পৰম্পৰা বা লোকাচাৰ…..ছয়দিনীয়া ৰখা-কমলা দাস
অতীজৰেপৰাই আমাৰ সমাজত ঠাই বিশেষে কিছুমান পৰম্পৰা বা লোকাচাৰ চলি আহিছে।এখন ঠাইৰ পৰম্পৰা আন এখন ঠাইৰ লগত নিমিলিবও পাৰে।এই পৰম্পৰা বা লোকাচাৰে বহু সময়ত এখন সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখে।যুগ যুগ ধৰি চলি অহা এই লোকাচাৰ বা পৰম্পৰাবোৰ কেতিয়া,কেনেকৈ আৰু ক’ৰ পৰা আৰম্ভ হয় সেয়া ভালদৰে কোনেও ক’ব নোৱাৰে। কিছুমান পৰম্পৰা অৱশ্যে চৰ্চাৰ অভাৱত পাহৰনিৰ গৰ্ভত বিলীনো হৈ যায়।
বৰপেটাৰ ফালে জনজীৱনত প্ৰতিফলিত হৈ অহা পৰম্পৰা বা লোকাচাৰৰ বহুখিনি কীৰ্ত্তন-ঘোষাৰ লগত সম্পৰ্ক থকা বুলি ক’ব পাৰি।’পচতি’ নাইবা ‘নন্দ উৎসৱ’ আদিও তেনেকুৱাই।আজি মই বৰপেটাত প্ৰচলিত আন এটা লোকাচাৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হ’ল-ছয়দিনীয়া ৰখা।কেঁচুৱা জন্মৰ ছয় দিনৰ দিনাখন এইটো লোকাচাৰ পালন কৰা হয়।
অশৌচৰ প্ৰথম চৰ্তটোৱেই হৈছে মাক আৰু কেঁচুৱাক চাফ-চিকুণ কৈ ৰখা।সদায় চাফ-চিকুণ হৈ থাকিলেও, জন্মৰ পাঁচদিনৰ দিনাখন ঘৰখনৰ সমস্ত কানি-কাপোৰ ধুই-পখালি চাফা কৰাৰ লগতে মাক আৰু কেঁচুৱাকো ধুৱাই পখলাই,চাফ-চিকুণ কৰি পৰিস্কাৰ কাপোৰ-কানি পিন্ধোৱা হয়,যাক থলুৱা নিয়মমতে ‘পাঁচদিনীয়া চুৱা খেদোৱা’ বুলি কোৱা হয়।সেই দিনটোক ‘কেঁচুৱাক বাঁজ ফুৰোৱা’ বুলিও কোৱা হয়।
লোকবিশ্বাস মতে জন্মৰ ছয়দিনৰ দিনাখন হেনো বিধাতাই কেঁচুৱাৰ ভাগ্যলিপি লিখে!
(এতিয়া ইয়াকে লৈ যদি কোনোবাই এইবোৰ অদৰকাৰী কথা বুলিও কয়, যুক্তি তৰ্ক কৰিব বিচাৰে, তেন্তে মই ইয়াকে ক’ম যে এয়া লোকাচাৰ হে।আপুনি নামানিলেও নাই। কোনেও আপোনাক জোৰ নকৰে। কিন্তু কিছুমান ঠাইৰ লোকাচাৰ বা পৰম্পৰাক, সেই ঠাইৰ মানুহে মান্যতা দিয়ে। যিটো সহজতে উলাই কৰিব নোৱাৰি।)
সিদিনা ৰাতি আইসকলে মাক আৰু কেঁচুৱাৰ কুশলাৰ্থে বহু ৰাতিলৈকে উজাগৰে থাকি, চাকি-বন্তি জ্বলাই শৰাই আগবঢ়ায়।নাম-কীৰ্তন কৰে।শৰাইৰ ওচৰত ফলি-পেঞ্চিল এযোৰ প্ৰতীকী হিচাবে ৰখা হয়।গোটেই নিশা মাটিৰ চাকিগছ জ্বলি থাকিব লাগে।
নাম-কীৰ্ত্তন হোৱাৰ পাছত আইসকলে ৰং-ৰহইচ কৰি ছয়দিনীয়া ৰখা গীত গায়। কেঁচুৱাৰ ককাক-আইতাকক জোকাই ধেমালি কৰে।তাৰ মাজতে খোৱা-বোৱাও চলে।
ভাতৃ মহাৰাজ কংসই,ভনীয়েক দৈৱকীৰ এটা এটাকৈ সাতোটা পুত্ৰৰ জন্মৰ কিছু ক্ষণ পিছতেই প্ৰাণ লৈছিল। অষ্টম পুত্ৰ কৃষ্ণক যোগমায়াই মায়াৰ বলেৰে ৰক্ষা কৰাৰ পাছত বসুদেৱে নি নন্দ ৰাণী যশোদাৰ কোলাত সমৰ্পিত কৰিছিল।ৰাণী যশোদাই হেনো কৃষ্ণ জন্মৰ ছয় দিনৰ দিনা কংসৰ ভয়ত নিশা গোপনে শ্ৰীকৃষ্ণৰ নামকৰণ আৰু ভাগ্য-গণনা পাতিছিল! আৰু তাৰেই প্ৰতীকী হিচাপে এই পৰম্পৰা আজিও কম-বেছি পৰিমাণে বৰপেটা অঞ্চলত পালন কৰি আহিছে। আধুনিকতাৰ ধামখুমীয়াত বহুতো লোকাচাৰ বিলুপ্ত হোৱাৰ পথত।এইটো লোকাচাৰো পালন কৰিবলৈ বহুতেই আগ্ৰহ প্ৰকাশ নকৰা হৈছে।তাৰ মাজতো কিছুমানে ইয়াক পালন কৰি আহিছে।
******
7:04 PM
ভাল লাগিল
10:03 PM
উজনিৰ ফালে পিৰা এখনৰ ওপৰত বহী আৰু কলম থয় বিধতাই লিখিবলৈ। ভাল লাগিল পঢ়ি।