মাঘৰ বিহু বা ভোগালী বিহুৰ ইতিহাস আৰু পৰম্পৰা-পূৰ্ণিমা শইকীয়া গগৈ

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে।কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অন্তত পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী বিহু।আঘোণৰ পথাৰ সোণোৱালী হোৱাৰ পাছত আঘোণ-পুহত  ধান, মাহ, তিল, আলু আদি শস্য চপাই মানুহে ভঁড়াল ভৰায়।এইখিনি সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত খাবলৈ দুমুঠি ধান-চাউল থাকে। সেয়েহে এই বিহুত খোৱা-বোৱাত বেছি গুৰুত্ব দিয়া হয়।এই বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰী, হুৰুমৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদি সকলোৰে ঘৰতে উভৈনদী হৈ পৰে।

মাঘ বিহুৰ ইতিহাস:

মাঘ বিহু আদিম যুগৰ বড়োমূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল।তেতিয়াৰেপৰাই এই বিহু সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি অহা হৈছে।চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰপৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল।ৰজা‌সকলে‌ ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ,‌ কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, মহ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জনা যায়।

মাঘ বিহুৰ উৰুকা:

মাঘ বিহুৰ আগদিনা ৰাতি সকলো অসমীয়াই উৰুকা পালন কৰে।গাঁৱৰ সকলোৱে মিলি উমৈহতীয়াকৈ ভেলাঘৰ সাজি তাতে ৰাতি ভোজ-ভাত খায় উৰুকা পালন কৰে।এই ভেলাঘৰ সমূহ নৰাৰে সজা হয়। সাধাৰণতে নৰাৰে সজা ভেলাঘৰৰ দীঘ-প্ৰস্থ সমান হয়।কিন্তু ঠাইভেদে ভেলাঘৰৰ আকাৰ ভিন্ন হোৱা দেখা যায়। কোনো কোনো ঠাইত শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায়। তদুপৰি নামনি অসমৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয়। ঠাই বিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ তথা আকৃতিৰ ভিন্নতা দেখা যায়।ইফালে,জনমত অনুসৰি খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়।বন্য জন্তুয়ে পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ইয়ে বিবৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়।

উৰুকাত মাছ ধৰা আৰু নিশাৰ পৰম্পৰা

বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে। এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকি লৈ মাছ মাৰি ৰাইজে সেই মাছৰ ভাগ-বিতৰা কৰি তাৰেই নিশা ভোজ খায়।

আনহাতে, পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দোমাহীৰ আগদিনা উৰুকা উদ্‌যাপন কৰা হয়। উৰুকাৰ নিশা আপোনজনৰ লগত ভাতসাজ আনন্দৰে খোৱা হয়। ভোজ-ভাত খাবলৈ গোট খোৱা যুৱকসকলে গাঁৱৰ মানুহৰ বাৰীৰপৰা খৰি, শাক-পাচলি কুকুৰা-পাৰ, জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায়। এই প্ৰথাৰ বাবেই গৃহস্থয়ো ঘৰৰ বাৰী, চৌহদ আদি ৰখি গোটেই নিশাটো উজাগৰে কটাবলগীয়া হয়।

মাঘ বিহু:

বিহুৰ দিনা পুৱা সকলোয়ে গা-পা ধুই উৰুকাৰ দিনা সজা ভেলাঘৰ মেজিত জুই লগাই সমাজৰ অমংগল দূৰ কৰিবৰ বাবে প্ৰাৰ্থনা জনায়।মেজিৰ জুইত মাটিমাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পুৰি শেষ হ’লে সেই ছাইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। মেজি দাহনৰ পিছত আধাপোৰা বাঁহচালি লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়।

মাঘ বিহুৰ খাদ্য সমূহ:

মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়।এই বিহুত সকলো অসমীয়াই ঘৰে ঘৰে বিভিন্ন ধৰণৰ জলপান, পিঠা-পনা তথা লাডু আদি প্ৰস্তুত কৰে। এই উৎসৱৰ বিশেষ পিঠা হৈছে চুঙা পিঠা আৰু তিল পিঠা। তদুপৰি মাঘ বিহুত পানী পিঠা, টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰী পিঠা আদিও বনোৱা হয়। ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ি, আখৈ, চুঙা চাউল ইত্যাদি জলপানো বিহু বিশেষ। বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনৰে আলহী অতিথিক আপ্যায়ন কৰা হয়।মোৱা আলু, মিঠা বা ৰঙা আৰু, কাঠ আলু আদি আলুবোৰ সিজাই,পুৰি আৰু ভাজি খোৱাৰ নিয়ম আছে।

ভোগালী বিহু উপলক্ষে পতা খেল ধেমালি সমুহ:

চৰাইৰ যুঁজ:

হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে।জনমত অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰেপৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে।ৰাজ্যৰ আন আন ঠাইতো চৰাই যুঁজ হয়।

ম’হ যুঁজ:

মাঘ বিহুৰ সময়ত ম’হ যুঁজৰ আয়োজনৰ সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায়। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰপৰা এই খেল উপভোগ কৰিছিল।

কণী যুঁজ:

কণী যুঁজ অসমৰ এটি প্ৰিয় খেল।এই যুঁজ সাধাৰণতে পাতি হাঁহৰ কণীৰে কৰোৱা হয়। খেলুৱৈ সকলে বিভিন্ন ঠাইৰপৰা টান কণী বিচাৰি আনি যুঁজলৈ সাজু হয়।কোনো কোনো ঠাইত ৰঙালী বিহুৰ সময়তো কণী যুঁজ হয়।

ইফালে, বিহু উপলক্ষে অসমৰ ভিন্ন ঠাইত পৰম্পৰা অনুসৰি নাও খেল, কড়ি খেল আদিও অনুষ্ঠিত হয়।

মুঠৰ‌ ওপৰত খাদ্য বস্তুৰে উভৈনদী হোৱাৰ‌ উপৰিও খেতিৰ অন্তত অসমত উলহ মালহেৰে এই বিহু উদযাপন‌ কৰা হয়।

******

One comment

  • Kumkum Devi Sarmabaruah

    মাঘবিহুৰ বিষয়ে বিতংকৈ জানিবলৈ পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *