অসমীয়া টম মাধুৰীমা ঘৰফলীয়াৰ….ফচং-ববিতা শৰ্মা

আমেৰিকাৰ উইলিয়াম হানা আৰু জোচেফ বাৰবাৰৰ জনপ্ৰিয় এনিমেটেড কাৰ্টুন চিৰিজ টম আৰু জেৰি।টম এটা মেকুৰী আৰু জেৰি এটা সৰু নিগনি।জেৰিক ধৰিবলৈ টমৰ বিভিন্ন প্ৰচেষ্টা আৰু বিফলতা, জেৰিৰ সৰু সৰু দুষ্টামি,জেৰিৰ হাতত সদায়ে পৰাজিত টমৰ প্ৰতিশোধ প্ৰৱণতা আদিবোৰ ছয়ৰপৰা দহ মিনিট জোৰা দৃশ্যবোৰৰ মূল বিষয়।১৯৪০ চনত নিৰ্মিত এই কাৰ্টুন চিৰিজটোৰ মুঠ দৃশ্য সংখ্যা ১১৪ টা।১৯৪০ চনৰপৰা ১৯৫৮ চনলৈ নিৰ্মিত এই কাৰ্টুন চিৰিজটোৱে সেই সময়ছোৱাত সাতবাৰকৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ একাডেমী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল।’টম এণ্ড জেৰি’ নামৰ এই এনিমেটেড কাৰ্টুন চিৰিজটোৱে পৰৱৰ্তী সময়তো সমানেই জনপ্ৰিয়তা অৰ্জন কৰি আহিছে।টম আৰু জেৰিয়ে অতি শীঘ্ৰেই বিশ্বৰ সকলো প্ৰান্তৰ সকলো দৰ্শকৰ হৃদয় জয় কৰিছিল।

অসমীয়া ছবিজগততে হওক বা সাহিত্য জগততে হওক এনে বিশ্বজনীন চৰিত্ৰ বিৰল।অসমীয়া শিশুৰ মনোৰঞ্জনৰ আহিলা বিভিন্ন লোককাহিনী, সাধুকথা আদিতে সীমাবদ্ধ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।পূৰ্ণ চন্দ্ৰ গোস্বামী, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, ভবেন্দ্ৰ নাথ শইকীয়া, তোষপ্ৰভা কলিতা, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, গগণ চন্দ্ৰ অধিকাৰী, শান্তনু তামূলী, বন্দিতা ফুকন, যুগললোচন দাস আদি সাহিত্যিকসকলে অসমীয়া ভাষাত শিশু উপযোগী সাহিত্য ৰচনাত মনোনিবেশ কৰিছে যদিও সি পৰ্যাপ্ত নহয়।অসমীয়া শিশুসাহিত্য পাশ্চাত্য সাহিত্যৰ ৰবিনছন ক্ৰুছ’, গালিভাৰ ট্ৰেভেলছ, এলিচ ইন ৱাণ্ডাৰলেণ্ড, দ্যা ব্লু বাৰ্ড, দ্যা জাংগুল বুক আদিৰ দৰে কালজয়ী সাহিত্যৰ অভাৱ বাৰুকৈয়ে উপলদ্ধি হয়।ইয়াৰ মাজতে ‘ফচং’ৰ দৰে চৰিত্ৰ সৃষ্টি আৰু সেই চৰিত্ৰক আধাৰ কৰি শিশু উপযোগী সাহিত্য সৃষ্টি সঁচাকৈয়ে এক আদৰণীয় পদক্ষেপ ।

‘ফচং’ৰ স্ৰষ্টা হ’ল মাধুৰীমা ঘৰফলীয়া।অসমীয়া শিশু সাহিত্যৰ প্ৰতিশ্ৰুতিসম্পন্ন যুৱ লেখিকা মাধুৰীমা ঘৰফলীয়াৰ ঘৰ শিৱসাগৰ জিলাৰ বকতাত।২০১১ চনৰ পৰা তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰে।প্ৰান্তিক, প্ৰিয় সখী, সঁফুৰা, মৌচাক আদি আলোচনীৰ লগতে অসমৰ ভালেকেইখন আগশাৰীৰ বাতৰি কাকতত সাহিত্য চৰ্চা কৰি অহা মাধুৰীমা ঘৰফলীয়াৰ প্ৰকাশিত গ্ৰন্থ হ’ল ‘ফচং’ , ‘মায়া’, ‘এজনী মাছৰ সপোনৰ কথা’ আৰু ‘আকৌ ফচং’। ‘ফচং’ গ্ৰন্থখনৰ বাবে তেওঁ ২০২০ চনত সাহিত্য অঁকাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল ।

‘ফচং’ সৃষ্টিৰ আঁৰৰ প্ৰেৰণা সম্পৰ্কত ই-আলোচনী ‘ফটাঢোল’ত প্ৰকাশিত এক সাক্ষাৎকাৰত লেখিকাই কৈছে….

“ফচং… এটা সময়ত মোৰ ছাঁৰ দৰে থকা বোন্দাটো।ৰাতি নিজৰ বাবে ডাঙৰ ডাঙৰ এন্দুৰ-নিগনি চিকাৰ কৰি মোৰ বাবেও এটা লৈ অহা মোৰ সকলোতকৈ প্ৰিয় বন্ধুটো।সি এদিন হঠাতে নোহোৱা হৈ গ’ল।নিজৰ প্ৰিয় মেকুৰীটোৰ মৃত্যুৱে মোক আজিও অস্থিৰ কৰি তোলে।তাৰ স্মৃতিতে ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটত এদিন ফচঙৰ সাধু এটা লিখিছিলোঁ। ফচঙত উল্লেখ কৰা প্ৰতিটো জীৱ-জন্তুৱেই এটা সময়ত মোৰ সংগী আছিল।মই সিহঁতৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিছিলোঁ, সিহঁতৰ সময়বোৰ সিহঁতৰ দৰেই উপভোগ কৰিছিলোঁ।সেইবাবে ফচঙৰ গল্পটো লিখিবলৈ বিশেষ একো অসুবিধা হোৱা নাছিল।সেয়াই আৰম্ভণি।”

লেখিকাৰ নিজা স্বীকাৰোক্তিত যদিও ফচং এটা মেকুৰীৰ কৰ্ম-কাণ্ডৰে ভৰা লেখা, কিন্তু তেওঁৰ বাবে সেয়া এটি প্ৰিয় বন্ধুৰ লগত কটোৱা স্মৃতিৰ সঁফুৰা’।’অসমীয়াত কথা বতৰা’ গোটত ‘ফচং’ৰ প্ৰতি দেখুওৱা পাঠকৰ সঁহাৰিয়ে লেখিকাক ‘ফচং’ক ধাৰাবাহিক ৰূপ দিবলৈ প্ৰেৰণা দিয়ে আৰু শিশু আলোচনী ‘মৌচাক’ৰ পাতত প্ৰকাশ হ’বলৈ ধৰে । সমসাময়িকভাবে অনলাইন আলোচনী ‘সাহিত্য ডট অৰ্গ’তো ‘ফচং’ – এ স্থান লাভ কৰে।২০১৭ চনৰ চেপ্তেম্বৰ মাহত গ্ৰন্থৰ আকাৰত ‘ফচং’ৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়।

মুঠ ৯২ পৃষ্ঠাৰ ‘ফচং’  ফচং নামৰ মেকুৰীটোৰ বিভিন্ন ক্ৰিয়া-কাণ্ডৰ মুঠ পোন্ধৰটা আমোদজনক কাহিনীৰ সমষ্টি।এই কাহিনী কেইটাৰ শিৰোনাম হ’ল — ‘জেতুকীৰ দুখ’, ‘ফচঙৰ বিদেশ যাত্ৰা’, ‘প্ৰতিশোধ’, ‘বন শিক্ষা আইন আৰু ফচং’, ‘পৰিত্ৰাণৰ বুধি’, ‘ফচঙৰ বুধি’, ‘ফচঙৰ পৰিৱৰ্তন’, ‘দাংকাং,বাংকাং আৰু ফচং’, ‘বগলীৰ বিয়া’, ‘লেখক ফচং’, ‘ফচং আৰু ভেচেলি’, ‘ফচঙৰ শনি দশা’, ‘ফচঙৰ ছামাৰ কেম্প’, ‘ফচঙৰ বিয়া’, ‘লোকলৈ বুলি হুল পুতি’ আৰু ‘ফচঙৰ স্বৰ্গযাত্ৰা’।নাতিদীৰ্ঘৰ প্ৰতিটো সাধুৰ মনোগ্ৰাহী উপস্থাপনে পাঠকক আকৰ্ষণ কৰাত এশ শতাংশই সফলতা লাভ কৰিছে।মাধুৰীমা ঘৰফলীয়াৰ কথনশৈলীৰ এক বিশেষত্ব আছে।সেই বিশেষত্বই তেওঁৰ লেখাৰ পাঠক সৃষ্টিত অৰিহণা যোগাইছে।শিশুৰ বাবে লিখা সাধুবোৰৰ মাজত  প্ৰাপ্তবয়স্ক পাঠকে বিচাৰি পাইছে এৰি অহা শৈশৱক । সেয়ে ল’ৰা-বুঢ়া সকলোৱে  ‘ফচং’ক সমানে আঁকোৱালি লৈছে।ইয়াতে লেখিকা হিচাপে মাধুৰীমা ঘৰফলীয়াৰ সফলতা।’ফচং’ৰ অনুৰাগী পাঠকসকলৰ মতামতবোৰে এই কথাকে প্ৰতিপন্ন কৰে…

ক) মাধুৰীমা ঘৰফলীয়াৰ অভিনৱ কল্পনা শক্তিৰ ফচল ‘ফচং’ অসমীয়া শিশু সাহিত্যৰ জগতত সদায় তৰা হৈ জিলিকক । ( ৰশ্মিতা বৰা, নগাঁও )

খ) ফচঙৰ সাধুৱে অসমীয়া শিশু সাহিত্যৰ লগতে সকলো শ্ৰেণীৰ পাঠকক এক ব্যতিক্ৰমী সোৱাদ দিবলৈ সম্পূৰ্ণৰূপে সক্ষম হ’ব বুলি মই নিশ্চিত । কাৰণ যদিও ‘ফচং’ মাধুৰীমাৰ সৃষ্টি, মই পাছে ইয়াৰ জৰিয়তে মোৰ হেৰোৱা শৈশৱৰ সকলো স্বপ্ন মোৰ সন্তানৰ দুচকুত জিলিকি থকা দেখি আহিছোঁ আৰু আন পাঠকেও নিজ সন্তানৰ দুচকুত মই দেখা সপোনটোৱেই দেখা পাব বুলি বিশ্বাস হৈছে । ‘ফচং’ দীৰ্ঘজীৱি হওঁক । ‘ফচং’ প্ৰতিজন শিশুৰ দুচকুত জিলিকি থাকক। (ৰিয়ান ৰাগিনী , ডিব্ৰুগড় )

এয়া মাত্ৰ দুটা উদাহৰণহে।এনে বহু গুণমুগ্ধ পাঠকে ‘ফচং’ক প্ৰশংসাবাণীৰে চহকী কৰিছে।

ফচঙৰ কাহিনীবোৰত ফচঙৰ লগত আছে পখৰা, জেতুকী, ৰিনিকী, ৰংমন, টুকলু, বগী বুঢ়ী, চাটৰী,  কলী, কজলা, টেক্সি, ভেচেলি, য়েং, লাহৰী,  টিয়াক আদি। চৰিত্ৰবোৰ প্ৰাণী জগতৰ।কিন্তু শিশুৰ পৰিচিত চৰিত্ৰ। শিশুৱে ঘৰত বা চৌপাশত দেখা মেকুৰী, কুকুৰ, গৰু, ছাগলী, হাঁহ, কুকুৰা, ভাটৌ, কাউৰী, শালিকা, শিয়াল আদি।ফচঙৰ চৰিত্ৰবোৰ দুইধৰণৰ… মূল চৰিত্ৰ আৰু পাৰ্শ্ব চৰিত্ৰ।মূল চৰিত্ৰবোৰৰ  একো একোটা নাম আছে। পাৰ্শ্ব চৰিত্ৰবোৰ হাতী, ফেঁচা, জিলী, হেপা, বনৰজা আদি ৰূপত অংকন কৰা হৈছে।চৰিত্ৰবোৰ প্ৰাণীজগতৰ হ’লেও সিহঁতৰ কাম-কাজবোৰত মানুহৰ কাম-কাজৰ প্ৰভাৱ স্পষ্ট আৰু এই প্ৰভাৱেই কাহিনীৰ মূল সৌন্দৰ্য। শাওণমহীয়া বৰষুণৰ মাজত নতুনকৈ ওলোৱা পোৱালি কেইটাক লৈ  বাৰীৰ কাষৰ খালটোলৈ আগবঢ়া বোৱাৰীয়েকক বগীবুঢ়ীয়ে অসমীয়া ঘৰ এখনৰ শাহুৱেক এগৰাকীয়ে বোৱাৰীয়েকক কোৱাৰ‌ দৰে কৈছে……

“হয়নে বোৱাৰী, সেইকেইটাকচোন অলপ আগত পানীত সাঁতোৰাই আনিছিলিৱেই, আকৌ কিয় নিলি?নতুনকৈ ওলোৱা পোৱালি, ইমানকৈ পানীত খেলাই থাকিলে পানী লাগি জ্বৰ-চৰ উঠিব পাৰে বুলি নাজন নেকি ?”

‘ফচং’ শিশু সাহিত্য।বগীবুঢ়ীৰ কথাই শিশু পাঠকক বিভ্ৰান্ত যাতে নকৰে তাৰ প্ৰতিও লেখিকা সচেতন । সেয়ে তেওঁ লগে লগে ফচঙৰ মুখেৰে কোৱাইছে…..

” হেৰৌ বুঢ়ী, কস্মিনকালেও নুশুনা কথাবোৰ কৈ মুখখন কিয় মিহি কৰিছ।হাঁহৰ গাত কোনোবাদিন পানী লাগে নেকি?শেঙুণ ওলাই নেকি?কিবা এটা ক’ব লাগেই বাবে কৈ নিজৰ সেই নাকৰ নামত থকা ফুটা দুটাকো লাজত নেপেলাবিচোন।”

‘ফচঙ’ৰ চৰিত্ৰ সৃষ্টিৰ আটাইতকৈ উল্লেখনীয় কথাটো হ’ল কাহিনীত মানুহৰ চৰিত্ৰ প্ৰত্যক্ষ ৰূপত নাই। আইদেউ,গিৰিহঁতনী, শনি আদি অভিধাৰে মানুহৰ চৰিত্ৰ কেইটাক বুজোৱা হৈছে।

‘ফচঙ’ৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল ইয়াৰ উপস্থাপন আৰু কথনশৈলী।জীৱ-জন্তুৰ প্ৰতি শিশুৰ এক স্বাভাৱিক আকৰ্ষণ আছে।ঘৰৰ পোহনীয়া কুকুৰটো, মেকুৰীটো,গোহালিৰ গৰুকেইটা, ছাগলী কেইজনী হাঁহ-কুকুৰাকেইটাৰ লগতে গোবৰ খুঁচৰি থকা শালিকাকেইটা,বাৰীৰ আমজোপাত পৰি ৰমলিয়াই থকা কাউৰীজনী,শিকালেই কথা কোৱা ভাটৌটো, হাবিৰ শিয়ালটো, বান্দৰটো শিশুৰ চিনাকি আৰু প্ৰিয় জন্তু। শিশুৰ চিনাকি এই জন্তুবোৰৰ লগতে এসময়ত মানুহৰ ঘৰে-বাৰীয়ে পিতপিতাই ফুৰা আৰু বৰ্তমান দুষ্প্ৰাপ্য হৈ পৰা হেপা,জহামাল, জিলী, ফেঁচা আদি প্ৰাণীবোৰকো কাহিনীৰ আওতালৈ আনি শিশুৰ লগত পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰিছে।শিশু কল্পনাপ্ৰিয়।শিশুৰ সৰল মনৰ কল্পনাত এই জন্তুবোৰে মানুহৰ দৰে আচৰণ কৰে, কথা কয়।শিশু মনস্তত্ত্বৰ এই দিশটোৱেই ‘ফচঙ’ৰ মূল আধাৰ। ‘ফচঙ’ৰ কাহিনীবোৰৰপৰা এই কথা সহজেই অনুমেয় যে জীৱ-জন্তুৰ আচৰণ, সিহঁতৰ কাম-কাজ লেখিকাৰ নখ দৰ্পণত।সেয়ে ‘ফচং’ৰ চৰিত্ৰ আৰু সিহঁতৰ কাম-কাজবোৰ ইমান জীৱন্ত,ইমান ৰসাল।লেখিকাই কাহিনীবোৰৰ মাজত জীৱ-জন্তুৰ কিছুমান বিশেষ আচৰণ বৰ কৌশলৰে প্ৰতিফলিত কৰি গৈছে।

“ফচঙ’ৰ ঘৰত পোৱালিৰে সৈতে মাক এজনীয়ে পোহ ল’লেহি,….এই বাতৰিটো ফচঙৰ অহৌবলিয়া  লগৰকেইটাই শুনি প্ৰথমে পাৰেমানে হাঁহিলে।তাৰ পাছত ফচঙক গালিৰে পুতি পেলাওঁ যেন কৰিলে।সিহঁতৰ মতে বোন্দাৰ প্ৰথম কামেই হৈছে পোৱালি মেকুৰীবোৰ মাৰি পেলোৱা।যোগ্য ভোগ্য বসুন্ধৰা।যি নিজকে বচাই ৰাখিব পাৰিব তাৰ বাবেই এই পৃথিৱী।”( ফচং আৰু ভেচেলি, পৃষ্ঠা ৬৩)

‘ফচং’ৰ কথনশৈলী বৰ আকৰ্ষণীয়।বৰ্ণনা জীৱন্ত।শিশু সাহিত্যত ভাষাৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়।শিশু সাহিত্যৰ ভাষা সৰল হোৱাৰ লগতে বৰ্ণনা জীৱন্ত হ’ব লাগে যাতে পঢ়ি যাওঁতে কথাবোৰ ছবি হৈ শিশুৰ চকুৰ আগত ভাঁহি থাকে।এই ক্ষেত্ৰত ‘ফচং’ সম্পূৰ্ণৰূপে সফল হোৱা বুলি ক’ব পাৰি।

“শাওণৰ দুপৰীয়া।পেনপেনীয়া বৰষুণে বোকাময় কৰি পেলোৱা পাছ চোতালখনত বগীবুঢ়ীয়ে লগৰীয়া কেইজনমানৰ সৈতে ইফাল-সিফাল কৰি আছিল।…..”  (পৃষ্ঠা ৬১)

আকৌ,

“ভাদমহীয়া টিকাফটা ৰ’দ এজাকে গোটেইখন ডেইপুৰি নিছে।নাঙল ধোৱা পিঠা খায়ো ৰাইজ আজৰি হ’ল। গতিকে ৰ’দজাকৰ বাবে কোনেও সূৰ্য দেৱতাক গালি নাপাৰিলে।ৰাইজৰ কোনোবাই ভাত ঘুমটি মাৰিছে, কোনোবাই তাঁতৰ শালত বহিছে,কোনোবাই কোনোবাই শাৰী পাতি ওকণী মাৰিছে।” (পৃষ্ঠা ৭২)

অসমৰ মাটিৰ গোন্ধ থকা চিনাকি পৰিৱেশৰ মাজত লেখিকাই চৰিত্ৰবোৰ মেলি দি চৰিত্ৰবোৰক নিজ নিজ কাৰ্য কৰি যাবলৈ দিছে।’ফচং’ৰ ভাষা ফকৰা-যোজনা, জতুৱা ঠাঁচ,খণ্ডবাক্যৰে চহকী ভাষা।এইবোৰৰ প্ৰয়োগে ‘ফচঙ’ৰ ভাষা কঠিন কৰা নাই, বৰঞ্চ ভাষাৰ মাধুৰ্যহে বঢ়াইছে।তদুপৰি শিশু সাহিত্যত অসমীয়া ভাষাৰ এই অমূল্য সম্পদবোৰক  ঠাই দি এইবোৰ নতুন প্ৰজন্মৰ হাতত এৰি দিয়াৰ প্ৰচেষ্টা প্ৰশংসনীয়।’ফচঙ’ৰ পাতত ঠাইপোৱা এনে কিছু ফকৰা-যোজনা, জতুৱা ঠাঁচ, খণ্ডবাক্য হ’ল……

আদা বেপাৰীক জাহাজৰ খবৰ কেলৈ, মাতিলে যুঁজলৈও যায় নামাতিলে ভোজলৈও নাযায়, চৈধ্য গোষ্ঠী উজাৰি, মৰণত শৰণ দি, দুখে কুলাই পাচিয়ে নধৰা, গা সাতখন-আঠখন কৰা আদি।আমাৰ চহা সমাজত সততে ব্যৱহাৰ হোৱা,কিন্তু আজিকালি প্ৰায় হেৰাই যোৱা কিছুমান নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ গ্ৰন্থখনিৰ আন এক উল্লেখযোগ্য দিশ।

এজাউৰি, ভুৰুংকৈ উৰা মাৰি, টেটুফলা, দৰক লগা,  গেজেপনি, কেঁকো-জেঁকো, এলাইবাদু, কস্মিন কাল, চলাহী কথা আদি।

সাহিত্য এক শিল্পকৰ্ম।সেয়ে সাহিত্য সৃষ্টি সহজ কাম নহয়।শিশুৰ বাবে সাহিত্য সৃষ্টি আৰু কঠিন কাম। তাতোকৈও কঠিন কাম হ’ল প্ৰকৃতাৰ্থত শিশুৰ বাবে উপযোগী হোৱাকৈ সাহিত্য সৃষ্টি কৰা।সেয়ে হয়তো অসমীয়া যুৱ সাহিত্যিকসকলৰ মাজত শিশু সাহিত্যিকৰ সংখ্যা আঙুলিৰ মূৰত লিখিবপৰা।অসমীয়া শিশু সাহিত্যৰ জগতখনত খোজ পেলায়েই আলোড়ণ সৃষ্টি কৰা মাধুৰীমা ঘৰফলীয়াৰ ‘ফচং’ নিঃসন্দেহে শিশুসকলৰ বাবে এক উত্তম সৃষ্টি।কাহিনী কথন, উপস্থাপন, চৰিত্ৰ সৃষ্টি, ভাষা আদি সকলো দিশেৰে ‘ফচং’ এক সফল শিশু সাহিত্য।মাধুৰীমা ঘৰফলীয়াৰ সাহিত্যিক জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

সংক্ষিপ্ততে ‘ফচং’

গ্ৰন্থৰ নাম : ফচং

গ্ৰন্থৰ প্ৰকাৰ : শিশু গল্প

গ্ৰন্থকাৰ : মাধুৰীমা ঘৰফলীয়া

প্ৰকাশক : সঞ্জীৱন প্ৰকাশন

               বীৰকুছি, নাৰেঙ্গী, গুৱাহাটী     ৭৮১০২৬

প্ৰথম প্ৰকাশ : ছেপ্টেম্বৰ ২০১৭

তৃতীয় সংস্কৰণ : জানুৱাৰী ২০২৩

পৃষ্ঠা : ৯২

মূল্য : ১৩০ টকা

******

One comment

  • Kumkum sarmabaruah

    সুন্দৰকৈ লেখিছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *