মগৰ-মানৱ-সমুজ্জ্বল কাশ্যপ

নেপচুন ভৱনৰপৰা ইন্টাৰপ্লেনেট ভিছাখন লৈ দৌৰা-দৌৰিকৈ ঘৰ পালোঁহি।খবৰটো মানুহজনীক সোনকালে জনাব লাগে।বৰ আগ্ৰহেৰে ৰৈ আছে তেওঁ!
: অ’ ৰা শুনিছানে? টিকট পালোঁ হে।
: হয় নেকি? মানে এইবাৰ যাব পাৰিম,ন?
: পাৰিম পাৰিম, টালি-টোপোলা বন্ধাৰহে কথা এতিয়া। সোনকাল কৰা বুজিছা, পোন্ধৰদিন পিছতে আমাৰ যোৱাৰ দিন পৰিছে।
: ইয়ে হয়?ব’লা ব’লা লাগি যাওঁ!
তিনিবছৰৰপৰা দুয়ো নেপচুনলৈ যোৱাৰ চেষ্টা কৰি আছোঁ।নেপচুনত লগৰবোৰে ইতিমধ্যে মাটিবাৰী কিনিলেগৈ হেনো! আমাৰহে ‘ইন্টাৰপ্লেনেট ভিছা’খন হোৱা নাছিল।ভাষাটোৱেই শিকিব পৰা নাছিলোঁ।গৈ পোৱাৰ পিছত লাহে ধীৰে এডজাষ্ট হৈ যাব যদিও ভিছা-ইণ্টাৰভিউৰ সময়ত সিহঁতৰ ভাষাটো নাজানিলে অসুবিধা।
Inter Planet Visa অফিচটোত ঘঁৰিয়াল আকৃতিৰ প্ৰাণী দুটামান চুট-টাই মাৰি বহি থাকে।সিহঁতৰ মূৰটো ঘঁৰিয়াল,তলৰ খণ্ড মানুহ।তাৰে এটাই ইন্টাৰভিউ লয়। তাৰ সম্মুখত সিহঁতৰ ভাষাটো ক’ব নোৱাৰিলে পাৰমিটখন নিদিয়ে।আগতে দুবাৰ ফেইল মাৰিছোঁ। ইন্টাৰভিউ স্বামী-স্ত্ৰী দুয়োৰে ভিতৰত যিকোনো এজনে দিলেই হ’ল।এইবাৰো ফেল মাৰিলে তিনিমাহ পিছত মানুহজনীক ভালদৰে ভাষাটো শিকাই পঠিয়াম বুলি ভাবি আছিলোঁ। ইতিমধ্যে তেওঁ ‘৩০ দিনত নেপচুনিজ শিকোঁ আহক’ নামৰ কিতাপ এখনো যোগাৰ কৰিছে। পিছে তাৰ প্ৰয়োজন নহ’ব, আজি থাৰ্ড এটেম্প্টত মই পাছ কৰিলোঁ।
পইচা-পাতি দুটামান খুৱাই ’নন-জেনেৰেল’ বুলি ‘কাষ্ট চাৰ্টিফিকেট’ এখন উলিয়াই লৈছোঁ৷ উপাধিটোও ’শৰ্মা’ৰ পৰা ’কাশ্যপ’ কৰি ল’লো যাতে সকলোৱে সহজতে ‘জেনেৰেল’ বুলি ধৰিব নোৱাৰে৷ এতিয়া চৰকাৰৰপৰা ৫০% ‘ছাবছিডি’ পাম।তাত গৈ পোৱাৰ পিছত,নেপচুন বেংকৰ একাউন্ট এটা খুলি একাউন্ট নম্বৰটো ইয়ালৈ পঠিয়াই দিব লাগিব আৰু ছাবছিডিৰ পইচাখিনি ট্ৰান্সফাৰ হৈ যাব। সিহঁতৰ বেংকত সোমোৱাৰ লগে লগে সেয়া ‘নেপচুনিজ কাৰেন্সী’ লৈ সলনি হ’ব হেনো। ছিষ্টেমটো বৰ ভাল লাগিছে।
চৰকাৰৰ আঁচনিখন ভাল, বহুতেই এপ্লাই কৰিছে। কেইবাহাজাৰো মানুহ ইতিমধ্যে গুচি গৈছে।কিয়নো নাযাব – আমাৰ ইয়াত আজি বানপানী, কালি ভূমিকম্প, পৰহি বম ব্লাষ্ট, তাৰ পিছদিনা আকৌ হস্পিতাল খোলা ঠাইক লৈ মাৰা-মাৰি, কিমান সহ্য কৰিব আৰু!কাৰেণ্ট বোলা বস্তুটো কেনেকুৱা আছিল বহুতেই পাহৰি গৈছে, দিনটোৰ ২০ ঘণ্টামান নাথাকেই।এইবোৰ অসুবিধা নেপচুনত নাই বাবে চৰকাৰে তালৈ যোৱাৰ সুবিধা কৰি দিছে।
এই কেইদিনত বুজি উঠিছোঁ – কাষ্ট চাৰ্টিফিকেটখন থাকিলে কামবোৰ কিমান সোনকালে হৈ যায়।পিছে তাত গৈ ভাতমুঠি মোকলোৱাৰ চিন্তা নিজৰ, কাষ্ট চাৰ্টিফিকেটে একো কৰিব নোৱাৰে।
এই ব্যৱস্থাটো যদি আমাৰ ভাৰততো থাকিলেহেঁতেন!!!!
তাত হেনো চাকৰিৰ অভাৱ নাই।কি হয় চোৱা যাওক। ইফালে পৃথিৱীত গৰমটো যিদৰে বাঢ়ি আহিছে, তাত হেনো একেবাৰে ওলোটা।ভীষণ ঠাণ্ডা বতৰ।নেপচুন প্লেনেটটো সূৰ্যৰপৰা আঁতৰত হোৱা বাবে গৰম নাই। আমি দুয়ো বিৰাটেই এক্সাইটেড্ নিৰ্দিষ্ট দিনটোলৈ বাট চাই।
: ‘ছাবছিডি’ত পোৱা টকা কেইটাৰে মাটি অলপ কিনিব লাগিব হে, বৰ কমতে দি আছে বোলে।প্লেনেট আৰ্থৰ পৰা যোৱাসকলৰ বাবে স্পেছিয়েল ডিছকাউণ্ট দিছে। মোৰ লগৰ এজনে তাত ৰিয়েল ইষ্টেটৰ কামতো হাত দিয়া বুলি শুনিছোঁ…..চৰকাৰৰ লগতো বোলে ভাল।তাৰ লগত কিবা এটা মিলাব লাগিব দিয়া। লাগিলে আমাৰ ইয়াৰে মাটিখিনি বিকি দিম……। নে কি কোৱা?
: খবৰদাৰ দেই! কৈ দিছোঁ ! মাটি-চাটি কাকো দিয়া নহ’ব! এয়া তোমাৰ দেউতাৰাৰহে মাটি…….আৰু আমাৰ ল’ৰা ছোৱালীক ভৱিষ্যতলৈ কি দিবা?
খঙত একো নাই হৈ শ্ৰীমতী পাকঘৰৰপৰা ওলাই আহিছিল।হাতৰ কৰচখনৰপৰা তপত দাইলৰ টোপালবোৰ আহি মোৰ ভৰিখনতে পৰিল৷
: আৰে – ভৱিষ্যত বিচাৰিয়েই তালৈ যাব ওলোৱা নাই জানো?আচ্ছা বাৰু, হ’ব দিয়া – কাকো একো নিদিওঁ। এতিয়া টালি-টোপোলা বান্ধিব আৰম্ভ কৰোঁ আহা। অ’ শুনা, এজনে ৫০ কেজিৰ বেছি নিব নোৱাৰিম দেই।
                       ++++++++++++++
    অফিছৰ গাড়ীখনে মাজৰাতি ডেৰ বজাত গলিটোৰ কাষতে নমাই দিলে।দুখোজ আগলৈ মোৰ ডমিট্ৰীটো। নিয়মমতে ৰাতি ১০ বজাৰ পিছত একেবাৰে ঘৰৰ দুৱাৰত নমাই দিব লাগে৷ পিছে গলিটো ঠেক হোৱা বাবে, গাড়ীখনে অলপ দূৰতে নমাই গুচি যায়। দুদিনমান আগতে সেইখিনিতে ল’ৰা তিনিজনে ঘেৰিলৈ  বৰ টনা আঁজোৰাখন কৰিলে।পইচাৰ বেগ আৰু হাতঘড়ীটো কাঢ়ি লৈ গ’ল। সিহঁতক ভালদৰে চিনি পাওঁ, ওচৰতে থাকে। কিন্তু সিহঁতৰ বিৰূদ্ধে থানাত কেছ দিবলৈহে সাহস নহ’ল।
ডমিট্ৰীৰ মালিকৰ ল’ৰাজন মোৰ সমনীয়া৷তাৰ নাম আজাহাৰ। ঠাইখনত ‘ভাই’ হিচাপে ভাল নাম এটা আছে তাৰ। বহুতে তাক সমীহ কৰি চলে।
ৰাতিপুৱা একেলগে বহি চাহ খাওঁতে কথাটো ওলাল।
: ক্যা মামু !! মাৰ খাকু আ গয়ে, ৱু ভী উনো চিল্লৰ বচ্ছো চে? তুমকো কিন্নি বাৰ বোলা ৰাত কু নক্কো নিকলনে কা….সমজতা নেই ক্যা?
: নাই অ’ অফিচত দেৰি হৈ যায়।
: ঠিক হে, মেই দেখতা ক্যা কৰ চকতে। তুমাৰা পাৰ্চ চাম তক তুমাৰে জেবা মে হোতা জী! পেইছা হোতা কি নই, উনো মেৰা গেৰান্টী নক্কো। বস ঘড়ী অউৰ পাৰ্চ তুমকো ৱাপিছ দিলাতা মেই…..!
সঁচাকৈয়ে সন্ধিয়া পইচাৰ বেগ আৰু হাতঘড়ীটো ঘূৰাই পাইছিলোঁ।অৱশ্যে বেগত এটকাও নাছিল – ডিজিটেল ইণ্ডিয়াৰ ফৰ্মূলাটো মই ২০০৫ চন মানৰপৰাই মানি আহিছোঁ।লগা হলে এ.টি.এম. কাৰ্ডখনেৰে সাউটকৈ উলিয়াই লওঁ, হাতত কেচ টকা নাৰাখো। সেইদিন ধৰি ল’ৰাকেইজনে মোক কেতিয়াও অসুবিধা কৰা নাই আৰু সেইটো সম্ভৱ হৈছিল একমাত্ৰ আজাহাৰ ভাইৰ কৃপাত।
আজাহাৰক তেনেদৰে ৰাস্তাত দেখি চৈধ্যবছৰ আগৰ কথাবোৰ ফ্লেছবেকৰ দৰে চকুৰ আগেৰে দৌৰ মাৰিলে। সেয়া মই পৃথিৱীত থকা সময়ৰ কথা৷ চাকৰি বিচাৰি বাঙ্গালোৰলৈ গৈছিলোঁ, তাতে লগ পাইছিলোঁ আজাহাৰক। ভাড়াঘৰত থাকিবলৈ পইছা নোযোৰে৷ সেয়ে দৈনিক ৫০ টকাকৈ দি সিহঁতৰ গেষ্ট হাউচত দুবছৰ আছিলোঁ৷ বিশাল কোঠাটোত এখনৰ ওপৰত এখনকৈ ডাবল দেকৰ বিছনাবোৰ পৰিপাটিকৈ সজাই ৰাখিছিল ৷ তেনেকুৱা মুঠতে ৪০ খন বিছনাত আমি ৮০ জন ভিন্ন ঠাইৰ মানুহে তাত একেলগে শুইছিলোঁ, খাইছিলোঁ, ফূৰ্ত্তি কৰিছিলোঁ৷ কেতিয়াবা কোনোবা এখন বিছনাৰপৰা কোনোবাজন গুচি গৈছিল,তেওঁৰ ঠাইত আকৌ নতুন মানুহ আহিছিল৷এনেদৰে লগ পোৱা এই মানুহখিনিয়ে জীৱনৰ বিভিন্ন কথা শিকালে৷ তাৰে কোনোবাজনে যদি দিন হাজিৰা কৰিছিল, কোনোবাই অট’ৰিক্সা চলাইছিল৷ আন কোনোবাই হয়তো কলেজত পঢ়ি আছিল, আকৌ মোৰ দৰে চাকৰি বিচাৰি যোৱা দুই এজনো আছিল৷ ভিন্ন ঠাইৰ ভিন্ন লোকসকলক একতাৰ ডোলেৰে বান্ধি ৰাখিছিল আজাহাৰ আৰু তাৰ বৃদ্ধ দেউতাকে৷
ইমান বছৰ পিছত নেপচুন গ্ৰহৰ ৰাস্তাত হঠাতে আজাহাৰক দেখি আচৰিত হৈ গলোঁ। কিছুদিন আগতে আমি আহি হোটেল এখনত উঠিছিলোঁ।চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ৷ পৃথিৱীৰ দৰে চাকৰিবিহীন অৱস্থা এটা ইতিমধ্যে  ইয়াতো সৃষ্টি হৈ গৈছে। এটাৰ পিছত আনটো অফিচৰ সম্মুখত থিয় হৈ চাকৰি বিচাৰি আছোঁ৷ ইফালে ভাৰত চৰকাৰৰ পৰা পাবলগীয়া ‘ছাবছিডি’ৰ টকাকেইটাও পোৱা নাই। হোটেলৰ বিল দিওঁতে ইতিমধ্যে লগত অনা টকাখিনিও শেষ হৈ আহিছে।
: ক্যা মামু, পিহচানে মেৰে কু?
: কি কোৱা আজাহাৰ ভাই, কিয় চিনি নাপাম?
: আৰে ক্যা মস্ত দুনীয়া হেই নি? চালে মগৰমচ্ছ লোক ৰাজ কৰতে ইধৰ! আধি ইন্সান আধি মগৰমচ্ছ। ক্যা অজিব দিখতে নি? কব আয়ে তুম ইধৰ কু, মিঞা?
মূৰটো ঘঁৰিয়ালৰ দৰে দেখা প্ৰাণীকেইটাৰ কথা কৈছে সি।সেইকেইটা ইয়াৰে স্থানীয় বাসিন্দা।
লাহে লাহে তাক সকলো বুজাই কলোঁ। তাক যে ইমান বছৰৰ মূৰত লগ পায়ো মোৰ ঘৰলৈ নিব নোৱাৰোঁ৷ আচলতে নিম ক’লৈ, ঘৰেই নাই। কথাৰ মাজতে গম পালোঁ মই থকা হোটেলখনৰ কাষতে হেনো সি আছে। তাৰ কোনোবা এজনী সম্বন্ধীয়া ভনীয়েকক লগ কৰিবলৈ আহিছে। কেইদিনমান থাকিব,পৃথিৱী এৰি একেবাৰে গুচি অহা নাই।চৰকাৰৰ এই নতুন আঁচনিখন হেনো যোৱা সপ্তাহত আৰম্ভ হৈছে। এইখন আচঁনি মতে দুয়োটা গ্ৰহৰ মাজত মানুহ আৰু মগৰ-মানৱবোৰ এতিয়া সহজতে ফুৰিবলৈও অহা যোৱা কৰিব পাৰিব।
যোৱাৰ সময়ত আজাহাৰ ভায়ে কৈ যোৱা কথা কেইটাই মন চুই গ’ল –
: কুন সা গভমেন তুমকু পেইচা নেই দিয়া বোলো, আসাম গভমেন্ কি ভাৰত গভমেন্ ? ৱইট্চ ‘ছাবছিডি’ ৱালা পেইসা, হেই না? চিন্তা নক্কো কৰো জী…….তুমাৰা আজাহাৰ ভাই কাইকো? মেই দেখতা ক্যা কৰ সকতে……। চাৰ দিনা মে তুমাৰা পেইছা তুমাৰে একাউন্ট মে হোতা জী! চাৰ দিন ! আচ্ছা ……ভাভী কো মেৰা অস-চলাম-ৱালেইকুম বোলো জী।……..মেই আতা ফিৰ চে মিলনে কু….।
কথাখিনি কৈ সি আতঁৰি গ’ল৷ ময়ো হোটেললৈ খোজ দিলোঁ৷ এই যে কৈ গ’ল – ‘মেই দেখতা ক্যা কৰ সকতে’ বুলি কথাষাৰ….আস!….আজিও যেন এক সঞ্জীৱনি মন্ত্ৰ হৈ দুয়োখনত কাণত বহুদেৰিলৈ বাজি থাকিল।
******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *