নীৰৱতাৰ দ্বীপ মেৰবিল-জয়ন্ত গগৈ
নাহৰকটীয়া নগৰৰপৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অথাৎ বৃহৎ চাচনী মৌজাৰ মধ্যস্থলত অৱস্থিত মেৰবিল পৰিৱেশ পৰ্য্যটন প্ৰকল্পই ইতিমধ্যে ৰাজ্যিক পৰ্য্যায়ত ব্যাপক প্ৰচাৰ লাভ কৰিছে।মন্ত্ৰী-আমোলাৰপৰা অইলৰ উচ্চ প্ৰদস্থ বিষয়ালৈ,নামজ্বলা বুদ্ধিজীৱি-শিল্পীৰপৰা প্ৰকৃতিপ্ৰেমী NGO লৈ,অসমৰ বিভিন্ন প্ৰান্তৰ উৎসাহী জনগণৰপৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ অহৰহ পৰ্যটকৰ আগমণ ঘটি আছে। মুঠতে আজি ২০০৯ -২০১০ চন মানৰপৰা এই প্ৰকল্পলৈ বহু পৰ্যটকৰ সোঁত বৈ থকা লক্ষ্য কৰি আহিছোঁ।মোৰ ঘৰৰপৰা ৫ কি:মি: দূৰত্বত এই মেৰবিল পৰিৱেশ প্ৰকল্প, সেয়ে দূৰৰ বন্ধু -সুহৃদসকলেও এই মেৰবিল সম্বন্ধে প্ৰায়ে সোধে আৰু মোৰ জ্ঞানৰ পৰিধিত থকা ইয়াৰ ঐতিহাসিক কিংবদন্তিমূলক কাহিনী আৰু ইয়াৰ পৰিৱেশ সম্বন্ধীয় কথাখিনিয়েই জনাইছোঁ। সঁচায়ে এই বিলৰ উৎপত্তিৰ লগত যি জনস্ৰোত প্ৰবাদৰ বিষয়ে জানি আহিছো সেয়া শুনোতাসকলৰ বাবেও আশ্চৰ্যকৰ হৈ পৰে। এইধৰণৰ অশ্বখোৰাকৃতিৰ বিল অসমৰ প্ৰাকৃতিক ইতিহাসত অতি বিৰল।
মেৰবিলৰ ভৌগোলিক অৱস্থান:
চাচনী মৌজা গঠন হোৱাৰ পূৰ্বে এই ঠাইৰ গাঁওসমূহ নাহৰকটীয়া ৰাজহ চক্ৰ জয়পুৰ মৌজাৰ অন্তৰ্গত আছিল। চাচনী মৌজাত বৰ্তমানলৈকে ৭৫ খন ৰাজহ গাওঁ আৰু ৮ খন এন, চি, গাঁও আছে বুলি ৰাজহ বিভাগৰ তথ্যৰপৰা জনা গৈছে।এই মৌজাত ১৯১০ চনত প্ৰথমে মাটিৰ জৰীপ হৈছিল। পুনৰ ১৯৩৩ চনত চৰকাৰী ভূমি জৰীপ চাচনী অঞ্চলত হৈছিল। জৰীপ অনুসৰি নৈ-কাষৰীয়া, হাবিতলীয়া গাঁওসমূহক বাদ দি, মেৰবিল গ্ৰাণ্ট পর্যন্ত ভূমি জৰীপ কৰি গাঁওসমূহৰ ভূমি তথ্য চৰকাৰী নথিভুক্ত কৰিছিল।তেতিয়াই মেৰবিল আৰু ইয়াৰ কাষৰীয়া সমস্ত ভূখণ্ডক মেৰবিল চৰণীয়া পথাৰ হিচাপে চাচনীৰ মানচিত্ৰ আৰু ভূমি জৰীপৰ চিঠা বহীত নথিভুক্ত কৰি সংৰক্ষিত কৰিছিল।মেৰবিলৰ পূব দিশত ভুমুকমুখ গাঁও, পশ্চিম ফালে ভকতগাঁও, চামগুৰি আৰু শিলকচুবাম গাঁও, উত্তৰ দিশত শিঙিবিল দেওধাই গাঁও আৰু দক্ষিণত মেৰবিল গাঁও আৰু মেৰবিল গ্ৰাণ্ট হিচাবে নিৰ্দ্ধাৰণ কৰিছিল।
১৯০০ চন পৰ্যন্ত চাচনী, মেৰবিল আৰু ইয়াৰ দাঁতি কাষৰীয়া গাঁওসমূহ প্ৰায় জনশূণ্য আছিল। অটব্য গভীৰ অৰণ্য অঞ্চলেৰে পূৰ্ণ হৈ আছিল। চাচনী চেঁচাসত্ৰ আৰু মেৰবিল বাৰেঘৰ সত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰেপৰা লাহে লাহে শিৱসাগৰ,যোৰহাট আদি জিলাৰপৰা মাটি বিচাৰি অহা মানুহৰদ্বাৰা নতুন নতুন গাঁওসমূহ চাচনী মৌজাত গঢ় লৈ উঠিল।
মেৰবিল উৎপত্তিৰ আদিকথা:
মেৰবিল হৈছে প্ৰকৃতিৰ অনবদ্য অৱদান; হ’লেও ঠাইখনৰ ঐতিহ্য আৰু সৃষ্টিত অঞ্চলটোৰ ৰাইজৰ মাজত বিশ্বাস আৰু বিস্ময় বিজড়িত এক অতি জনপ্রিয় জনশ্রুতি প্ৰচলিত হৈ আছে।সেই অনুসৰি, ১৭ শ শতিকাত বুঢ়ীদিহিং নদীৰ উত্তৰ পাৰৰ মহমাৰী নামৰ ঠাইখনত শ্ৰীশ্ৰীৰাম আতা নামৰ এজন বিদ্বান গোঁসাই আছিল।তেওঁৰ এখন সত্ৰ আছিল, আৰু তেওঁ শিষ্যসকলৰ মাজত ধৰ্ম প্ৰচাৰ আৰু জ্ঞান বিলোৱাৰ লগতে সকলোৰে মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল।শ্ৰীশ্ৰী ৰাম আতা গোঁসাইৰ দ্বীতি (ঘৰুৱা নাম আইটি) নামৰ এগৰাকী কন্যা আছিল, ডাঙৰ হোৱাৰ লগে লগে তাই উৎপতীয়া হৈ পৰে।যাৰ ফলত তাইৰ মাকে এদিন খঙতে তাইক জলদেৱতালৈ বিয়া দি দিম বুলি কৈ পেলাইছিল। দ্বীতি লাহে লাহে ডাঙৰ হৈ তাই অতুলনীয় সৌন্দৰ্যৰ গৰাকী হৈ পৰিল। তেনেতে এদিন দ্বীতিৰ মাকক জলদেৱতাই সপোনত দ্বীতিক জলদেৱতালৈ বিয়া দিবলৈ বুলি অনুৰোধ কৰিলে।পিছদিনা মাকে ঘৰৰ লগতে ওচৰ-চুবুৰীয়া অন্যান্য লোকসকলক সেই সপোনটোৰ কথা ক’লে যদিও সকলোৱে তাক আওকাণ কৰিলে।পিছৰ ৰাতি দ্বীতিৰ দেউতাকেও সেই একেটা সপোনকেই দেখা পালে যদিও পুনৰবাৰ সকলোৱে তাক আওকাণ কৰিলে।ক্ৰমান্বয়ে তেখেতৰ ওপৰত জলদেৱতাই সপোনত হেঁচা সৃষ্টি কৰি বিয়া দিয়াৰ প্ৰস্তাৱ দিছিল।অশৰীৰি জলদেৱতালৈ নিজ কন্যাক বিয়া দিয়াৰ আহ্বান প্ৰত্যাখ্যান কৰাত এদিন ৰাতি হঠাতে গোঁসাই বসবাস কৰা অঞ্চলৰ চাৰিওফালে মেৰবান্ধি পানীৰ সুঁতি সৃষ্টি কৰি জলপ্ৰলয়ৰ এক ভয়ানক বানৰ কবলত পেলায়।বানৰ বিভীষিকাত সকলো হেৰুৱাই শেষত গোঁসাই সহিতে তেখেতৰ শিষ্যগণে মহমাৰী এৰি বুঢ়ীদিহিং নদীৰ দক্ষিণ পাৰৰ এটুকুৰা নতুন ঠাইলৈ গুচি যাবলৈ সিদ্ধান্ত ল’লে আৰু তাতেই তেওঁ এখন নতুনকৈ সত্ৰ স্থাপন কৰি স্থায়ীভাৱে বসতি কৰিবলৈ ল’লে।
বুঢ়ীদিহিং নদীৰ দক্ষিণ পাৰৰ এই নতুন ঠাইখনটো দ্বীতিৰ মাক-দেউতাকে সেই একেটা সপোনকেই পুনৰ দেখা পাবলৈ ধৰিলে; কিন্তু প্রতিবাৰেই তেওঁলোকে জলদেৱতাৰ সেই অনুৰোধ প্রত্যাখ্যান কৰি গ’ল।ফলত জলদেৱতাই তেওঁলোকৰ ওপৰত পুনৰবাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ঘৰৰ নাতিদূৰৈত ভুমুক ফুঁটি একে ৰাতিৰ ভিতৰতে গোটেই অঞ্চলটো মেৰিয়াই নদ সৃষ্টি কৰি বানেৰে পুনৰ সকলো বুৰাই পেলালে । শেষত উপায়হীন হৈ এই বান হোৱাৰ দুদিনৰ পিছত শ্ৰীশ্ৰী ৰাম গোঁসাই কাষৰীয়া শিষ্যগণৰ লগত আলচ কৰি নিজৰ জীয়েকক জলদেৱতালৈ বিয়া দিবলৈ বাধ্য হ’ল। কথিত আছে, জলদেৱতাই হেনো গোঁসাইৰ জীয়েকক বিয়া কৰাই নিবলৈ আহোঁতে মণি-মুকুতাখচিত,সোণৰ মুদ্ৰাসহ এখন সোণৰ নাৱত উঠি আহিছিল। বিয়াৰ ৰীতি অনুসৰি দ্বীতি আইটি মাকৰ ঘৰলৈ আঠ মঙলাৰ দিনাখন আহিছিল।আঠ মঙলাৰপৰা ঘুৰি যোৱাৰ দিন ধৰি দ্বীতি আইটি মাকৰ ঘৰলৈ অহাৰ কথাটো গম পোৱা নাযায়। নহাৰো এক জনশ্ৰুতি জড়িত হৈ থকাৰ কথা জানিব পৰা যায়। জলদেৱতাই দ্বীতি আইটিক তেওঁলোকৰ ঘৰ সংসাৰৰ কথা কোনোৱে সুধিলে ক’বলৈ বাৰণ কৰিছিল। কথাবিলাক তেওঁলোকৰ দুয়োৰে বাহিৰে অন্য কোনোৱে গম পালেই দ্বীতি আইটিক মাকৰ ঘৰলৈ অহাটো বন্ধ হৈ পৰিব সেই কথাটো সকীয়াই দিছিল। প্ৰবাদ অনুসৰি দ্বীতি আয়ে ঘৰৰ মিতিৰ কুটুম্ব, সমনীয়াহঁতৰ বাৰম্বাৰ সোধ-পোচৰ স্বত্বেও কাৰোৱেই আগত এই বিষয়ত একো নকৈছিল। কিন্তু মাকৰ মৰমৰ তাগিদাত দ্বীতিয়ে এবাৰত সিহঁতৰ ঘৰৰ বিষয়ত মাকক কৈ পাইছিল।সেই যে দ্বীতি আইটিয়ে ভুল কৰিলে,সেই ভুলৰ বাবেই হেনো তাই পুনৰ মাকৰ ঘৰলৈ অহাৰ কথাটো নজিৰত নাই। একেদৰে জনবিশ্বাস আছে যে, গোঁসাইৰ কন্যাক বিয়া কৰাবলৈ অনা জলদেৱতাৰ সোণৰ নাওখন মেৰবিলতেই পোত খাই আছে। বিলৰ কাষতে ভুমুকমুখ নামৰ এডোখৰ ঠাই এতিয়াও আছে।তাতেই বোলে প্রথম ভুমুক ফুঁটি পানীধাৰ বৈ আহিছিল। ইয়ে বোলে মেৰবিল উৎপত্তিৰ প্রথম স্থান।এই মেৰবিলৰ লগত বহুতো জনবিশ্বাস এতিয়াও প্রচলিত।অঞ্চলটোৰ ৰাইজৰ মাজত এইটো কথাও প্রচলিত আছে যে, যেতিয়া পিছত ইয়াৰ স্থানীয় লোকসকলে পথাৰত খেতি কৰিবলৈ হাল কোৰ বাইছিল তেতিয়া বহু খেতিয়কে জলদেৱতাই লগত আনোতে পৰি যোৱা বহু সোণৰ মুদ্ৰা পথাৰবোৰত পোত গৈ থকাৰপৰা উদ্ধাৰ কৰিছিল।যি নহওক, এই বিবাহৰ পিছত শ্ৰী শ্ৰী ৰাম আতা গোঁসায়ে ঈশ্বৰক তেওঁলোকক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰাত তেওঁলোকে তেতিয়া বাসকৰা এই অঞ্চলটোৰ পশ্চিম দিশত এটুকুৰা বাম ঠাইৰ সৃষ্টি হয়; যিটো দিশত এটি সৰু পথো নির্মাণ কৰা হৈছিল বুলি সকলোৱে মুখে মুখে কয়।যিটো পথেৰে বৰ্তমানৰ মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ দ্বীপৰ মাজলৈ যাব পৰা হৈছে। নৱসৃষ্ট এই ঠাইখনেই আছিল আজিৰ মেৰবিল।বিজ্ঞানসন্মতভাৱে যিখিনি ঠাইক বুঢ়ীদিহিং নদীৰ ‘Ox bow lake’ হিচাপে সম্প্ৰতি জনা যায়।
মেৰবিলৰ জৈৱ বৈচিত্ৰ্য:
মেৰবিলখনৰ বিনন্দীয়া ৰূপ সঁচাকৈয়ে বৰ অতুলনীয়। বিলৰ সোঁ মাজতে ৯৩৩ বিঘা আয়তনৰ এটি দ্বীপ আৰু তাৰ চাৰিওফালে দ পানীভাগে আগুৰি আছে যাৰ পানীকালি ৬৪৫ বিঘা।বিভিন্ন গছ-বনেৰে শোভিত প্রায় এশ বিঘামান ইয়াৰ দ্বীপৰ মাটিভাগ। বিলৰ চাৰিওপাৰৰ সীমাত আলিবাটৰ সু-ব্যৱস্থা গঢ়ি উঠিছে।মেৰবিলৰ উৰ্বৰ ভূমি শ্যামলী হৈ আছে বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ, লতা, বাঁহ, বেত, তৰা, পাতি দৈ, নল, খাগৰি, যমলাখুতি, জোপোহা গছ আদিৰে।তেজমুৰি, শতমূলকে ধৰি নানান প্ৰকাৰৰ ঔষধি উদ্ভিদ আৰু ঘাঁহ-বনেৰেও এই অঞ্চল ভৰি আছে।ইয়াৰ মাজৰ অংশ অটব্য হাবিৰ তলে তলে বিচৰণ কৰি ফুৰে বাঘ, শিয়াল, পহু, বান্দৰ, নেউল, জহামাল, গুই, সাপ (বৃহৎ অজগৰ), আদি স্তন্যপায়ী আৰু সৰীসৃপ প্রাণীসমূহে। বসন্ত কালত মেৰবিলৰ সৌন্দৰ্য অধিক মনোমোহা হয়। কুঁহিপাতেৰে অৰণ্যখন জাতিষ্কাৰ হৈ উঠে। বিভিন্ন প্ৰজাতিৰ অৰ্কিড সমূহ ফুলে। কুলি, কেতেকী, মইনা চৰায়ে ডালত পৰি গীত জুৰে। বিলৰ কাষৰ নাহৰ-এজাৰজোপাৰ তলত গাঁৱৰ গাভৰুবোৰে বিহু কৰে। বনৰীয়া ফুলৰ গোন্ধে আমোল-মোলাই থাকে। সিফালে আকৌ এই বিলৰ আটাইতকৈ আকৰ্ষণীয় দৃশ্য হ’ল বিলৰ পানীভাগৰ ওপৰত শ শ বছৰ ধৰি ঠন ধৰি উঠা দোপবোৰ বতাহত এফালৰ পৰা অন্যফালে ঘুৰি ঘুৰি চলি যায়৷আজি এঠাইত দেখিবলৈ পোৱা দোপবিলাক অন্যদিনা আন এডোখৰ ঠাইত অৱস্থিতি লয়।চাৰি-পাঁচ ফুট পর্যন্ত ডাঠ-দোপবোৰৰ ওপৰত নল-খাগৰিৰে ভৰা একোখনহঁত হাবিৰ দৰে আৰু এই দোপবোৰৰ ওপৰত বাহ লোৱা কাকলিৰত শ শ বনৰীয়া পক্ষীৰ নয়নাভিৰাম দৃশ্য অতি মনোৰম।বতাহত ভাহি ফুৰা এনে এখন চলন্ত অৰণ্য চাই যিকোনো পৰ্যটকৰে মন ভৰি পৰিব।দোপৰ তলৰ গভীৰ পানীভাগত ডাঙৰ ডাঙৰ মাছ, কাছ, সাপ আদিৰ বিচৰণ দেখা যায়। বাৰিষাকালত পদুম ফুলা বতৰত পদুম ফুলৰ মোহনীয় সৌন্দৰ্য্যই বিলখনৰ চাৰিওকাষৰ সৌন্দৰ্য্য অধিক মনোমোহা কৰি তোলে।আৰ্দ্ৰভূমিৰ বাসিন্দাৰ দাউক, দীক, কামচৰাই, শেৱালী হাঁহ, ঘিলা হাঁহ, মাছৰোকা, পানী কাউৰী, বগলী, কণামুচৰী, শামুক ভঙা, বৰ-টোকোলা আদি ইয়াত জাকে জাকে চৰি ফুৰে। শীতৰ আগমনৰ লগে লগেই দেশী-বিদেশী বিভিন্ন ৰঙী হাঁহ বিলত পৰেহি।বিলৰ দ্বীপ অংশত থকা জৰি, উৰিয়াম গছৰ গুটি খাবৰ বাবে বিভিন্ন ধৰণৰ চৰাইৰ লগতে হাইঠা চৰায়ে সৃষ্টি কৰা ঐক্যতানে পৰিৱেশ অধিক সুন্দৰ কৰি তোলে। আটাইতকৈ ভাল লগা কথাটো এয়ে যে মেৰবিলৰ ওচৰে-পাঁজৰে কোনো প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ নাই অথবা গঢ়ি নুঠাৰ বাবে ইয়াৰ জলবায়ু অতি নিৰ্মল,পবিত্ৰ।জীৱনীশক্তি বৃদ্ধিৰ বাবে সেয়ে বহু লোকে ইয়াৰ বায়ু সেৱন কৰিবলৈ প্ৰায়ে বন্ধৰ দিনত প্ৰকৃতিৰ এই নিৰ্জন দ্বীপলৈ ঢপলিয়াই আহে বুলি ক’ব পাৰি। মেৰবিলৰ ভূমি, অৰণ্য, জলৰাশি আৰু জলবায়ু সকলোৰে বাবে আকর্ষণীয় হৈ পৰিছে।
মেৰবিল সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটন প্ৰকল্প :
১৯৫২ চনতে মেৰবিলখনক সুৰক্ষা দিবৰ বাবে এখন ‘গ্রেজিং কমিটি’ গঠন কৰি অতন্দ্ৰ প্ৰহৰী হিচাবে স্থানীয় লোকে দায়িত্ব পালন কৰিছিল।১৯৭৩ চনত চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰি মেৰবিল দ্বীপৰ পূব অংশত এখন চোমনি ফার্ম পাতিছিল কিন্তু ব্যর্থ হ’ল। ইয়াৰ পাছতে দ্বীপটোৰ পশ্চিম অংশ সামৰি ‘সামাজিক বনানীকৰণ আঁচনি’ বন বিভাগে গ্ৰহণ কৰিছিল। বন বিভাগৰ কৰ্মচাৰীৰ নেতৃত্বত ইয়াতে বাহৰপাতি বহু গছপুলি ৰোপন কৰিছিল। ইয়াত গঢ়ি তোলা পুলিবাৰীখন বৰ সুন্দৰকৈ উঠি আহিছিল। আঁচনিখনৰ ম্যাদ উকলি যোৱাত স্থানীয় ৰাইজক অৰণ্যখনৰ দায়িত্ব অর্পণ কৰি বন বিভাগৰ কৰ্মীসকল ইয়াৰ পৰা আঁতৰি গৈছিল।ৰখীয়া নথকাৰ সুযোগ লৈ অসামাজিক লোকে পুলিবাৰীখন উদং কৰাৰ উপৰিও নতুনকৈ উঠি অহা অৰণ্যখনত ধ্বংস যজ্ঞ চলাইছিল ৷ তাৰোপৰি অসম আন্দোলনৰ অৰাজকতাৰ সুযোগ লৈ বিলৰ মাজৰ অংশত থকা বহু পুৰণি গছ কাটি পেলাইছিল আৰু কাঠ ব্যৱসায়ী চক্ৰৰ লগহৈ হাবি উদং কৰি পেলাইছিল। প্ৰকৃতিৰ ওপৰত চলা মানুহৰ বৰ্বৰতাই সকলোকেই নিঃস্ব কৰিছিল। ১৯৯৬ চনত ‘মেৰবিল জলচ্ছেদ আঁচনি’খনৰ অধীনত ছয় কোটি টকাৰ অনুমোদন হৈছিল কিন্তু পুঁজি ব্যৱহাৰৰ কোনো সঠিক পৰিকল্পনাৰ অভাৱৰ বাবে মেৰবিল উন্নয়নৰ কাম আগ নাবাঢ়িল। ইয়াৰ পিছতে অসম চৰকাৰৰ বন বিভাগৰ অনুমোদন ক্ৰমে আগতে গঠন হোৱা ‘মেৰবিল গ্ৰেজিং সুৰক্ষা সমিতি’খনৰ নাম পৰিবৰ্তন কৰি ‘মেৰবিল বন আৰু পশু-পক্ষী সুৰক্ষা সমিতি’ এখন গঠন কৰে। এই সমিতিখনে মেৰবিলৰ বুকুত থকা জীৱ-জন্তু, মাছ-কাছ আৰু পক্ষীকুলক সংৰক্ষণৰ বাবে নিষ্ঠাৰে কাম কৰি গ’ল। মাজে সময়ে চৰকাৰৰ বন বিভাগৰ ৰেঞ্জ অফিচাৰসকলে মেৰবিল সুৰক্ষাৰ দিশসমূহ পৰ্যবেক্ষণ কৰি আহিছিল। এনেদৰে মেৰবিল সংৰক্ষণৰ হকে ১৯৩০ চনৰপৰা ২০১০ চন পৰ্যন্ত সুদীৰ্ঘ বছৰৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত স্থানীয় ৰাইজে এক নতুন আশাৰ ৰেঙনি দেখিবলৈ পালে। মেৰবিলৰ প্ৰাকৃতিক ঐশ্চৰ্যতাক লৈ এক পৰিৱেশ পৰ্যটন প্ৰকল্পৰ বাবে জিলাৰ উপায়ুক্ত আৰু বন প্ৰাধিকাৰীৰ পৌৰোহিত্যত এক নতুন যাত্ৰাৰ আৰম্ভণি হয়। ২০১০ চনৰ ২৬ ছেপ্টেম্বৰত এক শুভ উদ্বোধনী অনুষ্ঠানত জিলাৰ উপায়ুক্ত আৰু ‘অইল ইণ্ডিয়া লিমিটেড’ৰ চি.এম.ডি আৰু লোকে লোকাৰণ্য শুভাকাংক্ষীৰ উপস্থিতিত ‘অইল ইণ্ডিয়া লিমিটেড’ৰ সহযোগিতাৰে সৰ্বমুঠ সোতৰ কোটি টকাৰ এখন ডি.পি.আৰ প্ৰস্তুত কৰা হ’ল। ‘মেৰবিল পৰিৱেশ প্ৰকল্প’ৰ আন্ত:গাঁথনি গঢ়ি তুলিবলৈ গুৱাহাটীস্থিত এম.এম.এচ নামৰ পৰামৰ্শদাতা সংগঠনৰ লগত যোগাযোগ আৰম্ভ হয়। এই সংগঠনৰ অধ্যক্ষ শ্যামকানু মহন্ত ডাঙৰীয়াই নিজে মেৰবিললৈ আহি তদাৰক কৰি পৰিৱেশ প্ৰকল্পৰ কাম আগবঢ়াই নিয়ে। অৱশেষত ২০২১ চনৰ ৭ আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে নীৰৱতাৰ দ্বীপ “মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প”ই অংশকালীন পূৰ্ণতা লাভ কৰি শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ শুভ উদ্বোধনীৰে যি এক গতি লাভ কৰিলে তাৰ ফলতেই পৰ্যটকৰ সোঁত এই ঐতিহ্যময় পৰিৱেশ প্ৰকল্পৰ স্থলীলৈ আজিও নিৰনচ্ছিন্নভাৱে বৈ আছে।
‘মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প’ৰ স্থলীলৈ সোমাই যোৱা মূল চাচনী শলগুৰি আলিৰপৰা এটা সংযোগী পথৰ সন্মুখত থকা ডাঙৰ আদৰণি তোৰণখনৰপৰা নাতিদূৰ আহিলেই পৰ্যটকক আদৰণি জনায়। বিলত খাদ্যৰ সন্ধানত ভ্ৰমি ফুৰা অসংখ্য শেৱালী হাঁহ, নীল বৰণীয়া কাম চৰাই, দৰীক, বনৰীয়া হাঁহ আদি দেশী-বিদেশী বিভিন্ন ৰঙী পক্ষীকুলে। প্ৰকল্পৰ মূলদ্বাৰ পাৰ হৈয়ে সোঁকাষে অৱস্থিত এখন গভীৰ অৰণ্যৰ দাঁতিত গঢ়ি তোলা পথেৰে প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলেই পোৱা যায় নীৰৱতাৰ দ্বীপ “মেৰবিল”। পথৰ বাওঁফালে আপোনাৰ চকুত পৰিব মেৰবিলৰ জলৰাশিৰ নান্দনিক প্ৰাকৃতিক দৃশ্যাৱলী। প্ৰকল্পৰ মূল স্থলীত প্ৰৱেশ কৰিলে চকুত পৰিব সুন্দৰ ফুলেৰে জাতিষ্কাৰ হৈ থকা এখনি বাগিচা, শিশু উদ্যান, ফুলনি গছৰ মাজে মাজে ধুনীয়া ধুনীয়াকৈ গঢ়ি তোলা পৰ্যটকৰ আবাসগৃহসমূহ। এই উদ্যানৰ ভিতৰতে নিৰ্মাণ কৰা হৈছে এক ঐতিহ্যবাহী স্মৃতি…এখন নাৱৰ ওপৰত জলদেৱতা আৰু শ্ৰী শ্ৰী ৰাম আতা গোঁসাইৰ কন্যা দ্বীতি আইটিৰ প্ৰতিমূৰ্ত্তি। যি ভাগ প্ৰতিমূৰ্ত্তি আগবঢ়াইছে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই। এই প্ৰতিমূৰ্ত্তি স্থলীৰপৰা সন্মুখৰ পূবলৈ চাই পঠিয়ালে চকুত পৰিব মেৰবিলৰ বৃহৎ জলৰাশিৰ মাজত এটি সৰু ধিপত এজুপি বাঁহ গছ। এই বাঁহ গছজোপা থকা অংশটোৱেই আছিল শ্ৰী শ্ৰী ৰাম আতা গোঁসাইৰ বাসস্থান যি কথা মেৰবিল অঞ্চলৰ সেই সময়ৰ জেষ্ঠসকলে দেখুৱাই গৈছে। পৰ্যটকসকলকো বৰ্তমানৰ প্ৰকল্পস্থলীত থকা টুৰিষ্ট গাইডসকলে তেনেকৈ বৰ্ণনা দিয়া দেখা গৈছে। এই জলদেৱতাৰ প্ৰতিমূৰ্ত্তিস্থলীৰ কাষতে এখন প্ৰাৰ্থনা সভা, সংগ্ৰাহলয় আৰু চেমিনাৰ গৃহ আদি নিৰ্মিত হৈ আছে।
দেশ-বিদেশৰপৰা আগমণ ঘটা পৰ্যটকসকলৰ অভ্যর্থনাৰ বাবে ওচৰতে আছে ৰন্ধনশালা, ভোজন কক্ষ, খোৱা পানী ব্যৱস্থা আৰু অনাময় ব্যৱস্থাসমূহ। আগতীয়াকৈ যোগাযোগ কৰা পৰিয়াল বা দলসমূহকো ইয়াতে খাদ্য যোগান ধৰা হয়। প্রতিকূল বতৰত বহিবৰ বাবে এটি ডাঙৰ কোঠা আছে। মুকলি বাগিচাত এখন মঞ্চ সজ্জিত কৰি ৰখা হৈছে য’ত নানান অনুষ্ঠানৰ সভাসমূহ , সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাৰ সু-ব্যৱস্থা আছে। দূৰৰ পৰ্যটক আহিলে বা আগতীয়াকৈ যোগাযোগ কৰিলে স্থানীয় কিছু সাংস্কৃতিক দলক নিমন্ত্ৰণ কৰি আনি অনুষ্ঠান প্ৰদৰ্শন কৰোৱা হয়। অৱশ্যে এই প্ৰকল্পস্থলীত উচ্চ স্তৰত অনুভাস যন্ত্ৰ বজোৱাত বাধা আৰোপ কৰা আছে কিয়নো বন্যপ্রাণীসমূহে ভয় খোৱাৰ সম্ভাৱনা আছে। খোজ কাঢ়িবলৈ অক্ষম যাত্ৰীসকলক তোৰণৰ পৰা প্ৰকল্পস্থলীলৈকে লৈ আনিবৰ বাবে দুখন বেটাৰীচলিত সৰু গাড়ী সাজু কৰি ৰখা হৈছে। প্ৰয়োজনত অন্য কোনো পৰ্যটকেও বিচাৰিব পাৰে। উদ্যানৰ কাষতে লাগি থকা অৰণ্যৰ ভিতৰ অংশত এটি কাছ সংৰক্ষিত পুখুৰী আছে। ইয়াৰ শান্ত সমাহিত পৰিৱেশত এই বিশেষ জলৰাশিৰ পাৰত বহি নীৰৱতাৰ দ্বীপ “মেৰবিল” ৰ সতে একাত্ম হ’ব পাৰে। যাতায়তৰ বাবে সুচল নোহোৱাৰ হেতু আৰু বনৰীয়া প্রাণীসমূহ এই অংশলৈ প্ৰায়েই অহা-যোৱা কৰি থকাৰ বাবে বৰ্তমান তালৈ যোৱাটো বন্ধ কৰি ৰখা হৈছে।বিশেষ কামত গভীৰ অৰণ্যৰ মাজলৈ সোমাই যাবৰ বাবে কোনো কোনোৱে নিৰাপত্তাৰক্ষীৰ সহায়ত যাব পাৰে।
মুঠতে এই প্ৰকল্প স্থলীলৈ অহাসকলে উদ্যানৰ ফুট পাথেদি ঘূৰা-ফিৰা কৰি আন্তঃগাঁথনিসমূহ আৰু মেৰবিলৰ প্ৰাকৃতিক সৌন্দর্যসমূহ উপভোগ কৰি এক অনন্য সুখানুভূতি লাভ কৰিব পাৰে।
পৰিশিষ্ট: “বুঢ়ী দিহিঙৰ পাৰৰে মৌজা চাচনী , আৰু আছে মেৰবিল খনি অতি শুৱনি” – ২০১০ চনত অসমৰ জনপ্ৰিয় গায়ক কৃষ্ণমণি চুতীয়াদেৱৰ ৰাংঢালী বিহুৰ সেই জনপ্ৰিয় বিহু গীতৰ মাজেৰেই যেন আজি চাচনীৰ মেৰবিল গাভৰু হৈ পৰিছে। ঐতিহাসিক এক কাহিনীৰে জনপ্ৰিয় আজি ‘মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প’ । যদিও এই প্ৰকল্পৰ আন্ত:গাঁথনিবিলাক নিৰ্মীয়মান হৈ আছে, তথাপিও পৰ্যটকৰ আগমণ বছৰি বছৰি বহুগুণে বৃদ্ধি পাই আহিছে। যোৱা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও এই নীৰৱতাৰ দ্বীপ মেৰবিলৰ আলহী হৈ দুটি নিশা থাকি মেৰবিলৰ নৈসৰ্গিক শোভা পান কৰিলেহি। চাচনী আজি অতিশয় গৌৰৱান্বিত মেৰবিলক লৈ।এসময়ত বুঢ়ীদিহিং নদীৰ ‘Ox bow lake’ হিচাপে খ্যাত হুবহু একে ধৰণৰ দুখন বিলৰ সৃষ্টি হৈছিল। বুঢ়ীদিহিং নদীৰ উত্তৰ আৰু দক্ষিণ পাৰে দুখনকৈ মেৰবিলৰ ভৌগলিক অৱস্থিতি আছে। দুলিয়াজানৰ কাষৰীয়া উত্তৰপাৰৰ মহ’মাৰী মেৰবিল আৰু দক্ষিণ পাৰে চাচনীৰ মেৰবিল। দুয়োখন বিলৰ উৎপত্তি কাহিনীৰ উৎস একে আৰু ইয়াৰ ভৌগোলিক, জৈৱ বৈচিত্ৰ্যৰ চৰিত্ৰও একে আছিল। পাৰ্থক্য এটাই উত্তৰ পাৰৰ মেৰবিলৰ বুকুত অইল ইণ্ডিয়াৰ ঔদ্যোগিকৰণ আৰু জনবসতিপূৰ্ণ হৈ পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ব্যাঘাত জন্মিল।অইল ইণ্ডিয়া লিমিটেডৰ বহু তৈলকোপেৰে মেৰবিল অঞ্চল ভৰপূৰ হৈ পৰিল। আৰু ইয়াৰ বিপৰীতে দক্ষিণপাৰৰ চাচনী মেৰবিলখন সম্পূৰ্ণ প্ৰাকৃতিকগত ভাৱে অক্ষত। কেইজনমান স্থানীয় প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ অপ্ৰাণ,অক্লান্ত ঐকান্তিক প্ৰচেষ্টাৰ বাবেই আজি – চাচনী মেৰবিল পৰিৱেশ পৰ্য্যটন প্ৰকল্পই ঠন ধৰি উঠিল। তাতে অইল ইণ্ডিয়া লিমিটেডেও প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰি প্ৰকল্পৰ জখলা আগুৱাই লৈ গৈছে। মেৰবিলৰ প্ৰতি অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰো চকু পৰিছে। সকলোৰে মনোযোগ আকৰ্ষণৰ চেষ্টা কৰিছোঁ চাচনীৰ মেৰবিললৈ আহক, ঐতিহ্যৰে পৰিবেষ্টিত মেৰবিল খনক মনোৰমকৈ উপভোগ কৰক। এটা কথা একেষাৰে ক’ব পাৰোঁ….
নীৰৱতাৰ দ্বীপ মেৰবিলৰ পক্ষীকুলে পক্ষীপ্ৰেমিকসকলক সদায়ে হাত বাউল দি মাতিব,ই ধুৰূপ।
******
10:33 AM
সুন্দৰকৈ বুজাই লেখিছে। ভাল পালোঁ পঢ়ি।