বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ-বিশ্বৰাণী ভূঞা

শিশুক সৰুৰেপৰা ঘৰতেই বিজ্ঞানমনস্ক, যুক্তিবাদী হ’বলৈ শিকাব লাগে ৷ “এইটো কাম কৰিব নাপায়” বুলি ক’লে “কিয় নাপায়” তাৰ যথাযথ উত্তৰ দিব পাৰিব লাগে।যেনে ধৰক : জন্মবাৰত চুলি,নখ কাটিব নাপায় বুলি বহুতে কয় ৷ সৰুৱে “কিয় নাপায়” বুলি সুধিলে, ডাঙৰে প্ৰশ্নটোৰপৰা ফালৰি কাটি গৈ “তুমি আজিকালি মুখে মুখে প্ৰশ্ন কৰা হৈছা দেই, নাপায় বুলি কৈছো নাপায়”  বুলি দাবি-ধমকি দি আঁতৰি গ’লে সমস্যাৰ সমাধান নহয় ৷ “কিয় নাপায়” তাৰ কাৰণ, যুক্তি, তথ্য, প্ৰমাণ সহকাৰে শিশুক বুুজাই দিব লাগে ৷ সকলো কাৰ্য্যৰে কাৰণ থাকে ৷ কাৰণ নোহোৱাকৈ কোনো কাৰ্য্য নহয়, হ’ব নোৱাৰে ৷ যদি নাপায় বোলা কথা বা কামটোত কিবা বিজ্ঞানসন্মত কাৰণ আছে, তেন্তে সেইটো কাম ল’ৰা-ছোৱালীৱে নিশ্চয় নকৰিব আৰু তেতিয়া ল’ৰা-ছোৱালী বিজ্ঞানৰ প্ৰতিও আকৰ্ষিত হব ৷ সৰুতেই শিশুক ধৰ্ম, ভূত-প্ৰেত, ডাইনী এইবোৰৰ বিষয়ে শিকাব নালাগে ৷ পঢ়া-শুনা নকৰি অকল সৰস্বতীৰ আশীৰ্বাদতে ভাল হ’ব, বিশ্বকৰ্মাৰ আশীৰ্বাদত মেচিনবোৰ ভাল হ’ব, এনে অমূলক কথা শিশুৰ মন,মগজুত সৰুতেই সুূমুৱাই দিব নালাগে ৷তাৰ পৰিবৰ্তে আমি পুৱাৰপৰা ৰাতিলৈ যে বিজ্ঞানৰ অৱদানবোৰ নহ’লে জীয়াই থাকিব নোৱাৰোঁ, তাৰ বিষয়ে জ্ঞান দিব লাগে।অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰোধিতা কৰি যুক্তিবাদী, বিজ্ঞানমনস্ক হ’বলৈ শিশুক সৰুৰেপৰাই শিক্ষা দিব লাগে।শিশুক প্ৰশ্ন কৰিবলৈ দিব লাগে।যেতিয়ালৈকে “নাপায়” বোলা কামটোৰ যুক্তিপূৰ্ণ উত্তৰ নিদিয়ে, তেতিয়ালৈকে প্ৰশ্ন কৰিব লাগে।“কিয় নাপায়” তাৰ নিশ্চয় কাৰণ থাকিব।কাৰণ নাথাকিলে সেই কথা বা কামটো কুসংস্কাৰ আৰু অন্ধবিশ্বাসহে হ’ব ৷ যুক্তি, তৰ্ক মানেই সংঘাত নহয় ৷ বৰং যুক্তি, তৰ্ক কৰিলে মানুহ যুক্তিবাদী, আশাবাদী, বিজ্ঞানমনস্কহে হয় ৷ ঘৰখনেই যিহেতু শিশুৰ প্ৰথম শিক্ষানুষ্ঠান ৷ সেয়ে ল’ৰা-ছোৱালীক সৰুৰেপৰা ঘৰতেই শিকাব/ বুজাব লাগে ৷ এইক্ষেত্ৰত শিক্ষাতকৈ জ্ঞানৰহে বেছি প্ৰয়োজন। আমাৰ সমাজত প্ৰচলিত কিছু অন্ধবিশ্বাস যেনে : ভূত-প্ৰেতক বিশ্বাস কৰা, সাপে খুটিলে ডাক্তৰৰ ওচৰলৈ নগৈ বেজক মতাই অনা, বস্তু হেৰালে বেজক দেখুওৱা, শনিবাৰ-মংগলবাৰ বেয়া, ৰাশিফল চাই কাম কৰা, মেকুৰী এটা গাড়ীৰ আগেদি গ’লে অমংগল হোৱা বুলি ভবা, আই লম্ভা, শিৱ লম্ভা এই সকলোবোৰ অন্ধবিশ্বাস। আচলতে এই সকলোবোৰ টকা ঘটাৰ বুদ্ধি ৷ ডাইনী বুলি একো নাই।ই এক ভ্ৰান্ত বিশ্বাসহে।’ডাইনী’ কিছুমানৰ বাবে অন্ধবিশ্বাস আৰু ‘ডাইনী হত্যা’ কিছুমানৰ বাবে এক পৰিকল্পিত হত্যাকাণ্ডহে।আমাৰ সমাজত এতিয়াও ধৰ্ম, জাতপাত-কুলক লৈ বহুতো কুসংস্কাৰী লোক আছে। বিবাহ, ধৰ্ম, ব্যৱসায় আদিৰ লগতে বহুতে এতিয়াও উচ্চজাত, নিম্নজাতক লৈও সমাজত কুসংস্কাৰ, অন্ধবিশ্বাস বিয়পাই আছে।

যিবোৰ কথা বা কাম আমি অন্ধৰ দৰে চকু মুদি বিশ্বাস কৰোঁ, য’ত কোনো যুক্তি বা কাৰণ নাই, বিজ্ঞানে যিবোৰক অসত্য, অমূলক বুলি প্ৰতিপন্ন কৰিছে , সেইবোৰেই অন্ধবিশ্বাস।মানুহে সমাজ গঢ়ে, সমাজে মানুহ সৃষ্টি নকৰে।সেয়ে সমাজৰ ভাল নিয়মবোৰ ৰাখি, বেয়াবোৰ ত্যাগ কৰিব লাগে।যিবোৰ নীতি-নিয়ম সুস্থ সমাজৰ পৰিপন্থী, যিবোৰে সমাজ আগবাঢ়ি যোৱাত বাধা দিয়ে,সেইবোৰেই কুসংস্কাৰ।

জ্ঞান আৰু শিক্ষা দুয়োটা বেলেগ বস্তু।আনুষ্ঠানিক শিক্ষাৰে শিক্ষা ল’লেই মানুহ জ্ঞানী নহয়।একেবাৰে নপঢ়া মানুহো আধুনিক চিন্তাধাৰা, বিজ্ঞানসন্মত ভাৱধাৰাত বিশ্বাসী হ’ব পাৰে আৰু বহুত উচ্চ ডিগ্ৰীধাৰীও ধৰ্মান্ধ, কুসংস্কাৰী তথা অন্ধবিশ্বাসী হ’ব পাৰে।ডাঙৰ চহৰত থকা মানুহৰ মনবোৰ উচ্চ, বহল বুলি ভবাটোও একেবাৰে শুদ্ধ নহয়।উন্নত ঠাইতো ঠেক মনৰ আৰু পিছপৰা অঞ্চলতো আশাবাদী, যোগাত্মক চিন্তাৰ মানুহ থাকে।সকলো সময়তে নেতিবাচক চিন্তা কৰাটোও বেয়া। কিছুমান দায়িত্বশীল  লোকেও  নিজৰ স্বাৰ্থ পূৰণৰ বাবে সমাজত ইমান কৌশলগতভাবে/চতুৰালিৰে অন্ধবিশ্বাস বিয়পায় যে সেইবোৰ শিক্ষিত মানুহেই চকুমুদি বিশ্বাস কৰে।কষ্ট নকৰাকৈ, সহজে, সকলো পাবৰ বাবেও কিছুমান অন্ধবিশ্বাসী হয়।স্বাৰ্থপৰ মানুহো অন্ধবিশ্বাসক লৈ উদাসীন হয়। উৰাবাতৰিবোৰত বিশ্বাস নকৰি, যুক্তিৰে চালিজাৰি চাব লাগে।শিক্ষিত হ’লেই শুদ্ধ, অশিক্ষিত হ’লেই ভুল নহ’বও পাৰে।

বিজ্ঞানৰ অৱদান মোবাইল ফোনতে বহুতে আকৌ অন্ধবিশ্বাস বিয়পাই থাকে ৷ যেনে : “এই ফটোখন দহজনলৈ শ্বেয়াৰ কৰক, ভাল খবৰ পাব”।এনে ধৰণৰ প’ষ্ট পালে, লগতে ডিলিট কৰি দিব লাগে আৰু দিওঁতাজনক বুজাই দিব লাগে যে এইবোৰ সম্পূৰ্ণৰূপে অন্ধবিশ্বাস।একবিংশ শতিকাৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দুয়োটা সামাজিক সমস্যা।মংগল গ্ৰহত মাটি কিনি, হাতত স্মাৰ্ট ফোন লৈ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত অন্ধবিশ্বাসবোৰ বিশ্বাস কৰাৰ কোনো কাৰণ বা যুক্তি নাই।আমাক প্ৰতিটো খোজতে বিজ্ঞানৰ প্ৰয়োজন। বিজ্ঞান যুক্তি, তথ্য, প্ৰমাণ, কাৰণৰ ওপৰত প্ৰতিষ্ঠিত। সকলো কথা চকুমুদি বিশ্বাস কৰাতকৈ তাৰ আচল ৰহস্য ভেদ কৰিব লাগে।বিজ্ঞান ধৰ্মৰ ওপৰত নিৰ্ভৰশীল নহয়, কিন্তু ধাৰ্মিক, অন্ধবিশ্বাসী, কুসংস্কাৰী লোক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হবই লাগিব।কণ কণ ল’ৰা-ছোৱালীৰ বিদ্যালয়ৰ পাঠবোৰত আচলতে অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে পাঠ অন্তৰ্ভুক্ত কৰিব লাগে।

শিশুৱে ডাঙৰক বিচাৰ নকৰে, কিন্তু ডাঙৰক অনুকৰণ কৰে।সৰুতে শিশুক যিবোৰ শিকাব, সেইবোৰেই সিহঁতে শিকিব।শিশুৰ কোমল মন-মগজুত সেইবোৰৰে প্ৰভাব পৰিব।কৰ্মই ধৰ্ম।ভাল কামৰ ফল ভাল, আৰু বেয়া কামৰ ফল বেয়াই হ’ব।অকল অন্যায়ৰ বিৰুদ্ধে নহয়, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধেও মাত মাতিব লাগে।

ঘৰতেই প্ৰতিজন অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰপৰা মুক্ত কৰিব পাৰে। ব্যক্তিৰ সমষ্টিয়েই সমাজ ৷ সকলো ব্যক্তি নিজে বিজ্ঞানমনস্ক, যুক্তিবাদী হৈ ঘৰৰপৰা আৰম্ভ কৰিলেই, গোটেই সমাজখনেই এদিন কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হ’ব।

আমি আমাৰ সমাজখনক পংগু কৰি, আদিম যুগলৈ লৈ যাম নে, নিজে যুক্তিবাদী বিজ্ঞানমনস্ক হৈ আমাৰ সন্তানসকলকো কুসংস্কাৰ, অন্ধবিশ্বাস, গোড়ামিৰপৰা মুক্ত কৰিম?

সেই সিদ্ধান্ত মোৰ, আপোনাৰ, আমাৰ সকলোৰে।

******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *