সুৰ সন্ধান-ড° শিখামণি শৰ্মা

              (১)

          “গৰখীয়া হেৰ’ গৰখীয়া

           কি সুৰ বজালি

          কি সুৰ বজালি  দুপৰীয়া  …”

বাঁহীৰ সুৰটিত কৃষাণু উতলা হৈ উঠে।সি এইকেইদিন ৰাতি এপৰতো শুনিছে মন মুহি নিয়া এই সুৰ ৷ ইমান মধু আছে সুৰটিত ! ইমান মোহনীয় ! কোনে বজায় সপ্ত সুৰৰ এই বাঁহী ! বাঁহীৰ সুৰটিয়ে তাক মতলীয়া কৰি তোলে। মনতে ঠিৰাং কৰে সি,

“এই সুৰৰ সন্ধান কৰিব লাগিব।”

” কি ভাবি আছা কৃষাণু দাদা?” মঞ্জুৰীৰ মাতত সি থতমত খাই উঠে ৷ সি মাত্ৰ কয়,

“পৰাণ জুৰ পেলোৱা বাঁহীৰ সুৰ !”

“অ’ বাঁহীৰ সুৰে  তোমাৰ হৃদয় দহিছে।”

“নহয় অ’ ইমান শুৱলা সুৰটি।কোনে বজায়?”

“আমাৰ কনক বৰপিতাইৰ ছোৱালী ৰাধিকাক্ষী বা।বা পাৰ্গত।”

সি আচৰিত হৈ চাই ৰয় তাইলৈ।

“কি চাই আছা ভেবা লাগি? তোমালোক ল’ৰাবোৰেহে বাঁহী বজাব জানা নেকি? আৰে ছোৱালীয়েও জানে।”

লাজ লাগিল তাৰ  মঞ্জুৰীৰ কথাত।লাজবোৰ লুকাই সি সুধিলে,

“কিন্তু ৰাতি এপৰতো শুনো বাঁহীৰ মাত।”

তাৰ প্ৰশ্নসূচক কথাত মঞ্জুৰীয়ে ঢেকঢেককৈ হাঁহি ক’লে,

“ৰাতিও ৰাধিকাক্ষী বায়ে বাঁহী বায়।এইখন তোমালোকৰ সেই চহৰ নহয় পুৰুষলৈ ভয় কৰিবলৈ।গাঁৱত চহৰীয়া বৰল নাথাকে নহয়!তাতে বৰলীয়াখন ঘৰৰে।ঘৰখনত ৰাতি দিন কি।”

কৃষাণুৰ বুকুত যেন হাতুৰীৰ কোব এটাহে পৰিল তাই  নজনাকৈ ৷

সি এখোজ দুখোজকৈ বৰলীয়া নৈৰ পাৰ পালে।কদম গছ এজোপাৰ শিপাত বহি তাই বাঁহী বজাই আছে। সুৰবোৰে নৈৰ ৰূপালী ঢৌত খেলি আছে।যেন কদম একোটা পৰি নৈৰ পানীত নাচি আছে।সি দূৰৰপৰা চাই থাকিল।হৃদয়খন বাঁহীত ৰৈ গ’ল।

                 (২)

বৰলীয়াৰ পাৰত বাঁহী বজাই আছিল তাই।কাষৰ শিলচটাত কোনোবা বহা গম পাই তাই কেৰাহিকৈ চালে।

“মঞ্জুৰীক অংক এটা শিকাই থাকোঁতে দেৰি হ’ল…..”

বুলি কৈ সি লাহেকৈ চালে।নাই কোনো প্ৰতিক্ৰিয়া নাই। অথচ সি ভাবিছিল অভিমানত বৰষুণ দিয়াৰ আগৰ আকাশখন হৈ থাকিব তাই।

লাহকৈ তাই ক’লে,

“কি ভাবিছিলা কৃষ্ণ বিৰহত ৰাধা অভিমানত বাউলি হ’ব?তোমালোক ল’ৰাবোৰে ভাবা মানে বিচাৰা যে ছোৱালীয়ে আমালৈ ৰ’বই লাগিব।কৃষ্ণৰ দৰে ছলাহী কথাৰে হৃদয় জিনিম।”

ৰাধিকাক্ষীয়ে  তাৰ মনৰ কথা পঢ়িব পৰাত তাৰ নিজকে অপ্ৰস্তুত লাগিল।

সি  ক’লে, “

মই তোমাক ভালপাওঁ।তোমাক মই কিয় ছলাহীৰে ঠগিম?জীৱনটো যাৰ স’তে যাত্ৰা কৰিবলৈ মন মেলিছোঁ তেওঁক ঠগা নাযায় ৰাধিকাক্ষী।”

“সেইটো তুমিহে জানিবা।পাছে এই ৰাধা কৃষ্ণ প্ৰেমত বাউলি নহয়।ছলাহী কথাত ভোল নাযায়।”

“তুমি আজি এইবোৰ কি কৈছা …”

” নাই তোমাক কথাটো সোঁৱৰাইহে দিলোঁ।মোক কোনোদিন ছলনা নকৰিবা।”

“ৰাধিকাক্ষী …!”

“মানে তোমাৰ নামটো কৃষাণু।তাৰ অৰ্থ কৃষ্ণ।কৃষ্ণ ছলনাময়,প্ৰতাৰক।কিন্তু মোৰ নাম ৰাধিকাক্ষীহে দেই ৰাধা নহয়।”

কৈ তাই যাবলৈ উঠিল।

কেঁহৰাজৰ দৰে বৰণ লোৱা তাৰ মুখখন তাই ভালকৈ চালে।গাখীৰত যেন ঔৰ কুঁহি পৰিল।

লাহে লাহে সি ক’লে,

“ক’লৈ যোৱা?আৰু তোমাৰ কথাবোৰ আজি  মই বুজা নাই।মই তুমি বিনে জীয়াব নোৱাৰিম। “

সি তাইৰ হাতত ধৰিলে।

“আজি মোৰ ৰ’বলৈ সময় নাই।কাইলৈ মই যাম ।মোৰ ক্লাছ আৰম্ভ হ’ব।”

“মোৰ কাৰণে দুদিন ৰ’ব নোৱাৰানে?”

“তোমাতকৈ মোৰ ক্লাছ অধিক মূল্যবান।তোমাকতো  লগ পায়েই থাকিম।”

“ৰাধিকাক্ষী”……তাৰ মাতটো কৰুণ হৈ আহিল।

“কৃষ্ণৰ যে ৰাধা বিনে প্ৰাণ যায়”…… সি ক’লে।

“ৰাধাৰ কিন্তু কৃষ্ণ বিনে গতি আছে।তাতে বাঁহী বজাব জনা ৰাধা”

…..কৈ  ৰাধিকাক্ষী গুপগুপকৈ যাব ধৰিলে।হঠাৎ ঘূৰি তাই ক’লে,

“কৃষাণু ছলনা মই বেয়া পাওঁ।মঞ্জুৰীক দাদাই অংক শিকাই আছে।আজি ৰাতি তাই আমাৰ ঘৰতে থাকিব। মই যাওঁ।”

বতাহত ভাঙি পৰা চৰাইৰ বাহৰ দৰে ঠাইতে বহি থাকিল সি ৷

               (৩)

আজি ৰাধিকাক্ষীৰ শেষ বৰ্ষৰ ফলাফল দিছে।আনন্দত তাইৰ চকুলো বৈ গ’ল জুৰিৰ খিলখিল হাঁহি হৈ।কৃষাণু গেটত ৰৈ আছিল এধাৰ তগৰ ফুলৰ মালা লৈ।তাই মালাধাৰ হাত পাতি লৈ ক’লে,

“ব’লা ঘৰলৈ যাওঁ।বৰলীয়াৰ পাৰত বহি বাঁহী বজাওঁ।”

 কিন্তু কামৰ অজুহাত দেখুৱাই সি নগ’ল।তাৰ ছলাহী কথা তাই ধৰিব পাৰিলে।

“মই ছলনা বেয়া পাওঁ।”

….কৈ তাই নৰ’ল।বৰলীয়াৰ পাৰত কিন্তু সিদিনা বহু ৰাতিলৈ বাঁহী বাজিল।পিৰালীৰ বৰলীয়ালৈ ভয় কিহৰ?

“আহ!বহু ৰাতি হ’ল।”

….বুলি মাকে গৈ মতাতহে তাই আহিল।

          (৪)

তাইৰ কোঠাত হোষ্টেলৰ লগৰীয়া গোট খাইছিল। কোনোবাই যদি তাইৰ বাঁহীত মতলীয়া ; কোনোবা তাইৰ কবিতাত ; কোনোবা গল্পত।কোঠাটো মুখৰ হৈ আছিল। এনেতে অৱন্তিকাই কৈছিল,

“তোৰ দৰে গুণবোৰে  সমাজ বিশুদ্ধ কৰে।তই আগবাঢ়ি যা।”

তাই কিবা ক’বলৈ  লোৱাৰ আগতে সাৰংগীয়ে  ক’লে,

“তই পাছে কৃষাণুকো সৌভাগ্য কৰি পালি।বাঁহী বজাই বেচেৰাটোৰ প্ৰাণ মুহিলি।”

“ঐ তাইলৈ মৰমতে পমি বেচেৰাটোৱে ক’ৰ পৰা যে বিচাৰি বিচাৰি কপৌ,তগৰ,নাহৰ ফুল আনে।হায়ৰে মোকো এজন কৃষাণু দিয়া  হ’লে!”

কৈ উঠিল বিৰিণাই।

এইবাৰ ৰাধিকাক্ষীয়ে ক’লে,

“হ’ব আৰু  তহঁতৰ গুণ বখানা।পাছে চাবি কৃষ্ণ বিচাৰোঁতে ৰাধা হৈ পৰি থাকিবি।মোৰ ডিউটি আছে যাওঁ।”…বুলি কৈ দুৱাৰ খুলি গ’লগৈ তাই সুৰৰ গুণগুণনি তুলি  ৷

প্ৰসূতি কোঠালৈ গৈ থাকোঁতে কাণত পৰিল এক যন্ত্ৰণাকাতৰ কান্দোন।প্ৰশিক্ষণ পিৰিয়দৰ এই ছমাহতে তাই জনা হৈছে চিঞৰৰ অৰ্থ।কাষলৈ গৈ তাই মানুহজনীৰ নাড়ী পৰীক্ষা কৰি লেবাৰ ৰূমৰ ভিতৰলৈ নিয়াৰ ইংগিত দিলে।নাৰ্চগৰাকীক কিবা সুধিবলৈ খুজি তাই ৰৈ গ’ল।

“এয়া দেখোঁ কৃষাণু আৰু মাক !”

কৃষাণুৰ মাক মঞ্জুৰীৰ মাহীয়েক হোৱাৰ সূত্ৰে তাই চিনি পায়।তাই আচৰিত হ’ল দুয়োৰে মুখত  চিন্তাৰ মেঘ দেখি। তাই আগবাঢ়ি যাওঁতে কৃষাণুই থতমত খাই তাইক আঁতৰলৈ নি কিবা ক’লে ফুচফুচাই।তাই তাক অভয় দি ৰূমত সোমাল।মানুহজনীৰ চম্পা ফুল যেন কেঁচুৱাটিক তাই দুহাতেৰে তুলি লওঁতেই নাৰ্চজনীয়ে ছোৱালীটিৰ মণিবন্ধত ওলোমাই দিলে এটুকুৰা কাগজ ৷ কাগজটুকুৰালৈ চকু যোৱাত তাইৰ বুকুত ক’লা জামুৰ ৰস সৰি পৰিল টোপটোপকৈ।বুকু ডাঠ কৰি আকৌ চালে ; হয় ঠিকেই দেখিছে তাই নীলা আখৰকেইটা…..

“ৰূক্মীতা কৃষাণু বৰুৱা।”

নিজকে সম্বৰণ কৰি তাই বাহিৰলৈ আহি কৃষাণুৰ মাকক ক’লে, “

মাহী ছোৱালী হৈছে।মাক-কেঁচুৱা ভালে আছে।”

মানুহজনীৰ মুখখন পুৱাৰ সূৰ্য্যটো হৈ উঠিল ৷ মুহূৰ্ততে কৃষাণুক সাবটি ধৰিলে….

“তই বাপেক হ’লি বুজিছ।”

ছবিখন স্পষ্ট হৈ গ’ল তাইৰ চকুত ৷ খৰকৈ খোজ দিলে তাই কৃষাণুই ঢুকি নোপোৱাকৈ।সিদিনা ৰাতি হোষ্টেলত এটা সুৰ বাজি থাকিল শাওনৰ বৰলীয়াৰ গৰা খহা সুৰ।

          (৫)

নিজৰ কৰ্তব্য সামৰি তাই এসপ্তাহৰ ছুটীত ঘৰলৈ আহিল।ঘৰখন,বৰলীয়াই এইসময়ত জীৱনৰ সুৰ দেখুৱাব।নিজৰ মনৰ শাওণীয়া আকাশখন মনতে সামৰি তাই আগৰ দৰে চলা-ফিৰা কৰি থাকিল।

“ঐ ৰাধিকাক্ষী আজি তিনিদিনে হ’ল।ঘৰতে সোমাই আছাহি।”

মাতটোত তাই মূৰ দাঙি চাই ক’লে,

“অ’ নাহৰদা।আহা,আহা।এয়া মই ফুলনিত দুটামান নতুন পুলি ৰুই আছোঁ৷”

কৈ তাই ফুলনিলৈ চাই পুনৰ ক’লে,

“নাহৰ পুলি চাচোন তোৰ সখী আহিছে।তোৰ দৰে সাইলাখ।”

তাইৰ কথাত দুয়োটাই হাঁহিলে প্ৰাণ খুলি।

বাৰাণ্ডাতে বহি কথা পাতিলে দুয়ো।নাহৰে হাতৰ কাকত দুখন তাইলৈ দি ক’লে,

“চাহ খুৱাব লাগিব পিঠাৰে।”

তাই কাকত দুখন মেলি দেখে এখনত তাইৰ কবিতা ,আনখনত গল্প।

“তোমাৰ কবিতা, গল্পবোৰ বৰ পূৰঠ হ’ল।মোৰ বৰ ভাল লাগে।”

নাহৰৰ কথাত তাই ক’লে,

“মোৰ আকৌ আপোনাৰ প্ৰৱন্ধৰ প্ৰতিহে আকৰ্ষণ।”

চাহ খাই খাই সি ক’লে,

“ৰাতি ইমান দেৰিলৈ বাঁহী নবজাবা।টোপনি ক্ষতি ভাল নহয় স্বাস্থ্যলৈ।”

” অ’  “…….বুলি তাই শলাগিলে ৷

পুনৰ সি ক’লে,

“ৰাধিকাক্ষী,সখীহে কিনো ক’ম দুখৰে কথা /অমৃত মথোতে বিষ উপজিলে / মিঠা মৌ হ’লে তিতা…..

গীতটো বাঁহীত আৰু নবজাবা।তোমাৰ বাঁহীৰ সুৰৰ এই দুখে হিয়া দহে।”

তাই নীৰৱে ৰ’ল।যাবলৈ উঠি সি কলম আৰু বাঁহী এটা তাইৰ হাতত দি ক’লে,

“আগুৱাই যোৱা।”

নাহৰ যোৱালৈ চাই তাই ভাবিলে এই মানুহজনে তাইক লিখিবলৈ শিকালে।আজিও তাইৰ প্ৰতিটো সফলতাত এটা কলম আৰু এটা বাঁহী তাইৰ হাতত তুলি দিয়ে। অথচ বিচৰা নাই তাইৰপৰা একো।হঠাৎ তাই সুৰ এটাৰ সন্ধান পালে।

তাই আহিবৰ এসপ্তাহেই হ’ল।সিদিনা ৰাতি তাই বাঁহী বাই আছিল।বাঁহীৰ সুৰত বৰলীয়াৰ পানীত ব’হাগী নাচোন। হঠাৎ অনুভৱ কৰিলে কোনোবা ৰৈ আছে।চক খাই উঠিল তাই……”কৃষাণু!”

“তোমাক বিচাৰি এইখিনি পালোঁ।হোষ্টেললৈ গৈছিলোঁ। ৰাধা বিনে কৃষ্ণৰ প্ৰাণ যায়।”

কোনোবাই যেন ভীম বৰলৰ বাহত  কোব মাৰি দিলে। তাই জকজকাই উঠিল।

“ছলনাময়।প্ৰতাৰক।যোৱা ইয়াৰপৰা।মই কৃষ্ণ বিনে জীয়াই থাকিব পাৰিম।ভাল হ’ল মোৰ হাতত ধৰা

পৰিলা।”

” মই, মই…”  ক’বলৈ তাৰ থোতামোজা লাগিল।

“এটা কথাও নক’বা।তোমাৰ সকলো কাৰনামা মোৰ হাতত।ছিঃ!কিমান ছোৱালীক ঠগিলা।কিমানৰ লগত কামৰ অচিলাত ৰাতি যাপন কৰিলা।সকলো জানো মই।”

তাইৰ ৰুদ্ৰ ৰূপত ভয় খাই সি ক’লে,

“কৃষ্ণৰ সকলো জানিও ৰাধা কিন্তু লগতে

আছিল।কৃষ্ণ প্ৰেমত বাউলি।”

“মই সেই ৰাধা নহয় বাউলি হ’বলৈ।ৰাধাই ভুল কৰিছিল ৷ কি পালে?ৰাধা কৃষ্ণ বুলি মানুহে দোহৰাৰ বাহিৰে সৱ শূন্য।মোক সেই পূজা নালাগে।এই বৰলীয়াই আমাক স্বাধীন নাৰী হ’বলৈ শিকাইছে।শিকাইছে কৃষ্ণ বিনে অইন পুৰুষৰ লগত জীৱন জীয়াবলৈ।কৃষ্ণই পুৰুষ নহয়।যোৱা ইয়াৰ পৰা।মই বাঁহীত সুৰ তুলিব জানোঁ।জানো কৃষ্ণ বিনে জীৱনৰ গতি লগাবলৈ।”

 বৰদৈচিলাৰ দৰে ৰূপটোত তাৰ বুকু কঁপি উঠিল।গুচি আহিল সি।বাঁহীত বাজি থাকিল ব’হাগৰ গান।

 পুৱতি নিশা নাহৰে আহি ক’লে,

“ব’লা।ৰাতি বাঁহী বাই কিয় কন্দুওৱা মোক।ব’লা ঘৰত থৈ আহোঁ।”

হঠাৎ পোৱা বাঁহীটো তাই খামুচি ধৰিলে।

        (৬)

           “  অ’ পখী দি যা দি যা

             সুৰৰ পানচৈ ঘাটত

             জীৱনৰ অমিয়া বতৰা ”

টিভিৰ পৰ্দাত ভাঁহি আহিল এক প্ৰত্যয়ী  কণ্ঠ

“এয়া আজিৰ মুক্তবাক শিতানৰ অতিথি প্ৰসূতি ৰোগ বিশেষজ্ঞ আৰু কবি – গল্পকাৰ ডা° ৰাধিকাক্ষী বৰ্মন।”

কৃষাণু ৰৈ গ’ল।সি দেখিলে সেন্দূৰৰ  পুৱাটো আৰু প্ৰজ্ঞাৰ আকাশখনেৰে এটা গাম্ভীৰ্য ব্যক্তিত্ব পৰ্দাত হাঁহি আছে।আজি দহবছৰৰ মূৰত দেখিছে সি।চোফাখনত বহি দিলে সি।ৰূক্মীতাও আহি বহিল।তাইৰ প্ৰিয় নাৰীৰ কথা শুনিবলৈ।অনুষ্ঠানটোৰ আঁত ধৰোঁতা শ্ৰেয়াই সুধিলে,

“আপোনাৰ জীৱনৰ সফলতাৰ মন্ত্ৰ কি বাইদেউ?”

“মোৰ কলমটো আৰু বাঁহীটো।যি দুটা বস্তু মোৰ হাতত দেউতাৰ পাচতে মোৰ স্বামী নাহৰ বৰুৱাই তুলি দিছিল। মই আজিও এই দুটাৰ সাধনা কৰোঁ।”

“আপোনাৰ লিখাৰ আঁৰৰ ব্যক্তিজন কোন?”

“মোৰ স্বামী  অধ্যাপক নাহৰ বৰুৱা।আচলতে বহুত সৰুৰেপৰাই তেওঁ মোক লিখিবলৈ প্ৰেৰণা দিছিল; দিছিল সাহস ৷মোৰ ভিতৰৰ মইজনীক শ্ৰদ্ধা কৰিছিল।”

“তেওঁৰ লগত প্ৰেম বিবাহ আপোনাৰ।”

“হয়।মানুহজনে গোপনে মনত লালন কৰিছিল মোলৈ প্ৰেম।জীৱনত প্ৰতিষ্ঠিত হোৱাৰ সময়ত অনুভৱ কৰিছিলোঁ মই সেই সুৰ।আৰু সুৰটো বাঁহীত বাজিল।”

“বৰ্তমান ক’ৰ’ণা ভাইৰাছে বিশ্বক ছানি ধৰা সময়ত আপুনি প্ৰসূতি আৰু পৰিয়ালসমূহক  কি ক’ব?”

“এই সময় জটিল।জটিলতা জীৱনলৈ আহেই।মাত্ৰ আমি সাৱধানে থাকিব লাগিব।এগৰাকী প্ৰসূতিয়ে এইসময়ত চাফ চিকুণকৈ থকা,খোৱাত গুৰুত্ব দিয়া,কাৰো লগত সঘনে মিলা-মিচা নকৰা,বৰকৈ ফুৰা-চকা নকৰা  আদি দিশৰ ওপৰত গুৰুত্ব দিব লাগিব।পৰিয়ালটোৱে প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব। প্ৰসূতিগৰাকীৰ কাৰণে পৰিয়ালটোৱেই সাহ।তেওঁৰ মনৰ মণ্ডলৰ যতনো ল’ব লাগিব।এইখিনিতে কওঁ যে মানুহে বেয়া পালেও অন্তঃসত্ত্বা অৱস্থাত প্ৰচলিত অবৈজ্ঞানিক লোক-ৰীতি কিছু এইসময়ত এৰাই চলিব লাগিব।

প্ৰসূতি, হাস্পতাল তথা ডাক্তৰ সকলো সাৱধান হ’ব লাগিব।তেওঁলোকৰ হাততে দুটা জীৱনে জীৱন লাভ কৰে কৰ্দৈ ফুলৰ ৰঙৰ দৰে।মই কওঁ যে জীৱনলৈ ধুমুহা আহে কিন্তু আমি ভয় নকৰি সাহসেৰে সাৱধানে থিয় দিব জানিলে আমি নতুনকৈ ঘৰ সাজিব পাৰোঁ।”

“আপুনি এগৰাকী নাৰী।আন এগৰাকী নাৰীক কি ক’ব?”

“আত্মপ্ৰতিষ্ঠা,আত্মমৰ্যাদা আৰু আত্মৰক্ষা নাৰীৰ নিজৰ হাতত।কৃষ্ণ প্ৰেমত বাউলি হ’ব নালাগে।কৃষ্ণ বিনে জীৱনৰ গতি আছে;আছে পুৰুষ।নিজৰ বাঁহীত নিজে সুৰ দিলে হ’ল।”…………কৈ গ’ল ৰাধিকাক্ষীয়ে উত্তৰবোৰ। পৰিয়ালৰ কথা,কৰ্মৰ কথা,কবিতা,গল্পৰ কথা,সমাজ সেৱাৰ কথা ………

এবাৰলৈ কৃষাণুৰ নাম উচ্চাৰণ নকৰিলে।কৃষাণুৰ মুখখন কেঁহৰাজ বৰণীয়া হৈ আহিল।যেন খাবলৈ লোৱা এৱাঁ  গাখীৰত থেকেৰা পৰিল।বুকুখন হেঁচি সি চোফাতে চকু জপালে।ৰূক্মীতাই  শুনি থাকিল প্ৰিয় নাৰীৰ কথা …

টিভিত বাজি থাকিল জীৱন বাঁহীৰ  সপ্তসুৰ……..

******

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *