শুভেচ্ছা বাণী

সামাজিক মাধ্যমবোৰে আমাৰ সমাজত গুৰুত্বপূৰ্ণ ভূমিকা লোৱালৈ চাই আমি সকলোৱে তাৰ ব্যৱহাৰ অলপ দায়িত্বশীলতাৰে পালন কৰা উচিত। কিয়নো – মনৰোচক ভুল খবৰ একোটা দ্ৰুতভাৱে সংক্ৰমিত হৈ সমাজত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ভুল খবৰটো আপল’ড কৰোঁতে হয়তো এক মিনিট লাগে। কিন্তু তাৰ শুধৰণি হওঁতে হওঁতে হয়তো কেইবামাহো সময় লাগিব পাৰে। সচেতন ব্যক্তিসকলেহে শেষত সত্যটো উপলব্ধি কৰে। কিন্তু আন বহুতেই ভুলটোকে সত্য বুলি ধাৰণা কৰি আন উত্তেজক খবৰ একোটা লৈ ব্যস্ত হৈ পৰে। আগৰ খবৰটো যে ভুল আছিল তাৰ ভু ল’বলৈ আৰু সময় নেপায়।

সামাজিক মাধ্যমত একোটা ব্লগ পষ্ট কৰোঁতেও ভাষাৰ ক্ষেত্ৰত সচেতন হোৱা উচিত। একোটা বাক্য গাঁথনি নাইবা একোটা শব্দৰ ভুল বানানে কুমলীয়া মনত বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে।

মই জানিবলৈ পাই সুখী হৈছোঁ যে ‘শব্দচিত্ৰ’ নামৰ ফেচবুক গোট এটা সেই গুৰুভাৰৰ কথা মনত ৰাখিয়েই সৃষ্টি হৈছে আৰু সাহিত্যৰ সকলো বিভাগ – সাপ্তাহিক কুইজ, পষেকীয়া তৰ্ক প্ৰতিযোগিতা পতাৰ উপৰিও তিনিমাহৰ মূৰে মূৰে ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা ‘ নামৰ ই-মেগাজিন এখন উলিয়াই আছে। আৰু জানিবলৈ পাই সুখী হৈছোঁ যে গোটটো প্ৰতিষ্ঠা হোৱাৰপৰা বহুতো লোকে লেখা-মেলা কৰিবলৈ প্ৰেৰণা পাইছে। লগতে ভাল ভাল অনুবাদ গ্ৰন্থ এই গোটৰ মাধ্যমত প্ৰকাশ পাইছে। এইটো বৰ সুখৰ খবৰ। আশা কৰোঁ মোৰ লগতে আপোনালোক বহুতকে এই খবৰে আনন্দিত কৰিব।

সকলো সামাজিক মাধ্যমতে  লিখা-মেলা কৰা লোকসকলৰ প্ৰতি মাত্ৰ মোৰ এটি বিনম্ৰ অনুৰোধ -যাতে সকলো ধৰণৰ লেখা-মেলা প্ৰকাশৰ বাবে পঠোৱাৰ আগতে বানান বা অন্য ভুল-ভ্ৰান্তি পুনঃ পুনঃ ভাৱে পৰীক্ষা কৰি চায়। তাৰবাবে পঢ়াৰ মেজত যাতে দুখনমান অভিধান সদায় ৰাখি ব্যৱহাৰ কৰে। এই কাৰ্যই সকলো লেখককে নিজৰ সৃষ্টি উন্নত কৰাৰ লগতে এটা নিখুঁত সৃষ্টিৰ আনন্দই নিজকে আপ্লুত কৰি তুলিব।

আশাকৰোঁ ‘শব্দচিত্ৰ’ৰ প্ৰচেষ্টা অটুট থাকিব আৰু ‘জীৱন জিজ্ঞাসা’ই ন- ন  লেখক-লেখিকাৰ সৃষ্টি কৰি অসমীয়া সাহিত্য -সংস্কৃতিলৈ অৰিহণা আগবঢ়াই যাব।

‘শব্দচিত্ৰ’ৰ প্ৰতি লগতে তাৰ প্ৰশাসক গোষ্ঠীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

ড০ দীপক কুমাৰ বৰকাকতী

বাংগালোৰ

০৫/০১/২০২৪

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *