শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি-ববিতা শৰ্মা
“কৰ্মক জীৱন বুলি ভাবি সমাজৰ পৰম কল্যাণৰ বাবে কাম কৰা অনেক মানুহৰ ভিৰৰ মাজত শান্তনু তামূলী এজন একক সহস্ৰ কৰিব পৰা অভিলাষী মনৰ মানুহ।” সম্পাদক, শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি
‘শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি’ অসমীয়া সাহিত্যৰ ভঁড়ালত এক বহুমূলীয়া সংযোজন।চলিত বৰ্ষৰ জুলাই মাহৰ ২২ তাৰিখে যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ তথ্য আয়ুক্ত ড° সমুদ্ৰগুপ্ত কাশ্যপে গ্ৰন্থখনি উন্মোচন কৰে।
শান্তনু তামূলী অসমীয়া শিশু সাহিত্য জগতখনৰ এটি জনপ্ৰিয় নাম।শিশু সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰকে জীৱনৰ ব্ৰত ৰূপে লোৱা, শিশুসকলৰ মৰমৰ ‘মৌচাক মামা’ই অসমীয়া শিশু সাহিত্যৰ এজন মহাৰথী ৰূপত অৱতীৰ্ণ হৈ লেখক ৰূপে, অনুবাদক ৰূপে, সম্পাদক ৰূপে, পথ প্ৰদৰ্শক ৰূপে, বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মীৰূপে কাম কৰি আহিছে।কেৱল স্ব সৃষ্টিৰে নহয়, এদল প্ৰজন্ম লেখক সৃষ্টিৰেও অসমীয়া শিশু সাহিত্যৰ ভঁড়াল টনকিয়াল কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে।আজিৰ তাৰিখত শান্তনু তামূলী কেৱল এজন ব্যক্তি নহয়, এটি মহৎ অনুষ্ঠান।যাৰ ছত্ৰছায়াত থাকি প্ৰজন্মৰ পাছত প্ৰজন্মই অসমীয়া শিশু সাহিত্যক উত্তৰণৰ পথত আগবঢ়াই নিবলৈ প্ৰেৰণা পাইছে।প্ৰচণ্ড ইচ্ছাশক্তি, সামাজিক দায়বদ্ধতা, প্ৰখৰ চিন্তাশক্তি তথা অফুৰন্ত কৰ্মস্পৃহাই শান্তনু তামূলীক আকাশৰ দৰে বিশাল, পৰ্বতৰ দৰে ওখ আৰু সাগৰৰ দৰে গভীৰ ব্যক্তিত্বৰ গৰাকী কৰিছে।এনে এগৰাকী ব্যক্তিৰ কৰ্মৰাজি আৰু তেওঁৰ সান্নিধ্যৰে জীপাল বিভিন্ন অনুভৱৰ মূল্যায়ন ‘শান্তনু তামূলী শিশু সাহিত্য ইত্যাদি’।
হেৰিটেজ আছাম, যোৰহাটৰ সহযোগত ঋতম প্ৰকাশনে প্ৰকাশ কৰা আৰু প্ৰশান্ত কুমাৰ মহন্তই সম্পাদনা কৰা ৮০২ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ এই গ্ৰন্থখনি শান্তনু তামূলীৰ জীৱনী নহয়, তেওঁৰ জীৱন, তেওঁৰ চিন্তাধাৰা, তেওঁৰ কৰ্মৰাজি, তেওঁৰ সৃষ্টিৰাজিৰ এক মূল্যায়নহে।নগেন শইকীয়া, কৰবী ডেকা হাজৰিকা, আনন্দ বৰমুদৈ, বন্দিতা ফুকন, ৰবেন্দ্ৰ কুমাৰ দাস, জয়ন্ত মাধৱ বৰা, শশী ফুকন, ৰথীন্দ্ৰ নাথ গোস্বামী, স্বাতী কিৰণকে প্ৰমুখ্য কৰি প্ৰায় এশ জনৰো অধিক প্ৰবীণ-নবীন লেখক তথা গুণমুগ্ধই শান্তনু তামূলীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে লিপিবদ্ধ কৰা অনুভৱগাঁথাৰ একত্ৰ সংকলন ‘শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি’। গ্ৰন্থখনত এই অনুভৱগাঁথাক চৈধ্যটা ভাগত ভাগ কৰি উপস্থাপন কৰা হৈছে।গ্ৰন্থ সম্পাদকৰ ‘প্ৰস্তাৱনা’ৰে আৰম্ভ হোৱা প্ৰতিটো অনুভৱে শান্তনু তামূলীৰ সৃষ্টিশীল মন আৰু ব্যক্তিত্বৰ একো একোটা দিশ উন্মোচন কৰিছে।
‘প্ৰস্তাৱনা’ত গ্ৰন্থখনৰ সম্পাদক প্ৰশান্ত কুমাৰ মহন্তই বিভিন্ন লেখকৰ অনুভৱৰ আঁত ধৰি শান্তনু তামূলী আৰু তেওঁৰ কৰ্মৰাজিৰ বিশ্লেষণৰ জৰিয়তে গ্ৰন্থখন প্ৰণয়ন আৰু প্ৰকাশৰ আঁৰৰ উদ্দেশ্য বেকত কৰিছে।তেওঁ লিখিছে……
“জীৱনক মিছনত পৰিণত কৰা বৰ্ণাঢ্য মানুহজনৰ শৈশৱ, কৈশোৰ, যৌৱনে চিন্তাৰ প্ৰৱাহত কেনেদৰে প্ৰভাৱ পেলাইছিল সেই কথা সকলো স্তৰৰ মানুহৰ বাবে চিন্তা আৰু কৌতূহলৰ বিষয়।চাহ বাগিচাৰপৰা বিজ্ঞান গৱেষণালৈ, সাধুৰপৰা মহাকাশৰ চন্দ্ৰ-সূৰ্যলৈ, শিশুৰ পৰা বৃদ্ধলৈ যাৰ দুচকু প্ৰতিক্ষণতে জেউতি হৈ চৰে,তেনে এজন ব্যক্তি কেৱল এজন মানুহ হৈ নাথাকে, হৈ পৰে এক মহৎ অনুষ্ঠান।”
ব্যক্তিৰ পৰা এক অনুষ্ঠানলৈ উত্তৰণৰ পথত শান্তনু তামূলীয়ে সমাজ আৰু সাহিত্যলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানক যুগমীয়া কৰাৰ এক প্ৰয়াস ‘শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি’।
প্ৰস্তাৱনাৰ পাছতে ‘জীৱতু শৰদ: শতম্’ শিৰোনামেৰে ড° নগেন শইকীয়া ছাৰে শান্তনু তামূলীৰ জীৱন আৰু সাহিত্য সম্পৰ্কে এটি চমু অৱলোকন আগবঢ়াইছে।
ইয়াৰ লগতে এই ভাগটোত কৰবী ডেকা হাজৰিকা, প্ৰফুল্ল চন্দ্ৰ বৰা, থানেশ্বৰ মালাকাৰ, বন্দিতা ফুকন, ৰবেন্দ্ৰ কুমাৰ দাস, জয়ন্ত মাধৱ বৰা আৰু শশী ফুকনৰ মুঠ নটা অনুভৱ সন্নিৱিষ্ট কৰা হৈছে।পৰৱৰ্তী ভাগবোৰ শান্তনু তামূলীৰ বহুমুখী প্ৰতিভাৰ দস্তাবেজ। ‘শিশু সাহিত্য’ শিৰোনামৰ দ্বিতীয় ভাগটিত আছে মুঠ বাৰটা অনুভৱ।’মৌচাক’ হ’ল শান্তনু তামূলীৰ মানসপুত্ৰ । ‘মৌচাক’ শিৰোনামৰ তৃতীয়টো ভাগত সোতৰটা অনুভৱ সামৰি লোৱা হৈছে।তাৰ পাছৰ ভাগটো হ’ল ‘নতুন আৱিষ্কাৰ’।এই ভাগটোত মুঠ তিনিটা অনুভৱে ঠাই পাইছে।’ভ্ৰমণ সাহিত্য’ শিৰোনামৰ পৰৱৰ্তী ভাগটোত আছে তিনিটা অনুভৱ।’গ্ৰন্থ পৰ্যালোচনা’ নামৰ ভাগটোত আছে সাতটা অনুভৱ। ইয়াৰ পাছতে ‘বিজ্ঞান সাহিত্য’ শিৰোনামেৰে বিজ্ঞান সাহিত্য সম্পৰ্কীয় দুটা অনুভৱ সামৰা হৈছে।শান্তনু তামূলীয়ে কল্পবিজ্ঞান সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰি ৰচনা কৰা পাঁচটা অনুভৱক ‘কল্পবিজ্ঞান’ শিৰোনামেৰে ইয়াৰ পাছতে স্থান দিয়া হৈছে । ‘সাধুকথা আৰু ভাষা’ শিৰোনামেৰে সামৰা হৈছে তেৰটা অনুভৱ।মৌচাক মামাৰ লগত কথা-বতৰা পাতি লাভ কৰা নটা অভিজ্ঞতাক ‘কথা-বতৰা’ শিৰোনামেৰে সামৰা হৈছে। শান্তনু তামূলীৰ বিশাল ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰা পঁচিশজন ব্যক্তিৰ পঁচিশটা অনুভৱক ‘সান্নিধ্য’ শিৰোনামেৰে সন্নিৱিষ্ট কৰা হৈছে।২০০৫ চনৰ আগষ্ট মাহত মৌচাক আৰু নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত ‘spelling bee’ অৰ্থাৎ ‘বানান মৌচাক’ অনুষ্ঠানৰ আঁত ধৰি লিখা ছটা অনুভৱে স্থান পাইছে ‘বানান’ শিৰোনামেৰে।শান্তনু তামূলীৰ কৰ্মৰাজিক গৱেষণাৰ বিষয় হিচাপে লৈ লিখা চাৰিখন গৱেষণা পত্ৰক ‘গৱেষণা পত্ৰ’ শিৰোনামেৰে সামৰি লোৱা হৈছে। গ্ৰন্থখনৰ অন্তিম ভাগটো হ’ল প্ৰাসংগিকী।এই ভাগটোত তামূলীদেৱৰ বহুমুখী কৰ্ম প্ৰতিভাৰ কিছু খতিয়ানৰ লগতে তেওঁ লাভ কৰা বিভিন্ন সন্মান আৰু স্বীকৃতিক অন্তৰ্ভুক্ত কৰা হৈছে।
‘শান্তনু তামুলীৰ শিশু সাহিত্য ইত্যাদি’ অসমীয়া সাহিত্যৰ ভঁড়ালত এক অভিনৱ সংযোজন।এজন ব্যক্তিৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ ওপৰত এশজনৰো অধিক লোকে আলোকপাত কৰি লিখা অনুভৱৰ একত্ৰ সংকলন প্ৰকাশৰ এই প্ৰচেষ্টা অভূতপূৰ্ব।বিভিন্ন প্ৰজন্মৰ বিভিন্ন ব্যক্তিৰ দৃষ্টিভংগীৰে গ্ৰন্থখনিত তামূলীদেৱ মানুহজন জিলিকি উঠিছে।অদূৰ ভৱিষ্যতে গ্ৰন্থখনি যে শান্তনু তামূলী আৰু তেওঁৰ সৃষ্টিৰাজিক জনাৰ এক নিৰ্ভৰযোগ্য মাধ্যম হৈ উঠিব তাত কোনো সন্দেহ নাই।গ্ৰন্থখনি শিশু সাহিত্য আৰু শান্তনু তামূলী সম্পৰ্কীয় যিকোনো গৱেষণাৰ উৎকৃষ্ট সমল হোৱাৰো যথেষ্ট থল আছে।এনে এখন উচ্চ মানবিশিষ্ট গ্ৰন্থ পাঠকক উপহাৰ দিয়াৰ বাবে সম্পাদক আৰু প্ৰকাশকক ধন্যবাদ জনালোঁ । আশাকৰোঁ গ্ৰন্থখন অসমৰ পাঠক সমাজে আদৰি ল’ব।
******
6:57 PM
ভাল লাগিল
11:17 AM
এখন সুখপাঠ্য গ্ৰন্থৰ বিষয়ে জানিবলৈ পালোঁ।