ফাট দিয়া বসুমতী পাতালে লুকাওঁ-নিবেদিতা শৰ্মা
পুৱা ঘৰৰ নিত্য নৈমত্তিক কামবোৰ লৰালৰিকৈ কৰি গৃহস্থ আৰু সৰু ল’ৰাটোক খুৱাই বুৱাই বিদ্যালয়লৈ পঠিয়াই সমাজ সেৱিকা জ্যোতিয়ে সভা এখনত উপস্থিত হ’বলৈ ঘৰৰপৰা বিশ কিলোমিটাৰ দূৰত্বৰ হোজাইলৈ বুলি ৰাওনা হ’ল।
এঘাৰ বজাৰপৰা আৰম্ভ হ’বলগীয়া সভাখনৰ বাবে যথা সময়তে জ্যোতি সভাগৃহত উপস্থিত হ’লগৈ।নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ আৰম্ভ হোৱা “নাৰী সৱলীকৰণ”ৰ সভাখনত সভাপতিত্ব জ্যোতিয়ে কৰিব লগা হ’ল।গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০সুৰঞ্জনা দত্তকে ধৰি কেইবা গৰাকী বিশিষ্ট অতিথিয়ে বক্তব্য প্ৰদান কৰাৰ লগতে দুই এটা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী থকা বাবে সভা সমাপ্তি হওঁতে সন্ধিয়া হৈ গ’ল।
নৱেম্বৰৰ শীতৰ দিন।পাঁচ বজাতে ধৰালৈ আন্ধাৰ নামি আহিল।খৰখেদাকৈ সকলোকে মাত লগাই জ্যোতিয়ে সভাগৃহৰপৰা ওলাই গাড়ীৰ বাবে ৰাস্তাত উপস্থিত হ’ল।
বহু সময় গাড়ীৰ বাবে অপেক্ষা কৰিলে যদিও ঠাণ্ডা দিন বাবে গাড়ী এখনো নাপায় জ্যোতি চিন্তাত পৰিল।ইপিনে দেৰি হোৱা বাবে গৃহস্থয়ো ঘৰৰপৰা ফোন কৰি আছে। তাই গাড়ী পোৱা নাই বুলি কোৱাত তেওঁ অলপ টান সুৰতে কলে……
“ইমান দেৰিলৈকেনো মিটিং কৰিবলৈ তোমাক কিহে পাইছিল?”…..বুলি।
অলপ সময় পিছতে মেজিক গাড়ী এখন অহাত গাড়ীখনত জ্যোতি উঠি চিট এটাত বহি কোনোমতে উশাহটো সলালে।গাড়ীখন তাইৰ ওচৰত ৰোৱা নাছিল যদিও গাড়ীত উঠিব পৰাকৈ গাড়ীখন লাহে লাহে চলিছিল।সেয়ে তাই দৌৰাদৌৰিকৈয়ে গাড়ীখনত উঠিব লগা হ’ল।যি কি নহওক,এতিয়া চিন্তা নাই বুলি তাই ঘৰলৈ ফোন কৰি গৃহস্থক জনালে যে তাই গাড়ী পাইছে।
গৃহস্থক ফোনটো কৰি তাই গাড়ীখনত চকু ফুৰালে গাড়ীখনত ড্ৰাইভাৰ,হেণ্ডিমেন..দুজন আৰু তাই।ইপিনে গাড়ীখন মন্থৰ গতিত ঠেলাগাড়ীৰ দৰে চলিছে।
প্ৰায় চাৰি কিঃমিঃ পথ জনশূন্য,পথছোৱাত আন যাত্ৰী নথকা গাড়ীখনত অকলে তাই, ভিতৰি ভিতৰি বহুত ভয় লাগিছিল।আজিকালি যিহে ঘটনাবোৰ ঘটিবলৈ লৈছে,যমুনামুখত সংঘটিত হোৱা শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ কথা মনত পৰাত জ্যোতিৰ গাটো সিঁয়ৰি উঠিল।
“হে ভগৱান,,গাড়ীখনত উঠাৰ আগতে মইনো এবাৰ ভালকৈ চাই নল’লো কিয়!কিহে যে পাইছিল মোক ইমান দেৰিলৈকে মিটিং কৰিবলৈ!!”
মনৰ ভিতৰতে নিজকে দোষী সজাই ঈশ্বৰক প্ৰাৰ্থনা কৰি গাড়ীখনৰ চালক হেণ্ডিমেনক দেখুৱাই মূলাগাভৰুৰ দৰে মোবাইলটোকে সাৰথি কৰি বহি থাকিল ৷
দুই এবাৰ হেণ্ডিমেনজনক গাড়ীৰ গতি কিয় নবঢ়ায় বুলি সোধে যদিও সি মুখেৰে একো নামাতে।মনে মনে ভগৱানক স্মৰণ কৰি আহি আছে।ইপিনে বিশ-পঁশিচ মিনিটৰ বাটতো গাড়ীয়ে প্ৰায় দুঘণ্টা লগাইছে।গৃহস্থই ফোন কৰি আছে যদিও গালি খোৱাৰ ভয়ত ফোনটো ৰিচিভ কৰা নাই তাই।
দুঘণ্টাৰ অন্তত যেতিয়া জ্যোতি গন্তব্য স্থানত নামিল, নামিয়েই দপদপাই ড্ৰাইভাৰ,হেণ্ডিমেনক গালি পৰাত লাগিল।গাড়ী কিয় লাহে লাহে আনিছে সুধিলে।
“মুখেৰে একো কিয় নকৱ?”
তাইৰ খং দেখি হেণ্ডিমেনজনে জ্যোতিক ক’লে……
“বাইদেউ আপোনালোকে কিয় কথাবোৰ বুজি নোপোৱাকৈ আমাৰ দৰে মানুহক গালি পাৰে?আমিতো আপোনাক গাড়ীত উঠিবলৈ জোৰ কৰা নাছিলোঁ। আপুনিহে লাহে লাহে অহা আমাৰ গাড়ীখনত একো সোধপোছ নকৰাকৈ উঠি বহি লৈছিল।”
‘এইপিনে আহক’… বুলি জ্যোতিক হেণ্ডিমেনজনে গাড়ীখনৰ আগফালে লৈ গৈ ক’লে…..
“এতিয়া কওক বাইদেউ, আপোনাক আমি কি উত্তৰ দিম?”
গাড়ীখনৰ আগফালে গৈ জ্যোতিৰ চকু পৰাত ‘ফাট দিয়া বসুমতী পাতলে লুকাওঁ’…..যেন হ’ল কাৰণ মেজিকখন আন এখন সৰু ট্ৰাক গাড়ীয়ে ৰছী এডালেৰে টানি হে আনিছিল।
******
10:15 PM
মজা লাগিল।