সাক্ষাৎকাৰ
শিক্ষয়িত্ৰী,লেখিকা, অভিনেত্ৰী, নৃত্য শিল্পী, অনাতাঁৰ কেন্দ্ৰৰ নাট্য শিল্পী, অসম চৰকাৰৰ শিল্পী পেন্সন প্ৰাপক আৰু বহুতো গুণেৰে বিভূষিতা ৰেণু শৰ্মা বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ গ্ৰহণ।
সম্বন্ধত তেখেত জুবিন গাৰ্গৰ দেউতাকৰ বায়েক, জেঠায়েক।জুবিন গাৰ্গে গোৱা কেইবাটাও বিখ্যাত গীত তেখেতে লিখা। তাৰ ভিতৰত….
‘প্ৰীতিৰ সুবাসে ঢৌৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আজি
জগালেহি যৌৱন কিয় বাৰু…..’
(সাক্ষাৎ গ্ৰহণ কৰোঁতা: ‘শব্দচিত্ৰ’গোটৰ ই-মেগাজিন ‘জীৱন জিজ্ঞাসা ‘ৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিছে শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱাই।)
শৰ্মাবৰুৱা: নমস্কাৰ বাইদেউ। মই ‘শব্দচিত্ৰ’গোটৰ তৰফৰপৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশা ৰাখিছো আপুনি সহায় কৰিব।
বাইদেউ: নিশ্চয়, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম।
শৰ্মাবৰুৱা: বাইদেউ , আপোনাৰ জন্ম, জন্মৰ ঠাই, আৰু শৈশৱ কালৰ বিষয়ে দুআষাৰ কওকচোন প্ৰথমে।
বাইদেউ: মোৰ জন্ম শিৱসাগৰৰ ওচৰৰ নামতি নামৰ ঠাইত ১৯৪২ চনৰ ১০ অক্টোবৰ তাৰিখে। গাওঁখনৰ নাম কৰুণাসাগৰ।নামতিত মোৰ মোমাইদেউহঁতৰ ঘৰ।দেউতাৰ নাম স্বৰ্গীয় কুমুদ বৰঠাকুৰ। মাৰ নাম আছিল স্বৰ্গীয়া কিৰণময়ী দেৱী। মই সৰুৰে পৰা নামতিৰ ককা দুৰ্গানাথ ভট্টাচাৰ্যৰ মৰমৰ আশ্ৰয়তে ডাঙৰ -দীঘল হ’লো। তাৰ স্কুলত পঢ়িয়েই মেট্ৰিক পাছ কৰিলোঁ। সেই ঘৰখন আছিল গানে বাজনাই ৰজনজনাই থকা ঘৰ। মোৰ মা আৰু মামাহঁতে গান গোৱা বাবে মই মাত ফুটাৰেপৰা গান গাবলৈ শিকিছিলোঁ। আমাৰ ককাৰ মাক আজু আইতাক মই পাইছিলোঁ। তেখেত শিৱসাগৰৰ জীয়ৰী আছিল। তেখেতৰ ৯৩ বছৰমান বয়সলৈকে অৰ্থাৎ মৃত্যুৰ সময়লৈকে বিয়ানাম, আইনাম, গোঁসাই নাম ইত্যাদি, দেৱী -দেৱতাৰ প্ৰণাম মন্ত্ৰবিলাক মুখস্থ আছিল আৰু সকলো মোক শিকাইছিল। মাৰ মুখৰপৰা সৰুতেই গীত শিকিছিলোঁ। এইদৰে মোৰ অন্তৰত সংগীতৰ বীজ ৰোপন হৈছিল।
ককাৰ এটা ‘কলগান’ আছিল। তাত সেই সময়ৰ (চল্লিশ আৰু পঞ্চাশৰ দশকৰ) অসমীয়া, বাঙালী আৰু হিন্দী গীতৰ ৰেকৰ্ডবিলাক বাজি থাকে।
শৰ্মাবৰুৱা: ধন্যবাদ বাইদেউ। এতিয়া আপোনাৰ শিক্ষা আৰু কৰ্মজীৱনৰ বিষয়ে আমি অলপ জানিব খুজিছোঁ।
বাইদেউ: মই নামতি হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা ১৯৫৮ চনত পাচ কৰোঁ। তাৰপাছত মোৰ আৰু পঢ়া নহ’ল। হাইস্কুলত থাকোঁতে খেলা-ধূলা, গান, নাচ, নাটক আদি সকলোতে অংশগ্ৰহণ কৰা হেতুকে শিক্ষকসকলৰ পৰা বহুতো আদৰ পাইছিলোঁ। এজন শিক্ষক আছিল শ্ৰীযুত যদুনাথ কাকতি (বৰ্তমান গুৱাহাটীৰ বাসিন্দা)। তেখেতে মোৰ সাংস্কৃতিক ক্ষেত্ৰখনত বহুতো অনুপ্ৰেৰণা যোগাইছিল। তেখেতৰ সাহায্যতেই মই গুৱাহাটীৰ “প্ৰাগজ্যোতিষ কলা মন্দিৰৰ” বেনাৰত নিৰ্মিত “লাচিত বৰফুকন” কথাছবিত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ।তাৰে লগতে একেসময়তে নিৰ্মাণ হোৱা ফণী শৰ্মাৰ “পুৱতি নিশাৰ সপোন ” নামৰ কথাছবিখনতো এটা চৰিত্ৰত অভিনয় কৰিছিলোঁ। কলিকতাত সেই সময়ত অসমৰ সকলো কথাছবিৰে দৃশ্যগ্ৰহণ হৈছিল।
কলিকতাৰপৰা আহি গুৱাহাটীকে আদি কৰি বহুতো মঞ্চত মঞ্চাভিনয় কৰিলোঁ। অনেক নাটকত মূল চৰিত্ৰত অভিনয় কৰি প্ৰশংসা বুটলিলো। তাৰপিছত সাপেখাতিৰ ওচৰৰ কানুবাৰী চাহ বাগিছাৰ এল, পি, স্কুলত চাকৰিত সোমালোঁ। তাত ৮ মাহ কাম কৰাৰ পাছত ১৯৬১ চনত মোৰ বিয়া হয় ডিব্ৰুগড়ৰ নাট্যশ্ৰী অনিল শৰ্মাৰ লগত। বিবাহৰ পিছত ডিব্ৰুগড়ৰপৰা নিৰ্মিত দুখন কথাছবি ‘ৰতনলাল’ আৰু ‘সোণমা’ ত স্বামীৰ লগত একেলগে (স্বামী -স্ত্ৰী হিচাবে) অভিনয় কৰোঁ। আমি দুয়ো কেইবাখনো টেলিনাটতো অভিনয় কৰিলোঁ।
ডিব্ৰুগড়ত আকাশবাণী প্ৰতিস্থা হোৱাত মই অডিচন দি এই কেন্দ্ৰৰ যোগেদি প্ৰায় পঞ্চাশ খনমান নাটকত অভিনয় কৰিলোঁ।
১৯৭২ চনত ডিব্ৰুগড়ত অস্থায়ী ভাৱে প্ৰাথমিক বিদ্যালয়ৰ চাকৰি এটা পাওঁ –ৰাজাভেটা প্ৰাথমিক বিদ্যালয়ত আৰু কিছুদিন পিছত মহপোৱালিমৰা বিদ্যালয়তো অস্থায়ীভাৱে পাঁচ মাহ কৰাৰ পিছত ১৯৭৪ চনত ষ্টাইপেণ্ডেৰী প’ষ্টত আইথান দীঘলা গাওঁ প্ৰাথমিক বিদ্যালয়ত প্ৰায় এবছৰ কৰাৰ পিছত কুমাৰণীছিগাৰ আমাৰ ঘৰৰ পৰা বহুদূৰ হোৱা বাবে ৰূপালী প্ৰাথমিক বিদ্যালয় (ৰাজাভেটা, গদাপাণি) মটক গাওঁ প্ৰাথমিক বিদ্যালয় ইত্যাদি বিদ্যালয়ত ২৪ বছৰ চাকৰি কৰাৰ পাছত ১৯৯৮ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰোঁ।
শৰ্মাবৰুৱা: আপুনি কলা-সংস্কৃতিৰ সকলো দিশতে পাৰদৰ্শী এগৰাকী লোক। নৃত্য -গীত, অভিনয়, নাটক লেখা আদি সকলো দিশতে আপুনি এগৰাকী নিপুণ লোক। এই দিশত আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ বিষয়ে অলপ জনাওকচোন।
বাইদেউ: চাকৰিৰ মাজতো মই ঢৌতে খৰ মাৰি কিছুমান আলেখ্য লিখি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে পৰিচালনা কৰি প্ৰচাৰ কৰাইছিলোঁ। সত্তৰ, আশী আৰু নব্বৈ দশক মোৰ বাবে অমৃতকাল। মোৰ স্বামীও এজন প্ৰখ্যাত নাট্যশিল্পী হোৱাৰ বাবেই ‘নাট্যশ্ৰী’ উপাধিৰে বিভূষিত হৈছিল। ৰেডিঅ’ ত তেওঁৰ প্ৰায় এশখন নাটক আছে। এক উদ্দাত্ত কণ্ঠৰ অধিকাৰী আছিল তেওঁ। মৃত্যুৰ এসপ্তাহৰ আগলৈকে তেওঁ আকাশবাণী কেন্দ্ৰৰ নাট বিভাগৰ ষ্টুডিঅ’ ৰজনজনাই গৈছে। শেষৰ নাটকখন আছিল ‘সন্ধ্যাকাল'(তেওঁৰ জীৱনৰো সন্ধ্যাকাল)।
শৰ্মাবৰুৱা : এতিয়া আপোনাৰ জীৱনসঙ্গী শ্ৰদ্ধাৰ শৰ্মাদেৱৰ বিষয়ে আৰু সন্তান চাৰিজনৰ বিষয়ে জনাওকচোন অকণমান।আমি জানিবলৈ পাইছোঁ আপোনাৰ চাৰিওগৰাকী সন্তানেই পঢ়া-শুনাৰ লগতে সঙ্গীতত পাৰ্গত।ইয়াৰ লগতে আপুনি ৰচনা কৰা গ্ৰন্থসমূহ,জীৱনকালত আপুনি প্ৰাপ্ত কৰা সন্মানসমূহৰ বিষয়েও জানিব বিচাৰিছো।
বাইদেউ: মোৰ ল’ৰা-ছোৱালী চাৰিজন। প্ৰথম সন্তান শ্ৰী উৎপল শৰ্মা সংগীত বিশাৰদ । মোম্বাইত স্বাধীনভাৱে সংগীত ব্যৱস্থাপনাৰ কামত ৰত হৈ আছে। দ্বিতীয় পুত্ৰ শ্ৰীমান মৃণাল শৰ্মা ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী, এজন সংগীত শিল্পী হিচাবেও পৰিচিত। তৃতীয় কন্যা শ্ৰীমতী নিবেদিতা শৰ্মা বৰা এগৰাকী সংগীত শিল্পী (নিপুণ)। চতুৰ্থ কন্যা শ্ৰীমতী সবিতা শৰ্মা গোস্বামী , তাইও সংগীত বিশাৰদ আৰু যোৰহাট এয়াৰ ফৰ্চ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী।
ডাঙৰ জোঁৱাই ৰাজীৱ বৰা মাজুলী গড়মূৰ সত্ৰৰ শাস্ত্ৰীয় সংগীতৰ ওজা আছিল। তেওঁৰ যোৱা বছৰ অকাল মৃত্যু ঘটিল। সৰু জোঁৱাই শ্ৰীমান ৰাজীৱ গোস্বামী অসমৰ মঞ্চ আৰু কথাছবি জগতৰ এজন জনপ্ৰিয় অভিনেতা।
মোৰ প্ৰকাশিত গ্ৰন্থ সমূহ……
(১) জোনাকৰ ফুল (কবিতা আৰু গীতৰ সংকলন)২০১০ চন
(২) ভক্তি সৰোবৰ(গোঁসাই -গোঁসানীৰ নাম)১ম খণ্ড-২০১২ চন
(৩) ভক্তি সৰোবৰ(বিয়া নাম)২য় খণ্ড–২০১৪
(৪) সপোনৰ মায়াবী আল্পনা (কবিতা পুথি)– ২০১৪(প্ৰথম প্ৰকাশ)
(৫) ভক্তি সৰোবৰ(গোপিনী কীৰ্তন) তৃতীয় খণ্ড–২০১৪ চন
(৬)শাক্যমুনি বুদ্ধ(ইংৰাজীৰ পৰা অনুবাদ)২০২১, ডিচেম্বৰ
(৭)কিছু কথা কিছু চিন্তা (প্ৰৱন্ধ সংকলন)২০১৩
(৮) ভক্তি সৰোবৰ (নাম সমগ্ৰ)(১ম, ২য় আৰু ৩য় খণ্ডৰ একত্ৰ সংকলন)২০২২মাৰ্চ
(৯)কবিতাৰ ছন্দেৰে শব্দৰ বিলাস (কাব্য সংকলন)২০২২,মাৰ্চ
(১০) গীতে মাতে নাটে (আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত আৰু অপ্ৰচাৰিত কিছু সংগীতালেখ্যৰ একত্ৰ সংকলন—২০২২
সন্মান প্ৰাপ্তি:
(১)১৯৬১ চনত গুৱাহাটীত অনুষ্ঠিত হয় ‘সদৌ অসম একাংকিকা নাট্য সন্মিলন'(যিখনৰ প্ৰতিষ্ঠাতা আছিল মোৰ স্বামী প্ৰয়াত নাট্যশ্ৰী অনিল শৰ্মা আৰু তেওঁৰ বন্ধু প্ৰয়াত হাচান শ্বৰীফ আহমেদ) সেই নাট্যানুস্থানত মই দ্বিতীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান পাওঁ।
(২) ২০০৮ চনত ‘আন্তৰ্জাতিক নাৰী দিৱস’ত ডিব্ৰুগড় মহিলা কৰ্মচাৰীৰপৰা “ৰেণু ভূঞা আদৰ্শ মাতৃ বঁটা” লাভ কৰোঁ।
(৩) ২০১৭ চনত ডিব্ৰুগড়ৰ “গুৰুকুল নৃত্যকলা কেন্দ্ৰ”ৰ পৰা ‘জীৱন জোৰা সাধনা বঁটা’ লাভ কৰোঁ।
(৪)২০১২ চনত অসম কবি সমাজৰ ডিব্ৰুগড় অধিবেশনত মোক “ব্ৰহ্মপুত্ৰশ্ৰী কবিয়িত্ৰী” বঁটাৰে সন্মানিত কৰে।
(৫) ২০১৮ চনত অসম চৰকাৰৰ পৰা “শিল্পী পেন্সন” পাওঁ।
(৬) গুৱাহাটীৰ ‘সপ্তৰ্ষি গোষ্ঠীৰ ‘ সৌজন্যত ২০২২ চনৰ ৩ এপ্ৰিলত “আইতা মাধৱী গগৈ বঁটা” লাভ কৰোঁ।
শৰ্মাবৰুৱা: বাইদেউ,আপোনাৰ পৰা আমি সামাজিক মাধ্যম ফেচবুকৰ সাহিত্য চৰ্চাৰ ওপৰত অকণমান আশিস -নিৰ্মালি তথা দিহা পৰামৰ্শ বিচাৰিলোঁ।
বাইদেউ:আজিৰ পৃথিৱীখনত জীয়াই থাকিবলৈ হ’লে নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিব লাগে। মানুহেই মানুহৰ শত্ৰু হৈ উঠিছে। মানুহৰ মন সাংঘাটিক ৰূপে ৰোগাক্ৰান্ত হৈছে। তাৰ ভিতৰতে বাহিৰৰ কলুষতাখিনি মনৰ পৰা আঁতৰাই থৈ নিজৰ অন্তৰৰ তাগিদাত, সৎ চিন্তাত নিমগ্ন হৈ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে সাহিত্য সাধনাত ব্ৰতী হৈছে মানৱতাৰ প্ৰকৃত পূজাৰীসকল।সেইসকলৰ মন সদায় সেউজীয়া হৈ থাকক। আই অসমৰ মুখ উজলাবলৈ সেইসকল নৱপ্ৰজন্ম আগবাঢ়ি আহক। এয়ে মোৰ কামনা আৰু আশীৰ্বাদ। অসমৰ সাহিত্য বননিত ফুলি থাকক অলেখ অযুত ৰ’দৰ ফুল।
শৰ্মাবৰুৱা: আমি আপোনাৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ু জীৱন কামনা কৰাৰ লগতে কলা-সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰত ব্ৰতী হৈ থাকিবলৈ ভগৱানে শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনালোঁ। আপোনাৰ বহুমূলীয়া সময় আমাৰ বাবে ব্যয় কৰাত অশেষ কৃতজ্ঞ হৈ ৰ’লো।
বাইদেউ: আপোনালৈ থাকিল অজস্ৰ শুভকামনা। “শব্দচিত্ৰ গোট”লৈ মোৰ অভিনন্দন জনাই গোটৰ দীৰ্ঘজীৱন কামনা কৰিলোঁ। ই-মেগাজিন “জীৱন জিজ্ঞাসা” ই জনগণৰ আদৰ পাওক।ধন্যবাদ।
******
5:39 PM
বৰ ভাল লাগিল বাইদেউৰ বিষয়ে সবিশেষ জানিব পাৰি।
6:10 PM
এটি সুনিপুণ সাক্ষাৎকাৰ।
7:11 PM
ভাল লাগিল ।