সংখ্যাটোৰ আঁৰৰ কথা
অক্টোবৰৰ ২৪ তাৰিখ মানে গধূলি সময়ত মেছেজ এটা আহিছিল….’কথা এটা আছে, ফোনত পাতিব লাগিব’ ..! দহ মিনিটৰ পিছতেই ফোন কলটো আহিছিল অৰবিন্দ গোস্বামীদাৰ পৰা। ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ এইমাহৰ সম্পাদক তুমি হ’ব লাগিব বুলি কওঁতেই মোৰ চিন্তা লাগি গৈছিল। এনেকুৱা এখন গম্ভীৰ আলোচনীৰ সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰিবলৈ এই অভাগীয়ে যে পাৰিম তাত সন্দেহ আছিল…। নাই , তুমি পাৰিবাই, আমি আছোঁ লগত ইত্যাদি ইত্যাদি প্ৰেৰণামূলক কথাৰে মোক আৰু একো ক’বলৈয়ে সুযোগ নিদিলে তেওঁ। মোৰ আটাইতকৈ বেছি চিন্তা লাগিছিল মোৰ ব্যস্ততাপূৰ্ণ দিনপঞ্জীখনক লৈ..! কেনেকৈ সময় মিলাম? অৰবিন্দ দায়ে অৱশ্যে খুব সুন্দৰকৈ কথাখিনি বুজাই দিলে। দাদাৰ উদগনিমূলক কথা আৰু সহযোগিতাত মনলৈ যথেষ্ট সাহস আহিল। ইয়াৰ পাছত আহিল গোটৰ সদস্যসকলৰ প্ৰেৰণাদায়ক মেচেজবোৰ। সকলোৱে ইমান সুন্দৰকৈ উৎসাহ-উদ্দীপনা যোগালে যে আলোচনীখনৰ কাম হাতত তুলি ল’লো। আৰু লগে লগে আৰম্ভ হ’ল এক নতুন অভিজ্ঞতামূলক যাত্ৰাৰ…।
আলোচনী বুলি ক’লে পোন-প্ৰথমে মনলৈ আহে সুন্দৰ সুন্দৰ লেখাৰ..! ভাল ভাল লেখকৰ বছা বছা লেখাইহে আলোচনী এখন সর্বাংগসুন্দৰ কৰি তোলে..! প্ৰথমে চিন্তা হৈছিল লেখা গোট খাবনে নাই.. ! কিন্তু মোক আচৰিত কৰি বহুকেইজন সচেতন ব্যক্তিয়ে কোৱা মাত্ৰকেই মোৰ হাতত লেখা তুলি দিলে..! আৰু আটাইতকৈ বেছি আচৰিত হ’লো যেতিয়া শেষ সময়খিনিত ইমানেই লেখাৰে ভৰি পৰিল যে তাৰে দুই এটা বাদ হে দিব লগা হ’ল ..! এই ক্ষেত্ৰত লেখক-লেখিকাসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে অৰবিন্দ দালৈও বিশেষভাৱে ধন্যবাদ জনালোঁ। ইয়াৰ পিছতে আহিছিল বৰ্ণাশুদ্ধিৰ কথা..। এইক্ষেত্ৰত নাম ল’ব লাগিব ইলি বাইদেউ,……….আদিৰ, এওঁলোক সকলোৰে ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’লো। তেওঁলোকৰ সহায় অবিহনে আলোচনীখনৰ কাম কেতিয়াও সম্ভৱ নহ’লহেঁতেন। ইয়াৰ লগতে শ্ৰদ্ধাৰ দেৱজিত শৰ্মা দাদাক কৌটিবাৰ ধন্যবাদ জনাইছোঁ, ঘৰুৱা বিশেষ সমস্যাৰ মাজতো তেখেতে আলোচনীখনৰ বাবে ইমান কষ্ট স্বীকাৰ কৰিলে।
আলোচনীখনৰ বাবে শব্দচিত্ৰ গোটৰ বিভিন্নজনে ফোন কৰি যথেষ্ট খবৰ-বাতৰি লোৱাৰ লগতে বিভিন্ন ধৰণে দিহা পৰামৰ্শও দিলে। তাৰবাবে সকলোকে ধন্যবাদ জনালো।
আনহাতে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰপৰা সাক্ষাৎকাৰটো সম্পাদনা কৰি দিয়ালৈকে আৰু বিভিন্ন দিশত সহায় সহযোগ আগবঢ়াই উপকৃত কৰা কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
পষ্টাৰ ডিজাইনিং আৰু বেটুপাত ডিজাইনিঙৰ বাবে অৰবিন্দ গোস্বামীদালৈ আৰু প্ৰচাৰৰ বাবে চিত্ৰলেখা দেৱী বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
বেনাৰৰ বাবে প্ৰাঞ্জলপ্ৰতিম বৰা, অলংকৰণৰ বাবে অৰবিন্দ গোস্বামীদা আৰু আপলোডিংত দেৱজিত শৰ্মাদায়ে সহায় কৰাৰ বাবে তেওঁলোক তিনিগৰাকীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
লেখা সম্পৰ্কীয় যিকোনো মাৰ্গ দৰ্শনৰ ক্ষেত্ৰত অৰবিন্দ গোস্বামীদা, ইলা তালুকদাৰ বাইদেউ,চিত্ৰলেখা দেৱী,কুঞ্জ খাউণ্ড, কুমকুম দেৱী শৰ্মাবৰুৱা,মৃদুস্মিতা ফুকন ,উপাসনা ভাগৱতী,কমলা দাস বাইদেউ,পূৰ্ণিমা শইকীয়া গগৈ আদি সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অৱশেষত মোৰ দৰে অপৰিপক্ক এগৰাকীয়ে এইসংখ্যাৰ ই আলোচনীখনৰ সম্পাদকৰ দৰে গধুৰ দায়িত্ব এটা পালন কৰিব পাৰিম বুলি ভবাৰ বাবে অৰবিন্দ গোস্বামীদাৰ লগতে শব্দচিত্ৰ গোট আৰু সমগ্ৰ আলোচনীৰ টিমক পুনৰ আন্তৰিক ধন্যবাদ জনালো।
সদৌ শেষত ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই- আলোচনীখনৰ জয়যাত্ৰা কামনা কৰিলোঁ। দিনে দিনে যেন আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি পায় আৰু উন্নতিৰ শীৰ্ষত উপনীত হয় তাৰেই কামনা কৰিলোঁ।’শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনী সদায় অসমৰ সাহিত্য জগতত জিলিকি থাকক। জয়তু শব্দচিত্ৰ গোট, জয়তু ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ আলোচনী।
ড° চাহিন জাফ্ৰি
সম্পাদক, শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনী।
তৃতীয় বৰ্ষ, প্ৰথম সংখ্যা
******