মেঘালয় ৰাজ্যৰ দক্ষিণ গাৰোপাহাৰ জিলাৰ লোকচক্ষুৰ আঁৰত প্ৰকৃতিৰ মাজত লুকাই থকা কিছু আশ্চৰ্য্য-ৰঞ্জনা দত্ত

মেঘালয়ৰ পৰ্যটন স্থলবিলাকৰ কথা ভাবিলে আমাৰ মনলৈ আহে কেৱল শ্বিলঙ আৰু চেৰাপুঞ্জীৰ আশে পাশে থকা সুন্দৰ ঠাইসমূহৰ কথা।গাৰো পাহাৰ জিলা যেন সদায় উপেক্ষিত।সাধাৰণ পৰ্যটকসমূহৰ দৃষ্টিৰপৰা নিজকে সংগোপনে লুকুৱাই ৰখা মেঘালয় ৰাজ্যৰ পূব গাৰো পাহাৰ জিলা আৰু দক্ষিণ গাৰো পাহাৰ জিলাও প্ৰাকৃতিক সৌন্দৰ্য্য আৰু কিছু বৈচিত্ৰময় বিস্ময়ৰ আকৰ।দক্ষিণ গাৰো পাহাৰ জিলাৰ বাঘমাৰাৰ ওচৰে পাঁজৰে থকা এনে দুখনমান দৰ্শনীয় ঠাই পাৰিলে এবাৰমান চাই আহিবচোন।
গুৱাহাটীৰ পৰা বাঘমাৰাৰ দূৰত্ব প্ৰায় ২৬৫ কি:মি। তুৰালৈ যোৱা ভালেমান চৰকাৰী আৰু বেচৰকাৰী বাছৰ বাহিৰেও বাঘমাৰালৈ এখন নৈশ বাছো চলে।বাঘমাৰা খন সৰু ঠাই।বেছি পাহাৰীয়া ওখ চাপৰ নাই।দৰ্শনীয় ঠাইসমূহত ওচৰে পাঁজৰেই থকা বাবে এবাৰ গৈ পোৱাৰ পিছত তাৰ চুমো বা বাছবোৰত উঠিও দৰ্শনীয় স্থানবোৰলৈ যাব পৰা যায়।লগত নিজৰ ডাঙৰ গাড়ী লৈ গ’লে সকলোতকৈ সুবিধা হয়।বাঘমাৰাৰ ওচৰতে আছে বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান।ইয়াৰ বাহিৰেও ওচৰে পাঁজৰে সিচঁৰতি হৈ আছে অনেক গুহা।প্ৰতিটো গুহাৰ গঠন প্ৰণালী আৰু সৌন্দৰ্য্য সম্পূৰ্ণ বেলেগ বেলেগ।পৰিষ্কাৰ বহল বালিৰ চৰবোৰৰ সতে নীলা সেউজীয়া পানীৰ চিমচাং নদী।এই চিমচাং নদীখনেই বৈ গৈ গাতে লগা বাংলাদেশত সোমেশ্বৰী নাম লৈছেগৈ।গাৰো জনবিশ্বাস আৰু লোক কথাবোৰত থকা আত্মাৰ বিচৰণ থলী বালপাক্ৰাম।আৰু আছে মাংসভোজী উদ্ভিদৰ উদ্যান আৰু ৰং-বিৰঙী চৰাইৰ পক্ষী অভয়াৰণ্য।এই সকলোবোৰ চাবৰ বাবে শ্বিলঙ বা গুৱাহাটীৰপৰা গৈ ৱিলিয়াম নগৰ,তুৰা বা বাঘমাৰাত থাকি ল’লে সুবিধা হয়।
চিজু গুহা শৃংখল ( Dabakhol cave ) বা বাদুলিৰ গুহা:
এই গুহা শৃংখলৰ আটাইতকৈ দীঘল গুহাটো ভাৰতবৰ্ষৰ তৃতীয় বৃহৎ গুহা বুলি অভিহিত কৰা হৈছে।প্ৰাকৃতিক গোলক ধাঁধাঁৰ (maze) দৰে ভিতৰে ভিতৰে অসংখ্য সৰু সৰু গুহাৰে সংযোজিত এই গুহাৰ ভিতৰলৈ স্থানীয় গাইডৰ সহায় নোলোৱাকৈ সোমোৱাটো খুব বিপজ্জনক।
নাপাক হ্ৰদ আৰু চিমচাং নদীৰ ওচৰত থকা এই লাইমষ্টনৰ গুহাটো কিছু লোকে প্ৰায় ৭ কি:মি: দীঘল বুলি ক’ব খোজে যদিও আজিকোপতি প্ৰথম তিনি চাৰি কি:মিৰ বেছি কোনোৱে অতিক্ৰম কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে ইয়াত বসবাস কৰা শ শ বাদুলি, নিশ্ছিদ্ৰ অন্ধকাৰ আৰু গুহাৰ মাজেৰে বৈ যোৱা সৰু বোৱতী পানীৰ জুৰিটো।গৰম ঠাণ্ডা সকলো সময়তে গুহাৰ ভিতৰৰ তাপমান ২১- ২৬ ডিগ্ৰীৰ ভিতৰতে থাকে।কিছু দূৰত থকা ফৰেষ্ট/ টুৰিজিম বিভাগৰ গেষ্ট হাউছটোৰপৰা সৰু জুৰি এটা পাৰ হৈ কিছুদূৰ লুংলুঙীয়া ৰাস্তাটোৰে আহি গুহাটোৰ ওচৰ পাব পাৰি।চিজু গুহাত সোমোৱাৰ আগতে স্থানীয় গাইড এজন বন্দবস্ত কৰি লোৱাটো অত্যন্ত প্ৰয়োজন।গাইডৰ মাননী, নিজৰ আৰু কেমেৰাৰ বাবে টিকট লোৱাৰ পিচতহে গুহাত সোমাব পাৰিব।
গুহাৰ ভিতৰৰ সমুখৰ ঠাইখিনি আহল বহল।এনে লাগে যেন ডাঙৰ গাড়ী এখন লৈ সোমাই যাব পাৰি।সমুখৰ ছোৱা বহল,মাজেৰে বৈ যোৱা ফটফটীয়া পানীৰ জুৰিটো আৰু কাষবোৰ সমান নদীৰ বালিৰে ঢাকখোৱা।বহল সুৰংগৰ পানীৰ মাজেৰে খোজকাঢ়ি ভিতৰলৈ গৈ থাকিলে পোহৰ ক্ৰমান্বয়ে কমি কমি ভিতৰৰফালে ঘোপমৰা এন্ধাৰ।চূণশিলৰ ক্ষয়ীভৱনৰদ্বাৰা সৃষ্টি হোৱা এই গুহাটোৰ ওপৰৰ চিলিং আৰু খাঁজবোৰত শ শ বাদুলি ওলমি থকা দেখিবলৈ পোৱা যায়।গুহাটোত থকা এই বাদুলিবোৰৰ বাবেই ইয়াক ‘দাবাখল’ ( dabakhol) বা বাদুলিৰ ঘৰ বুলি জনা যায় ।
সম্পূৰ্ণ ব্যতিক্ৰমী এই গুহাটোৰ ভিতৰত যেন  প্ৰতি খোজে খোজে বিস্ময় লুকাই আছে।নিশ্ছিদ্ৰ অন্ধকাৰৰ মাজেদি মমবাতি বা টৰ্চৰ পোহৰেৰে বাট দেখুৱাই নিয়া গাইডৰ পিছে পিছে গৈ থাকোঁতে সাবধান হ’ব।বোৱতী পানীৰ সোঁতে নিমজ কৰা পিছল পাথৰত পিছল খাই পৰা সম্ভাবনা খুব বেছি।যাত্ৰাপথ যিমানেই ৰোমাঞ্চকৰ সিমানেই আশ্চৰ্যজনক।গুহাৰ ওপৰ ভাগত থকা বাদুলিৰ বাহিৰেও নানান ধৰণৰ কীট-পতঙ্গ আৰু শেলুৱৈজাতীয় উদ্ভিদ।জানিবলৈ পোৱা মতে ইয়াৰ ভিতৰত ১০০ বিধতকৈও বেছি  ক্ষুদ্ৰ জীৱ আছে।ইয়াৰে কিছুমান দুস্প্ৰাপ্য প্ৰজাতিৰ। তলৰ পানীখিনি দেখি এনে ভাব হয় যেন স্ফটিক স্বচ্ছ পানীৰে পাহাৰীয়া জুৰি এটাই পথ হেৰুৱাই গুহাৰ ভিতৰ সোমাইছেহি।টৰ্চৰ পোহৰত পানীৰ তলত নাচিবাগি ফুৰা চিনাকি-অচিনাকি সৰু সৰু ধুনীয়া মাছবোৰ দেখিলে কেনেকুৱা লাগিব বাৰু!কিছুমান লোকে এই পানীত ‘ইলেকট্ৰিক ইল’ দেখা বুলিও কয়। গুহাটোৰ ভিতৰছোৱা সমুখৰ ভাগতকৈ যথেষ্ট ঠেক। পানী ঠায়ে ঠায়ে আঁঠুৰ ওপৰলৈকে পাইহি।কিছুমান ঠাই যথেষ্ট সংকীৰ্ণ আৰু চাপৰ আৰু কিছুমান ঠাই বহল কোঠালীৰ দৰে।টৰ্চৰ পোহৰেৰে আলোকিত কৰা স্টেলেগমাইট আৰু ষ্টেলেকটাইটৰ বোৰে সৃষ্টি কৰা অপূৰ্ব সুন্দৰ নক্সাৰ গাঁথনিবোৰ দেখিলে অভিভূত হৈ পৰিব লাগে।তিনি কিলোমিটাৰ মান এইদৰে গুহাৰ মাজেৰে গৈ যিটো দৃশ্য চকুৰ আগত দেখা দিব সেয়া এক অকল্পনীয় অনিন্দ্য সুন্দৰ দৃশ্য,যেন পৃথিৱীৰ সকলো সৌন্দৰ্য্যৰ বাহিৰৰ অন্য এক ৰূপ।হঠাতে গুহাৰ ওপৰৰপৰা চিধাকৈ তলত পৰা এক জলপ্ৰপাত!আৰু আগুৱাই যাব নেকি? স্থানীয় লোকৰ মতে আগলৈ আৰু দুটামান জলপ্ৰপাত আৰু সৰু ডাঙৰ পুখুৰীৰ দৰে আছে । গুহাৰ একেবাৰে আগৰছোৱা এতিয়ালৈকে সম্পূৰ্ণ আৱিষ্কাৰ কৰা হোৱা নাই। হয়তো এক পৰম আশ্চৰ্য লুকাই আছে কোনে ক’ব?
** গুহাটো বেচ ভিতৰুৱা ঠাইত আছে বাবে আগদিনা আহি ওচৰৰ কোনো ঠাইত থাকি ল’ব পাৰে।
** তুৰা বা উলিয়াম নগৰৰ বাহিৰেও গুহাটোৰ কাষতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা আলহী ঘৰ আছে।
** আলহী ঘৰটোত গেছ লাইট পানী সকলোৰে অসুবিধা আছে।ৰান্ধনি/ চকীদাৰজনে খাদ্য সামগ্ৰীখিনি গোটাই দিলে খৰিৰ জুইত ৰন্ধা মেলা কৰি দিয়ে।
** গেষ্ট হাউচলৈ ওচৰৰ নদীখনৰপৰা পইচাৰ বিনিময়ত পানী আনি দিয়ে।
** খোৱা আৰু ৰন্ধাৰ পানী লগত লৈ যোৱাই মঙ্গল।
** গুহাত সোমাবলৈ পানীত পিন্ধিব পৰা জোতা,ভাল টৰ্চ ,কিছু শুকান খোৱাবস্তু,পানীৰ বটল আদি লৈ যোৱাটো দৰকাৰ। আঁঠুৰ ওপৰলৈকে তিতিব বুলি ধৰিয়েই ল’ব।
** চিজু গুহালৈ যোৱাৰ আটাইতকৈ ভাল সময় হৈছে নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে।বাৰিষাৰ সময়ত গুহাটোৰ ভিতৰলৈ যোৱাৰ কথা সপোনতো নাভাবিব।
** গুহাৰ ভিতৰৰ শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব।কথা-বতৰা কমকৈ পাতি ভিতৰৰ গহীন নিশব্দতাৰ লগতে বাদুলি বা অন্য জীৱই কৰিব পৰা প্ৰতিটো শব্দ কাণপাতি শুনক।
বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান:
দক্ষিণ গাৰো পাহাৰ জিলাৰ বাঘমাৰাৰপৰা ২৫ কি: মি: দূৰৈত অৱস্থিত ২০০ বৰ্গকিলোমিটাৰ জুৰি থকা এই ৰহস্যময় অদ্ভুত পাহাৰলানিয়ে প্ৰতি বছৰে দেশ-বিদেশৰ কিছু পৰ্যটকক আকৃষ্ট কৰি আহিছে।স্থানীয়ভাবে ইয়াক  “আত্মাৰ বিচৰণ স্থলী” আৰু  “অবিৰত বতাহৰ ঠাই” বুলি জনা যায়।সাগৰ পৃষ্ঠৰপৰা ৩০০০ ফুট ওখত অৱস্থিত অনিন্দ্য সুন্দৰ এই  বৃহৎ উদ্যানখন চাৰিও কাষৰ ঘন জঙ্ঘলবোৰৰ মাজত থকা পাহাৰৰ ওপৰৰ বিশাল মালভুমি এখন।বিস্তীৰ্ণ ঘন সেউজীয়া তৃণভূমিখনৰ সৰু ওখ-চাপৰবোৰ,অদ্ভুত আকৃতিৰ অ’ত ত’ত পৰি থকা সৰু ডাঙৰ শিলবোৰ দেখি মানুহ আচৰিত নোহোৱাকৈ নোৱাৰে।আমেৰিকাৰ গ্ৰেন্ড কেনিয়নৰ লেখীয়া অতি সুন্দৰ আৰু ভয়ানক  ডাঙৰ ডাঙৰ খাদ ( gorge ) দেখি আচৰিত হৈ পৰিব লাগে।ইয়াৰ অৰণ্যসমূহৰ মাজে মাজে ডাঙৰ ডাঙৰ অতীব সুন্দৰ  কেইবাটাও জলপ্ৰপাত আছে, য’ৰ পানীবোৰ গাতে লগা বাংলাদেশলৈ ধাৱমান হৈছে।অনেক বিলুপ্তপ্ৰায় পশু-পক্ষীৰ বিচৰণস্থলী এই ৰাষ্ট্ৰীয় উদ্যানখন।কেউফালে ঘন জঙ্ঘলেৰে আৱৰি থকা এই উদ্যানখনত থকা বহুতো জনা নজনা অৰ্কিড আৰু বনৌষধি উদ্ভিদৰ বাবে প্ৰতিবছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ উদ্ভিদ আৰু প্ৰাণী বিজ্ঞানীসকলক আকৰ্ষিত কৰি আহিছে।মধ্যম উষ্ণতাৰ এই বৰ্ষাৰণ্যখন হাতীৰ বিচৰণৰ বাবে অতি উপযুক্ত ঠাই।হাতীৰ উপৰিও নানা প্ৰজাতিৰ বান্দৰ,গৰিলা,বেবুন,উৰণীয়া কেৰ্কেটুৱা,ক’লা ভালুক, বিভিন্ন প্ৰজাতিৰ বনৰীয়া ম’হ,প্ৰায় ৮ বিধ মেকুৰী প্ৰজাতিৰ জন্তু আৰু  নানান প্ৰজাতিৰ সৰীসৃপ প্ৰাণী দেখিবলৈ পোৱা যায়।
ইয়াৰ সকলোতকৈ ডাঙৰ আকৰ্ষণটো হ’ল পৃথিৱীত বিলুপ্ত হবলৈ ওলোৱা ৰেড পাণ্ডা।বিলুপ্তপ্ৰায় ৰেড পাণ্ডাবোৰনো কেনেকৈ ইয়াত ওলালহি সিও সকলোৰে বাবে এক সাঁথৰ।ইয়াৰ বাহিৰেও বিলুপ্তপ্ৰায় বনৰীয়া পানী ম’হ ( water buffalo)আৰু অতি বিৰল সোণালী মেকুৰী ইয়াত দেখিবলৈ পোৱা যায়।পাহাৰৰ মাজে মাজে থকা জান,জুৰি,বিল ইত্যাদিৰ বাবে ইয়ালৈ বিভিন্ন ধৰণৰ পক্ষীৰ আগমন ঘটে।ইয়াত এতিয়ালৈকে ২৫০ বিধ প্ৰজাতিৰ পক্ষী চিনাক্ত কৰা হৈছে।
বালপাক্ৰামৰ লগত জড়িত ধৰ্মীয় আৰু আত্মা সম্বন্ধীয়  স্থানীয় লোক বিশ্বাস :
গাৰো পাহাৰ জিলাৰ কিছুমান লোকবিশ্বাস অনুসৰি ৰামায়ণৰ কালছোৱাত শ্ৰীৰামচন্দ্ৰ আৰু  ৰাৱণৰ তয়াময়া ৰণৰ অন্তত লক্ষ্মণ খুব বেয়াধৰণে আঘাতপ্ৰাপ্ত হয়।ৰামচন্দ্ৰই সঞ্জীৱনী শিপা আনিবৰ বাবে হনুমানক এই পাহাৰখনলৈ পঠিয়ায়।হনুমানে সঞ্জীৱনী গছৰ শিপা ডাল চিনিব নোৱাৰি গোটেই পাহাৰখনকে কান্ধত উঠাই লৈ যায়।গোটেই পাহাৰখন লৈ যোৱাৰ ফলত পাহাৰখনত এটা ভীষণ ডাঙৰ খাদৰ ( gorge ) সৃষ্টি হয়।
গাৰোসকলৰ অধিকাংশ লোকেই বিশ্বাস কৰি আহিছে যে মৃত আত্মাবোৰে পৰলোকলৈ কৰা শেষ যাত্ৰাৰ সময়ত বালপাক্ৰামৰ এই পবিত্ৰ সমতল ঠাইখনত কিছুসময় বিশ্ৰাম লয়।বিজ্ঞানেও বাখ্যা কৰিব নোৱাৰা ইয়াত এতিয়ালৈকে প্ৰায় ৪৫ টা মান অদ্ভুট ঘটনা/বস্তু আবিষ্কাৰ কৰা হৈছে যিবোৰৰ প্ৰকৃত বাখ্যাৰ বাবে গোটেই প্ৰৃথিবীয়ে যেন অপেক্ষা কৰি আছে।
অৰণ্য মানৱ য়েটি :
ইয়াৰ ওচৰ পাঁজৰে বাস কৰা স্থানীয় গাৰোসকলৰ মতে অনবৰত হো-হোৱাই বতাহ বলি থকা এই বালপাক্ৰাম খন তেওঁলোকৰ মৃত উপৰি পুৰুষসকলৰ আত্মাৰ বিচৰণস্থলী।‘গন্চ’ বা বেয়া আত্মাবোৰ উদ্যানখনৰ থিয় দ খাদ (gorge) বোৰৰ লগত লাগি থকা পাহাৰৰ চূড়াবোৰত বাস কৰে।ইয়াৰোপৰি ইয়াত অৰণ্য মানব বা য়েটি থকা বুলিও দুই এজন স্থানীয় মানুহে ক’ব খোজে। য়েটিৰ অস্তিত্বৰ ওপৰত প্ৰবল বিশ্বাসী বিবিচিৰ সাংবাদিক আলিচ্টাৰ লৱচন ( Alistair Lawson)  আৰু এজন স্থানীয় য়েটি বিশ্বাসী লোকে ২০০৮ চনত এই অঞ্চলৰ কোনো ভিতৰুৱা ঠাইত অতিকায় মানব সদৃশ প্ৰাণীৰ অস্তিত্বৰ বহুতো চাপ আৱিস্কাৰ কৰে।আজি বিশ বছৰমান আগতে এই ঠাইখনত ১০ ফুট ওখ আৰু প্ৰায় ৩০০ কিলো ওজনৰ গৰিলাৰ দৰে অতিকায় জন্তু এটাই পাহাৰীয়া ফল মূল,গছৰ শিপা আৰু গছৰ ডালবোৰ ভক্ষণ কৰি থকা ইয়াৰে খৰিকটীয়া এজনে দেখিবলৈ পাইছিল।
আত্মাৰ বিচৰণ স্থলী :
আচৰিত যেন লাগিলেও এইটো সকলোৱে বিশ্বাস কৰে যে এই ৰাষ্ট্ৰীয় উদ্যানখন ভূত-প্ৰেত আৰু আত্মাৰ আবাস স্থলী।আত্মা আৰু ভূত-প্ৰেতবোৰ জঙ্ঘলৰ মাজত বিচৰণ কৰাৰ ফলত সৃষ্টি হোৱা অনেক নিৰ্জীৱ প্ৰমাণ উদ্ধাৰ কৰা হৈছে যিবোৰৰ কোনো বৈজ্ঞানিক বাখ্যা আজি পৰ্য্যন্ত কোনোৱে দিব পৰা নাই।
অশৰীৰী আত্মাৰ নাম শুনিলেই আপোনাৰ গাৰ নোম থিয় হৈ উঠেনে বাৰু?বালপাক্ৰাম উদ্যানৰ মাজত থকা ‘মাটশ্ৰু আন্তি’ নামৰ প্ৰকাণ্ড বহল শিলচটাৰ ওপৰত আছে হাজাৰ হাজাৰ সৰু ডাঙৰ অজস্ৰ জন্তুৰ খোজৰ স্পষ্ট চাপ।ওচৰ-পাঁজৰৰ বাকী শিলবোৰ সম্পূৰ্ণ নিমজ যদিও এই শিলচটাত থকা এই খোজৰ চাপবোৰৰো আত্মাৰ লগত সম্বন্ধ থকা  কিছু কাহিনী আছে।
‘আৰেং পাতাল’ এটা মাজডোখৰ কিছু দ চুম্বকীয় প্ৰকাণ্ড শিল এচটাৰ মাজৰ থকা এটা প্ৰকাণ্ড গাঁত।এই চুম্বকীয় দ গাঁতটোৱে ওচৰ-পাঁজৰত ঘূৰি ফুৰি থকা জীৱ-জন্তুবোৰ আকৰ্ষণ কৰে আৰু ইয়াৰপৰা কেতিয়াও কোনো  ঘূৰি আহিব নোৱাৰে।অৱশ্যে আজিলৈকে মানুহৰ ক্ষেত্ৰত কোনো অঘটন হোৱা নাই ।
পাৰ্ক খনৰপৰা প্ৰায় ১ কি.মি আঁতৰত থকা এটা দানৱৰ আত্মাৰ দ্বাৰা অভিশপ্ত জুৰি আছে যাৰ কাষলৈ অতিশয় বেয়া গোন্ধৰ বাবে কোনো কাষ চাপিব নোৱাৰে।
ইয়াত পোৱা এজোপা schima wallichi গছৰ গা গছত থকা  অদ্ভুত ধৰণৰ খাঁজবোৰ দেখি এনে লাগে যেন এইবোৰ কোনো জন্তুৰ পঘা বা শিকলিৰে ইয়াত বান্ধি থোৱাৰ ফলত সৃষ্টি হোৱা।গাৰো মানুহবোৰৰ মতে অশান্ত অশৰীৰী আত্মাবোৰে মৃতকৰ দেশলৈ যাওঁতে এই ঠাইত জিৰণি লয় আৰু মৃতকৰ শেষকৃত্যৰ সময়ত বলি দিয়া জন্তুবোৰ এই গছতে বান্ধি থয়।এইধৰণৰ এজোপা গছ বতাহত বাগৰি পৰাৰ পিছত কাষত থকা আন এজোপা গছত এই অদ্ভুত আকৃতিৰ চিনবোৰ গঢ় লৈ উঠে যাৰ কোনো বৈজ্ঞানিক বাখ্যা এতিয়ালৈকে পোৱা নাই।
ইয়াৰ মাজত থকা এঙাৰ ক’লা পানীৰ পুখুৰীটো হেনো মৃতলোকৰ আত্মাবোৰৰ গা-ধোৱা পুখুৰী।পৰলোকলৈ যোৱাৰ বাটত গাৰ সমস্ত লেতেৰা ধোঁৱা ছাঁই আদি বস্তু  ইয়াতে আঁতৰাই তেওঁলোক পৰিস্কাৰ হয়।
এঠাইত কিছু দূৰে দূৰে প্ৰকৃতিয়ে সজাই থোৱা মুঢ়াৰ দৰে পাথৰবোৰ দেখিলে ভাৱ হয় যেন এইখন কিবা সভাস্থলীহে।এইখিনি ঠাই অশৰীৰী আত্মাবোৰৰ লগ হোৱা ঠাই বুলি গাওঁবাসীয়ে ক’ব খোজে।
ইয়াত আছে এনে এটা বিশাল পাহাৰীয়া খাদ যিটোৰ তললৈ কোনো বস্তু দলিয়াই পঠালে আকৌ নিজে নিজে ওপৰলৈ উঠি আহে।
বতাহৰ সোঁ সোঁ শব্দৰ মাজে মাজে গহীন অৰণ্য আৰু গভীৰ থিয় খাদবোৰৰ মাজে মাজে এই ধৰণৰ বিজ্ঞানে বাখ্যা কৰিব নোৱাৰা অদ্ভুত ঠাইবোৰ চাবলৈ ইচ্ছা কৰেনে?বিজ্ঞান আৰু যুক্তিৰ বাহিৰৰ অনেক ঘটনা ইয়াত সময়ে সময়ে ঘটি থাকে আৰু স্থানীয় লোকে সেইবোৰ আত্মাৰ কাৰ্য্য বুলি অন্তৰেৰে বিশ্বাস কৰে ।
এই সংৰক্ষিত বনাঞ্চলখনত সোমাবৰ বাবে পাৰ্মিটৰ দৰকাৰ হয়।বাঘমাৰাৰ ডি.এফ.অফিচৰপৰা এইখন সহজতে সংগ্ৰহ কৰিব পাৰিব।
তুৰা,বাঘমাৰা বা ৱিলিয়ামনগৰৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ গেষ্ট হাউচত  আগতীয়াকৈ বুকিং কৰি লোৱা দৰকাৰ।
বাঘমাৰাৰ নতুনকৈ পাহাৰৰ ওপৰত সজা গেষ্ট হাউছৰ পৰা দেখা নীলা পানীৰ চিমচাং নদীখনৰ নৈসৰ্গিক সৌন্দৰ্য্য অতি বিতোপন।ইয়াৰ একেবাৰে কাষতে আছে মাংসভোজী নেফেনথাছ উদ্ভিদৰ উদ্যানখন।
বাৰিষাৰ সময়ছোৱা বাদ দি সকলো সময়তে যাব পাৰে যদিও বিস্তৃত সেউজীয়া তৃণভূমি চোৱাৰ বাবে বৰষুণৰ পিছৰ সময়ছোৱা সকলোতকৈ উত্তম।চৰাই আৰু জীৱ জন্তু বোৰ চাবলৈ পিছে শীতকালহে ভাল সময়।
******

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *