নিস্তব্ধ নিশাৰ কোলাহল-পল্লবী কৌশিক শৰ্মা

                                                       (১)

চিপচিপিয়া বৰষুণ এজাক গাতে লৈ কৰ্মস্থানৰ পৰা ঘৰ অভিমুখে ৰাওনা হৈছে চন্দ্ৰমিতা । সন্ধিয়াৰ এই সময়খিনি বজাৰখনৰ মাজেৰে তাই সাধাৰণতে খোজ কাঢ়ি আহিয়েই ভাল পায় । এনেই পাতলীয়া ভিৰ থাকে যদিও আজি হয়তো বৰষুণজাকৰ বাবেই মানুহৰ সমাগম একেবাৰে কম । দুই এজনে হাততে ছাতি এটা লৈ ব্যস্ততাৰে তাইক পিছ পেলাই আগুৱাই গৈছে । দুই এজনে আকৌ বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈকে ফুটপাথটোৰ লগতে থকা দোকানবোৰৰ এচলিয়া চালিখনৰ তলত আশ্ৰয় লৈছে । কোনোবাজনে তাইৰ দৰে তিতি তিতিয়েই খোজ দিছে গন্তব্য স্থানলৈ। চন্দ্ৰমিতাই ইচ্ছা কৰিয়েই তিতি যোৱা সেই ব্যক্তি কেইজনলৈ লক্ষ্য কৰি মনতে ভাবিছে খুব জৰুৰী বাবেই তেওঁলোকে বৰষুণজাককো গুৰুত্ব নিদিয়াকৈ লক্ষ্য স্থানলৈ ঢাপলি মেলিছে নে ,তাইৰ দৰে তেওঁলোকো আচলতে বৰষুণ প্রিয় !

: হেই মিতা ।

পিছফালৰ পৰা অহা পুৰুষ কণ্ঠ এটাত হঠাৎ ঠাইতে ৰৈ দিয়ে চন্দ্ৰমিতা। ইমান চিনাকি এই কণ্ঠস্বৰ ! কোন হ’ব পাৰে বাৰু! এই নামটোৰে তাইক  সাধাৰণতে খুব কম মানুহে মাতে । তাকো এই চহৰখনত তাই চন্দ্ৰা বুলি হে সকলোৰে পৰিচিত। উৎকণ্ঠাত পিছলৈ ঘূৰি চাওঁতেই অসাৱধানতাত ভৰি এখন পদপথত গোট খোৱা বৰষুণৰ পানীখিনিত পৰাত পিচলি পৰাৰে উপক্ৰম হয় তাই । পিন্ধি থকা শ্লীভলেচ কুৰ্তীটোয়ে উদঙ কৰি ৰখা বাউসীত সাজোৰে খামুচি কোনোমতে সেই ব্যক্তিজনে তাইক পৰিবলৈ নিদিয়াকৈ ধৰি লয় । এইবাৰ এক  স্পৰ্শই চন্দ্ৰমিতাক শিহৰিত কৰি তোলে ।

আস ,স্পৰ্শৰো কি যে এক মাদকতা ! কাৰোবাৰ মন মগজুত ক্ৰিয়া কৰাকৈ এইদৰে কিছুমান স্পৰ্শও স্থায়ী হৈ ৰয় নে হৃদয়ৰ গভীৰত ? এই স্পৰ্শৰ তীব্ৰতাক তাই যেন নীৰৱে কঢ়িয়াই লৈ ফুৰিছিল ইমান দিনে ।

ব্যক্তিজনে পিন্ধি থকা চাৰ্টটোতে খামুচি ধৰি মুখখন কিছু ঘূৰাই চন্দ্ৰমিতা ঠিয় হ’বলৈ যত্ন কৰে। ফলত চিনাকি চিনাকি লগা সেই মানুহজনৰ একেবাৰে কাষ চাপি যায় তাই ।

~ পার্ক এভিনিউ !

তেখেতৰ কাপোৰসাজৰ পৰা ভাঁহি অহা সুগন্ধিক চিনাক্ত কৰি স্বগোক্তি কৰি উঠে তাই আৰু তেওঁৰ মুখলৈ লক্ষ্য কৰি পৰম আশ্চৰ্যৰে চিঞৰি উঠে ।

: আৰে.. অনুৰাগ । হোৱাট অ্য প্লীজেন্ট চাৰপ্ৰাইজ ! তুমি ইয়াত? ক’ৰ পৰা ,কেনেকৈ ওলালা? তাকো আফটাৰ লং ফিফটিন ইয়েৰছ ! অহ মাই গড ! এম আই ড্ৰিমিঙ? আৰ ইউ ৰিয়াল্লি হিয়াৰ ৱিথ মি ?

একেলগে কথাখিনি কৈ নিজকে চিকুটি চালে চন্দ্ৰমিতাই । এইয়া তাই এতিয়া অনুৰাগৰ বাহু বন্ধনত ! সঁচাই অনুৰাগ তাইৰ কাষত নে ! নিজকে সংযত কৰি অনুৰাগৰ কাষতে ঠিয় দি ৰয় চন্দ্ৰমিতা ।

: অ’হ ম্যেম , ইমান আচৰিত হ’ব নালাগে । তুমি বাস্তৱতে আছা ।অনুৰাগেই এইমাত্ৰ তোমাক পিচলি পৰাত বাধা দি মূৰটো ফলাৰ পৰা ৰক্ষা কৰিছে। নহ’লে বেলেগ কোনোবা এজনে আজি তোমাক নাৰ্ছিং হ’মলৈ নিব লগা হ’লহেঁতেন ।

অনুৰাগৰ ৰসিকতাত খিলখিলাই হাঁহি উঠে তাই ।

: তুমি একেই আছা অনুৰাগ । সেই একেই কথা কোৱাৰ ষ্টাইল, একেই গলগলীয়া মাতটো ,একেই চেন্স অৱ হিউমাৰ ,এণ্ড লাষ্টলি চেম পাৰ্ফিউম । পাৰ্ক এভিনিউ।

: ইয়েছ মিতা। একেই আছোঁ মই – যেনেকৈ তুমি মোক এসময়ত জানিছিলা । মোৰ চ’ইজবোৰো একেই আছে । ভাললগা আৰু ভালপোৱাবোৰ জানো সলনি হয় কেতিয়াবা ? বাকী তোমাৰ খবৰ কোৱা । হ’ম টাউন এৰি ইয়াত কিয় ? ক’ত থাকা ? কি কৰা ? বিয়া বাৰু ? সংসাৰ? লেট মি ন’ এভৰিথিং।

: ইয়াতে ক’ম নে সকলো ,এই বৰষুণজাকত তিতি তিতি ? ব’লা মোৰ ৰুমলৈ যাওঁ ।

হাতৰ ঘড়ীটোলৈ চাই কিবা এটা চিন্তা কৰি অনুৰাগে চন্দ্ৰমিতাৰ প্ৰস্তাৱ নাকচ কৰে আৰু যদি সম্ভৱ হয় ওচৰৰ কোনোবা এখন ৰেষ্টুৰেণ্টত অলপ সময় বহাৰ কথাই ভাবে । চন্দ্ৰমিতাই অনুৰাগৰ প্ৰস্তাৱক সন্মতি জনাই সন্মুখৰ ৰেষ্টুৰেণ্ট এখনলৈ লৈ যায় তাক আৰু দুকাপ ক’ফিৰ অৰ্ডাৰ কৰি বহি লয় দুয়ো, যোৱা পোন্ধৰটা বছৰে ইজনে সিজনৰ বিষয়ে নজনাকৈ থাকি যোৱা কথাবোৰৰ বিষয়ে আলোচনা কৰিবলৈ ।

সময়ে বহুখিনি সলনি কৰি দিলে চন্দ্ৰমিতাৰ জীৱনটোক । সেয়া এক সুকীয়া অধ্যায়। সেই সময়খিনিক পুনৰ  সুৱঁৰিবলৈ ইচ্ছা নাই তাইৰ । আচলতে জীৱনত পোৱা নোপোৱাবোৰৰ হিচাপ দিয়াৰ যুক্তি নাই বুলিয়েই ভাবে চন্দ্ৰমিতাই । তাই দেখোন এইদৰেই অভ্যস্ত হৈ পৰিছে । এইদৰেই মানি লৈছে কপালৰ লিখনক ।  কিন্তু বৰ্তমানৰ বিষয়ে  সকলোবোৰ বিৱৰী ক’লে তাক।

: আচ্ছা … নাউ ইউ আৰ অ্য ৰেচপ’নচিবল গ’ভৰমেণ্ট ৱৰকাৰ । ইয়াত.. মানে ঘৰৰ পৰা দূৰত, সকলোৰে পৰা আঁতৰি অকলশৰীয়া জীৱন এটা যাপন কৰি আছা । পিছে.. কিহৰ বাবে ?  ইউ আৰ ষ্টীল চিঙ্গ’ল মিতা !

আপোন কৰি ল’বলৈ কাকো নাপালা নে ইমান বছৰে মোৰ বাবেই অপেক্ষা কৰি ৰ’লা ?

জানিবৰ প্ৰৱল ইচ্ছা এটা মনত জাগি উঠিল যদিও অলপ ধেমালিৰ সুৰেৰেই অনুৰাগে চন্দ্ৰমিতাক কথাষাৰ সুধিলে। সি যে সকলোৰে অগোচৰত মনে-প্ৰাণে চন্দ্ৰমিতাক নিজৰ কৰি লোৱাৰ সপোন দেখি আহিছিল! তাইও বাৰু অনুৰাগৰ প্ৰতি কেনেবাকৈ ভালপোৱা অলপ মনতে সাঁচি ৰাখিছে নেকি ! সি বাৰু জানিবলৈ দিব নেকি তাইক ইমান বছৰে তাৰ মনত পুহি ৰখা অব্যক্ত অনুভূতিবোৰক, যি বোৰ অদ্যপি জনোৱা নহ’ল । অভেদ্য সাঁথৰৰ দৰে হৈ পৰা প্ৰশ্ন কিছুমান মনতে লৈ চন্দ্ৰমিতাৰ উত্তৰলৈ আগ্ৰহেৰে বাট চাই ৰ’ল অনুৰাগ।

: নাজানো অনুৰাগ ঈশ্বৰে কপালত কি লিখি পঠালে । সংসাৰৰ সুখ মোৰ ভাগ্যত নাই । বিবাহ উপযুক্ত বয়সতে বহুতো ল’ৰাই মোক চাবলৈ ঘৰলৈ আহিছিল । মোক দেখিয়েই পচন্দ কৰা ল’ৰাবোৰ কিন্তু দুনাই মোক বিয়া পাতিবলৈ আগবাঢ়ি নাহিল । এসময়ত হতাশাই বেঢ়ি ধৰিছিল মোক। আইনাখনৰ সন্মুখত থিয় দি নিজকে ফঁহিয়াই চাইছিলো । কোনোবাই আপোন কৰি ল’ব পৰাকৈ মোৰ এনে কি নাই যে সকলোৱে মোক নাকচ কৰি গুচি যায় । বাৰে বাৰে একেখন নাটকৰে পুনৰাবৃত্তি হোৱাত মোৰ মা-দেউতাও চিন্তাত পৰিছিল। মোৰ বয়সো ৰৈ থকা নাছিল । আই গট ডিপ্ৰেচড । এটা সময়ত মই আনকি চুইচাইড কৰি জীৱনটো শেষ কৰি দিবলৈও ওলাইছিলো অনুৰাগ । বিশ্বাস কৰিবা ?

আচলতে মোৰ বাবে মই চিন্তা কৰা নাছিলোঁ ।এগৰাকী এস্তাবলিচড লেডী হিচাপে আই ৱাজ চাফিচিয়েন্ট ফৰ মাইচেল্ফ । কিন্ত মা-দেউতাৰ হতাশাগ্ৰস্ত মুখকেইখনে বৰকৈ আমনি কৰিছিল মোক । একমাত্ৰ জীয়েকক এঘৰলৈ গতাব নোৱাৰাতো তেওঁলোকৰ সন্তাপৰ কাৰণ হৈ পৰিছিল । ক’ৰবাত যেন লুপ্ত হৈ পৰিছিল মোৰ জীৱনৰ ৰঙবোৰ । লাহে লাহে মোৰ হাঁহি স্ফূৰ্তিৰে ভৰি থকা ঘৰখনত মৰিশালীৰ নীৰৱতাই বিৰাজ কৰিছিল ।

অৱশেষত ভাইটিয়ে বিয়া পতাৰ পিছতে ট্ৰান্সফাৰ লৈ মই ইচ্ছা কৰিয়েই গুচি আহিছিলোঁ এই চহৰখনলৈ আৰু যোৱা এঘাৰ বছৰ ধৰি এই চহৰখনেই মোৰ ঠিকনা । মাজে মাজে যাওঁ ঘৰলৈ, মা – দেউতাক চাবলৈ । দুয়ো বৰ্তমান মৃত্যুলৈ অপেক্ষা কৰি জীয়াই আছে । স্মৃতিলোপ পাইছে দুয়োৰে । কেতিয়াবা মোকেই চিনি নাপায় জানা । কোনোবা আলহী আহিছে বুলি ভাই বোৱাৰীজনীক চাহ পানীৰ যোগান ধৰিবলৈ কয় । মই সঁচাই নিজৰ ঘৰখনতে আলহী হৈ পৰিলোঁ অনুৰাগ ।

চাবলৈ গ’লে অবিবাহিতা হৈ ৰোৱা বহুতো নাৰী স্বাৱলম্বী হৈ স্বাধীন জীৱন একোটাত সুখী হ’ব পাৰিছে । নোহোৱাৰ যুক্তিও নাই । মই ভাবোঁ  বিবাহ নিত্যান্ত প্ৰয়োজনীয় বিষয় এটা কেতিয়াও হ’ব নোৱাৰে । পিছে পিতৃ-মাতৃ এহালক তেওঁলোকে জন্ম দিয়া সন্তান একোটাৰ সুখৰ ঘৰখন চোৱাৰ সৌভাগ্যৰ পৰা কিদৰে বঞ্চিত কৰিব পাৰি কোৱা? সেই সুখৰ পৰা মোৰ মা-দেউতাক বঞ্চিত কৰিছোঁ মই । মোৰ বুকুখন গভীৰ অপৰাধবোধত দগ্ধ হৈ পৰে অনুৰাগ । নিজৰ ওপৰতে ধিক্কাৰ জন্মে । কি যে কপাল এখন লৈ আহিলোঁ !

অজানিতে চকুৰ কোণ দুটা তিতি আহিল চন্দ্ৰমিতাৰ । কেতিয়াবা আৱেগক বাধা দিয়াৰ প্ৰচেষ্টা বহু যত্নইও বিফল কৰি পেলাই । একো নজনাও বুলি মনতে সিদ্ধান্ত লোৱা চন্দ্ৰমিতাই অজানিতে এখন এখনকৈ খুলি গ’ল জীৱন ডায়েৰীৰ পৃষ্ঠাবোৰ । অনুৰাগে মাথোঁ একান্ত মনেৰে শুনি গ’ল তাইৰ অতীত আৰু বৰ্তমানৰ অকথিত কাহিনীবোৰ । তাইৰ চকুপানীয়ে অসহায় কৰি তুলিলে তাক । সান্তনা জনোৱাৰ ভাষা হেৰাই গৈছিল যদিও তাইক আশ্বস্ত কৰাৰ মানসেৰে খামুচি ধৰিছিল অনুৰাগে তাইৰ হাতখন ।

: আস..  ইমান চেঁচা ! তোমাৰ ঠাণ্ডা লাগিছে অনুৰাগ ?

এক হিমশীতল অনুভৱে কঁপাই তুলিলে চন্দ্ৰমিতাক ।

জোখতকৈ অলপ ডাঙৰ কৈয়েই কথাকেইটা কোৱাত ৰেষ্টুৰেণ্টখনত বহি থকা প্ৰায়বোৰ মানুহেই কৌতূহলৰে সেই ফালে ঘূৰি চালে । হয়তো নীৰৱ পৰিবেশ এটাত চন্দ্ৰমিতাই উচ্চস্বৰে কথা কোৱাৰ কাৰণ কি জানিবলৈ বিচাৰিলে তেওঁলোকে । মানুহবোৰৰ প্ৰশ্নবোধক চাৱনিত অলপ ইতঃস্তত বোধ কৰিলে দুয়ো । তেতিয়াহে মন কৰিলে চন্দ্ৰমিতাই অনুৰাগৰ ক’ফি কাপ তেনেই ঠাণ্ডা হ’ল । একে সময়তে নিজকে দোষী যেনো অনুভব হ’ল  তাইৰ । নিজৰ জীৱন বৃত্তান্তৰ বৰ্ণনা দি বিৰক্ত কৰি তোলা নাইতো তাক !

ৱেটাৰজনক মাতি আৰু একাপ ক’ফিৰ অৰ্ডাৰ দিবলৈ ধৰোঁতেই হাত ঘড়ীটোলৈ চাই বাধা দিলে অনুৰাগে ।

: নালাগে মিতা । মোৰ গাড়ীৰ টাইম হৈ গৈছে । আই হেভ টু ৰাচ্ছ ।

: ইমান জলদি ! তোমাৰ বিষয়ে দেখোন জানিবলৈ থাকিলেই অনুৰাগ । মই কেৱল নিজৰবোৰকে কৈ থাকিলো । সুদীৰ্ঘ পোন্ধৰ বছৰৰ মূৰত লগ পাইছোঁ তোমাক । প্লিজ থাকি যোৱা আজি । ইমান দিনৰ মূৰত কোনোবা আপোনজনক কাষত পোৱা যেন লাগিছে জানা । দুখৰ দিনবোৰত মই সদায়েই তোমাক মনত পেলাইছিলোঁ । তুমি এইদৰে নাপাত্তা হৈ গৈছিলা যে , কোনেও মোক তোমাৰ সঠিক খবৰ জনাব পৰা নাছিল । মোৰ ভাল বন্ধু এজন সাঁথৰৰ দৰেই হেৰাই গৈছিল মোৰ জীৱনৰ পৰা । ক’লৈ গুচি গৈছিলা তুমি অনুৰাগ?

ক’ত আছিলা ইমান দিনে ?

: জনাম । সকলো জনাম তোমাক । পিছে নেক্সত টাইম । প্লিজ ,আজি যাবলৈ দিয়া । মই  অফিচিয়েল দায়িত্ব এটাতহে আহিছিলোঁ । আৰ্লি মৰ্নিং ব’চক ইমপৰটেণ্ট ফাইল এটা দিবগৈ লাগিব । কথা দিলোঁ মই আকৌ আহিম তোমাৰ ওচৰলৈ । নোকোৱা কথাবোৰ ক’বই লাগিব । তুমি জনাটো জৰুৰী । অনুৰাগৰ মনটোক তুমি কোনোদিন পঢ়ি চাবলৈ নিবিচাৰিলা । গতিকে অনুৰাগৰ হৃদয়ৰ অনুভূতিবোৰো অব্যক্ত হৈয়েই থাকি গ’ল ।

চন্দ্ৰমিতাৰ চকুত চকু থৈ অনুৰাগে স্পষ্ট ভাবে কৈ যোৱা কথাবোৰ বুজিবলৈ দেখোন অসুবিধা হ’ল তাইৰ । কি অনুভূতিৰ কথা কৈছে অনুৰাগে ? তাইক জনোৱা জৰুৰী বুলিও ক’লে যে সি । চন্দ্ৰমিতাৰ কৌতুহল বুজিব পাৰি পুনৰ কৈ উঠিল অনুৰাগে..

: টু দ্য পইণ্ট আনস্বাৰ কৰো যদি, কওঁ শুনা। তোমাক সেই কলেজৰ দিনৰ পৰাই ভাল পাই আহিছোঁ মই মিতা।কিন্তু মোৰ লাজকুৰীয়া স্বভাৱটোৰ বাবেই  তোমাক একোৱেই জনাব নোৱাৰিলো। তোমাৰ বিয়া ঠিক হোৱা বুলি যিদিনা শুনিছিলোঁ,  নিজৰ ওপৰতে খং উঠাই কান্দি-কান্দি উজাগৰী নিশা পাৰ কৰিছিলোঁ । সেইদিনাই তোমাৰ কাষৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈ তোমাক এৰি ,তোমাৰ চহৰখন এৰি মোৰ ঘৰৰ মানুহৰ অজ্ঞাতে কৰ’বালৈ বুলি ওলাই গুচি আহিলোঁ । সময়ৰ পাকচক্ৰই আজি পুনৰ তোমাৰ কাষ চপাই আনিলে মোক । মই এতিয়াহে জানিছো – ইউ আৰ ষ্টীল আনমেৰিড । মই আকৌ আহিম মিতা । কথা দিলোঁ তোমাক । হয়তো তুমি মোৰেই। সেইবাবে মই তোমালৈ বাট চাই ৰোৱাৰ দৰে নেদেখাজনেও তোমাক মোৰ অপেক্ষাতে অকলশৰীয়া কৰি ৰাখিছে । এইবাৰ তোমাক একেবাৰে নিজৰ কৰি ল’বলৈ আহিম । তুমি অনুমতি নিদিলেও মই তোমাক নিজৰ কৰিহে এৰিম । বাই..  চি ইউ চুন। জাষ্ট ৱেইট ফ’ৰ মি। আই ৱিল কাম বেক মিতা । আই ৱিল কাম বেক ।

কথাকেইটা কৈ এক্ষন্তেকো তাত ন’ৰৈ হুৰমুৰাই উঠি গ’ল অনুৰাগ চন্দ্ৰমিতাৰ কাষৰ পৰা । তাই মাথোঁ সি যোৱালৈ চাই প্ৰস্তৰ মূৰ্তিৰ দৰে ঠাইতে বহি ৰ’ল ।

অনুৰাগে কি কৈ গ’ল এইবোৰ?  সি তাইক ইমান বছৰে গোপনে ভাল পাই আহিছে !  কিয় এবাৰলৈও জানিব নিদিলে তাইক তাৰ মনৰ কথাবোৰ ? তায়ো কিজানি অনুৰাগক সেই দৃষ্টিৰে  চালে হয় !

________________________________________________

                                    (২)

ভাৰাক্ৰান্ত মন এটাৰে ৰেষ্টুৰেণ্টৰ পৰা লাহে-লাহে ওলাই আহিল চন্দ্ৰমিতা আৰু অনুৰাগক কেনেবাকৈ দেখে নেকি দৃষ্টিয়ে পৰিধি চুমিব পৰালৈকে বিচাৰি চলাথ কৰিলে। নাই.. অনুৰাগ তাইৰ আশে-পাশে নাই । আকৌ সাঁথৰৰ দৰে হেৰাই যাব নেকি বাৰু সি ?

ৰুমলৈ গৈ ভিজা কাপোৰ সাজেৰেই বিচনাত লাঙ খাই পৰিল তাই । ইমান কম সময়ৰ বাবে লগ হ’ল যদিও অনুৰাগৰ সান্নিধ্যত  ইমান ডাঙৰ সত্য এটাৰ সন্মূখীন হ’ল আজি তাই ।  ইমান বছৰৰ মূৰত এই বৰ্ষনমুখৰ সন্ধিয়াটোত অনুৰাগক কিয় লগ পালে বাৰু । এইয়া ঈশ্বৰৰ কিবা সংকেত নেকি ? অনুৰাগৰ তাইৰ প্ৰতি থকা সঁচা ভালপোৱাই তাই এতিয়াও অবিবাহিতা হৈ ৰোৱাৰ কাৰণ নেকি বাৰু! মানুহে বোলে অন্তৰেৰে কিবা এটা বিচাৰিলে ঈশ্বৰেও সেই ইচ্ছা পুৰন কৰাত সহায় কৰে । অনুৰাগৰ ইচ্ছাকো ঈশ্বৰে সঁচা হোৱাৰ আশীৰ্বাদ দি থৈছে নেকি ?

হাজাৰটা প্ৰশ্ন ,এশ এবুৰি চিন্তা চন্দ্ৰমিতাৰ মনত । জনাব নেকি ভায়েকক তাই কথাখিনি,  নে পুনৰ অনুৰাগ তাইৰ কাষলৈ উভটি অহালৈ বাট চাব !

চিন্তাৰ আঁত হেৰুৱাইছে তাই । বুজিবলৈ দিগদাৰ হৈছে কি কৰা উচিত। বাহিৰত তেতিয়া ধাৰাসাৰ বৰষুণ। বৰষুণৰ শব্দবোৰে চন্দ্ৰমিতাৰ বুকুৰ ভিতৰৰ মৌন কোলাহলবোৰাকো যেন তীব্ৰতৰ কৰি তুলিছে । বাথৰুমৰ বাকেটটোত পানীৰ টেপতো খুলি দি প্ৰকাণ্ড লুকিঙ মিৰ’ৰখনত নিজৰ বস্ত্ৰহীন শৰীৰটো ভালদৰে চালে তাই । পঞ্চলিশৰ দেওনা পাৰ কৰিলে যদিও ক্ষীণাংগী দেহাৱয়বেৰে ,সুন্দৰ চকু মুখেৰে চন্দ্ৰমিতা এতিয়াও ধুনীয়াজনীয়েই হৈ আছে । বয়সৰ চাপে ম্লান কৰিব পৰা নাই তাইৰ সুন্দৰতাক ।

জীৱনটোক আকৌ এবাৰ নতুনকৈ ভাবি চাবলৈ প্ৰবল ইচ্ছা জাগিল চন্দ্ৰমিতাৰ মনত ।

                          +++++++++++

অনুৰাগ ।

কলেজৰ দিনৰে লগৰী তাইৰ । অনুৰাগৰ মুখখন, তাৰ মিচিকিয়া হাঁহিটো চন্দ্ৰমিতাৰ চকুৰ আগত স্পষ্ট হৈ পৰিল। তাৰ শৰীৰত পার্ক এভিনিউৰ সুবাস ,তাৰ সেই স্পৰ্শ ! সকলো যেন একেই আছে ! মাত্ৰ অনুৰাগ আজি মনৰ কথা খুলি ক’ব পৰাকৈ দুৰ্বাৰ সাহসী। তাইক আপোন কৰি ল’ব পৰাকৈ এজন দুৰন্ত প্ৰেমিক । স্বতঃস্ফুট ভাবে হাঁহি এটা বিয়পি পৰিল চন্দ্ৰমিতাৰ ওঁঠৰ কোণত । অনুৰাগক ওচৰত পাবলৈ বৰ মন গ’ল দেখোন । নাইট গাউনটোৰে নিজকে মেৰিয়াই ঈষৎ সেউজীয়া ৰঙৰ ডিম লাইটতো অন কৰি শুবলৈ যত্ন কৰিলে তাই । পিছে খেলিমেলি মনটোত আজি ভাবৰ বুৰবুৰনি ।

বহু সময় চিন্তাৰ ঢৌবোৰে খুন্দিয়াই যোৱাৰ পিছত, চিলমিলকৈ  টোপনি আহিছিল হে , হঠাৎ দুৱাৰত কোনোবাই টুকুৰিওৱাৰ শব্দ কৰ্ণগোচৰ হোৱাত একে জাপে বিচনাতে বহি পৰিল তাই ।

~ টক… টক.. টক…

~ টক … টক ….

ক্ষন্তেক বিৰতিৰ অন্তৰে অন্তৰে  দুৱাৰত হোৱা শব্দটোত চন্দ্ৰমিতাৰ ভয় লাগিবলৈ ধৰিলে । ইমান ৰাতি !  বাহিৰত ইমান জাক প্ৰচণ্ড বৰষুণত কোন হ’ব পাৰে বাৰু আগন্তুক ? ম’বাইলত চাই সময় কিমান হৈছে অনুমান কৰিবলৈ যত্ন কৰিলে তাই । খপজপতে হাতৰ পৰা ম’বাইল ফোনটোও চিটিকি মজিয়াত পৰিল । ইফালে দুৱাৰত হোৱা মৃদু টুকৰবোৰ লাহে লাহে ধকিওৱাৰ দৰে শুনা গ’ল । যেন জোৰেৰে প্ৰহাৰ কৰি প্ৰৱেশ পথৰ মুখ্য দুৱাৰখন কোনোবাই ভাঙিবলৈহে যত্ন কৰিছে ! ভয়তে তাইৰ অণ্ঠ – কন্ঠ শুকাই যোৱাৰ উপক্ৰম হ’ল । কোন, কি বা মতলবত আহিছে ভাবিবলৈও ভয় লাগিল সেই সময়ত । আন্ধাৰতে অতি সন্তৰ্পনে বিচনাৰ পৰা নামি আহিল চন্দ্ৰমিতা । খুপি-খুপি দুৱাৰখনৰ সন্মুখত ৰৈ দুৱাৰখনতে কানখন লগাই শব্দটো কিহৰ অনুমান কৰিবলৈ চেষ্টা কৰিলে । কানতে হোৱা শব্দটোত এইবাৰ উচপ খাই উঠিল মানুহজনী । উশাহবোৰ ঘন হ’বলৈ ধৰিলে।

বাহিৰত তেতিয়াও বিজুলী ঢেৰেকনিৰ নাচোন, কলহৰ মুখে পানী ঢলাৰ দৰে ডাঙৰ বৰষুণজাক। অন্তৰাত্মা কঁপি উঠাকৈ জয়াল হৈ পৰা পৰিবেশটোত চন্দ্ৰমিতাই ঈশ্বৰকে খাটি মনত অলপ সাহস গোটাই যেনেতেনে গ্লাছৰ খিৰীকিখনৰ পৰ্দাখন সামান্য ডাঙি বাহিৰলৈ ভুমুকি মাৰি চাবলৈ যত্ন কৰিলে । বিজুলীৰ পোহৰত ছায়ামূৰ্তিটো দেখোন অনুৰাগৰ যেন লাগিল। মনৰ ভ্ৰম নে সঁচাই সন্মুখত সেইয়া অনুৰাগ , ঠাৱৰ কৰিবলৈকে বাৰে-বাৰে খিৰিকীৰে ভুমুকি মাৰি এপাকত তাই নিশ্চিন্ত হ’ল ।

হয় ,বাহিৰত সেইয়া অনুৰাগ।তিতি-বুৰি জুৰুলি-জুপুৰি হৈ দুৱাৰমুখত ৰৈ আছে সি । আগ-পিচ নাভাবি ৰুমৰ লাইটতো জ্বলাই বন্ধ দুৱাৰখন সাজোৰে খুলি দিলে চন্দ্ৰমিতাই আৰু একেকোবে অনুৰাগৰ বুকুতে সোমাই উচুপি উঠিল ।

: মই বহুত ভয় খালো অনুৰাগ । ইমান ৰাতি তুমি ইয়াত ?

: গাড়ী মিছ কৰিলো মিতা । বহুত বিচাৰিও কোনো হোটেলত ৰাতিটো কটাব পৰাকৈ সুবিধা কৰিব নোৱাৰি ইয়ালৈকে গুচি আহিলো ।

: কিন্তু মোৰ ঘৰৰ ঠিকনা ? তোমাকতো জনোৱাই নাছিলোঁ একো !

আচৰিত হৈ অনুৰাগক প্ৰশ্ন কৰিলে তাই ।

: সকলো জনাম । ভিতৰলৈ নামাতা ? অথনিৰে পৰা কঁপি-কঁপি ৰৈ আছোঁ।

অনুৰাগৰ কথা শুনি সম্ভিৎ ঘূৰাই পোৱা মানুহৰ দৰে ব্যস্ত হৈ পৰিল তাই ।

: ইস… চোৱাচোন মোক । মনেই কৰা নাই তোমাৰ অৱস্থাটো । আহা ,আহা..  ভিতৰলৈ সোমাই আহা ।

দুৱাৰমুখৰ পৰা আঁতৰি অনুৰাগ ভিতৰ সোমাব পৰাকৈ বাটতো এৰি দিলে চন্দ্ৰমিতাই আৰু তাৰ পাছে-পাছে নিজেয়ো  ভিতৰলৈ সোমাই দুৱাৰখন বন্ধ কৰি দিলে ।

এচাটি হিম চেঁচা বতাহেও যেন দুয়োৰে লগতে সেই সৰু কোঠাটোলৈ প্ৰৱেশ কৰিলে !

                            ++++++++++

পিছদিনা বনজুইৰ দৰে বিয়পি পৰিল খবৰটো। চহৰৰ মাজ মজিয়াত নিজৰেই দুকোঠালীৰ ঘৰটোত চন্দ্ৰমিতা বৰুৱাৰ নিথৰ দেহটো তলমুৰকৈ পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে । মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা এতিয়াও সন্দেহৰ আৱৰ্তত । মৃতদেহৰ মুখৰ পৰা ফেন বাহিৰ হোৱা পৰিলক্ষিত হৈছে যদিও শৰীৰত কোনো ধৰণৰ আঘাট স্পষ্ট হোৱা নাই । তদন্তাধীন পুলিচ বিষয়াজনে চন্দ্ৰমিতাৰ হাতৰ পৰা উদ্ধাৰ কৰা এখন চিঠিৰ আলম লৈ অতি সোনকালে ঘটনাৰ সবিশেষ বিতংভাৱে জনাব বুলি সকলো আশাবাদী ।

পোন্ধৰ বছৰৰ পুৰণি সেই চিঠিখনৰ ভাঁজে ভাঁজে দুই এটা ফুটা ওলাইছিল । সময়ৰ আঁচোৰত বিবৰ্ন হৈ পৰা আখৰকেইটা পুলিচ বিষয়াজনে একে উশাহে পঢ়ি পেলাইছিল ।

              ~ মই চিৰদিনৰ বাবে যাবলৈ ওলালো মিতা । তুমি আনৰ হোৱা কিদৰে চাওঁ মই !  তোমাক নিজৰ কৰিম বুলি জনাবলৈও সাহস গোটাব নোৱাৰিলো কোনোদিন । মোৰ জীয়াই থকাৰ অৰ্থই নাই । মোৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় । তোমাক মই বহুত ভাল পাওঁ মিতা । বহুত বেছি ভালপাওঁ। আৰু সদায়েই ভাল পাই থাকিম । এদিন তুমি মোৰ হ’বা । মই অপেক্ষা কৰিম তোমালৈ ।

                                                    তোমাৰ অনুৰাগ

_______________________________________________

                                    (৩)

টেলিভিচন পৰ্দাত প্ৰায় সকলোকেইটা অসমীয়া নিউজ চেনেলৰ আজি পুৱাৰ বিগ ব্ৰেকিং নিউজ..

 ~ চহৰৰ মাজ মজিয়াত অৱস্থিত দুকোঠালিৰ এটি ঘৰত এগৰাকী চল্লিশোৰ্ধৰ মহিলাৰ মৃতদেহ উদ্ধাৰ। মহিলাগৰাকীৰ নাম চন্দ্ৰমিতা চলিহা বুলি জানিব পৰা গৈছে । বহুবছৰ ধৰি উক্ত ঘৰটোত অকলশৰে বাস কৰি অহা মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও মহিলা গৰাকীয়ে আত্মহত্যা কৰিছে বুলিয়েই অনুমান কৰা হৈছে ।

এই মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটন হ’ব নে? চন্দ্ৰমিতা চলিহাই প্ৰকৃততে আত্মহত্যা কৰিছে নে ই এক পৰিকল্পিত হত্যাকাণ্ড ?

কোঠাৰ দুৱাৰ খিৰিকীবোৰ ভিতৰৰ পৰা বন্ধ থকা অৱস্থাত সেই প্ৰচণ্ড বৰষুণৰ ৰাতিটোত নিজৰ কোঠাৰ ভিতৰতে যি দৰে চন্দ্ৰমিতাৰ প্ৰাণহীন শৰীৰটোক উদ্ধাৰ কৰা হৈছে ,যি কোনো মানুহে একে আষাৰে ইয়াক আত্মহত্যা বুলিয়েই আখ্যা দিব। পিছে চন্দ্ৰমিতাৰ হাতৰ মুঠিত বন্দী হৈ ৰোৱা পোন্ধৰ’ বছৰৰ আগৰ সেই চিঠিখনে কি সুচাইছে ? কেনেকৈ আহিল সেইখন তেওঁৰ হাতলৈ ? সময়ৰ আঁচোৰত বিবৰ্ন হৈ পৰা চিঠিখন আগনিশাৰ বৰষুণত অলপ ভিজি থকা যেনো অনুমান হ’ল তদন্তাধীন পুলিচ বিষয়া মি: ইমদাদুল হুছেইনৰ ।

বিপাঙত পৰিল মি: হুছেইন । কি কৰা যায় ! এগৰাকী অকলশৰীয়া মহিলা যাৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ বিষয়ে কি দৰে জনা যাব এতিয়া ?

ইতিমধ্যে কেইবাজনো ফটো সাংবাদিকৰ লগতে নিউজ ৰিপৰ্টাৰ আহি চন্দ্ৰমিতাৰ ঘৰত ভিৰ কৰিছেহি । গেটৰ ভিতৰে-বাহিৰে ওচৰ চুবুৰীয়া পুৰুষ মহিলাসকলে নিজৰ ভিতৰতে গুনা-গঁথা কৰি ঘটনাটোক নিজেই কল্পনাৰে সজাই-পৰাই সত্য প্ৰতিপন্ন কৰাত উঠি পৰি লাগিছে । মানুহবোৰক ভিতৰলৈ সোমোৱাৰ পাৰ্মিচন দিয়া হোৱা নাই । গতিকে বহুতে দুৱাৰ বা খিৰিকীৰ ফাঁকেৰে মৃতদেহটো কেনেবাকৈ দেখা পাই নেকি জুপি-জুপি চাবলৈও যত্ন কৰিছে ।

 চিঠিখন হাততে লৈ চন্দ্ৰমিতাৰ নিথৰ শৰীৰটোলৈ একেথৰে চাই ৰোৱা মি: হুছেইন সন্মুখৰ চ’ফাখনৰ পৰা ঘপহকৈ উঠি ঘৰটোৰ আনটো কোঠালৈ সোমাই যায় । সুসজ্জিত ৰূমটোত ইফালে-সিফালে চাই আপত্তিজনক বা সন্দেহজনক একো নেদেখি পুনৰ ঘটনাটো সংঘটিত হোৱা উক্ত কোঠাটোলৈ উলটি আহে তেওঁ । এইবাৰ তেওঁ চন্দ্ৰমিতাৰ নিথৰ শৰীৰটো লুটিয়াই-বগৰাই নিৰীক্ষণ কৰে । নাই… মাত্ৰ মুখৰ পৰা বাহিৰ হোৱা ফেনখিনিৰ বাদে ক’তো একো আঘাতৰ চিন প্ৰকট হোৱা নাই। বৰ্তমান সেইখিনিও শুকাই ক’ৰাল বান্ধিছে । কিবা এটা মনত পৰাৰ দৰে হঠাৎ হুছেইনে হাবিলদাৰ কমল নাথক চিঞৰি মাত দিয়ে । ক’ৰবাত কিবা ক্লু’ বিচাৰি পাই নেকি, ইফাল-সিফাল কৰি চাই ফুৰা নাথ লৱৰি হুছেইনৰ ওচৰত হাজিৰ হয়।

:  নাথ, লাচটো প্ৰথমে যিজনে দেখিছিল সেই হ’কাৰজনক এইমাত্ৰই ইয়ালৈ লৈ আহক । তেওঁ নিশ্চয় বাহিৰতে আছে । মানুহগৰাকীয়ে ব্যৱহাৰ কৰা ম’বাইল ফোনটো বা কিবা আইডেন্তিটি প্ৰুফ জাতীয় নথি-পত্ৰ বিচাৰি পাইছে নেকি ?  যদি পাইছে সেইবোৰও মোৰ ওচৰলৈ লৈ আহক ।

: হয় চাৰ,  মই মাতি দিছো ল’ৰা জনক ।

 চাৰ’ , ম’বাইল ফোনটো ভিতৰৰ বিচনাখনৰ তলত পৰি থকা অৱস্থাত পোৱা গৈছে । ফোনটোত পাছৱৰ্ড দিয়া আছে । সেইটো ইতিমধ্যে আনল’ক কৰাৰো ব্যৱস্থা কৰা হৈছে । আৰু তেওঁৰ হেণ্ডবেগত যাৱতীয় সকলো কাগজ-পত্ৰই মজুত আছে । মানুহগৰাকী চাকৰি সূত্ৰেহে ইয়াত আছে যেন অনুমান হৈছে চাৰ । তেওঁৰ আচল ঘৰ ইয়াত নহয় কিন্তু ।

হাবিলদাৰ নাথে উত্তৰ দিয়ে।

: উমম… । বস্তুখিনি লৈ আহক । লগতে তেখেতৰ ফোনৰ লাষ্ট এমাহ মানৰ ক’ল আৰু মেছেজ ডিটেইলো  উলিওৱাৰ ব্যৱস্থা কৰক ।

( ক্ষন্তেক কিবা এটা চিন্তা কৰাৰ দৰে চকু দুটা বন্ধ কৰি সেইদৰে থাকিয়েই হুছেইনে নাথক হ’কাৰজনক  মাতা বুলি পুনৰ সোঁৱৰাই দিয়ে । )

ভয়ে-ভয়ে হ’কাৰজন ৰূমটোলৈ সোমাই আহে।

: চাৰ , মাতিছিল মোক ।

:  কি নাম তোমাৰ ?

: নৃপেন , নৃপেন বৰা ।

: আচ্ছা নৃপেন ,কোৱাচোন  ৰাতিপুৱা কেনেকৈ ঘটনাটোৰ বিষয়ে গম পালা তুমি ?

: মই পেপাৰ দিবলৈ আহিছিলোঁ । তেতিয়া চাৰে ছটা মান বাজিছিল । সদায় পেপাৰখন গেটৰ মুখৰ পৰা বাৰাণ্ডালৈ দলিয়াই থৈ যাওঁ । কিন্তু আজি এই মাহৰ বিলৰ পইচাকেইটা লৈ যাওঁ বুলি মই গেট খুলি সোমাই আহিলোঁ। কলিং বেলটো কেইবাবাৰো বজালোঁ । ভিতৰৰ পৰা কোনো সঁহাৰি নাহিল ।  আগতেও মই এইদৰেই বিল নিও । বাইদেউ এটা বেলতে উঠি আহে । আজি কিনো হ’ল ভাবি থাকোঁতেই হঠাৎ এই খিৰিকীখনৰ  পৰ্দাখন অলপ ডাঙ খাই থকা চকুত পৰে । মই এনেয়ে সেইফালে জুমি চাওঁতে মজিয়াত পৰি থকা বাইদেউৰ ভৰি দুখন দেখা পাওঁ । মই ভবাই নাছিলো চাৰ,  বাইদেউ যে জীয়াই থকা নাই । আগদিনা পেপাৰ দিবলৈ আহোঁতে বাইদেউয়ে গেটৰ মুখত ঝাড়ু মাৰি আছিল । হাঁহি মুখেৰে মোৰ খবৰো লৈছিল । মই মজিয়াত বাইদেউ মূৰ ঘূৰাই পৰি আছে বুলি কাষৰ হাজৰিকা দা আৰু কলিতা দাক চিঞৰি চিঞৰি মাতিবলৈ ধৰোঁ । মোৰ চিঞৰ শুনি দুয়ো ওলাই আহে । আমি তিনিও দুৱাৰখন খুলিবলৈ বহুত যত্ন কৰো । আচলতে অকলশৰীয়া মানুহগৰাকীক সেইদৰে এৰি থৈ যাবলৈ আমাক মনটোৱে বাধা দিলে ।

লাহে-লাহে প্ৰাত:ভ্রমনৰ বাবে ওলাই অহা দুই এজন লোক এইখিনি পায়হি । মই দুৱাৰখন ভাঙিবলৈ উদ্যত হৈছিলোঁয়েই , কিন্তু সকলোৰে আলোচনা মৰ্মে পুলিচক খবৰ দিয়াৰে সিদ্ধান্ত লোৱা হয় । আচলতে কি অৱস্থাত বাইদেউ সেইদৰে পৰি আছিল মাত্ৰ ভৰি দুখন চাই আনুমান কৰিব পৰা নাছিলো আমি । বৰ বেয়া লাগিল চাৰ । ইমান বছৰে বাইদেউক দেখি আহিছো । বাইদেউৰ দৰে অমায়িক হাঁহিমুখীয়া মানুহ এগৰাকীয়ে যে আত্মহত্যা কৰিব ভাবিবই পৰা নাই চাৰ ।

 নৃপেনৰ কথাখিনি একান্ত মনে শুনি তাক যাবলৈ কৈ এইবাৰ হুছেইনে নৃপেনৰ লগতে ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী চন্দ্ৰমিতাৰ প্ৰতিবেশী হাজৰিকা আৰু কলিতাৰ সাক্ষ্য গ্ৰহণ কৰে । দুয়ো নৃপেনে কোৱাৰ দৰে একেখিনি কথাকে হুছেইনক জানিবলৈ দিয়ে । তাৰ মাজতে কলিতাই আগদিনা সন্ধিয়া চন্দ্ৰমিতাক চিন্তাক্লিষ্ট ৰূপত সদায় অফিচৰ পৰা ঘূৰি অহাৰ সময়টোতকৈ অলপ পলমকৈ ঘৰৰ মুখতে লগ পোৱাৰ কথাও সদৰি কৰে । নিজৰ মাজতে কিবা চিন্তা কৰি থকা যেন অনুমান হোৱা চন্দ্ৰমিতাই কেইবাবাৰো মাত দিয়াৰ অন্ততহে প্ৰতি সঁহাৰি জনোৱাৰ কথাও উল্লেখ কৰে ।

তাৰ বাদে ওচৰ চুবুৰীয়াসকলে সন্দেহজনক কোনো ঘটনাৰ উমান পোৱাৰ বিষয়ে নুই কৰাত আৰু সেই নিশা কোনো ধৰণৰ চিঞৰ-বাখৰো চন্দ্ৰমিতাৰ ঘৰৰ পৰা শুনা নোপোৱাৰ বিষয়ে জনোৱাত, মি: হুছেইন সেই স্থানৰ পৰা থানালৈ যাবলৈ বুলি সাজু হয় ।

তেনেকুৱাতে হাবিলদাৰ নাথে চন্দ্ৰমিতাৰ ম’বাইল ফোনৰ এমাহৰ ক’ল আৰু মেছেজ ডিটেইলছৰ প্ৰিন্ট আউট এটা হুছেইনৰ হাতত গুজি দিয়ে ।

ইতিমধ্যে চন্দ্ৰমিতাৰ নিথৰ দেহটো প’ষ্ট মৰ্টেমৰ বাবে হস্পিটেললৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল আৰু হুছেইনৰ আদেশত দুৰ্ঘটনা সংঘটিত হোৱা ঘৰটোৰ লগতে গেট খনতো  তলা লগাই কেচটোৰ তদন্তত থকা দলটো থানালৈ বুলি ৰাওনা হয় ।

_______________________________________________

                                  (৪)

চন্দ্ৰমিতাৰ ক’ল ডিটেইলছ চেক কৰি তিনিটা নম্বৰৰ লগত তেওঁ ফ্ৰিকুৱেণ্ট কনটেক্টত থকা দেখা গ’ল । এটা নম্বৰ চন্দ্ৰমিতাৰ ভায়েক সুৰজিত চলিহাৰ , এটা তেওঁৰ ক’লীগ বন্দনা বৰুৱাৰ আৰু এটা নম্বৰ চেক কৰি গম পোৱা গ’ল সমৰ নামৰ ডেলিভাৰী বয় এজনৰ । ক’ল লিষ্টখনত অনুৰাগ নামৰ কাৰো নম্বৰ চেভ নথকাত অলপ আচৰিতেই হ’ল মি: ইমদাদুল হুছেইন । কাৰণ চন্দ্ৰমিতাৰ মৃত্যুৰ লগত কেনেবাকৈ অনুৰাগ নামৰ কোনোবা ব্যক্তি এজন জড়িত হৈ আছে বুলি তেওঁৰ দৃঢ় বিশ্বাস আছিল । পিছে সেই নামৰ কাৰো লগতে দেখোন চন্দ্ৰমিতাৰ কোনো ফোন কনটেক্ট নাই ।

সুৰজিত চলিহাই বায়েকৰ মৃত্যুৰ খবৰটো নিউজ চেনেলতে দেখা পাই পুৱাৰ বাছতে আহি ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছিল হি । আহিয়েই তেওঁ স্থানীয় পুলিচ থানাত খবৰ কৰি পুলিচ ইন্সপেক্টৰ মি: হুছেইনক লগ কৰে । ইফালে ডেলিভাৰী বয় সমৰ আৰু বন্দনা বৰুৱাকো থানালৈ মতাই অনা হয় । বন্দনা বৰুৱাই আগদিনা হাঁহি মাতিয়েই চন্দ্ৰমিতা অফিচৰ পৰা ওলাই অহা বুলি জানিবলৈ দিয়ে ।

: বাৰু মিচেছ বৰুৱা , অনুৰাগ নামৰ কাৰোবাৰ লগত চন্দ্ৰমিতাৰ কিবা সম্পৰ্ক আছিল নেকি? আপুনি কিমান বছৰৰ পৰা চন্দ্ৰমিতাৰ সহকৰ্মী হিচাপে তেখেতক লগ পাই আহিছে ।

ইমদাদুল হুছেইনে উৎসুকতাৰে জানিব বিচাৰে চন্দ্ৰমিতাৰ সহকর্মী বন্দনা বৰুৱাৰ পৰা ।

: চাৰ, চন্দ্ৰমিতা মোতকৈ জুনিয়’ৰ। মই চাকৰিত সোমোৱাৰ তিনি বছৰ মানৰ পিছতে তাই ট্ৰান্সফাৰ হৈ ইয়ালৈ আহিছে । তেতিয়াৰ পৰাই চন্দ্ৰাক মই জানো । সময়ৰ লগে-লগে তাই মোৰ সহকর্মীতকৈও মোৰ প্ৰিয় বান্ধৱী মোৰ মৰমৰ ভন্টী এজনী যেনহে হৈ পৰে । মোৰ ল’ৰা-ছোৱালী দুটাইও তাইক চন্দ্ৰা মাহী বুলিয়েই সম্বোধন ধৰি আহিছে । যদিও অবিবাহিত আছিল জীৱনটোক লৈ তাইৰ কোনো আক্ষেপ নাছিল । এদিনলৈও অকলশৰীয়া বুলি তাইক মই দুখ কৰা নেদেখিলোঁ । বৰঞ্চ মোকহে কেতিয়াবা হতাশ হৈ পৰা দেখিলে সাহস দি মানসিকভাৱে সবল কৰি তুলিছিল । গান শুনি , হাঁহি ধেমালি কৰি, নতুন নতুন খাদ্যৰ জুতি লৈ  নিজেইয়ো সেইবোৰ ৰান্ধিবলৈ আগ্ৰহ ৰখা এজনী খুব ফুৰ্তিবাজ ছোৱালী আছিল চন্দ্ৰা। মই ভাবিবই পৰা নাই চন্দ্ৰাৰ দৰে ছোৱালী এজনীয়ে যে কেতিয়াবা আত্মহত্যা কৰিবও পাৰে ।

যোৱাকালি দুপৰীয়াৰ পৰাই কিনকিনাই থকা বৰষুণজাক দেখি অফিচৰ পৰা মোৰ হাচবেণ্ডে মোক নিবলৈ আহোতে তাইকো ঘৰত নমাই থৈ অহাৰ কথা কৈছিল । পিছে তাই বজাৰ দুটামানৰ দোহাই দি বৰষুণৰ আমেজ লৈ খোজ কাঢ়ি আহিবলৈকে ইচ্ছা প্ৰকাশ কৰাত আমি দুয়ো তাইক এৰি গুচি আহিছিলো । খুব দুখ পাইছোঁ চাৰ । সেইয়াই যে আমাৰ শেষ দেখা আছিল ভাবিবলৈও মন যোৱা নাই ।

হুকহুকাই কান্দি উঠে মিচেছ বৰুৱাই । চন্দ্ৰমিতাৰ ভায়েক সুৰজিতৰো বন্দনা বৰুৱাৰ কথাকেইটা শুনি দুচকু সেমেকি উঠে। একমাত্ৰ বায়েকজনীৰ এই অস্বাভাৱিক মৃত্যুক কি দৰে সহজে লয় ভায়েকে !

মি: হুছেইনে পুনৰ বন্দনা বৰুৱাক অনুৰাগৰ বিষয়ে প্ৰশ্ন কৰে । কোন এই অনুৰাগ ,ক’ত থাকে , কি কৰে, আৰু চন্দ্ৰমিতাই তেওঁৰ লগত কেনে ধৰণৰ সম্পৰ্ক ৰাখি আহিছে সবিশেষ জনাবলৈ অনুৰোধ কৰে ।

আচৰিত হয় মিচেছ বৰুৱা। চন্দ্ৰাৰ মুখতটো কোনোদিন অনুৰাগ নামৰ কোনো ব্যক্তিৰ বিষয়ে শুনা নাই । কিয় সুধিছে বাৰে-বাৰে হুছেইনে অনুৰাগৰ কথা !

: চ’ৰি চাৰ , এঘাৰটা বছৰত কোনোদিন চন্দ্ৰাই মোক অনুৰাগ নামৰ কাৰোবাৰ বিষয়ে একো কোৱা নাই । কোন এই অনুৰাগ ?  বুজা নাই । আপুনি বাৰে-বাৰে কিয় উল্লেখ কৰিছে তেওঁৰ কথা ?

বন্দনা বৰুৱাৰ প্ৰশ্ন শুনি চিন্তাক্লিষ্ট মুখ এখনেৰে মি: হুছেইনে পোন্ধৰ বছৰৰ আগৰ চিঠিখন সুৰজিত আৰু বন্দনাৰ সন্মুখত ডাঙি ধৰে । আচৰিত হৈ দুয়ো চিঠিখন পঢ়িবলৈ ধৰে । চিঠিখনৰ প্ৰতিটো শব্দত দুয়োৰে হৃদপিণ্ডৰ গতি যেন দ্ৰুত হৈ পৰে । চন্দ্ৰাৰ বাবে কোনোবা অনুৰাগে এসময়ত চুইচাইড কৰিছিল ! অহ গড.. কি দেখিছে এইয়া তেওঁলোকে ।

সকলোতকৈ আচৰিত হয় চন্দ্ৰমিতাৰ ভায়েক সুৰজিত চলিহা । অনুৰাগ  নামটো যেন খুব চিনাকি তেওঁৰ বাবে । পিছে মুখখন কিয় মনত পেলাব পৰা নাই । এই অনুৰাগেই কেনেবাকৈ বায়েকৰ মৃত্যুৰ কাৰণ নহয়তো !

: এইখন চিঠি তাইৰ হাতলৈ কি দৰে আহিল ? কোনে দিলে তাইক ?

বন্দনা বৰুৱা আৰু সুৰজিত চলিহা দুয়ো সমস্বৰে নিজকে কোৱা দি কৈ উঠে ।

তেনেকুৱাতে ডেলিভাৰী বয় সমৰ থানালৈ সোমাই আহে ।

: চাৰ সোমাব পাৰোঁনে ? কিয় মাতিছিল মোক ?

_____________________________________________

                                 (৫)

: তুমি , সমৰ ?

বন্দনা বৰুৱা আৰু সুৰজিত চলিহাৰ লগত চন্দ্ৰমিতাৰ মৃতদেহৰ লগতে উদ্ধাৰ হোৱা চিঠিখনৰ বিষয়ে কথা পাতি ব্যস্ত থকাৰ পৰাই আগন্তুকলৈ চাই প্ৰশ্ন কৰে ইন্সপেক্টৰ ইমদাদুল হুছেইনে ।

: হয় চাৰ । মই সমৰ দাস ।

অলপ ভয় মিশ্ৰিত কন্ঠেৰে সমৰে মি: হুছেইনক নিজৰ পৰিচয় জানিবলৈ দিয়ে । পুলিচ থানালৈ এইদৰে ফোন কৰি মতাই অনা কথাটোত সমৰ অৱশ্যেই অলপ চিন্তাত পৰে ।

: আহা .. আহা , সোমাই আহা ।

হুছেইনে সমৰক মিচেছ বন্দনা বৰুৱাৰ কাষৰে খালি চকীখনত বহিবলৈ চকুৰে ইংগিত দিয়ে আৰু বিশেষ কোনো কথাৰ অৱতাৰনা নকৰাকৈ তেওঁ পোনপটিয়াকৈ সমৰক চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ বিষয়ে জনাই ।

: কি কয় চাৰ ? বাইদেউ জীয়াই থকা নাই ! কেতিয়া ? কেনেকৈ ? কি হ’ল তেওঁৰ ?

আচৰিত হৈ সমৰে একেলগে কেইবাটাও প্ৰশ্ন কৰি হুছেইনৰ লগতে যদিও অচিনাকী , কোঠাটোত উপস্থিত থকা মিচেছ বৰুৱা আৰু সুৰজিতৰ পৰাও উত্তৰৰ আশা কৰি তিনিওলৈকে দৃষ্টি নিক্ষেপ কৰে ।

সমৰৰ কথাত মি: হুছেইনৰ মনত অলপ সন্দেহ জন্মে । গোটেই চহৰত সকলোৰে মুখে মুখে আজি ৰাতিপুৱাৰ পৰাই চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ খবৰ বনজুই বিয়পা দি বিয়পি ফুৰিছে, আৰু সমৰে একো ভূ নোপোৱাৰ দৰে প্ৰশ্ন কৰিছে যে ! কেনেবাকৈ এই মৃত্যুৰ লগত সমৰ জড়িত নহয়তো ? সমৰে আচলতে নজনাৰ অভিনয় কৰিছে নে প্ৰকৃততে ঘটনাটোৰ বিষয়ে জ্ঞাত নহয় তেওঁ ।

পুলিচৰ কামেই হৈছে সকলোকে সন্দেহ কৰা । আৰু সেই সন্দেহৰ ভিত্তিত সকলোবোৰ চালি-জাৰি চাই উচিত তদন্তৰে  প্ৰকৃত দোষীক বিচাৰি উলিওৱা । কেতিয়াবা ভিত্তিহীন কথাবোৰেও কিছুমান বিষয়ত যথোচিত সিদ্ধান্ত এটা লোৱাত ইন্ধনৰ দৰে কাম কৰে ।

ইন্সপেক্টৰ হুছেইনে সমৰক পুনৰ প্ৰশ্ন কৰিলে।

: তুমি সচাঁকৈ একো নাজানা? আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজ মিচ চলিহাৰ অস্বাভাৱিক মৃত্যু । সকলোবোৰ নিউজ চেনেলত এইটো খবৰেই ৰাতিপুৱাৰ পৰা প্ৰচাৰ কৰি থকা হৈছে । তুমি ইমান গম পোৱা নাই নে ?

:  মই যোৱা এসপ্তাহ ধৰি চুটিত আছিলোঁ চাৰ । বিয়া পতা বেছি দিন হোৱা নাই মোৰ । কামৰ ব্যস্ততাত পৰিবাৰক সময় দিবই নোৱাৰোঁ । সেয়েহে মালিকক যেনেতেনে মান্তি কৰি তাইক লৈ কেইদিন মানৰ বাবে শ্বিলঙৰ পৰা ফুৰি আহিলোঁ । যোৱা নিশা দেৰিকৈ ঘৰ পাই ,শুই গৈছিলোঁ । ৰাতিপুৱাই থানাৰ পৰা ফোন অহাত লৰালৰিকৈ ওলাই আহিছোঁ । মই সঁচাই বাইদেউৰ বিষয়ে একো গম পোৱা নাই । কিন্তু মোক কিয় মতাই অনা হৈছে,  জানিব পাৰিম নে ?

: তুমি কি কাম কৰা ?

: মই ‘ আৰ. ডি হ’লচেল ‘ দোকানখনৰ ডেলিভাৰী বয় হিচাপে নিয়োজিত হৈ আছোঁ।

: কিমান দিন হ’ল তাত কাম কৰা ?

: প্ৰায় চাৰি বছৰমান হৈছে । তাৰ আগতে ‘ শৰ্মা চুইটচৰ ‘ চেলছমেন হিচাপে কাম কৰিছিলোঁ ।

: চন্দ্ৰমিতা চলিহাক কি দৰে চিনি পোৱা ? তেওঁৰ লগত কিমান দিনৰ চিনাকি ? আচলতে তেওঁৰ কনটেক্ট লিষ্টত তোমালৈ সঘনে ফোন কৰাৰ তথ্য পোৱা গৈছে । সেইবাবেই সোধা-পোছাৰ বাবে তোমাক থানালৈ মাতি আনিছোঁ ।

: বাইদেউক মই দুবছৰ ধৰি দোকানৰ বস্তু যোগান ধৰি আহিছো । আনকি শ্বিলং যোৱাৰ আগদিনাও মই মাহেকীয়া ৰেচনখিনি দি থৈ আহিছিলোঁ । মোক তেখেতে নিজৰ ভাইটিৰ দৰেই মৰম কৰিছিল ।

: আচ্ছা..। ডেলিভাৰী দিবলৈ যাওঁতে বাইদেউৰ ঘৰত কেতিয়াবা কোনোবা মতা মানুহ বা সন্দেহজনক কাৰোবাৰ আহ-যাহ  দেখা পাইছিলা নেকি ?

: নাই চাৰ । মই জনাত বাইদেউ অবিবাহিতা আছিল আৰু অকলেই আছিল ইয়াত । মই তেনেকুৱা একো দেখা নাই কোনোদিন ।

অলপ সময় তললৈ চাই ইন্সপেক্টৰ হুছেইনে অস্পষ্ট শব্দৰে নিজকে কোৱা দি কৈ উঠে…

~ কোন এই অনুৰাগ ? পোন্ধৰ বছৰৰ আগতে. চন্দ্ৰমিতা চলিহাৰ লগত কি সম্বন্ধ আছিল তেওঁৰ।

: কি কৈছে চাৰ ?

হুছেইনৰ কথা বুজিব নোৱাৰি সমৰে প্ৰশ্ন কৰে ।

তেনেকুৱাতে সকলো কথাৰ ৰেহ-ৰূপ চাই ইমান সময় নীৰৱ দৰ্শকৰ দৰে বহি ৰোৱা চন্দ্ৰমিতাৰ ভায়েক সুৰজিতে কিবা এটা মনত পৰাৰ দৰে ইন্সপেক্টৰ হুছেইনক চন্দ্ৰমিতাৰ ম’বাইল ফোনটো চাবলৈ বিচাৰি অনুৰোধ কৰে।

: চাৰ.. মোৰ যিমান দূৰ মনত আছে বাইদেউৰ লগত কিন্তু অনুৰাগ নামৰ কোনোবা এজন ল’ৰাই একেলগে পঢ়িছিল । মই যদিও চিঅ’ৰ নহয়, তাইৰ কোনোবা পুৰণি বান্ধবীৰ লগত কথা পাতি মই সেই বিষয়ে সঠিককৈ আপোনাক জনাব পাৰিম । আপুনি কাইন্দলি বাইদেউৰ ফোনটো মোক অলপ সময়ৰ বাবে দিব পাৰিব নেকি?  লগৰ কাৰোবাৰ নম্বৰ তাইৰ ম’বাইলত নিশ্চয় চেভ আছে । মই ক’ল কৰি চাওঁ।

: ইয়েছ.. ডেটছ অ্য গ্ৰেট আইডিয়া । আপুনি নিশ্চয় চাব পৰিব ।

ফোনটো সুৰজিত চলিহালৈ আগবঢ়াই দিয়ে ইন্সপেক্টৰ হুছেইনে আৰু ইমান সময় থানাতে বহি থকা চন্দ্ৰমিতাৰ সহকৰ্মী বন্দনা বৰুৱা তথা ডেলিভাৰী বয় সমৰক প্ৰয়োজন সাপেক্ষে পুনৰ থানাত দেখা কৰিব লাগিব বুলি জনাই ঘৰলৈ যাবলৈ অনুমতি দিয়ে ।

সুৰজিত চলিহাই চন্দ্ৰমিতাৰ কনটেক্ট লিষ্টৰ পৰা তাইৰ শৈশৱৰ বান্ধৱী নম্ৰতা দত্তৰ ফোন নম্বৰ সংগ্ৰহ কৰি লগে লগেই নম্ৰতালৈ ফোন লগাই । বয়সত চন্দ্ৰমিতাতকৈ প্ৰায় পাঁচ বছৰেই সৰু সুৰজিতৰ বায়েক চন্দ্ৰমিতাৰ শৈশৱৰ বন্ধু-বান্ধৱীসকলৰ লগত বৰ এটা চিনাকি নাছিল যদিও, নম্ৰতা দত্তক তেওঁ ভালদৰেই জানিছিল । নম্ৰতাৰ মাষ্টৰ ককায়েক নিলোৎপলৰ ওচৰত মেট্ৰিক পৰীক্ষাৰ সময়ত সুৰজিতে অলপ দিনৰ বাবে অংকৰ টিউচন লৈছিল । সেই সূত্ৰে নম্ৰতা দত্ত সুৰজিতৰ পৰিচিত আছিল ।

নম্ৰতা দত্তলৈ ফোন কৰি এইবাৰ সুৰজিত চলিহা আৰু ইন্সপেক্টৰ ইমদাদুল হুছেইন নিশ্চিত হৈছিল যে এসময়ত অনুৰাগ কাশ্যপ নামৰ ল’ৰা এজনৰ লগত চন্দ্ৰমিতা চলিহাৰ ভাল বন্ধুত্ব আছিল । লগতে অনুৰাগ যে বহু বছৰৰ আগতে নিখোজ হৈছিল তাকো জানিবলৈ দিছিল চন্দ্ৰমিতাৰ বান্ধৱী নম্ৰতাই ।

সেই মুহূৰ্ততে হাবিলদাৰ কমল নাথ ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ কাষ চাপি আহে। ইমান বছৰে অনুৰাগ নিখোজে হৈ থকাৰ কথা জানিব পাৰি ভয়ে-ভয়ে তেওঁ হুছেইনক কানতে ক’বলৈ ধৰে..

: চাৰ,  কেচটো অলপ গণ্ডগোলিয়া যেন পাইছো । এইবোৰ ভূত প্ৰেতৰ কাম নহয়তো ? চিঠিখন যদি প্ৰকৃততে অনুৰাগেই লিখা তাতটো স্পষ্টকৈ উল্লেখ আছে, অনুৰাগে পোন্ধৰ বছৰৰ আগতেই চুইচাইড কৰিছে । মোৰ কিন্তু বৰ ভয় লাগিছে চাৰ। ঘৰ পৰিবাৰ থকা মানুহ । চন্দ্ৰমিতা চলিহাৰ দৰে আমাকো যদি ভূতে আহি মাৰি পেলাই ।

কেচটো আত্মহত্যাৰ কেচ বুলিয়েই এৰি দিয়ক । নলগা জেংত কিয় লাগি ল’ব লাগে ! চন্দ্ৰমিতা চলিহাৰ ঘৰৰ মানুহেতো হত্যাকাণ্ড বুলি কেচ ফাইল কৰা নাই ।

নাথৰ কথা শুনি গৰজি উঠে ইন্সপেক্টৰ ইমদাদুল হুছেইন ।

: অহ প্লিজ, ষ্টপ অল ডিজ ন’নচেন্স নাথ । এইটো কলিজা লৈ আপুনি পুলিচৰ চাকৰি কৰিবলৈ আহিছে ? নিজৰ প্ৰাণৰ ভয়ত আপুনি এতিয়া মিচ চলিহাৰ মৃত্যুৰ সত্য জানিবলৈও আগ্ৰহী নহয় ? এই টুৱেন্টি ফাৰ্ষ্ট চেনশ্যূৰিত থাকি আপুনি ভূত-প্ৰেত বিশ্বাস কৰিছে ? মইতো এই মৃত্যুৰ ঘটনাটোত বেলেগ ৰহস্যৰহে গোন্ধ পাইছোঁ । অনুৰাগ ইমান বছৰে নিখোজ হৈ আছে। ক’ত গ’ল, কি হ’ল কোনেও ঘুনাক্ষৰেও একো নাজানে । কিজানি অনুৰাগৰ মৃত্যু হোৱাই নাই । কিজানি ক’ৰবাত আত্মগোপন কৰিয়েই আছিল ইমান বছৰে !

: মানে কি ক’ব বিচাৰিছে চাৰ ?

এইবাৰ সুৰজিত চলিহাই আচৰিত হৈ হুছেইনক প্ৰশ্ন কৰে ।

: আই থিংক ইটচ অ্য মাৰ্ডাৰ কেচ । হি ডিড দ্য মাৰ্ডাৰ জাষ্ট টু টেক ৰিভেঞ্জ ।

টেবুলখনত আঙুলিৰে টোকৰ দি এক প্ৰকাৰৰ নিশ্চিন্ত হোৱাৰ দৰেই কথাকেইটা ক’লে হুছেইনে ।

: ইয়েছ, ডেট ইচ প’জিবল । হয়তো বাউদেউয়ে অনুৰাগৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ইমান বছৰৰ পিছতো প্ৰতিশোধ ল’বলৈকে বাইদেউক সি বিচাৰি আহিছিল । আৰু গোটেই ঘটনাটোৰ নাটকীয় ৰূপ দিবলৈকে চিঠিখনৰ আশ্ৰয় লৈছে।

: আই থিংক চ’ । আৰু সেই সত্যখিনি উদ্ঘাটন কৰিবলৈকে আমি অনুৰাগৰ ঘৰলৈ যাব লাগিব । হোৱাট ইউ চে ?

: ব’লক চাৰ । মইয়ো বিচাৰোঁ ঘটনাটো আত্মহত্যাই হওক । বাউদেউক কোনোবাই হত্যা কৰিছে ,সেইটো মই মানি ল’বলৈকে টান পাম । নোৱাৰিম সহিব । কিন্তু যদিহে আপুনিয়ে ময়ে ভবাৰ দৰে এইটো প্ৰকৃততে এটা হত্যাকাণ্ড আৰু ই অনুৰাগৰ দ্বাৰাই সংঘটিত হৈছে , মই নিশ্চয় বিচাৰিম দোষীয়ে উপযুক্ত শাস্তি পাওঁক ।

: ডেন লেটচ গ’ । আমি দেৰি নকৰাই ভাল ।

নাথ , গাড়ী উলিওৱাক । আমি এতিয়াই অনুৰাগৰ ঘৰলৈ যাব লাগিব ।

________________________________________________

                                 (৬)

সুৰজিতৰ লগত কথা হৈ অতি শীঘ্ৰে ইন্সপেক্টৰ হুছেইনে হাবিলদাৰ নাথক লগত লৈ চন্দ্ৰমিতা আৰু অনুৰাগৰ চহৰলৈ বুলি ৰাওনা হয় ।

সুৰজিত চলিহাই ইতিমধ্যে পৰিবাৰ তৃষাক সকলোবোৰ খবৰ জনাই মাক দেউতাকৰ পৰা চন্দ্ৰমিতাৰ মৃত্যুৰ খবৰটো গোপনে ৰাখিবলৈ অনুৰোধ কৰে । লগতে অনুৰাগৰ ঘৰলৈ ইন্সপেক্টৰ হুছেইন ইনভেষ্টিগেচনৰ বাবে যোৱা খবৰটোও , কোনেও যাতে গম নাপাই তাৰ বাবে বিশেষভাৱে লক্ষ্য ৰাখিবলৈ সকিয়াই দিয়ে ।

পশ্চিম আকাশত তেতিয়া বেলি ডুবাৰ সময়। আবিৰৰ ৰঙ অলপ চটিয়াই ৰান্ধনী বেলিটো পশ্চিম দিশে হেৰাই যোৱাৰ যো-জা চলাইছে । লাহে লাহে পৃথিৱীৰ বুকুলৈ আন্ধাৰ নামি আহিছে। দিনটোৰ ব্যস্ততা লগতে বায়েকৰ মৃত্যুত , বুকুত জ্বলি থকা সন্তাপৰ জুইকুৰাই  মানসিকভাৱে দুৰ্বল কৰি তুলিছিল সুৰজিত চলিহাক ।

তাৰ বিপৰীতে ইন্সপেক্টৰ ইমদাদুল হুছেইন ! সাংঘাটিক ভাবে এনাৰজেটিক মানুহজন । তেওঁক দেখি আচৰিত হৈছে সুৰজিত চলিহা । বয়সৰ ফালৰ পৰা পঞ্চাশৰ দেওনা পাৰ কৰা হুছেইনৰ চকু মুখত কিন্তু অলপো ক্লান্তিৰ চিন নাই । তেওঁৰ মন-মগজুত তেতিয়াও কেৱল চন্দ্ৰমিতাৰ মৃত্যুৰ কথাটোয়েইহে ক্ৰিয়া কৰি আছে। ঘটনাটোৰ প্ৰকৃত সত্য ফাদিল নকৰালৈকে তেওঁক যেন ভাগৰেও চুব নোৱাৰিব । একান্ত মনেৰে নিজৰ মাজতে কথাবোৰ জুকিয়াই,  মাজে-মাজে চন্দ্ৰমিতাৰ হাতৰ পৰা উদ্ধাৰ হোৱা চিঠিখন ঘূৰাই-পকাই চাই তেওঁ লক্ষ্য স্থানত উপনীত হ’বলৈ সন্মুখৰ অকোৱা-পকোৱা ৰাস্তাত নিজৰ দৃষ্টি নিবন্ধ ৰাখিছে  ।

যিমানেই লক্ষ্য স্থানৰ ওচৰ চাপি আহিছে সিমানেই হাবিলদাৰ কমল নাথৰ গাড়ীৰ ষ্টেয়াৰিং ধৰি থকা হাত দুখন কঁপিবলৈ ধৰিছে । অচলতে বাধ্যত পৰিহে তেওঁ আজি এই মিচনটোত সুৰজিত চলিহা আৰু ইন্সপেক্টৰ হুছেইনৰ সহযাত্ৰী হৈছে । তেওঁ অ’ভাৰ চিঅ’ৰ চন্দ্ৰমিতা চলিহাৰ অস্বাভাৱিক মৃত্যু , অনুৰাগৰ আত্মাৰ দ্বাৰা সংঘটিত এক হত্যাকাণ্ড । যাৰ সত্য উদ্ঘাটন কৰা কাৰো পক্ষে সম্ভৱ নহ’ব । তথাপিও মনলৈ সাহস গোটাই ঈশ্বৰকে চিন্তি কমল নাথে আগলৈ বুলি গাড়ীখন চলাই নিছে ।

চন্দ্ৰমিতা আৰু অনুৰাগৰ গৃহ চহৰলৈ প্ৰায় বাৰ কিলোমিটাৰমান পথৰ দূৰত্ব বাকী ৰওতেই , হঠাৎ গাড়ীখন এখন চাহ বাগানৰ মাজত বিকট শব্দ কৰি ৰৈ যায় । জনপ্ৰাণীহীন চৌদিশ তেতিয়া সম্পূৰ্ণ আন্ধাৰৰ কৱলত ।

চিলমিলকৈ টোপনি অহা সুৰজিত চলিহাই শব্দটো শুনি খকমক কৈ সাৰ পাই উঠে। তন্দ্ৰালস দুচকুৰে তেওঁ গাড়ীৰ চিটটোতে ভালদৰে বহি লয়।  ইন্সপেক্টৰ হুছেইনে ধুনীয়াকৈ চলি থকা গাড়ীখনত হঠাৎ কি বিসংগতিয়ে দেখা দিলে উমান ল’বলৈ যত্ন কৰি গাড়ীৰ পৰা নামি আহোঁতেই  তেওঁৰ শৰীৰৰ সোঁ ফালে এক হিমশীতল স্পৰ্শৰ অনুভৱ কৰে। এনে লাগে , যেন এক চিতল সৰীসৃপহে তেওঁৰ ভৰিৰ পৰা মুৰলৈকে বগুৱা বাই উঠি গৈছে । হাতেৰে চুই হুছেইনে সেই স্পৰ্শ আচলতে কিহৰ বুজিবলৈ যত্ন কৰে ।

নাই .. একো নাই । তেওঁৰ অনুভৱ কৰা সেই শীতাৰ্ত অনুভূতিটোৰ বাদে হাতেৰে চুই উমান ল’ব পৰা একোৱেই নাই দেখোন তেওঁৰ দেহত । কথাখিনি মনতে ৰাখি হুছেইন ক্ষন্তেত ঠাইতে থিয় দি ৰয় আৰু ইফালে-সিফালে চাবলৈ ধৰে ।

এইবাৰ কমল নাথো ভয়ে-ভয়ে হাততে টৰ্চ লাইট এটা লৈ গাড়ীখনৰ সন্মুখত ঠিয় হয় আৰু গাড়ীৰ ব’নেটখন খুলি ইঞ্জিনটোৰ দিশে পোহৰ পেলাই গাড়ীখন ৰৈ যোৱাৰ কাৰণটো নিৰ্ধাৰণ কৰিবলৈ প্ৰয়াস কৰে । সেই একে হিম শীতল স্পৰ্শ এটা এইবাৰ যেন নাথেও দুই গাল আৰু হাতৰ আঙুলিবোৰত অনুভৱ কৰে ।

অলপ সময়ৰ বাবে জঠৰ হৈ পৰে তেওঁৰ হাত দুখন । জোৰ কৰিও মুখেৰে এটাও শব্দ উচ্চাৰণ কৰিব নোৱাৰি চটফটাই উঠে তেওঁ । অকস্মাত এক অদ্ভুত শক্তিয়ে অলপো লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি পেলাই মানুহজনক । সেই বন্ধনৰ পৰা মুক্ত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰে তেওঁ। হৃদস্পন্দনৰ গতিবেগ দ্ৰুত হয় মানুহজনৰ । উশাহবোৰ চুটি হৈ পৰে আৰু সৰ্বশৰীৰ  ঘামি জেপজেপিয়া হৈ পৰে।

গাড়ীৰ পিছফালে ৰৈ চৌপাশৰ পৰিবেশ লক্ষ্য কৰি থকা ইমদাদুল হুছেইনে গমেই পোৱা নাছিল হাবিলদাৰ কমল নাথৰ সেই অৱস্থাৰ বিষয়ে ।  এপাকত গাৰ সমস্ত বল প্ৰয়োগ কৰি সেই অদৃশ্য শক্তিৰ পৰা মুক্ত হৈ দৌৰি আহি ইন্সপেক্টৰ হুছেইনক গ’পা মাৰি  ধৰে নাথে …

~ চাৰ… ভূ…. ত..

অস্ফুস্ত শব্দৰে গেঙনিৰ দৰে মাতটো উলিয়াই গাড়ীৰ সন্মুখলৈ আঙুলি টোৱাই নাথে । তেওঁ যেন ক’বলৈ যত্ন কৰে ..

~ কিবা এটা আছে চাৰ । তাত কিবা এটা আছে ।

_____________________________________________

                                    (৭)

কমল নাথক সেই অৱস্থাত দেখা পাই স্বাভাৱিকতে অলপ শংকিত হৈ পৰিল ইন্সপেক্টৰ হুছেইন । কি হৈছে এইয়া? ক্ষণিক সময়ৰ আগতে সেই একে ধৰণৰ ভৌতিক অনুভৱে তেওঁকো জানো বিচলিত কৰা নাছিল ? এক হিম শীতল স্পৰ্শত তেওঁও জানো এক লহমাৰ বাবে হ’লেও উচপ খাই উঠা নাছিল ? সঁচাই আছে জানো কোনো অশৰীৰি সত্বাৰ অস্তিত্ব ? নে এইয়া অনুৰাগৰ বিষয়ে ইমান সময় মনতে পুহি ৰখা ভ্ৰম ?

ভয়তে কঁপি থকা নাথক তেওঁ জোৰকৈ সাৱটি ধৰি সকাহ দিবলৈ যত্ন কৰিলে ।

:  কি হৈছে নাথ ? কিয় ইমান ভয় কৰিছে ? আমি আছো নহয় আপোনাৰ লগত। সৌৱা চাওক , একো নাই দেখোন তাত ।

নিজৰ ম’বাইলৰ টৰ্চ লাইটটোৰেই যৎসামান্য পোহৰ কৰি গাড়ীৰ সন্মুখ ভাগলৈ দেখুৱাই নাথক আশ্বস্ত কৰিবৰ প্রয়াস কৰিলে হুছেইনে । সুৰজিত চলিহাও দুয়োৰে ওচৰ চাপি আহি কমল নাথৰ আচলতে কি হৈছে বুজিবৰ চেষ্টা কৰিলে ।হুছেইনৰ গাতে লিপিত খাই কমল নাথে মুখেৰ বিৰবিৰাবলৈ ধৰিলে ..

:  বিশ্বাস কৰক চাৰ,  আমি কিবা অপশক্তিৰ কৱলত পৰিছো । আমাকো মাৰি পেলাব সেই শক্তিয়ে। আমি আৰু জীয়াই নাথাকো। উভটি ব’লক চাৰ । উভটি ব’লক । অনুৰাগৰ আত্মাই বিচৰা নাই তেওঁৰ মৃত্যুৰ সত্য ফাদিল হওক । অনুৰাগৰ আত্মাই বিচৰা নাই চন্দ্ৰমিতা চলিহাৰ অপমৃত্যৰ বিষয়ে আমি তদন্ত কৰো।

উফফ… কি ভয়ানক সেই অনুভৱ চাৰ । মই বৰ্ণনা কৰিবলৈও অপাৰগ , সেই শক্তিৰ কৱলত পৰি মোৰ কি হৈছিল । মোৰ কেনে লাগিছিল । মই যেন মৃত্যুৰ দুৱাৰ দলিৰ পৰাহে উভটি আহিছোঁ ! মোৰ হাত ভৰিবোৰ অচল হৈ পৰিছিল । কোনোবাই যেন মোৰ ডিঙিতে সমস্ত শক্তিৰে চেপি ধৰিছিল ! মই উশাহ লবলৈ বৰ কষ্ট পাইছিলোঁ চাৰ । মোৰ উশাহ বন্ধ হৈ গৈছিল। চকুৰ আগৰ ক’লাবোৰে গিলি পেলাইছিল মোৰ সৰ্বশৰীৰ, মোৰ সমগ্ৰ সত্তা । মই বুজাব নোৱাৰোঁ চাৰ । মই নোৱাৰোঁ আপোনাক বুজাই ক’ব সেই অনুভৱ ।

ফোঁপাবলৈ ধৰিলে কমল নাথে । জোৰকৈ বতাহ অলপ বুকুৰ ভিতৰলৈ উজাই ল’বলৈ যত্ন কৰিলে। টানি টানি উশাহতো লৈ তেওঁ যেন জীয়াই থকাৰ চেষ্টাহে অব্যাহত ৰাখিছে ।

: কাম ডাউন নাথ ,কাম ডাউন । মই বিশ্বাস কৰিছোঁ আপোনাৰ কথাবোৰ। আপুনি অলপ শান্ত হওকচোন । মনলৈ সাহস আনক । দুৰ্বল মন আৰু দুৰ্বল শৰীৰক যি কোনো অনুভূতি বা যি কোনো ৰোগেই তীব্ৰভাৱে ক্ৰিয়া কৰি যায় । মনত ভয় ৰাখিলেই আমি এইধৰণৰ ভৌতিক কাৰ্য্য- কলাপৰ দ্বাৰাও সহজে আক্ৰান্ত হৈ পৰো ।

ঈশ্বৰৰ নাম লওক । সৰ্বশক্তিমানৰ কৃপা থাকিলে কোনো অপশক্তিয়েই আমাক আক্ৰমণ কৰিব নোৱাৰে । সেই চুপ্রিম পাৱাৰৰ ওপৰত বিশ্বাস ৰাখক । আমি সকলো ঠিকে থাকিম । একো নহয় আমাৰ ।

হাবিলদাৰ কমল নাথৰ পিঠিতে চপৰিয়াই অলপ সাহস দিবলৈ যত্ন কৰি গাড়ীৰ চিটত তেওঁক বহুৱাই দিলে ইন্সপেক্টৰ ইমদাদুল হুছেইনে ।

হঠাতে সংঘটিত হোৱা  সেই অস্বাভাৱিক ঘটনাটোত থতমত খাই ৰ’ল সুৰজিত চলিহা । নাথৰ হাত দুখনতে খামুচি ধৰি তেওঁও নাথৰ কাষতে বহি পৰিল ।

ফুল টেংকী পেট্ৰল থকাৰ পিছতো কোনো ধৰণৰ যান্ত্ৰিক বিজুটি নোহোৱাকৈ গাড়ীখন সেই জনপ্ৰাণীহীন বাগানখনৰ মাজত ঘপহকৈ কিয় ৰৈ গ’ল , কাৰণটো বিচাৰি সুৰজিত চলিহাও ভীতিগ্ৰস্ত হৈ পৰিল । তেওঁ এইবাৰ নিজেই গাড়ীখন ষ্টাৰ্ট দিবলৈ যত্ন কৰিলে । চাবিতো পকাই, ক্লাটছত ভৰি থৈ, ষ্টেয়েৰিঙত হাত দিলে তেওঁ। কিন্তু গাড়ীখন ষ্টাৰ্ট নহ’ল । বহুবাৰ চেষ্টা কৰিলে সুৰজিত চলিহাই গাড়ীখন ষ্টাৰ্ট কৰিবলৈ। কিন্তু প্ৰতিবাৰেই বিফল হ’ল । অৱশেষত বহু প্ৰচেষ্ঠাৰ অন্তত  এপাকত গাড়ীখনে ঘেৰ.. ঘেৰ ..কৈ শব্দ কৰি উঠিল ।

গাড়ীখন ষ্টাৰ্ট হোৱা দেখি সুৰজিত চলিহাৰ মুখখন উজ্জ্বলি উঠিল । সেই সময়ত এনে লাগিল যেন এটা ডাঙৰ বিপদৰ পৰাহে উদ্ধাৰ হ’ল তিনিও।

আলেঙে – আলেঙে সকলোবোৰ লক্ষ্য কৰি থকা ইন্সপেক্টৰ হুছেইনো গাড়ীখনৰ কাষ চাপি আহি ড্ৰাইভিঙ চিটটোৰ কাষতে বহি ল’লে। কমল নাথে ঈশ্বৰকে চিন্তি সুৰজিত চলিহাক ধন্যবাদ জনাই গাড়ীখন ঘূৰাই ল’বলৈ অনুৰোধ জনালে । কোনোপধ্যে তেওঁ অনুৰাগৰ ঘৰলৈ যাবলৈ মান্তি নহয় । ইন্সপেক্টৰ হুছেইনে চন্দ্ৰমিতাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ নিৰ্মিত্তে অনুৰাগৰ ঘৰলৈ গৈ প্ৰকৃত সত্য জানিবলৈ যদিও দৃঢ় সংকল্প লৈ পেলাইছিল, কমল নাথৰ আচৰনে কিন্তু তেওঁক এইবাৰ বিপাঙত পেলালে । ভয়তে কঁপি থকা মানুহজনৰ ইচ্ছাৰ বিপৰীতে কিবা এটা কৰিবলৈও মনে তেওঁক বাধা দিলে । ইফালে লক্ষ্য স্থানৰ ইমান ওচৰ চাপি ,উভটি যোৱাৰো সমূলি ইচ্ছা নাই তেওঁৰ । সুৰজিত চলিহাইও ষ্টেয়াৰিংত হাত থৈ ইন্সপেক্টৰ হুছেইনৰ আদেশৰ বাবে অপেক্ষা কৰি ৰ’ল ।

আৰু তেনেকুৱাতে প্ৰচণ্ড গাজনি – বিজুলীৰে আকাশখন গৰজি উঠিল । কজলা আন্ধাৰবোৰ ফালি চকু চাৎ মাৰি ধৰা পোহৰৰ ৰশ্মিবোৰে মুহূৰ্তৰ বাবেহে মনিব পৰা কৰি তুলিলে নীৰৱ নিতাল ঠাইখিনিৰ চৌপাশৰ পৰিবেশ । দূৰ দুৰলৈকে চাহ গছৰ সেউজীয়াবোৰৰ বাদে বেলেগ একোৱেই চকুত নপৰিল তিনিওৰে । বিজুলীৰ চমকনিত চাহগছৰ মাজে মাজে থকা ওখ গছবোৰ একো একোটা দানবৰ দৰে দেখা গ’ল ।

ইমান ফৰকাল আকাশখনক  অকস্মাতে চানি ধৰা কলীয়া ডাৱৰবোৰ দেখি হাবিলদাৰ কমল নাথ শিয়ৰি উঠিল । তেওঁৰ যেন মনৰ ভ্ৰম এইবাৰ সত্য প্ৰতিপন্ন হ’ল । চকু দুটা জোৰকৈ মুদি গাৰ জোৰেৰে চিঞৰিবলৈ ধৰিলে নাথে..

: চলিহা , অলপো দেৰি নকৰিব । প্লিজ গাড়ী ঘূৰাই লওক । আপোনালোকে কিয় বুজা নাই এয়া যে কোনো অপশক্তিৰে ক্ৰিয়া কলাপ । কিয় ভাবি চোৱা নাই ,হঠাৎ কিয়নো আকাশখন ওন্দোলাই উঠিল । কাবৌ কৰিছোঁ  ঘূৰি যাওঁ ব’লক । প্ৰাণটো বচাও ।

কমল নাথৰ অনুৰোধত এখন্তেকো পলম নকৰি ইন্সপেক্টৰ ইমদাদুল হুছেইনে সুৰজিত চলিহাক গাড়ীখন ঘূৰাই ল’বলৈ ক’লে । আচলতে হাবিলদাৰ নাথৰ বাবে চিন্তাত পৰিল তেওঁ ।

নিজৰ ঘৰ অভিমুখী ৰাস্তাটোও আজি চলিহাৰ বাবে যেন খুব অচিনাকী হৈ পৰিছে । আগুৱাই যাবলৈ বা .. ” একো নহয়.. ব’লক চাৰ , আৰু অলপ দূৰ হে আছে ।আমি ঘৰ পামেগৈ দিয়ক । এই বাগানখন খুব ধুনীয়া । আমি অহা যোৱা কৰিয়েই থাকে নহয়..”  বুলি তেওঁলোকক বিশ্বাস দিবলৈও নিজৰ সাহসবোৰ ক’ৰবাত যেন হেৰুৱাই পেলাইছে তেওঁ। সেই ঠাইখিনিৰ পৰা যিমান সোনকালে পাৰে আঁতৰি যোৱাই যেন সকলোৰে বাবে মংগল। তাকে ভাবি চলিহাই ইমান পৰে ষ্টাৰ্ট দি ৰখাই থোৱা গাড়ীখনৰ গিয়েৰ সলাই , ক্লাটছ এৰোতেই গাড়ীখন জপিওৱাৰ দৰে অদ্ভুত শব্দ  কৰি ঠাইতে ৰৈ গ’ল।

এইবাৰ কিন্তু হাজাৰ প্ৰচেষ্ঠাতো গাড়ীখন ষ্টাৰ্ট নহ’ল । মূৰৰ ওপৰত তেতিয়া বিজুলীৰ নাচোন । কান তাল মাৰি ধৰা গাজনি আৰু তাৰ লগে-লগে প্ৰচণ্ড বৰষুণ এজাক । সেই জয়াল পৰিবেশটোৱে অন্তৰাত্মা কঁপাই দিলে সুৰজিত চলিহা আৰু কমল নাথৰ । গাড়ীৰ ভিতৰতে নিজকে বন্দী কৰি আইনাৰে বাহিৰলৈ চাই ঈশ্বৰকে চিন্তি বহি থাকিল দুয়ো ।

আৰু তেতিয়াও পোন্ধৰ বছৰৰ আগৰ চিঠিখন অতি গৰ্বেৰে পিন্ধি লোৱা পুলিচৰ সাজযোৰৰ পকেটৰ পৰা উলিয়াই , হাতৰ মুঠিত লৈ, নিজৰ দায়িত্ব আৰু কৰ্তব্যক সুঁৱৰি কিবা এটা উচিত সিদ্ধান্ত লোৱাৰ মানসেৰে নিজৰ মাজতে ভাব বিভোৰ হৈ সময় কটাবলৈ ধৰিলে ইন্সপেক্টৰ হুছেইনে । বাৰে-বাৰে তেওঁৰ মনলৈ আহিল – সচাঁকৈ অনুৰাগৰ আত্মাই এইবোৰ কৰি আছে নেকি বাৰু ! আছে নেকি ভূত – প্ৰেত বা অপশক্তি ! ঈশ্বৰৰ শক্তিকো মষিমূৰ কৰিব পৰাকৈ শ্ৰেষ্ঠ হয় জানো সেই ভৌতিক অনুভৱ ! আজি যিবোৰ ঘটনা তেওঁলোকৰ লগত ঘটিছে এইয়া স্বাভাৱিক হয় নে ! যদি স্বাভাৱিক , একো বিসংগতি নোহোৱাকৈ চলি থকা গাড়ীখন কিয় মাজ ৰাস্তাতে ৰৈ গ’ল ! কি আছিল সেই হিম শীতল স্পৰ্শ ! কি হৈছিল প্ৰকৃততে কমল নাথৰ লগত !

উত্তৰবিহীন হাজাৰটা প্ৰশ্নই মগজুত ক্ৰিয়া কৰিবলৈ ধৰিলে হুছেইনৰ । লগতে মজিয়াত তলমুৰকৈ পৰি ৰোৱা চন্দ্ৰমিতা চলিহাৰ নিথৰ দেহাটোৰ ছবিখনো সমান্তৰালকৈ চকুৰ আগত ভাঁহি আহিল তেওঁৰ ।

ম’বাইলত সময়তো চালে হুছেইনে । পোহৰ হ’বলৈ তেতিয়াও বহু পৰ বাকী। গাড়ীখনৰ পিছৰ চিটটোত হয়তো ভয়তে কুচি-মুচি শুই পৰিছিল কমল নাথ । নাথক দেখি ভালেই পালে ইন্সপেক্টৰ হুছেইনে । মানুহজন ভীতিগ্ৰস্ত । খুব বেছি অশান্ত হৈ পৰিছে । শুই থকাই ভাল । অন্ততঃ অলপ সময়ৰ বাবে সেই ভৌতিক অনুভৱবোৰৰ পৰা আঁতৰি থাকিব পাৰিব ।

আনফালে সুৰজিত চলিহাই হনুমান চালিশাখন গুণগুণাই একেথৰে বাহিৰলৈ চাই ৰৈছে । বিজুলীৰ পোহৰত সুৰজিত চলিহাৰ সেমেকা চকুহাল আৰু টোপা টোপে সৰি পৰা ঘামৰ টোপালবোৰ স্পষ্টকৈ দেখা পালে  ইন্সপেক্টৰ হুছেইনে ।

অস্থিৰ হৈ পৰিল তেওঁ ।

খং উঠিল নিজৰ ওপৰতে ।

জানিবৰ তীব্ৰ বাসনা জাগিল – কোন এই অনুৰাগ ? এক অতৃপ্ত আত্মা , নে তেওঁলোকৰ মনৰ ভ্ৰম ?

______________________________________________

                                 (৮)

কমল নাথ তেতিয়াও টোপনিত লালকাল । ইন্সপেক্টৰ ইমদাদুল হুছেইন গাড়ীৰ দৰ্জাখন খুলি বাহিৰলৈ নামি আহিল । কেইটামান প্ৰভাতী পক্ষীয়ে কিচিৰ-মিচিৰ শব্দৰে নীৰৱতা ভংগ কৰি মুখৰিত কৰি তুলিলে পৰিবেশটো । চাহ গছৰ পাতবোৰে বৰষুণৰ পৰশত যেন প্ৰাণ পাই উঠিছে ! ইমান ভাল লগা এই সজীৱতা ,এই সেউজীয়াখিনি ! পিচে ৰাতিৰ অন্ধকাৰত কিমান যে ভয়ানক হৈ উঠিছিল বাগানখন , আৰু বাগানৰ ভিতৰৰ ওখ ওখ গছবোৰ। হেঁপাহ পলুৱাই সেই সজীৱ সুগন্ধিক বুকুলৈ উজাই ল’লে হুছেইনে ।

সুৰজিত চলিহা আৰু কমল নাথক সাহস দিবলৈকে দেখুৱাই সৱল হৈ আছিল যদিও, নিশাৰ ঘটনাবোৰে ইন্সপেক্টৰ হুছেইনকো আচলতে বিব্ৰত কৰি তুলিছিল । তেওঁৰ সাহসী মনটোও কোনোবা সময়ত দুৰ্বল হৈ পৰিছিল । মনৰ ভিতৰতে হুছেইনে ঈশ্বৰক সুঁৱৰি নেদেখাজনলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলে ।

সুৰজিত চলিহাই কমল নাথক হেচুকি জগাই মনৰ ফুৰ্তি প্ৰকাশ কৰিলে ।

: নাথ উঠক,  চাওক এইয়া পোহৰ হ’ল । আমি সুৰক্ষিত নাথ। বতৰো মুকলি হৈছে চাওকচোন । উঠক নাথ.. উঠক ।

চলিহাৰ মাতত খকমক কৈ উঠি বহিল হাবিলদাৰ কমল নাথ । চকু দুটা মোহাৰি চাৰিওফালে চাই প্ৰশান্তিৰ হাঁহি এটা ওঁঠযুৰিত বিয়পাই ল’লে তেওঁ আৰু বাহিৰলৈ ওলাই আহি এটা সৰু ল’ৰাৰ দৰে জপিয়াই-জপিয়াই ইফালে সিফালে দৌৰিবলৈ ধৰিলে । যেন মৃত্যুৰ কৱলৰ পৰা সুৰক্ষিত হৈ মুকলি আকাশৰ তলতহে উশাহ লৈছে তেওঁ ! ইমান পৰে মনতে পুহি ৰখা ভয়বোৰো যেন উৰা মাৰিলে ক’ৰবালৈ । দৌৰি আহি গাড়ীখনত লাগি থকা চাবিতো পকাই দিলে তেওঁ । লগে-লগে গাড়ীখন ষ্টাৰ্ট হ’ল ।

কি আচৰিত ! গোটেই ৰাতি ইমান যত্ন কৰাৰ পিছতো ষ্টাৰ্ট নোহোৱা গাড়ীখন এতিয়া ইমান সহজে ষ্টাৰ্ট হৈ গ’ল । তিনিও ইজনে-সিজনৰ মুখলৈ চাই মনত উদয় হোৱা প্ৰশ্ন কিছুমানৰ যেন উত্তৰ বিচাৰিবলৈ ধৰিলে !

ইন্সপেক্টৰ হুছেইনে নাথক পিছৰ চিটত বহিবলৈ কৈ, নিজেই ড্ৰাইভিং চিটত বহি ল’লে। তেওঁ জানিছিল নাথক এতিয়া অলপ মানসিক বিশ্ৰামৰ প্ৰয়োজন। কাৰণ গোটেই ৰাতি কুচি-মুচি ভয়তে লবেজান হৈ পৰি আছিল মানুহজন। মনৰ ভয় এতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাই নাথৰ । আনহাতে সুৰজিত চলিহাও ক্লান্ত , অৱশ ।

ড্ৰাইভিং চিটত বহি অলপ পৰ কিবা এটা ভাবি ইন্সপেক্টৰ হুছেইনে কমল নাথক প্ৰশ্ন কৰিলে..

: নাথ , লক্ষ্যস্থানলৈ মাত্ৰ ১২ কিলোমিটাৰৰ বাট । আপুনি আগুৱাই ন’গৈ ১৩৪ কিলোমিটাৰ পিছুৱাই ঘূৰি যাবলৈ বিচাৰিব নে লক্ষ্যস্থানলৈ গৈ উদ্দেশ্য সফল কৰাত আগ্ৰহ প্ৰকাশ কৰিব ? মই মোৰ সিদ্ধান্ত জাপি দিব নিবিচাৰোঁ। কিন্তু আপোনাৰ পৰা নিশ্চয় জানিব বিচাৰিম । কওক চোন ।

কমল নাথে সুৰজিত চলিহালৈ চালে। চলিহা যে নিশ্চিত ৰূপে ঘৰলৈকে যাবলৈ বিচাৰিব তাত কোনো সন্দেহ নাই । ইন্সপেক্টৰ হুছেইনেও অনুৰাগৰ ঘৰলৈ গৈ  চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ সত্য নিৰূপন কৰাৰেই ইচ্ছা পোষন কৰিব সেইয়াও ধুৰূপ । গতিকে তেওঁ অকলে এটা সিদ্ধান্ত লোৱা উচিত হ’ব জানো ! নিজৰ খাকী পোচাক যোৰলৈও চকু গ’ল তেওঁৰ । কৰ্তব্য আৰু দায়িত্বৰ পথ চোৱাত কোনো বাধাকে নামানিবলৈ দৰাচলতে সংকল্পবদ্ধ তেওঁলোক । পিছ হুহুকি নিজৰ দুর্বলতাক প্ৰশ্ৰয় দিয়াটো যথোচিত কেতিয়াও নহয় । অগত্যা মনলৈ সাহস গোটাই তেওঁ অনুৰাগৰ ঘৰলৈ যাবলৈকে মন মেলিলে । দিনৰ পোহৰে তেনে এটি সিদ্ধান্ত লোৱাত যথেষ্ট  সাহস দিলে তেওঁক ।

ফৰকাল হৈ পৰিল ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ মনটো । মুকলি মন এটাৰে তেওঁ গাড়ী আগবঢ়াই নিলে অনুৰাগৰ ঘৰলৈ বুলি। যিমানেই আগুৱাই গ’ল পোহৰৰ তীব্ৰতাও বাঢ়ি আহিল । সন্মুখত এতিয়া সকলোবোৰ স্পষ্ট হৈ পৰিছে । আঁতৰত দুই এখন বাগানৰ গাড়ী চকুত পৰিল তেওঁলোকৰ । দুই এজন মানুহো  ইতিমধ্যে প্ৰাত:ভ্রমনৰ উদ্দেশ্যে ৰাস্তালৈ ওলাই আহিছে।

কিন্তু আচৰিতভাৱে আধা কিলোমিটাৰমান আগুৱাই অহাৰ পিছৰে পৰা ৰাতিৰ ইমান জাক বৰষুণৰ কোনো উম ঘাম দেখা নাপালে তেওঁলোকে । বিপৰীতে ৰাস্তাৰ ধূলিবোৰ কুণ্ডলী পকাই উৰিবলৈ ধৰিলে । এইয়া সম্ভৱ জানো ? সেই প্ৰচণ্ড বৰষুণজাকে, সেই কাণ তাল মৰা বিজুলী গাজনিবোৰে অকল আধা কিলোমিটাৰৰ ব্যাসাধ্যকহে সামৰি লৈছিল নে ?

অপশক্তিসমূহ নিশাৰ অন্ধকাৰত বোলে অধিক সক্ৰিয় হৈ উঠে। আশে-পাশে কোনো অপশক্তিৰ ছায়া থাকিলে সেই ঠাইখিনিৰ বাতাবৰণ অদ্ভুত ধৰণে সলনি হয় । হয়তো খুব বেছি ঠাণ্ডা হৈ পৰে , নাইবা অতি বেছি গৰম হৈ উঠে । ভৌতিক ঠাইবোৰত বৈদ্যুতিক তৰঙ্গবোৰো বেছিকৈ অনুভৱ হয় ।

ইন্সপেক্টৰ হুছেইন আৰু কমল নাথে অনুভৱ কৰা সেই হিম শীতল স্পৰ্শ, অতিমাত্ৰা গৰমত ঘামি জেপজেপিয়া হৈ পৰা সুৰজিত চলিহা ,বিজুলীৰ ভয়লগা নাচোন.. এইবোৰ কিবা অপশক্তিৰ প্ৰভাৱতেই ঘটা ঘটনা আছিল নেকি বাৰু !

ভূত প্ৰেতক বিশ্বাস নকৰিলেও আত্মাৰ অস্তিত্বক বিশ্বাস কৰি চাবলৈ মন গ’ল ইন্সপেক্টৰ হুছেইনৰ। বিজ্ঞান সত্যৰ ওপৰত প্ৰতিষ্ঠিত। বিজ্ঞানৰ লগত যদিও আত্মাৰ অস্তিত্বৰ কোনো সম্পৰ্ক নাই, কিন্ত্ত যুগ যুগ ধৰি আধ্যাত্মিকতাবাদে আত্মাৰ অস্তিত্বক বিশ্বাস কৰি আহিছে । আত্মা হ’ল এক ঐশ্বৰিক সত্বা । আধ্যাত্মিকতাৰ আৱৰণত সোমাই থকা ই এক গভীৰ জৈৱমনঃস্ততিক চেতনা । সেই গভীৰ চেতনাবোধটো আমাৰ মানসিক চেতনাৰেই এক অংশ। যাক মানুহে ভূত প্ৰেতৰ আখ্যা দিব বিচাৰে । গতিকে আত্মাৰ অস্তিত্বই কেতিয়াবা অজানিতে ক্ৰিয়া কৰি যাব পাৰে আমাৰ মন মগজুত । যোৱা নিশাৰ সেই অস্বাভাৱিকতাও হয়তো অনুৰাগৰ অতৃপ্ত আত্মাই অনুভৱ কৰোৱা এক মানসিক চেতনাই আছিল ।

ইন্সপেক্টৰ হুছেইনে নিজৰ ভিতৰতে কথাবোৰ জুকিয়াই চালে । মনটো গধুৰ হৈ পৰিল তেওঁৰ ।

কথাবোৰ চিন্তা কৰি থাকোতেই তেওঁলোক আহি অনুৰাগৰ ঘৰৰ ওচৰত উপস্থিত হ’লহি । পিচে সকলোৰে আলোচনামৰ্মে প্ৰথমে সুৰজিত চলিহাৰ ঘৰতে ক্ষনিক বিশ্ৰাম লোৱাৰ কথা চিন্তা কৰিলে তেওঁলোকে।

______________________________________________

                                 (৯)

বাহিৰত গাড়ী ৰোৱাৰ শব্দ শুনি ঢপলিয়াই ওলাই আহিল সুৰজিত চলিহাৰ পত্নী তৃষা । ওৰেটো  নিশা তেওঁও বৰ চিন্তাৰে পাৰ কৰিলে । আধা ঘণ্টাৰ ভিতৰতে গৈ পামগৈ বুলি লাষ্ট ফোন ক’লটোত খবৰ দিয়া মানুহজনৰ লগত  নিশা কোনো ধৰণৰ যোগা-যোগ হোৱা নাই তেওঁৰ । প্ৰতি পাচঁ মিনিটৰ অন্তৰে-অন্তৰে তৃষাই হয়তো ফোন কৰি চাইছিল সুৰজিত চলিহালৈ। বাৰে-বাৰে মোবাইল চুইটছ অ’ফ দেখুৱাইছিল । এনেকুৱা সময়বোৰত  ভাল চিন্তা এনেয়ো মনলৈ নাহে । তাতে আগৰাতি ঘৰখনৰ একমাত্ৰ ছোৱালীজনীৰ সেই অস্বাভাৱিক মৃত্যুৰ ঘটনাটো সংঘটিত হৈছে ।

যিয়েই নহওক  ঘৰৰ চোতালত ইন্সপেক্টৰ হুছেইন, হাবিলদাৰ কমল নাথ সহ সুৰজিত চলিহাক গাড়ীখনৰ পৰা সুকলমে নামি অহা দেখা পাইহে তৃষাৰ মনটো ভাল লাগিল  ।

থুলমুলকৈ তৃষাক নিশাৰ ঘটনাবোৰৰ বৰ্ণনা দি সুৰজিত চলিহাই ইন্সপেক্টৰ হুছেইন আৰু নাথৰ বাবে লৰালৰিকৈ খোৱাৰ যোগাৰ কৰিবলৈ ক’লে । ভাগৰে তিনিওকে হেঁচা মাৰি ধৰিছিল । তথাপিও এতিয়া আৰাম কৰাৰ সময় একেবাৰেই নহয় । ইন্সপেক্টৰ হুছেইনৰ প্ৰথম আৰু একমাত্ৰ উদ্দেশ্যই হ’ল অনুৰাগৰ ঘৰলৈ গৈ চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ প্ৰকৃত সত্যৰ বুজ লোৱা । মানুহগৰাকীয়ে যে আত্মহত্যা কৰা নাই সেইয়া নিশ্চিত । পিছে তেওঁক হত্যা কৰা হৈছে বুলিও দেখোন হুছেইনৰ মনে মানি ল’ব বিচৰা নাই । কাৰণ, মুখেৰে প্ৰকাশ কৰা নাই যদিও ইতিমধ্যে তেওঁ মানি লৈছে – চন্দ্ৰমিতা চলিহাৰ কোনো জীৱিত ব্যক্তিৰ হাতত প্ৰাণ যোৱা নাই । এইয়া প্ৰকৃততে অনুৰাগৰ অতৃপ্ত আত্মাৰ দ্বাৰাই সংঘটিত হৈছে । কিন্তু এইয়া জানো সম্ভৱ ?

সেই গোপন সত্যটো উদ্ঘাটনৰ বাবেই অনুৰাগৰ বিষয়ে সবিশেষ জনাতো ভীষণ জৰুৰী হৈ পৰিছে ।

বাহিৰৰ কোঠাত কাৰোবাৰ কথোপকথন শুনা পাই  সুৰজিত চলিহাৰ মাতৃ থৰক-বৰক খোজেৰে সেইখিনি পালেহি ।

: কোন আহিছে অ’ বোৱাৰী । আমাৰ মিতা নেকি ?  যোৱাকালিৰে পৰা ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছে দেখোন । জানো পাই ঠিকে আছে নাই । বহুত দিন ঘৰলৈও অহা নাই।

মাকৰ মন । সন্তানৰ বিপদৰ উমান জন্মদাত্ৰী মাতৃগৰাকীয়ে আগতিয়াকৈ গম পাই চাগৈ । সেয়েহে ঢাল এখনৰ দৰে ঠিয় দি সন্তানক সেই বিপদৰ পৰা ৰক্ষা কৰিবলৈ যত্নবান হয় । কিন্তু আজি এগৰাকী মাতৃয়ে নোৱাৰিলে ঢাল হৈ একমাত্ৰ জীয়েকক মৃত্যুৰ মুখৰ পৰা বচাই আনিব । আনকি জীয়েক যে বৰ্তমান এই পৃথিৱীত নাই সেই বিষয়েও একো উমানেই পোৱা নাই মানুহগৰাকীয়ে। বোৱাৰীয়েক তৃষাক উদ্দেশ্যি মাকে কোৱা কথাখিনি শুনা পাই পুলিচৰ ড্ৰেচ পৰিহিত হুছেইন আৰু নাথক দেখা পালে তেওঁৰ মনত সন্দেহ জাগিব পাৰে বুলিয়েই চলিহাই লৰালৰিকৈ মাকক সেইখিনিৰ পৰা ওভোটাই আনিলেগৈ । চকুৰে ভালদৰে মনিব নোৱাৰে যদিও ওচৰৰ পৰা দেখিলে দুজনকৈ পুলিচ বিষয়াক মাকে যে ভালদৰেই চিনি পাব জানিছিল তেওঁ ।

: মিতা নাই অহা মা । মোৰহে অফিচৰ বন্ধু দুজন আহিছে । তুমি দেউতাৰ ওচৰতে থাকাগৈ যোৱা । মিতালৈ ফোন কৰি মই তাইৰ খবৰ ল’ম বাৰু ।

দুচকু ভৰি পৰিল সুৰজিত চলিহাৰ। মাক-বাপেকক তেওঁলোকৰ একমাত্ৰ জীয়ৰীৰ মৃত্যুৰ বিষয়ে সকলোবোৰ জনাবই লাগিব । কিন্তু এই মুহূৰ্তত তেওঁ প্ৰকৃত সত্য উদ্ঘাটনলৈ বাট চোৱাৰ কথাই ভাবিছে ।

তৃষাই যুগুতাই দিয়া চাহ কাপ হাতত লৈ সোহা মাৰোতেই ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ ফোনটো বাজি উঠিল । কাপটো থৈ তেওঁ পকেটৰ পৰা ফোনটো উলিয়াই ল’লে । চন্দ্ৰমিতা চলিহাৰ প’ষ্ট মৰ্টেমৰ  ৰিপৰ্টতো জনাই হস্পিটেলৰ পৰা ডাক্তৰ মেধিয়ে ফোন কৰিছে ।

ৰিপৰ্ট মতে মিচ চলিহাৰ ইন্টাৰনেল ইঞ্জিউৰী আছিল । বাহিৰৰ পৰা চকুত পৰা ধৰণে একোৱেই নাছিল যদিও , তেওঁৰ স্পেইনেল ক’ৰ্ডডাল দুটুকুৰা হৈ ভাঙি আছিল । এনে লাগিছিল তেওঁৰ ডিঙিত যেন পিছফালৰ পৰা কোনোবাই খুব জোৰেৰে প্ৰহাৰ কৰিছিল । ফলত  মুখখন তললৈ কৰি পৰি গৈছিল মানুহগৰাকী। সেই হিচাপত তেওঁৰ মুখমণ্ডল গুৰুতৰভাৱে জখম হ’ব লাগিছিল । পিছে মিছ চলিহাৰ দেহত কোনো ধৰণৰ জখমৰ চিন পৰিলক্ষিত নোহোৱা বিষয়টোত স্বাভাৱিকতে বিপাঙত পৰিছে তেওঁলোক । আনকি তেওঁৰ নিথৰ শৰীৰটোত বা তেওঁৰ লাচটো উদ্ধাৰ হোৱা কোঠাটোত দ্বিতীয় কোনো ব্যক্তিৰ ফিংগাৰ প্ৰিন্টও উপলব্ধ হোৱা নাই ।

তাৰোপৰি মিচ চলিহাৰ মেডিকেল ৰিপৰ্টত তেওঁ এগৰাকী নিৰোগী মহিলা বুলিয়েই উল্লেখ আছে । পঞ্চলিশৰ দেওনা পাৰ কৰিলে যদিও প্ৰেচাৰ, থাইৰয়ড বা ডায়েবেটিচৰ দৰে বেমাৰে তেওঁক আক্ৰমণ কৰিব পৰা নাই । তেনেস্থলত মুখৰ পৰা ফেন ওলাই থকা কথাটোতও বিপাঙত পৰিছে প’ষ্ট মৰ্টেমৰ দায়িত্বত থকা টিমতো।

দৰাচলতে এটা হেলডি লাইফত অভ্যস্ত এগৰাকী বিন্দাচ মহিলা আছিল চন্দ্ৰমিতা চলিহা । অকলশৰীয়া আছিল যদিও কোনো ধৰণৰ ডিপ্ৰেচনৰ চিকাৰ হোৱা নাছিল তেওঁ । সদায় হাঁহি ফুৰ্তিৰে এটা স্বাস্থ্যকৰ পৰিবেশত তেওঁ নিজকে খাপ খুৱাই লৈছিল । সেইখিনি কথা তেওঁৰ প্ৰতিবেশীসকলৰ পৰাই হওক বা তেওঁৰ সহকৰ্মী বন্দিতা বৰুৱা নাইবা ডেলিভাৰী বয় সমৰ আৰু চলিহাৰ মৃত শৰীৰটোৰ প্ৰথমজন প্ৰত্যক্ষদৰ্শী সেই হ’কাৰ জন নৃপেন.. সকলোৰে মুখে ইতিমধ্যে শুনা পাইছে হুছেইনে ।

ডঃ মেধিক মিচ চলিহাৰ লাচটো তেওঁলোকৰ জিম্মাতে ৰাখিবলৈ কৈ ম’বাইলটো পকেটত ভৰোৱাৰ চলেৰে আকৌ এবাৰ সেই পোন্ধৰ বছৰীয়া পুৰণি চিঠিখন পকেটৰ পৰা উলিয়াই একে উশাহে পঢ়ি পেলালে তেওঁ ।

” মোৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় । মই তোমালৈ অপেক্ষা কৰিম মিতা ।”

লাইন কেইটাত কেইবাবাৰো চকু ফুৰালে তেওঁ।

অনুৰাগ.. এটা যেন জটিল সাঁথৰ।

পোন্ধৰ বছৰৰ আগতে আচলতে কি ঘটিছিল অনুৰাগৰ জীৱনত ? ক’ত হেৰাই গ’ল তেওঁ? যদি চিঠিত উল্লেখ কৰাৰ দৰে তেওঁৰ ইতিমধ্যে মৃত্যু ঘটিছে, কিয় কথাটো কোনেও গম পোৱা নাই ? কিয় উদ্ধাৰ নহ’ল ইমান বছৰে তেওঁৰ শৰীৰটো? নে চিঠিৰ কথাবোৰ মিছা। অনুৰাগ এতিয়াও জীয়াই আছে নেকি আৰু চন্দ্ৰমিতাক নিজৰ কৰিব নোৱাৰি প্ৰতিশোধৰ জুইকুৰাত জ্বলি পুৰি  অৱশেষত তেওঁক হত্যাই কৰি পেলালে ? যদি হত্যাই কৰিলে চন্দ্ৰমিতাৰ শৰীৰত কিয় প্ৰকট নহ’ল কোনোবাই হত্যা কৰিলে স্বাভাৱিকতে থাকিব লগা চিন মোকামবোৰ ?

অনুৰাগ কি সঁচাই এক অতৃপ্ত আত্মা ।

জগতৰ জটিলতাৰ যেন কোনো দিনাই অন্ত নপৰিব । বিজ্ঞান যিমানেই আগবাঢ়ি গৈ আছে জগতৰ জটিলতায়ো যেন সমানে সমানে ফেৰ মাৰি গৈ আছে। এটা ৰহস্যৰ উদ্ঘাটনৰ লগে লগে আন দহটা ৰহস্যই হাত বাউল দি মাতে । অনুৰাগে ও যেন হুছেইনক আৰু এক গভীৰ ৰহস্যৰ গাণ্ডীলৈ ঠেলা মাৰি সোমোৱাই নিছে!

প’ষ্ট মৰ্টেম ৰিপৰ্টতোয়ে বহু কথাই স্পষ্ট কৰি দিলে হুছেইনক । এতিয়া সেইখিনি সত্য বুলি তথ্য সহিত প্ৰমাণ পালেহে চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ ৰহস্য ফাদিল হ’ব ।

ডঃ মেধিৰ ফোন ক’লটোয়ে একপ্ৰকাৰে অস্থিৰ কৰি তুলিলে ইন্সপেক্টৰ হুছেইনক । চাহ কাপ আধা খোৱাকৈ এৰি নাথক গাড়ীলৈ আহিবলৈ কৈ নিজেই ড্ৰাইভিং চিটত বহি ল’লে তেওঁ । পিছে পিছে কমল নাথো দৌৰি অহাদি আহি হুছেইনে ষ্টাৰ্ট দি ৰখা গাড়ীখনত উঠি ল’লে ।

: চাৰ কিবা সম্ভেদ পাইছে নেকি । এইদৰে খৰাখেদাকৈ ওলাই আহিল যে?

সুধোঁ নুসুধোঁকৈ ভয়ে-ভয়ে কথাষাৰ সুধি  ইন্সপেক্টৰ হুছেইনৰ মুখলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল কমল নাথ।

: এতিয়া প্ৰতিটো মুহূৰ্তই আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নাথ । আমি আবাবত খৰছ কৰিব নোৱাৰো । এতিয়াই অনুৰাগৰ ঘৰলৈ যাব লাগিব । অনুৰাগৰ বিষয়ে নজনালৈকে এই কেচটোৰ মীমাংসা নহয় ।

তেনেকুৱাতে সুৰজিত চলিহাও খৰখেদাকৈ আহি গাড়ীখনৰ ওচৰ পালেহি । তেৱোঁ মনৰ কৌতুহল দমাব নোৱাৰি ইন্সপেক্টৰ হুছেইনৰ পৰা সেই বিশেষ ফোন ক’লটোৰ বিষয়ে জানিব বিচাৰিলে ।

:  চাৰ এনি থিং চিৰিয়াছ ? আপুনি চাহ কাপ আধা খায়েই উঠি আহিল যে ?

: ইয়েচ চলিহা। ডঃ মেধি ইনফ’ৰ্মস মি এবাউট দ্য প’ষ্ট মৰ্টেম ৰিপৰ্ট এণ্ড ডা ৰিপৰ্ট চেইজ ডেট ডেয়াৰ ইজ চাম মেজ’ৰ ইন্টাৰনেল ইঞ্জিউৰী অন মিচ চলিহাজ বডী। হাৰ স্পেইনেল ক’ৰ্ড ৱাজ ট’টেলি ব্ৰ’কেন এজ চামওৱান হিটছ হাৰ ফৰ্ম বেক ৱিথ চাম হেভি ইকুইপমেণ্টচ। হি চাচপেক্টচ ডেট ইট ইজ অ্য মাৰ্ডাৰ কেচ । বাট দ্য ষ্ট্ৰেনজ পাৰ্ট এবাউট দ্য কেচ ইজ ডেট অল হাৰ ইঞ্জিউৰীজ ৱেৰ অ’নলি ইণ্টাৰনেল । ডেয়াৰ ৱাজ ন’ট ইভেন অ্য স্ক্ৰেট্স এট দ্য বেক অৱ হাৰ নেক অ’ৰ অন দ্য আডাৰ পাৰ্টচ অৱ হাৰ বডী ।

: হাও ইজ ইট প’জিবল ?

বেক ব’ন ভাঙি গৈছে অথচ বাহিৰত কোনো ধৰণৰ চিন মোকাম নাই !

: তাকেইতো আচৰিত । কেনেকৈ বিশ্বাস নহ’ব কওক এইয়া কোনো অপশক্তিৰে কাম বুলি । আৰে সদায় তথ্য আৰু যুক্তি খেদি ফুৰা মই হেন মানুহটোৰো যুক্তিৰ পাহাৰটো আজি খহি পৰিব ধৰিছে । দুই নাও দুই ভৰি অৱস্থা হৈছে মোৰ । ব’লকচোন বাৰু অনুৰাগৰ ঘৰলৈ  গৈ গম লওঁ কথাবোৰ ।

চিন্তাৰ সাগৰ এখন মনতে লৈ ইন্সপেক্টৰ হুছেইনে অনুৰাগৰ ঘৰ অভিমুখে গাড়ী চলাই নিলে । সুৰজিত চলিহাৰ ঘৰৰ পৰা কমেও তিনি কিলোমিটাৰৰ ব্যৱধানত অনুৰাগৰ ঘৰখন । অসম আৰ্হিৰ ঘৰটোৰ সন্মুখত পৰিপাটিকৈ ৰখা এখন সৰু ফুলনী । ঘৰটোৰ ঠিক কাষতে ৰাস্তাৰ পৰা চকুত পৰাকৈ এটা সৰু গোহালি ।

ইন্সপেক্টৰ হুছেইনে লোহাৰ গেটখনৰ সন্মুখত গাড়ীখন ৰখালে । সুৰজিত চলিহা নামি গৈ গেটখন খুলি দিওঁতেই ভিতৰৰ পৰা পঞ্চাশ উৰ্ধৰ মানুহ এজন ওলাই আহিল । পুলিচৰ গাড়ীখন সন্মুখত দেখি অলপ আচৰিতেই হ’ল তেওঁ । ইফালে-সিফালে চাই মানুহজন গাড়ীখনৰ দিশে আগবাঢ়ি আহিল । তেখেতে কিবা কোৱাৰ আগতেই  ইন্সপেক্টৰ হুছেইনে নিজেই প্ৰশ্ন কৰিলে..

: আপুনি ? অনুৰাগৰ ককায়েক ?

: হয় চাৰ। মই অনুব্ৰত বৰুৱা । অনুৰাগ বৰুৱাৰ ককায়েক । কওকচোন পিচে কিয় আহিলে ? ভাইটিৰ কিবা সম্ভেদ পাইছে নেকি? ক’ত আছে সি ?

কৌতূহলেৰে সুধিলে অনুব্ৰত বৰুৱাই ।

: আহকচোন ভিতৰলৈ। কথা অলপ পাতিব ল’গা আছে ।

ইন্সপেক্টৰ হুছেইনে কথা কেইটা কৈ ভিতৰলৈ বুলি অগ্ৰসৰ হ’ল আৰু তেওঁক অনুসৰণ কৰি অনুৰাগৰ ককায়েক অনুব্ৰত বৰুৱা, হাবিলদাৰ কমল নাথ আৰু সুৰজিত চলিহাও আগবাঢ়িল ।

গ্ৰীল লগোৱা সৰু বাৰাণ্ডা এখন পাৰ হৈ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে তেওঁলোকে । দুৱাৰ মুখত ভৰি দিওঁতেই এক অবুজ শিহৰণত জিকাৰ খাই উঠিল ইন্সপেক্টৰ হুছেইনৰ সৰ্বশৰীৰ । সেই হিমচেচাঁ বতাহজাকে পুনৰ যেন চুই গ’ল তেওঁৰ সৰ্বশৰীৰ । হুছেইনে হাবিলদাৰ নাথ আৰু সুৰজিত চলিহালৈ মন কৰিলে । তেওঁলোকক নৰ্মেল যেনেই দেখা গ’ল ।

স্বভাৱজাত গাম্ভীৰ্য্যতাৰে তেওঁ ভিতৰলৈ সোমাই গ’ল আৰু ইফালে-সিফালে চাই কোঠাটোত থকা চ’ফাখনত বহি পৰিল। বিশেষ জাকজমক নোহোৱা কোঠাটোত দুখনমান পেইণ্টিংৰ লগতে দেখনিয়াৰ ডেকা ল’ৰা এজনৰ ফটো এখন ধুনীয়াকৈ বন্ধাই আঁৰি ৰখা হৈছে । ফটোখনলৈ চাই ইন্সপেক্টৰ হুছেইন নিশ্চিত হ’ল যে – সেই যুৱকজন আন কোনো নহয় । অনুব্ৰত বৰুৱাৰ ভায়েক, চন্দ্ৰমিতা চলিহা হত্যাকাণ্ডৰ আনুমানিক অভিযুক্ত অনুৰাগ বৰুৱাই হ’ব ।

তথাপিও ফটোখনত চকু থৈ ইন্সপেক্টৰ হুছেইনে অনুব্ৰত বৰুৱাক সুধিলে।

: এখেত ?

: মোৰ একমাত্ৰ ভাইটি অনুৰাগ বৰুৱা ।

: ক’ত আছে তেওঁ ?

: যোৱা পোন্ধৰটা বছৰে সি সন্ধানহীন হৈ আছে চাৰ । ক’ত গ’ল , কি হ’ল , একো নাজানো । সি ঘৰ এৰি গুছি গৈছে ।

: কেনেকৈ জানিলে তেখেতে ঘৰ এৰি গৈছে । কি কাৰণত? কিজানি তেওঁৰ ইতিমধ্যে মৃত্যু ঘটিছে । কিজানি এতিয়াও ক’ৰবাত আত্মগোপন কৰি লুকাই আছে । আপোনালোকে পুলিচক ৰিপৰ্ট কৰিছিল নে ?

: নাজানো চাৰ। সৰুৰে পৰা সি খুব কম কথা কৈছিল । অলপ লাজকুৰীয়া আছিল মোৰ ভাইটিতো । মা-দেউতাৰ বৰ মৰমৰ আছিল সি । মনত থকাত তাৰ লগত তেনে একোৱেই হোৱা নাছিল যে সি ঘৰ এৰি গুচি যাব লগা হ’ল । সি যোৱাৰ সময়ত দেউতাৰ বিচনাতে দুই শাৰীৰ চিঠি এখন লিখি থৈ গৈছিল । তেতিয়াহে আমি গম পাইছিলো সি যে গুচি গৈছিল । লগে-লগে আমি পুলিচ থানাত ৰিপৰ্ট কৰিছিলো । তেওঁলোকেও একো সম্ভেদ উলিয়াব নোৱাৰিলে তাৰ । ইমান বছৰে ঘূৰি নহাত বৰ্তমান সি জীৱিত অৱস্থাত নাই বুলিয়েই মানি লৈছো আমি ।

কথাখিনি কৈ চকুৰ কোণ দুটা আঙুলিৰ মূৰেৰে হেঁচি ধৰিলে অনুব্ৰত বৰুৱাই ।

অলপ সময় নীৰৱে ৰৈ ইন্সপেক্টৰ হুছেইনে এইবাৰ সুৰজিত চলিহাক আঙুলিয়াই দেখুৱাই পুনৰ অনুব্ৰত বৰুৱাক প্ৰশ্ন কৰিলে..

: এখেতক চিনি পাইছেনে ?

ক্ষণিক চলিহালৈ দৃষ্টি দি অনুব্ৰত বৰুৱাই দৃঢ়তাৰে কৈ উঠিল ..

: পাইছোঁ চাৰ । এখেত ইয়াৰে । বিনোদ চলিহা খুৰাৰ ল’ৰা সুৰজিত । বহুত দিন দেখা-দেখি হোৱা নাছিল বাবে প্ৰথমে ধৰিব পৰা নাছিলোঁ ।

সুৰজিত চলিহাই অনুব্ৰত বৰুৱালৈ চাই মিচিকিয়া হাঁহি এটিৰে তেওঁৰ অনুমান যে সত্য তাকে বুজাই কৈ উঠিল ..

: হয় ওচৰতে যদিও কৰ্ম ব্যস্ততাই অচিনাকী যেন কৰি পেলাইছে আমিবোৰক । আপুনি ঠিকেই ধৰিব পৰিছে – মই বিনোদ চলিহাৰ ল’ৰা সুৰজিত ।

: তাৰ বাদেও এখেতৰ বেলেগ এটা চিনাকিও আছে । এখেতৰ বায়েক চন্দ্ৰমিতা চলিহা আপোনাৰ ভাইটিৰ ভাল বান্ধৱী আছিল । বৰ্তমান তেওঁ এই জগতত নাই । পৰহি নিশা তেখেতৰ মৃত্যু হৈছে আৰু দুৰ্ভাগ্যবশত:  ইমান বছৰে সন্ধানহীন হৈ থকা আপোনাৰ ভাইটিৰ নাম এই দুৰ্ঘটনাটোৰ লগত জড়িত হৈ পৰিছে। তাৰেই তদন্তৰ বাবে আমি ইয়ালৈ আহিবলগীয়া হ’ল ।

ইন্সপেক্টৰ হুছেইনে থুলমূলকৈ তেওঁলোকৰ অহাৰ উদ্দেশ্য ব্যাখ্যা কৰি কোঠাটোৰ ইফালে-সিফালে সন্ধানী দৃষ্টিৰে চাবলৈ ধৰিলে ।

_______________________________________________

                                (১০)

: কি কৈছে ? অনুৰাগ এটা মৃত্যুৰ ঘটনাত জড়িত হৈ পৰিছে? মানে অনুৰাগ এতিয়াও জীয়াই আছে চাৰ ? তাক লগ পাইছে নেকি আপোনালোকে?

: আচলতে তাকেই জানিবলৈকে ইয়ালৈ আহিব লগা হ’ল আমি । আচ্ছা কওকচোন কোন কোন আছে আপোনালোকৰ ঘৰত ।

ইন্সপেক্টৰ হুছেইনে এইবাৰ চ’ফাখনৰ পৰা উঠি অনুৰাগৰ ফটোখনৰ একেবাৰে তলতে ৰৈ ফটোখনত দৃষ্টি ৰাখি অনুব্ৰত বৰুৱাক প্ৰশ্ন কৰিলে ।

: মা – দেউতা , মোৰ পত্নী আৰু ল’ৰা এটা । চাৰিটি প্ৰাণী আমাৰ ঘৰখনত ।

: আপুনি কি কৰে ?

: মই ভাৰতীয় খাদ্য নিগমৰ এজন কৰ্মচাৰী ।

: অনুৰাগে ঘৰ এৰি যোৱা সেই বিশেষ দিনটোৰ কথা জনাব নেকি ! হঠাৎ এনে কি হৈছিলনো যে তেওঁৰ নিজৰ ঘৰখনৰ প্ৰতিয়েই মোহভংগ হ’ল! কি পৰিস্থিতিয়ে তেওঁক এনে কৰিবলৈ বাধ্য কৰিলে, কিবা অনুমান কৰিব পৰিছিল নে আপোনালোকে ?

: আমি সকলো আচৰিত হৈছিলো চাৰ । অকল আমাৰ ঘৰখনেই নহয় আমাৰ মিতিৰ-কুটুম্ব, ওচৰ চুবুৰীয়া আনকি অনুৰাগক যিসকলে জানিছিল তেওঁলোকো। সি সৰুৰে পৰা খুব অমায়িক আৰু নিৰ্জু প্ৰকৃতিৰ ল’ৰা আছিল । নিজৰ পঢ়া-শুনাৰ লগতে ব্যস্ত থাকিছিল । কিয় সি তেনে পদক্ষেপ লব ল’গা হ’ল এইয়া আমাৰ বাবে এতিয়াও দুৰ্ভেদ্য সাঁথৰ । সেই সময়ত অসমৰ সুৰক্ষাৰ স্বাৰ্থত বহুত ল’ৰাই আলফা স্বাধীন সংগঠনত স্ব-ইচ্ছাৰে যোগদান কৰিছিল । আমি ভাবি লৈছিলো সিও চাগৈ সকলোৰে অজ্ঞাতে উক্ত সংগঠনতে যোগদান কৰিলে । কিন্তু সুদীৰ্ঘ পোন্ধৰ বছৰে সি কোনো প্ৰকাৰে আমাৰ লগত যোগাযোগ নকৰা বিষয়টোয়েহে আমাক ভাবিবলৈ বাধ্য কৰিছে যে সি হয়তো জীয়াই থকা নাই ।

: তেওঁ যে এখন চিঠি লিখি যোৱাৰ কথা কৈছিল !

প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল হুছেইনে অনুব্ৰত বৰুৱাৰ মুখলৈ ।

: এতিয়াও আছে চাৰ। ৰ’ব মই দেখুৱাইছোঁ।

চিঠিখন আনিবলৈ বুলি ভিতৰৰ কোঠালৈ সোমাই যোৱা অনুব্ৰতক উদ্দেশ্যি ইন্সপেক্টৰ হুছেইনে তেখেতৰ ঘৰৰ বাকীকেইজন সদস্যকো মাতি দিবলৈ অনুৰোধ জনালে ।

অনুব্ৰত বৰুৱাই হাততে সৰু কাগজৰ টুকুৰা এটা লৈ পিতৃ-মাতৃ, পত্নী-পুত্ৰসহ ড্ৰয়িং ৰুমলৈ ওলাই আহিল আৰু ইন্সপেক্টৰ হুছেইনৰ হাতত চিঠিখন তুলি দিলে ।

” মই আহিলো দেউতা । মোৰ বাবে চিন্তা নকৰিব । মোক বিচাৰিও নাযাব । ভালে থাকিব আপোনালোক ।”

দেউতাকক উদ্দেশ্যি লিখা মাত্ৰ দুশাৰীৰ চিঠিখনৰ হাতৰ আখৰবোৰ চন্দ্রমিতা চলিহাৰ লাচটোৰ লগত পোৱা চিঠিখনৰ লগত যেন বহুখিনি মিল আছে । মাত্ৰ এইখন চিঠিৰ আখৰকেইটা পৰিপাটিকৈ লিখা আৰু আনখন চিঠি দেখি অনুমান হয় সেইখন যেন খুব অস্থিৰতাৰে খৰধৰকৈ কোনোবাই লিখি পেলাইছিল । মনেৰে দুয়োখন অনুৰাগে লিখা বুলি বিশ্বাস কৰিলেও পুলিচে প্ৰমাণৰ ভিত্তিতহে কথাবোৰ মানি লয় । ইন্সপেক্টৰ হুছেইনে দুয়োখন চিঠি ফ’ৰেণ্সিক লেবেৰ’টৰিলৈ পঠোৱাৰ কথা ভাবিলে ।

অনুৰাগৰ মাক দেউতাকেও অনুব্ৰত বৰুৱাই কোৱা একেখিনি কথাই ইন্সপেক্টৰ হুছেইনক জানিবলৈ দিলে । পোন্ধৰ বছৰৰ আগতে অনুৰাগে ঘৰ এৰি যাওঁতে অনুব্ৰত বৰুৱা অবিবাহিত আছিল । গতিকে তেওঁৰ পত্নীযে কথাবোৰ নীৰৱে শুনি ৰ’ল ।

এইবাৰ হাবিলদাৰ কমল নাথে সকলোকে আচৰিত কৰি হঠাৎ সুধি পেলালে..

: আপোনালোকৰ ঘৰত ভূত ওলাই নে ?

নাথৰ কথাত ভয়াতুৰ দৃষ্টিৰে ইজনে-সিজনৰ মুখলৈ চাবলৈ ধৰিলে । আৰু অনুব্ৰত বৰুৱাৰ দহ বছৰীয়া ল’ৰা কাম্যব্ৰতে কৈ উঠিল..

: কেতিয়াবা কিবাকিবি আচৰিত ঘটনা হৈ থাকে আমাৰ ঘৰত ।

: মানে ?

ইন্সপেক্টৰ হুছেইন সচকিত হৈ উঠিল।

: খুৰাৰ ৰূমটোত কিবাকিবি শব্দ হৈ থাকে । দিনত গম নাপাওঁ । ৰাতি শব্দবোৰ বেছি হয় । দেউতাই নিগনিয়ে খুৰাৰ বস্তুবোৰ কুটিছে বুলি মাজে-মাজে ৰূমটো চাফা কৰি থাকে।  কিন্তু নিগনি নোলায় । নিগনীয়ে বস্তু কূটা হ’লে টুকুৰাবোৰতো পালো হয় । মই খুৰাৰ ৰূমতে পঢ়িবলৈ ল’ম বুলি ভাবিছিলোঁ যদিও ভয়তে সেইটো ৰুমত সোমাবলৈকে বাদ দিলো ।

কাম্যব্ৰতৰ কথাখিনিৰ লগত অনুব্ৰত বৰুৱাইও সহমত পোষণ কৰিলে ।

:  ল’ৰাটোৱে কোৱাখিনি মিছা নহয় । ভূতৰ কাম বুলি মনে নকয় যদিও ভাইটিৰ ৰূমটোৰ শব্দবোৰত কিন্তু ৰাতি প্ৰায়েই ভয় খাওঁ আমি ।  দিনত ইমান বিচাৰো যদিও শব্দৰ উৎসটো কি, ক’ৰ পৰা শব্দবোৰ ওলাই একোৱেই অনুমান কৰিব নোৱাৰো ।

কমল নাথৰ কলিজা কঁপি উঠে । আগ নিশাৰ কথাবোৰ মনত পৰি ভয়তে কঁপিবলৈ ধৰে তেওঁ । ইন্সপেক্টৰ হুছেইনৰ কাণত ফুচফুচাই কয় নাথে..

: চাৰ, কৈছিলোঁ নে আপোনাক – অনুৰাগৰ ভূতেই এইবোৰ সব কৰি আছে । ব’লক চাৰ,ওলাই দিও আমি ইয়াৰ পৰা ।

হুছেইনে নাথক প্ৰত্যুত্তৰ নিদি অনুব্ৰত বৰুৱাক অনুৰাগৰ ৰূমটো দেখুৱাবলৈ অনুৰোধ কৰে ।

চ’ৰা ঘৰৰ পৰা ভিতৰলৈ সোমাই অলপ ডাঙৰ হল ঘৰ এটা । হল ঘৰটোৰ একেবাৰে মূৰত পাকঘৰটো । দুই কাষে ঘৰখনৰ সদস্য সকলৰ শোৱা কোঠাসমূহ । বাওঁ কাষে অনুব্ৰত বৰুৱাৰ শোৱনি কোঠাৰ লগতে যিটো ৰুম আছে সেইটোৱেই অনুৰাগৰ ৰুম ।

ইন্সপেক্টৰ হুছেইনৰ লগতে  নাথ আৰু সুৰজিত চলিহাও ৰূমটোলৈ বুলি অগ্ৰসৰ হয় । ৰূমটোৰ দুৱাৰখন চিটকাৰি লগাই বন্ধ কৰি থোৱা হৈছিল । ইন্সপেক্টৰ হুছেইনে দুৱাৰখন লাহেকৈ মেলি দিয়ে ।

উফ …. ইমান ঠাণ্ডা ! বাহিৰৰ তাপমাত্ৰাতকৈ অত্যন্ত শীতল হৈ আছিল কোঠাটো । উৎকট গৰমত ৰ’দৰ পৰা আহি এ.চি যুক্ত কোঠা এটাত সোমোৱা যেনহে অনুভৱ হ’ল তেওঁৰ ।  অলপ সংশয়েৰে ভিতৰলৈ সোমাই গ’ল ইন্সপেক্টৰ হুছেইন । কমল নাথ পিচে কোঠাটোৰ পৰা বহুখিনি আঁতৰতে ৰ’ল ।

খিৰিকীবোৰ বন্ধ থকাৰ বাবে আন্ধাৰে ঘেৰি ৰাখিছিল কোঠাটো । অনুব্ৰত বৰুৱাই লৰালৰিকৈ গৈ  খিৰিকী দুখন খুলি দিলে । বাহিৰৰ পৰা সোমাই অহা পোহৰে এইবাৰ স্পষ্ট কৰি দিলে  ভিতৰখন ।

এখন ষ্টাডি টেবুল, এটা সৰু আলমিৰা আৰু কোঠাটোৰ ঠিক মাজতে এখন বিচনা । টেবুলখনত পৰিপাটিকৈ জাপি ৰখা আছিল কিতাপবোৰ আৰু এখন ফ্ল’ৰেল প্ৰিন্টৰ বিচনা চাদৰেৰে বিচনাখনও সুসজ্জিত হৈয়েই আছিল । তাৰবাদে ৰূমটোত বিশেষ একো বস্তু নাছিল ।

ইন্সপেক্টৰ হুছেইন অনুৰাগৰ ষ্টাডি টেবুল খনৰ ওচৰতে ৰৈ টেবুলত জাপি ৰখা কিতাপবোৰৰ মাজৰ পৰা বহী এখন উলিয়াই ল’লে আৰু বহীখন মেলি লৈ তেওঁৰ হাতত থকা পোন্ধৰ বছৰৰ আগৰ চিঠি দুখনৰ লগত মিলাই চালে । মুখেৰে একো নামাতি , বহীখনৰ এটা পেইজ ফালি তেওঁ পকেটত ভৰাই থ’লে ।

এইবাৰ তেওঁৰ চকু আলমিৰাটোত পৰিল । সেইটো এনেই জপাই থোৱা আছিল । তেওঁ খুলি ল’লে আলমিৰাটো । অনুৰাগৰ কাপোৰবোৰ পৰিপাটিকৈ জাপি থোৱা আছিল তাত । কাপোৰবোৰ এটা এটা কৈ ডাঙি চাওঁতে এখন পুৰণি গ্রুপ ফটো তেওঁৰ হাতত লাগিল । হয়তো কলেজৰ সৰস্বতী পূজাৰ ফটো আছিল সেইখন । ইন্সপেক্টৰ হুছেইনে ফটোখন ভালদৰে চাই অনুব্ৰত বৰুৱাক প্ৰশ্ন কৰিলে..

: অনুৰাগৰ কোনোবা প্ৰেমিকা আছিল নে ? মানে তেওঁ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল নেকি ?

: নাই চাৰ । আমি জনাত তাৰ কোনো ছোৱালীৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাছিল । মই জনাইছিলোঁ আপোনাক – অনুৰাগ সহজে মানুহৰ লগত মিলি যাব নোৱাৰিছিল । বৰ লাজকুৰীয়া আছিল ল’ৰাটো ।

অনুব্ৰত বৰুৱাই ইন্সপেক্টৰ হুছেইনৰ সন্দেহক একে আষাৰে নাকচ কৰিলে ।

হুছেইনে ফটোখন সুৰজিত চলিহাৰ মুখৰ আগত ডাঙি ধৰিলে।

: আপোনাৰ বাইদেউ চন্দ্ৰমিতা চলিহা আছে নে এই ফটো ক’পিত?

দীঘল দুডাল বেণীৰে , লাহী দেহাৰে , মৰমল’গা ছোৱালী এজনীলৈ আঙুলিয়াই সুৰজিত চলিহাই কৈ উঠিল..

: এইজনীয়েই মিতা বা ।

: আচ্ছা বৰুৱা , এতিয়া কওঁ শুনক – আপোনাৰ ভাইটি জীয়াই থকা নাই । মই এই কেচটোক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছিলোঁ। মানি ল’বলৈ অসুবিধা হৈছিল মোৰ অনুৰাগ যে জীৱিত অৱস্থাত নাই । কিন্তু মোৰ ধাৰণা ভুল বিবেচিত হ’ল ।

অনুৰাগে গোপনে চন্দ্ৰমিতা চলিহাক ভাল পাই পেলাইছিল আৰু যি দিনা চন্দ্ৰমিতাক বিয়া পাতিবৰ বাবে এজন ল’ৰাই তেওঁক চাবলৈ আহিছিল , অনুৰাগ ভাঙি পৰিছিল । লাজকুৰীয়া অনুৰাগৰ সেই সাহসকনো নাছিল যে তেওঁ চন্দ্ৰমিতাক কথাবোৰ জনাব । ফলত তেওঁ ঘৰৰ পৰা আঁতৰি গৈ আত্মহত্যা কৰিলে । ক’ত কেনেকৈ এই কামটো কৰি পেলালে তাৰ সম্ভেদ উলিওৱা ইমান বছৰৰ পিছত সম্ভৱ নহয় ।

কিন্তু তেওঁ সেই কথা এই চিঠিখনত উল্লেখ কৰি থৈ গ’ল । আৰু সুদীৰ্ঘ পোন্ধৰটা বছৰৰ অন্তত তেওঁৰ আত্মাই চন্দ্ৰমিতা চলিহাক হত্যা কৰি নিজৰ অতৃপ্ত বাসনাক পূৰন কৰিলে ।

বিশ্বাস কৰে নে এই আত্মাৰ কথাবোৰ ? নকৰে নিশ্চয় ! ময়ো দুদিন আগলৈকে বিশ্বাস কৰা নাছিলোঁ । কিন্তু এতিয়া মই বাধ্য হৈ পৰিলোঁ বৰুৱা । আপোনাৰ দেউতাৰ নামত লিখা অনুৰাগৰ চিঠিখন, চন্দ্ৰমিতা চলিহাৰ হাতত উদ্ধাৰ হোৱা কাগজৰ টুকুৰাতো আৰু আজি এইমাত্ৰ অনুৰাগৰ বহীখন মেলি যি কেইটা আখৰ দেখিলোঁ – আই এম হান্দ্ৰেড পাৰচেণ্ট চিঅ’ৰ যে সেই আখৰবোৰ অনুৰাগৰেই হয় । পিচে আমি তথ্যৰ ভিত্তিতহে সিদ্ধান্ত লওঁ। আখৰবোৰ অৱশ্যেই ফ’ৰেণ্সিক লেব’ লৈ পঠোৱা হ’ব ।

এইবুলি পকেটৰ পৰা চন্দ্ৰমিতা চলিহাৰ হাতৰ মুঠিত উদ্ধাৰ হোৱা পোন্ধৰ বছৰৰ আগৰ চিঠিখন অনুব্ৰত বৰুৱালৈ আগবঢ়াই দিলে ইন্সপেক্টৰ ইমদাদুল হুছেইনে ।

চিঠিখন পঢ়ি মূৰে-কপালে হাত দি অনুৰাগৰ বিচনাখনতে বহি পৰিল অনুব্ৰত বৰুৱা ।

কি শুনিছে তেওঁ এইয়া ! অনুৰাগৰ অতৃপ্ত আত্মাই চন্দ্ৰমিতা চলিহাক হত্যা কৰিছে ! বিচনা চাদৰখনতে দুই হাতে খামুচি ধৰিলে তেওঁ ।

হঠাৎ বিচনাখনৰ পৰা এটা বাদুলি ক’ৰ পৰা কেনেকৈ জানো উৰা মাৰি আহি অনুব্ৰত বৰুৱাৰ হাতখনতে কোবাই দিলেহি আৰু খোলা দুৱাৰেদি ওলাই আহি ধপধপাই দূৰৈত ৰৈ কথাবোৰ শুনি থকা কমল নাথকো খুন্দিয়াই দিলেহি ।

সকলো আচৰিত হ’ল। ইমান সময় কোঠাটোত কাৰো দৃষ্টিতে নপৰা বাদুলিটো বিচনাখনত ক’ৰ পৰা ওলাল

? তেওঁলোকে  বাদুলিটোক অনুসৰণ কৰি কোঠাটোৰ পৰা ওলাই আহিল । বাদুলিটোৱে চ’ৰাঘৰৰ ৱালত ওলোমাই থোৱা অনুৰাগৰ ফটোখনত প্ৰচণ্ড জোৰেৰে কোব মাৰি সকলোৰে চকুৰ আগতে আন্তৰ্ধান হৈ পৰিল । অনুৰাগৰ ফটোখনৰ আইনাৰ ফ্ৰেমটো মজিয়াত ঠেকেচা খাই চনচনকৈ ভাঙি সিঁচৰতি হৈ পৰিল । চকুৰ পচাৰতে শূন্যত মিলি যোৱা বাদুলিটো আৰু মজিয়াত পৰি ৰোৱা ভঙা গ্লাছৰ টুকুৰাবোৰে বিস্ময়াম্বিত কৰি তুলিলে সকলোকে ।

এইয়াই কি অনুৰাগৰ আত্মা ?

ইমান দিনে ঘৰৰ মানুহকেইজনৰ অজ্ঞাতে নিজৰ কোঠাতে তাৰমানে বিচৰণ কৰি ফুৰিছিল অনুৰাগৰ অপাৰ্থিৱ শৰীৰে ?  ৰাতি শুনা অস্বাভাবিক শব্দবোৰ কোঠাটোৰ ভিতৰৰ হিম শীতল অনুভৱ … কি আছিল আচলতে ?

নীৰৱ হৈ পৰিল পৰিবেশটো । কাৰো মুখেৰে এটাও শব্দ উচ্চাৰণ হোৱা নাই । এক ভৌতিক অনুভৱে আচ্ছন্ন কৰি ৰাখিছে সকলোকে ।

নীৰৱতা ভংগ কৰি ইন্সপেক্টৰ হুছেইনে নিজকে কোৱা দি কৈ উঠিল…  ‘দ্য কেচ ইজ চ’লভড’

: অনুৰাগৰ অতৃপ্ত আত্মাই চিৰদিনলৈ লৈ গুছি গ’ল চন্দ্ৰমিতা চলিহাক । দুটা অপাৰ্থিৱ শৰীৰৰ মিলন ঘটিল । আৰু একো চিন্তা বা ভয়ৰ কাৰণ নাই । আপোনালোকে যথাৰীতি আপোনালোকৰ নিয়ম পালি শ্ৰাদ্ধ বিধিৰ কামখিনি কৰক । তেহে তেওঁলোকৰ আত্মাৰ মুক্তি হ’ব ।

নাথ, আমাৰ কাম হৈ গ’ল । আমি যাব পাৰো । লাষ্ট এটা কামেই আছেগৈ চিঠিকেইখন ফ’ৰেণ্সিক লেব’লৈ পঠোৱা । মই আচলতে সকলো ক্ষেত্ৰতে হান্দ্ৰেড পাৰচেণ্ট চিঅ’ৰ হৈ থাকিব বিচাৰোঁ।

চলিহা, মা-দেউতাক খবৰ দিয়ক গৈ । সন্তানৰ সকলোবোৰ কথা জনাৰ অধিকাৰ আছে তেওঁলোকৰ । ক’ব – তেওঁলোকৰ জীয়ৰী এতিয়া আপোনজনৰ সান্নিধ্যৰে সুৰক্ষিত । মৃত্যুতে শেষ হৈ যোৱা নাই সকলোবোৰ । এই ঘটনাই হয়তো অনুৰাগ আৰু চন্দ্ৰমিতাৰ মৃত্যুৰ সিপাৰে আৰম্ভ হোৱা এক নতুন অধ্যায়ৰ সূচনা কৰিছে । দুটা অপাৰ্থিৱ শৰীৰ মনৰ অতৃপ্ত বাসনাবোৰৰ পূৰণৰ হেতু শূন্যত মিলি গৈছে । টেক এভৰিথিং প’জিটিভলি ।

ব’লক নাথ।

পিছলৈ এবাৰো নোচোৱাকৈ খৰ খোজেৰে ইন্সপেক্টৰ ইমদাদুল হুছেইন অনুৰাগৰ ঘৰৰ পৰা ওলাই আহি গাড়ীত বহিলেহি । কমল নাথে গাড়ী ষ্টাৰ্ট দিলে । তেনেকুৱাতে ইন্সপেক্টৰ হুছেইনৰ ম’বাইলটো বাজি উঠিল । ফোনটো ৰিছিভ কৰি গম্ভীৰ সুৰেৰে হুছেইনে কমল নাথক চন্দ্ৰমিতাৰ বাসগৃহৰ অভিমুখে গাড়ী চলাবালৈ কৈ নিজেই গাড়ীৰ চিটত গাটো এৰি আৰামেৰে বহি ল’লে ।

তিনি ঘণ্টাৰ দীঘলীয়া যাত্ৰাৰ অন্তত নাথে গাড়ী চন্দ্ৰমিতা চলিহাৰ দুকোঠালীৰ ঘৰটোৰ সন্মুখত ৰখাই দিলে । কিন্ত্ত কি আচৰিত – আগদিনা নাথে নিজেই তলা লগাই যোৱা ঘৰটোৰ গেটখন আৰু মুখ্য দুৱাৰখনো দেখোন দুফাল কৈ মেল খাই আছে।

অলপো আচৰিত নোহোৱাকৈ ইন্সপেক্টৰ হুছেইন খোলা গেট আৰু দুৱাৰেদি ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল । আগদিনা চন্দ্ৰমিতাৰ নিথৰ শৰীৰটো পৰি ৰোৱা ঠাইখনতে আকৌ এখন কাগজৰ টুকুৰা ভাঁজ খাই পৰি থকা দেখা পাই হুছেইনে সেইখন মজিয়াৰ পৰা তুলি ল’লে । কাগজৰ ভাঁজকেইটা খুলি  তাত লিখা কথাকেইটা পঢ়ি নিজৰ পকেটৰ কাগজ কেইখনো উলিয়াই ল’লে তেওঁ ।

চন্দ্ৰমিতা চলিহাৰ হাতৰ পৰা উদ্ধাৰ হোৱা কাগজখন তেওঁৰ পকেটত নাই । তাৰ সলনি সেইখন চন্দ্ৰমিতা চলিহাৰ কোঠাৰ মজিয়াত পৰি আছে ।

” মই আহিম মিতা । মই তোমালৈ অপেক্ষা কৰিম । “

ডিঙিটো ডাঙি কৌতূহলেৰে ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ হাতত থকা কাগজখনৰ সেই বাক্য দুটা পঢ়ি কমল নাথে আচৰিত হৈ প্ৰশ্ন কৰিলে…

: চাৰ ,এইখন ?

: আচৰিত হৈছে নাথ ? মোৰ হাতৰ চিঠিখন কেনেকৈ এইখিনি পালেহি ? কওঁ শুনক – যেনেকৈ সেই বৰ্ষণমুখৰ ৰাতিটোত চিঠিখন চন্দ্ৰমিতা চলিহাৰ হাতলৈ আহিছিল , ঠিক সেইদৰেই।

প্ৰতিবেশী হাজৰিকাই যেতিয়া মোলৈ ফোন কৰি চন্দ্ৰমিতা চলিহাৰ ঘৰৰ গেট আৰু দুৱাৰখন খোল খাই থকা দেখিছে বুলি জনাইছিল, তেতিয়াই জানিছিলোঁ মই অস্বাভাৱিক কিবা এটা নিশ্চয় দেখা পাম । এইয়া অপাৰ্থিৱ শৰীৰৰ দ্বাৰা সম্ভৱ হোৱা কৰ্ম । আপুনি মই বুজিব পৰাকৈ সহজ নহয় । সেই শক্তিৰ ওচৰত , সেই অনুভৱৰ ওচৰত আমি তেনেই নগণ্য ।

                         ++++++++++++

পিছদিনা সকলোবোৰ নিউজ চেনেলত চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ প্ৰকৃত সত্য প্ৰকাশ কৰি ইন্সপেক্টৰ হুছেইনে দিয়া সাক্ষাৎকাৰ এটা প্ৰচাৰ হ’ল…

~ডিচ ইজ নাথিং বাট অ্য কেচ অৱ চুইচাইড । দ্য লেটাৰ হেজ ন’ ৰেলিভেন্স টু দ্য কেচ । ডা লেটাৰ মেণ্ট নাথিং ইমপ’ৰটেণ্ট বাট ইট মেড অ্য ল’টচ অৱ কেঅ’জ ।

                                  (সমাপ্ত)

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *