সম্পাদকীয়
পোন প্ৰথমেই সকলোকে শীতকালীন অভিবাদন জনালোঁ..।লগতে দেৰিকৈ হ’লেও ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভকামনা যাচিলো।
শেহতীয়াকৈ সাহিত্যতত্বৰ বিষয় এটা পঢ়ি থাকোঁতে ‘কুইয়ৰ তত্ব’ৰ সম্পৰ্কত গল্প এটা পঢ়িছিলোঁ যিয়ে মোক চকুপানী উলিয়াই দিলে।গল্পটো আছিল গল্পকাৰ অজন্তাৰ ‘কিন্নৰ’ শীৰ্ষক গল্পটি।বৰ্তমান সময়ত সাহিত্যত ‘কুইয়ৰ তত্ব’ এটা সৰ্বস্ব চৰ্চিত বিষয় যদিও আমাৰ সমাজত এতিয়াও সেই বিষয়টো প্ৰেক্টিকেলী সকলোৱে আদৰি ল’ব পৰা নাই।
মানুহ বুলি ক’লে আমি ‘পুৰুষ’ আৰু’নাৰী’ এই ধাৰণাই কৰোঁ। আচলতে,’মানুহ’ নামৰ শব্দটোৰ ভিতৰত এটা উভয়লিংগ সূচক ধাৰণাই সোমাই আছে।মানুহৰ ‘পুৰুষ’ আৰু ‘নাৰী’ – এই দুটা শ্ৰেণীৰ স্থিৰ পৰিচয় এটা স্বীকাৰ কৰাৰ লগতে আমি এই পৰিচয় দুটাৰ সৈতে কিছু আনুষংগিক বাহ্যিক বৈশিষ্টও যোগ দি লওঁ। যেনে- নাৰীসুলভ(Feminine) আৰু পুৰুষসুলভ(Masculine)ধাৰণা। মানুহৰ জৈৱিক (Biological) ধাৰণা বুলি ক’লে যিদৰে স্থিৰ(fixed বা stable) নহয়, সেইদৰে মানুহৰ পৰিচয় মাত্ৰ ‘পুৰুষ’ আৰু ‘নাৰী’ ― এই দুটা যুগ্ম বৈপৰীত্যৰ মাজতে সীমাৱদ্ধ নহয়।’মানুহ’ৰ জৈৱিক পৰিচয়টোও স্থিৰ বা স্থবিৰ নহ’ব পাৰে।জুদিথ বাটলাৰৰ মতে- ‘There is no reason to assume that gender aslo ought to remein as two’ । চিগমণ্ড ফ্ৰয়েডেও এই কথা কৈছিল যে- এজন ব্যক্তিৰ বিষয়ে প্ৰথমতেই তেওঁ ‘পুৰুষ’ নে ‘নাৰী’ – এই পাৰ্থক্য এটা মনৰ মাজত স্বাভাৱিকতেই সৃষ্টি হয়।এই পৰিচিতিক আমি বিভিন্ন পৰিবেশনৰ জৰিয়তে প্ৰতিষ্ঠা কৰিব বিচাৰো আৰু প্ৰতিষ্ঠা কৰি থাকোঁ। ইয়াৰ বিকল্প কিবা এটা আমাৰ দৃষ্টিত আচহুৱা আৰু স্বাভাৱিক।
এনেবোৰ কাৰণতেই ‘লিংগবাদ’ৰ ধাৰণাটো আমাৰ মাজত সোমাই পৰিল। ই হৈছে এনে এক ধাৰণা বা বিশ্বাস য’ত কোনো এক লিংগক ইয়াৰ বিপৰীত লিংগৰ তুলনাত অধিক উচ্চ বা হীন বা দুৰ্বল বুলি গণ্য কৰা হয়।এনে অৱধাৰণা সদায় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীৰ প্ৰতি কৰা কায়িক বা বাচিক আচৰণৰ এনে এটা বিশেষ অৱস্থাক বুজায়, যাৰদ্বাৰা তেওঁলোকে পুৰুষতকৈ তুলনামূলকভাৱে দুৰ্বল বা পিছপৰা তেনে এক ধাৰণাৰ জন্ম দিয়ে।পুৰুষ আৰু নাৰীৰ উপৰিও তৃতীয় লিংগৰ প্ৰসংগও লিংগবাদে সামৰি লয়।প্ৰথমাৱস্থাত কন্যাসন্তান আৰু নাৰীৰ ওপৰত চলা দমন-নিপীড়ণৰ সজাগতা সৃষ্টিৰ বাবেই ব্যৱহাৰ কৰা হৈছিল যদিও একৈশ শতিকাৰ প্ৰাক্ ক্ষণত এই ধাৰণাই পুৰুষ সমকামী আৰু তৃতীয় লিংগৰ ওপৰত হোৱা দমন-নিপীড়ণকো সামৰি ল’লে।
লিংগবাদৰ ধাৰণাত বৈষম্য যে কেৱল নাৰীৰ প্ৰতিয়েই হয়, তেনে নহয়। বহুক্ষেত্ৰত এই তৃতীয় লিংগৰ ব্যক্তিসকলো বৈষম্যৰ বলি হয়। সমকামী আৰু ‘এল জি বি টি কিউ’ (লেজবিয়ান,গে’,বাইচেক্সুৱেল,ট্ৰেন্সজেণ্ডাৰ, কুৱেছনিং) আদি ব্যক্তিসকল সমাজৰ অবিচ্ছেদ্য অংগ যদিও কেৱল দুটা লিংগক স্বীকৃতি দিয়া সমাজখনে এওঁলোকৰ অস্তিত্বক অস্বীকাৰ কৰি আচহুৱা জীৱৰ দৰে ব্যৱহাৰ কৰি আহিছে।কিন্তু আমি এটা কথা মনত ৰখা উচিত যে- জন্মতে কাৰো লিংগ নিৰ্ণয় নহয়.., বৰঞ্চ কিছুমান আচাৰ-আচৰণৰ পুনৰাবৃত্তিৰ দ্বাৰা অৰ্থাৎ performance ৰ দ্বাৰা লিংগ নিৰ্ণয় হয়, লিংগ নিশ্চিত কৰা হয়। জন্মৰ পিছতে শিশু এটিক ছোৱালীৰ বাবে নিৰ্ধাৰিত কাপোৰ পিন্ধাই, বাৰ্বী পুতলাৰে খেলিবলৈ দি ‘নাৰী’ ৰূপ দিয়া হয় নাইবা ল’ৰাৰ পোছাক পিন্ধাই বল, গাড়ী আদিৰে খেলিবলৈ দি ‘পুৰুষ’ ৰূপ দিয়া হয়। কিন্তু শাৰীৰিক গঠনে সামাজিকভাৱে লিংগ নিৰ্ণয় কৰিলেও জৈৱিক তথা মানসিকভাৱে এজন পুৰুষো নাৰী বা এগৰাকী নাৰীও পুৰুষ হ’ব পাৰে। লিংগ বৈষম্যৰে নিৰ্ধাৰণ কৰি দিয়া নিয়মেৰে বান্ধ খাই তিল্ তিলকৈ জী থাকে তেনে বহু লোক।সমাজৰদ্বাৰা অৱহেলিত, উপেক্ষিত হ’লেও তেওঁলোকো আন দহজনৰ দৰেই আৱেগ-অনুভূতি থকা তেজ মঙহৰে মানুহ। পৃথিৱীত জীৱশ্ৰেষ্ঠ হিচাবে ঈশ্বৰে মানুহৰ সৃষ্টি কৰিছে, কিন্তু শাৰীৰিক গঠন অনুসৰি মানুহেহে নিজক শ্ৰেণীবিভাগ কৰিছে পুৰুষ আৰু নাৰীৰূপত।গতিকে,মানুহে মানুহক মানুহ হিচাবে বুজি পোৱাটো খুবেই প্ৰয়োজনীয়। আমি তেওঁলোকৰ প্ৰতিও সহানুভূতি প্ৰদৰ্শন কৰা উচিত। তেওঁলোক আচহুৱা জীৱ নহয়.., আমাৰ দৰেই তেওঁলোকো আৱেগ-অনুভূতি থকা মানুহ। তেওঁলোক সমাজৰ দ্বাৰা অৱহেলিত…, তেওঁলোকৰ যন্ত্ৰণা কি সেয়া তেওঁলোকেহে বুজে,আমি কেতিয়াও সেই যন্ত্ৰণা উপলব্ধি কৰিব নোৱাৰোঁ।কিন্তু আমাৰ অলপ সহায়-সহানুভূতি তেওঁলোকৰ জানো প্ৰাপ্য নহয়? আহকচোন, আমি অকণমান মানৱীয়তা প্ৰদৰ্শন কৰোঁ সেই বিশেষ ব্যক্তিসকলৰ প্ৰতি, যি আমাৰ সমাজৰেই অংশীদাৰ।
সম্পাদক, শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনী।
তৃতীয় বৰ্ষ, প্ৰথম সংখ্যা
8:18 PM
ভাল লাগিল।এটা অগতানুগতিক বিষয় উথ্থাপন কৰিলে।