লাজ-কমলা দাস

: অ’ মা,আপুনি বজাৰৰ ফালে যায় নেকি!

শাহুৱেকে কৰবালৈ যাবলৈ সাজু হোৱাৰ পৰতে বোৱাৰী নিতুৱে খৰখেদাকৈ আহি মাত লগালে।

: নাই, মই বেলেগ এফালেহে যাম। কিয় সুধিলানো!

: কথা এটা হ’ল নহয়!ঘৰত আনি থোৱা পেড নাই আৰু মাইনাৰ মাহেকীয়া আৰম্ভ হৈছে এইমাত্ৰ।আপুনি বেলেগ ফালে গ’লেও আহোঁতে বজাৰত সোমাই মাইনাৰ বাবে পেড এটা লৈ আনিবচোন।

: দেউতাককেই নোকোৱা কিয় আনিবলৈ! সি অফিচৰ পৰা আহি পাবৰ হৈছেই নহয়।আহোঁতে লৈ আনিব পাৰিব।

: অ’ মা,  কি যে কয় আপুনি! জীয়েকৰ পেড দেউতাকক আনিবলৈ ক’ব পাৰি নেকি!তেওঁ কিনিবলৈ লাজ নকৰিব নে!

: কিয়?জীয়েকৰ প্ৰয়োজনীয় বস্তুবিধ আনিবলৈ

দেউতাকে কিয় লাজ কৰিব!

: হলেও,মোৰেইচোন দেউতাকক  মাইনাৰ বাবে পেড আনিবলৈ ক’বলৈ লাজ লাগে!

কিয়!তাইৰ প্ৰথম মাহেকীয়া হওঁতেচোন তোমালোক মাক-দেউতাক দুয়োজনেই ঢোল পিতি ৰাইজক মাতি আনি পাৰ্টি খুৱাইছিলা! ইমানকৈ মানা কৰা স্বত্বেও মোৰ কথা নুশুনিলা।তেতিয়া লাজ লগা নাছিল নেকি!

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *