ড০ এ. পি. জে. আব্দুল কালাম-কুঞ্জ খাউণ্ড

ভাৰতৰ  মিছাইলমেন খ‍্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি, মহাকাশ বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত  তামিলনাডুৰ ৰামেশ্বৰমত।দেউতাক আছিল জয়নাল আবেদিন আৰু মাতৃৰ নাম আছিল আচিয়াম্মা। পিতৃ-মাতৃ দুয়ো আক্ষৰিক অৰ্থত শিক্ষিত নাছিল, কিন্তু আছিল সংস্কাৰী আৰু উচ্চ আৰ্দশৰদ্বাৰা পৰিচালিত দুজন ব্যক্তি।চাৰিজন ভাই-ককাই আৰু এজনী ভনীয়েকৰ সৈতে মৰম -স্নেহৰ আবেষ্টনীত তেওঁ ডাঙৰ দীঘল হৈছিল।

এক বৰ্ণাঢ্য জীৱনৰ গৰাকী হ’লেও আব্দুল কালামে বহু সমস্যাৰ মাজত শৈশৱ অতিবাহিত কৰিছিল। শৈশৱত আৰ্থিকভাৱে বহু সমস্যাৰ মুখামুখি হৈছিল কালাম। কালামৰ পিতৃ জয়নাল আবেদিন আছিল নাৱৰ ব্যৱসায়ী। অন্যহাতে তেওঁৰ পিতৃৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা। আৰ্থিক সমস্যাৰ বাবেই কালামে কম বয়সৰপৰাই পিতৃক আৰ্থিক সকাহ দিবলৈ বিভিন্ন ধৰণৰ কাম কৰিবলৈ চেষ্টা কৰিছিল। কালামে সেই সময়ত বাতৰি কাকত বিক্ৰী কৰাৰ কাম হাতত লৈছিল। যদিও আৰ্থিক সমস্যা আছিল তথাপিও কালামৰ পৰিয়ালৰ মাজত সাধুতা, সৰলতা, মানৱতা, সকলো ধৰ্মৰ লোককে সমভাৱেৰে চোৱা আদি দিশসমূহত গুৰুত্ব আৰোপ কৰা হৈছিল। নৈতিক শিক্ষাৰে পৰিপুষ্ট কৰি জয়নাল আবেদিন আৰু আচিয়াম্মাই পাঁচজন ল’ৰা-ছোৱালীক ডাঙৰ দীঘল কৰিছিল।

শৈশৱৰপৰাই পঢ়া-শুনাৰ  প্ৰতি আগ্ৰহী আছিল এ.পি. জে. আব্দুল কালাম । তেওঁ ৰামেশ্বৰমৰ  প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত ৰামনাথপুৰত মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৪ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল তিৰুবিনাপল্লীৰ চেইণ্ট যোচেফ কলেজৰপৰা। তাৰ পিছত এৰ’স্পেছ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন’লজিৰপৰা।গুৰুত্বপূৰ্ণ কথা যে মাদ্ৰাজ ইনষ্টিটিউট অফ টেকন’লজিত নামভৰ্তি কৰিবলৈ সেই সময়ত আব্দুল কালামৰ পইচাৰ নাটনি হৈছিল যাৰ বাবে জোহৰা নামৰ একমাত্র ভনীয়েকজনীয়ে নিজৰ হাতৰ আৰু কাণৰ সোণৰ গহণা কেইপদমান বন্ধকত থৈ নাটনি হোৱা টকাকেইটাৰ যোগাৰ কৰিছিল।

কালামে সৰুৰেপৰাই আকাশত উৰি ফুৰাৰ স্বপ্ন দেখিছিল আৰু সেইবাবেই মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন’লজিত সোমাই চৌহদত ৰখা আকাশীযান দুখন দেখি খুউব ভাল পাইছিল।তেওঁক আকাশীযান দুখনে ইমানেই আকৰ্ষণ  কৰিছিল যে প্ৰায়েই তেওঁ যান দুখনৰ কাষত বহি সময় কটাইছিল। ইঞ্জিনীয়াৰিং কলেজত প্ৰথম বৰ্ষৰ শিক্ষা সাং কৰিয়েই তেওঁ এৰ’নটিকেল ইঞ্জিনিয়াৰিং শাখাত নামভৰ্তি কৰে। তেওঁৰ চিন্তা ভাৱনাক বাস্তৱ ৰূপ দিয়াত সহায়ৰ হাত আগবঢ়াইছিল। –অধ‍্যাপক স্পন্দাৰ,  অধ্যাপক কে.এ.ভি পান্দালাই আৰু অধ্যাপক নৰসিংহ ৰাৱে।

আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পিছত আব্দুল কালামে প্ৰথম কৰ্ম জীৱন আৰম্ভ কৰিছিল  মাহিলি ২৫০ টকা দৰমহাৰে দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত জ্যেষ্ঠ বিজ্ঞানীৰ সহায়কৰূপে কাম কৰি।ইয়াৰ পৰৱৰ্তী সময়ত কালামে বাংগালোৰৰ DRDO ৰ Aeronautical Development Establishment ত মুখ্য বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মুখ্য বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত এ.পি.জে. আব্দুল কালামে  সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰদ্বাৰা এখন Hover craft নিৰ্মাণ কৰিছিল আৰু এই Hover craft খনৰ নাম দিয়া হৈছিল “Nandi”.

১৯৬৯ চনত আব্দুল কালামে ISRO ত যোগদান কৰে। ISRO ত যোগদান কৰা পৰৱৰ্তী সময়ত দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগা ৰকেট Satellite Launch Vehicle-3 (SLV-3) ৰ প্ৰকল্প নিদেৰ্শক হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ‘ৰোহিনী’ৰ কক্ষপথত সংস্থাপিত কৰিছিল Satellite Launch Vehicle-3 ৰকেটেই।

১৯৭০ চনত এ.পি.জে.আব্দুল কালামে  Satellite Launch Vehicle ৰকেট প্ৰযুক্তিৰ দ্বাৰা Ballistic missile নিৰ্মাণৰ দুটা প্ৰজেক্ট লাভ কৰিছিল। এই প্ৰজেক্ট দুটাৰ নাম আছিল Project devil and project valiant. ৰাজস্থানৰ পোখৰানত ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা Smiling Buddha ৰো এজন বিশেষ প্ৰতিনিধি আছিল এ পি জে আব্দুল কালাম।

১৯৮২ চনত কালামে “The Defence Research & Development Laboratory (DRDL)”ত নিযুক্তি লাভ কৰিছিল। আৰু ইয়াতেই কালামে আৰম্ভ কৰিলে “Integrated Guided Missile Development Program”। ইয়াৰ ওপৰিও দেশীয় ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ এক কমিটিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডঃ আব্দুল কালামে। ১৯৮৫ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰথম ভাৰতৰ কৃত্ৰিম উপগ্ৰহ “ত্ৰিশূল” উৎক্ষেপণ কৰা হয় কালামৰ পৃষ্ঠপোষকতাত। অন্যহাতে ১৯৮৮ চনৰ ২৫ ফেব্ৰুৱাৰীত আব্দুল কালামৰ‌ নেতৃত্বত Prithvi উৎক্ষেপণ কৰা হয়। Prithvi হ’ল পাৰমাণৱিক ক্ষমতা সম্পন্ন মিছাইল।

Prithvi উৎক্ষেপণৰ পৰৱৰ্তী সময়ত ১৯৮৯ৰ ২২ মে’ত কালাম ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে উৎক্ষেপণ কৰিলে “অগ্নি” মিছাইল। আৰু ইয়াৰ পিছত ক্ৰমান্বয়ে কালামৰ নেতৃত্বতে ভাৰতে উৎক্ষেপণ কৰিলে “নাগ” আৰু “আকাশ” মিছাইল।

গুৰুত্বপূৰ্ণ কথা যে আব্দুল কালামে ১৯৯২ চনৰপৰা ১৯৯৯ চনলৈকে Defence Research and Development Organisation ৰ  সচিব আৰু প্ৰধানমন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

এই সময়চোৱাতে ভাৰতে Pokhran-II ৰ সফল পৰীক্ষণ কৰিছিল, গুৰুত্বপূৰ্ণ কথা Pokhran-II পৰীক্ষণত আব্দুল কালামৰো ভূমিকা আছিল লেখত ল’বলগীয়া। যদিও দেশৰ প্ৰতিৰক্ষাৰ বাবদ ইমানখিনি উদ্ভাৱন কৰিছিল তথাপি তেওঁ এষাৰ কথা কৈছিল যে আমি আমাৰ দেশৰ

স্বতন্ত্ৰতা আৰু সুৰক্ষাৰ বাবেহে পাৰমাণৱিক শক্তিৰ পোষকতা কৰিছোঁ।আমাৰ দেশৰ পাৰমাণৱিক নীতি হ’ল–‘no first use’ নীতি।

ইয়াৰোপৰি ১৯৯৮ ত কালামে হৃদৰোগ বিশেষজ্ঞ  ডঃ ছুমা ৰাজুৰ সৈতে এক কমখৰচী Coronary Stent নিৰ্মাণ কৰি উলিয়াইছিল। আৰু ইয়াক Kalam-Raju Stent বুলি নামকৰণ কৰা হয়। Stent ৰ ওপৰিও ২০১২ চনত কালামে ডাঃ ছুমা ৰাজুৰ সৈতে স্বাস্থ্যৰ ক্ষেত্ৰত এটা টেবলেট ডিজাইন কৰিছিল যাক “কালাম–ৰাজু টেবলেট”  নামেৰে জনা যায়।

এগৰাকী কিশোৰীৰ এখন চিঠিৰ আঁত ধৰি তেওঁ অতি কম ওজনৰ ভৰিৰ কেলিপাৰ নিৰ্মাণ কৰিও উলিয়াইছিল।ডঃ আব্দুল কালাম ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে  ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাৰ লগতে  কেন্দ্ৰীয় কেবিনেটৰ  “Scientific Advisory Committee” ৰ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।ইয়াৰ উপৰিও সাহিত্য,বিজ্ঞান,দর্শন সকলোতে তেওঁৰ আছিল অগাধ দখল। তেওঁ ৰচনা কৰিছিল ১৮ খনকৈ কিতাপ। গুৰুত্বপূৰ্ণ কথা যে তামিল ভাষাত আব্দুল কালামে বহুকেইটা কবিতা ৰচনা কৰিছে। আৰু এই কবিতাসমূহৰ ভিতৰতে ১৭টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি ১৯৯৪ চনত ‘My Journey’  নামৰ  কবিতা সংকলনখন প্ৰকাশ কৰি উলিয়াইছিল। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থকেইখনৰ নাম হ’ল India 2020: A vision for the new Millennium (ভাৰতবৰ্ষ ২০২০: নতুন সহস্ৰাব্দৰ ৰূপৰেখা), Wings of Fire: An Autobiography (অগ্নিৰ ডেউকা), Ignited Minds- unleashing the power within India (তেজস্বী মন), You Are Born To BLOSSOM (চিৰ জ্যোতিষ্মান হোৱা), Indomitable Spirit (অদম্য শক্তি), Turning Points: A journey through challenges (টাৰ্নিং পইণ্ট্‌ছ: প্ৰত্যাহ্বান ভৰা এক যাত্ৰা), Advantage India: From Challenge to Opportunity আদি প্ৰধান।

আব্দুল কালামে ৰচনা কৰা প্ৰতিখন গ্ৰন্থই হ’ল এক লক্ষ্য আৰু উদ্দেশ্যেৰে উঠি অহা প্ৰজন্মক সঠিক সপোনেৰে আগুৱাই নিয়াত অভিভাৱকৰ দৰে কাম কৰা আৰু আধুনিক ভাৰত সৃষ্টি কৰাৰ ক্ষেত্ৰত এটা নতুন পথৰ সন্ধান দিয়া।প্ৰতিখন গ্ৰন্থই সফলতাৰ মন্ত্ৰ সন্নিবিষ্ট আৰু অতি মূল্যবান।

ড° কালাম আছিল সাহিত্যৰ সমান্তৰালকৈ শিল্পপ্ৰেমী এজন ব্যক্তি তথা তেওঁ সংস্কৃতিৰ  সাধকো আছিল। আজৰি সময়ত তেওঁ বীণা বজাই  সময় অতিবাহিত কৰিছিল আৰু লগতে তেওঁ আছিল কর্ণাটকী সংগীতৰ এজন ৰসগ্রাহী পণ্ডিত।

এইজনা বিজ্ঞানী আৰু সাহিত্য সংস্কৃতিৰ সাধকে ২০০২ চনৰ ২৫ জুলাই তাৰিখে ভাৰতৰ সৰ্বোচ্চ আসন ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।সেই সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৯ মাহ ১০ দিন। ৰাষ্ট্ৰপতি হিচাপে তেওঁ দায়িত্ব পালন কৰাৰ সময়ত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ লগতে সীমান্তৰ সিপাৰৰপৰা হোৱা সন্ত্রাসবাদ বন্ধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিশেষভাবে গুৰুত্ব আৰোপ কৰিছিল দেশৰ পৰা দৰিদ্রতা দূৰ কৰা, নিৱনুৱা সমস্যা দূৰ কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা আদি বিষয়ৰ ওপৰত।

যুৱ প্ৰজন্মৰ মাজত এ পি জে আব্দুল কালাম অতি জনপ্ৰিয় আছিল। তেওঁৰ বক্তৃতা আৰু আলোচনাসমূহে যুৱ প্ৰজন্মৰ সমাদৰ লাভ কৰিছিল। জীৱিত কালত আব্দুল কালামে কোৱা প্ৰতিটো কথাই হ’ল বৰ্তমান প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শকস্বৰূপ। ইমানবোৰ  বিৰল কৃতিত্বৰ অধিকাৰী হ’লেও একেবাৰে সাধাৰণ জীৱন-যাপন কৰা কালামে ৰাষ্ট্ৰপতি ভৱনৰপৰা ওলাই আহোঁতে  মাত্ৰ এটা চুটকেচহে  আনিছিল, আনকি  তাত থকা সময়খিনিত পৰিয়ালৰ মানুহখিনিৰ খোৱা বোৱা আৰু ফুৰাৰ খৰচো নিজে বহন কৰিছিল।জৈৱ‍ বৈচিত্ৰ্যৰে ভৰপুৰ উত্তৰ-পূৰ্বাঞ্চলক তেওঁ প্ৰাণভৰি ভাল পাইছিল, ভাল পাইছিল ব্ৰহ্মপুত্ৰ নদক। সেই বাবেই হয়তো জীৱনৰ শেষ দিনটোত ভগৱানে তেওঁক টানি আনিছিল উত্তৰ-পূৰ্বাঞ্চললৈ।

২০১৫ চনৰ ২৭ জুলাই তাৰিখে শ্বিলঙৰ আই.আই.এম. (IIM) ত তেওঁ Livable Planet Earth ৰ ওপৰত বক্তৃতা দি থাকোঁতেই  অসুস্থ অনুভৱ কৰি ঢলি পৰে আৰু মৃত্যুক আকোঁৱালি লয় ৮৩ বছৰীয়া এই মহান ভাৰতীয়জনাই।’ভাৰত ৰত্ন’ উপাধিৰে বিভূষিত কালাম আছিল সঁচাই ভাৰতৰ ৰত্ন।

প্ৰবল ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু উচ্চাকাংক্ষাৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিছিল আব্দুল কালামে। ড° আব্দুল কালাম আছিল এজন আশাবাদী মনৰ ব্যক্তি। কোনো ধৰণৰ নিৰাশাক ঠাই ল’বলৈ নিদিয়াকৈ, জীৱনৰ কোনো ঘাত-প্ৰতিঘাত সমূহক গুৰুত্ব নিদি দেশমাতৃৰ প্ৰগতিৰ হকে জীৱন উৎসৰ্গা কৰা আব্দুল কালাম  প্ৰতিজন ভাৰতীয়ৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ’ব।আব্দুল কালামদেৱৰ সোণসেৰীয়া কথাবোৰ যুগে যুগে পাথেয় হৈ থাকিব।সকলো ধৰ্মৰ উৰ্ধ্বত মানৱ সেৱাক প্ৰাধান্য দিয়া মনীষীজনাই জীৱন সম্পৰ্কে কোৱা কিছুমান কথাই হৃদয় চুই যায়।তাৰে এষাৰি কথাৰে সামৰণি মাৰিব খুজিছোঁ।তেওঁৰ মতে আমাৰ প্ৰধান শত্ৰু হ’ল…….

“গোটেই বিশ্বখনেই এখন যুদ্ধস্থলী।আচল কুৰুক্ষেত্ৰখন প্ৰত‍্যেকৰে অভ্যস্তৰত।’মহাভাৰত’ৰ প্ৰকোপ বা তাণ্ডৱ আজিও আমাৰ মাজত বিদ‍্যমান। অজ্ঞানতাৰ প্ৰতীক ধৃতৰাষ্ট আৰু ব্যক্তিগত আত্মা হ’ল অৰ্জুন।আমাৰ হৃদয়ত বাস কৰোঁতাজন হ’ল শ্ৰীকৃষ্ণ।শৰীৰ হ’ল ৰথখন,ৰথৰ ঘোঁৰা পাঁচটা হ’ল  ইন্দ্ৰিয়সমূহ। মন ,অহংকাৰ, বাসনা,  ঈৰ্ষা, লোভ, ভণ্ডামি,কামুকতা এইবোৰ আপোনাৰ, মোৰ পৰম শত্ৰু।”

বি:দ্ৰ:-তথ‍্যৰ বাবে সহায় লোৱা হৈছে।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *