম্পৰ্কে প্ৰচলিত সামাজিক অন্ধবিশ্বাস আদিৰ দৰে প্ৰত্যাহ্বানে আত্মহত্যাৰ প্ৰতিৰোধ জটিলতৰ কৰি তোলে।ইয়াৰোপৰি এই আত্মহত্যা সম্পৰ্কীয় ঘটনাসমূহৰ ক্ষেত্ৰত সঠিক তথ্যৰ অভাৱে এই সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। আত্মহত্যাৰ সংবেদনশীলতা আৰু কিছুমান দেশত আত্মঘাতী মনোভাৱক অবৈধ হিচাপে গৃহীত স্বীকৃতিৰ কাৰণেও বহু সময়ত আত্মহত্যাৰ ঘটনাসমূহৰ তথ্য সঠিকভাৱে উপস্থাপন নোহোৱাৰ বাবেও অধিক সমস্যাৰ সৃষ্টি কৰে।আত্মহত্যাৰ লগত বহুত আন্ত:সম্পৰ্কীয় জটিল অন্তৰ্নিহিত বিষয় জড়িত হৈ থাকে যিয়ে বহুক্ষেত্ৰত মানসিক চাপ, হতাশাগ্ৰস্ততা, মানসিক অৱসাদ,বিষাদ,হতাশা আদিৰ দৰে অনুভুতিৰ সৃষ্টি কৰি আত্মহত্যাৰ প্ৰৱণতা গঢ় দিয়ে।
আত্মহত্যাৰ ভাব মনলৈ অহা বা মনটো দূৰ্বল হোৱাৰ কিছুমান কাৰক হ’ল – পঢ়াৰ চাপ, কৰ্মহীনতা বা সঠিক কৰ্মৰ অভাৱ, বিভিন্ন কাৰণৰ বাবে সামাজিক স্থিতি হেৰুৱাই পেলোৱা, প্ৰেমৰ বাবে, খঙৰ বাবে, লাজৰ বাবে, হীনমন্যতাত ভুগি, আৰ্থিক দুৰৱস্থা, পৰিয়ালৰপৰা আঁতৰি থকা,বহু চিকিৎসা কৰিও ৰোগৰপৰা উপশম নোহোৱা ইত্যাদি অজস্ৰ কাৰণ,যিবোৰত আমি প্ৰায়েই গুৰুত্ব নিদিওঁ। সেয়েহে প্ৰতিবছৰে এই দিৱস পালনৰ এক মূখ্য বিষয় ধাৰ্য কৰা হয় আৰু এইবছৰৰ এই বিষয় হৈছে “কৰ্মৰ জৰিয়তে আশাৰ সৃষ্টি।”
কৰ্মৰ জৰিয়তে আশাৰ সৃষ্টি কৰিবলৈ হ’লে আমি সকলোৱে একগোট হৈ কাম কৰাৰ স্পৃহা জাগ্ৰত কৰিব লাগিব।হ’ব লাগিব সজাগ।সঠিক সময়ত আত্মহত্যাৰ সম্ভাৱনা নিৰূপণ কৰি উপযুক্ত ব্যৱস্থা প্ৰহণ কৰিব পাৰিলে বেছিভাগ আত্মহত্যাই প্ৰতিৰোধ কৰিব পাৰি। আত্মহ্ত্যা প্ৰতিৰোধৰ বাবে সুৰক্ষা প্ৰদানকাৰী কাৰকবোৰ শক্তিশালী কৰিবলৈ বিদ্যালয়,ঘৰখন আৰু সমাজখনে সৰুকালৰপৰাই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে।বিদ্যায়তনিক জ্ঞানৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, সামাজিক, আবেগিক আৰু বুদ্ধি-মত্তাৰ বিকাশ ঘটাব লাগিব।ব্যক্তি এজনে জীৱনত সন্মুখীন হ’ব পৰা সমস্যাসমূহ সঠিক ৰূপত সমাধান কৰিবলৈ জীৱন ধাৰণৰ কৌশলৰ প্ৰশিক্ষণ (life skill training)ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক আত্ম-সচেতনতা, সহমৰ্মিতা, সৃজনীমূলক চিন্তা,সমস্যা সমাধানৰ ক্ষিপ্ৰতা, সঠিক সিদ্ধান্ত গ্ৰহণ, পাৰস্পৰিক সম্পৰ্ক, উপযুক্ত যোগাযোগ, মানসিক চাপ আৰু আবেগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰি তুলিব লাগিব। কাৰণ জীৱন ধাৰণৰ কৌশলৰ শিক্ষাই কিশোৰ-কিশোৰীসকলৰ মানসিক উত্তৰণ ঘটাই ভৱিষ্যতে জীৱনলৈ আহিব পৰা অসংখ্য প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈ হেলাৰঙে ওফৰাই পেলাবলৈ কাৰ্য্যক্ষম কৰি তোলে। মনলৈ যোগাত্মক চিন্তা কঢ়িয়াই অনা, অহংকাৰবোধ ত্যাগ কৰা,আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হোৱাৰ অভ্যাস কৰা, অলাগতিয়াল চিন্তাৰপৰা আঁতৰত থকা,ভাল কিতাপ পঢ়া,সৃজনীমূলক কামত মনোনিবেশ কৰা, সংগীতৰ সুমধুৰ কোলাত জিৰণি লোৱা ইত্যাদিৰ জৰিয়তে আমি মানসিক চাপ স্পষ্ট ৰূপত নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
আমি প্ৰতিজনে ভিন ভিন ক্ষেত্ৰত অদ্বিতীয় আৰু এই কথাটো ভালদৰে হৃদয়ংগম কৰিব পাৰিব লাগিব। প্ৰয়োজনত এষাৰি মাত, এধানি সহায়ৰ হাত আগবঢ়াই দিবলৈ সক্ষম হ’ব লাগিব।জীৱনটো আপুৰুগীয়া।যদি এই বিনন্দীয়া পৃথিৱী দেখা পোৱাটোৱেই আমাৰ বাবে পৰম সৌভাগ্যৰ কথা তেন্তে আমি নো কোন সতেৰে এই জীৱনটো শেষ কৰিব পাৰো?
পৰিশেষত- সৰুতে শুনা এটা সাধু:
হাইস্কুলত পঢ়ি থাকোতে অসমীয়া পঢ়োৱা শ্ৰদ্ধাৰ শিক্ষকজনে প্ৰায়ে আমাক এটা সাধু কৈছিল,সাধুটো আছিল এনেধৰণৰ:
দুখীয়া মাতৃ এগৰাকীৰ একমাত্ৰ ল’ৰা এজন আছিল আৰু ল’ৰাজন হেনো সৰুতে বৰ মূৰ্খ আছিল। বিভিন্নজনৰ কৰ্কথনা শুনিব নোৱাৰি আত্মহত্যা কৰিবলৈ নৈৰ পাৰলৈ গৈছিল।মাকৰ কথা মনত পেলাই তেওঁ উচুপি উচুপি উঠিছিল যদিও মনৰ হতাশাৰ বাবে ল’ৰাজনৰ মনলৈ সেইসময়ত আত্মহত্যাৰ বাদে আন একো বিকল্পৰ কথা মনলৈ অহা নাছিল। পিছে নৈৰ ঘাটত বহু তিৰোতামানুহৰ কথা শুনি সি থমকি ৰৈছিল।মনৰ ভাৱ ,তেওঁলোক গ’লে……..।
হঠাতে তেওঁৰ চকু পৰিল নৈৰ ঘাটৰ শিল এচটাত।শিল চটাত এটা প্ৰায় ঘূৰণীয়া দাগ।বোপদেবে দেখা পাইছিল যে তিৰোতা এজনীয়ে নৈৰপৰা কলহত পানী ভৰাই আনি সেই শিলচটাৰ ওপৰত থয় আৰু লগৰবোৰৰ লগত কথা-বতৰা পাতি ,আহোঁতে কলহটো লৈ আহে।অৰ্থাৎ দাগটো সদায় সদায় কলহ থোৱাৰ বাবে হৈছে।লগে লগে সেই সৰু ল’ৰাজনৰ মূৰত খেলাইছিল যে যদি ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়,তেনেস্থলত তেওঁনো বাৰে বাৰে চেষ্টা কৰিলে কিয় নোৱাৰিব?লগে লগে আত্মহত্যাৰ কথা মনৰ পৰা দলিয়াই ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি গৈ পূৰ্ণোদ্যমে নিজ কামত ব্ৰতী হৈছিল আৰু জীৱনত সফলতাৰ শীৰ্ষত আৰোহণ কৰিছিল।পৃথিৱীত এনে কোনো সমস্যাই নাই, যাৰ কোনো সমাধান নাই।জীৱনত দুখ নাথাকিলে সুখৰ অস্তিত্বই বা ক’ত?জীৱন যুঁজত সকলো দুখ,সকলো সমস্যাৰপৰা পৰিত্ৰাণ পাবলৈ আত্মহত্যাই কেতিয়াও একমাত্ৰ উপায় হ’ব নোৱাৰে।নিজৰ জন্ম হোৱা প্ৰক্ৰিয়াত যদি আমাৰ নিজৰ নিয়ন্ত্ৰণ নাই,তেন্তে ইয়াক শেষ কৰাৰ অধিকাৰ আমি কেনেকৈ নিজ হাতত তুলি ল’ব পাৰোঁ? ন ন ৰূপত,ন ন ধৰণে পৃথিৱীয়ে আমাক দিয়ে ভালপোৱাৰ মন্ত্ৰ।আমি জীৱশ্ৰেষ্ঠ, তেন্তে আমাৰ কৰ্মৰ দ্বাৰা এই অভিধাটো বৰ্তাই ৰখাটোও আমাৰ কৰ্তব্য।
সহায়ক গ্ৰন্থপঞ্জী:
1. http://apps.who.int/iris/bitstream/10665/178879/1/9789241565011_eng.pdf.
2 .http://iasp.info/wspd/2003_wspd.php
3.আত্মহত্যা- কেতবোৰ ভ্ৰান্ত ধাৰণা আৰু প্ৰতিৰোধ- ডা: প্ৰদীপ কুমাৰ শৰ্মা।
******
6:00 PM
ভাল লাগিল
7:11 PM
বৰ্তমান সময়ৰ প্ৰয়োজনীয় লেখা।