যাত্ৰা-দেবজিত শৰ্মা
দূৰণিবটীয়া ৰেলগাড়ী
এখনৰ ডবাৰ শেষৰ
পূৰণ চিনটো!
তোক এবাৰ চুই চাবৰ
মন আছিল৷
মোৰ দৰেই তয়ো
স্থবিৰ হৈ ৰৈ যাৱনে
চিনাকি বাটবোৰত!
যেতিয়া বসন্ত নামে
অথচ কৰুণ সুৰ এটা
বগাই আহে কলিজালৈ…
যেতিয়া সংলাপবোৰৰ
বাবে শ্ৰোতা নাথাকে
কিন্তু কৈ থাকিবৰ জোখাৰে
এসাগৰ কথা থাকে!
যেতিয়া আকাশখন নামি
নামি ক্ৰমশ: কেনভাচৰ দিন এটা হয়
আৰু তুলিকাৰ গতিত নিউটনৰ
সূত্ৰটো অপ্ৰাসংগিক হৈ পৰে৷
শেষ নোহোৱা দুটা চিৰিৰে
মোৰো গৈ থাকিবৰ মন যায়,
নিজৰে আঙুলিত ধৰি৷
কৰবাত নদী এখন ৰৈ থাকিব,
কৰবাত বেলিটো ভাগৰি
ঘাঁহবোৰৰ মাজত শুই পৰিব৷
চৰাইৰ কোলাহলত দিশ
হেৰুওৱা পুৱা এটা চাবলৈ
এদিন কোনো খবৰ নিদিয়াকৈ
যাম গৈ,পাহাৰ নদী সাগৰৰ সিটো
পাৰলৈ৷
নিশব্দে,নিৰলে…
এদিন কথা,গান, কেনভাচৰ মাজত
নিজৰ লগত পাতিব পৰা কথাবোৰ লৈ……
******
5:57 PM
সুন্দৰ