অসমীয়া ৰাময়াণী সাহিত্যলৈ ৰঘুনাথ মহন্তৰ অৱদান-আছিক আলি

ভাৰতবৰ্ষ তথা এছিয়া মহাদেশৰ এক বিশেষ সাহিত্যিক-সাংস্কৃতিক সম্পদ হৈছে ৰামায়ণী সাহিত্য। দক্ষিণ এছিয়াৰ দেশসমূহতো ৰামকথাৰ ব্যাপক জনপ্ৰিয়তা বিদ্যমান। ৰামায়ণী সাহিত্য এক ব্যাপক অধ্যয়নৰ বিষয়,তিনিটা পাঠৰে পৃথক চৰ্চাকাৰীসকলে ইতিমধ্যে এই দিশত গৱেষণা সম্পন্ন কৰিছে। অসমীয়া ভাষাটো ৰামায়ণী সাহিত্যৰ অধ্যয়ন তথা গৱেষণাৰ ক্ষেত্ৰখন পাছ পৰি ৰোৱা নাই। ‘ৰামায়ণ’ মহাকাব্যত ভাৰতীয় সমাজ-সভ্যতাৰ চিত্ৰণৰ যি সাংস্কৃতিক প্ৰয়াস তাক ‘মহাভাৰত’ৰ পাছতে স্থান দিব পাৰি। ভাৰতীয় আদৰ্শত ‘ৰামায়ণ’ৰ স্থান বিশেষভাৱে প্ৰতিষ্ঠিত। এইক্ষেত্ৰত ‘স্কন্ধপুৰাণ’ৰ ৰামায়ণ মাহাত্ম্যত ৰামায়ণ আৰু ৰামৰ গুণানুকীৰ্তন প্ৰসংগত উল্লেখ আছে এইদৰে-

“নাস্তি ৱেদসমং শাস্ত্ৰং নাস্তি শান্তিসমং সুখম্।

 নাস্তি শান্তিপৰং জ্যোতিৰ্নাস্তি ৰামায়ণা্ৎ পৰম।।”

ৰামায়ণত ভাৰতীয় সমাজ-সংস্কৃতিৰ চিত্ৰণে বিৱৰ্তিত সময়ৰ এছোৱা নিকপকপীয়াকৈ ধৰি ৰখা হেতুকে মহাকাব্যৰ ইতিহাসত ইয়াৰ স্থান নিৰ্বিবাদে অদ্বিতীয়। ৰামায়ণৰ ৰচনাকাল,ৰচক,সংযোজিত প্ৰক্ষিপ্ততা ইত্যাদি বিষয়ত নানান মত বৰ্তমান সময়লৈ প্ৰচলিত হৈ আহিছে,পণ্ডিতসকলেও এই মতবোৰ এৰা-ধৰাৰ মাজেদি ব্যৱহাৰ কৰি আহিছে। জনৈক পণ্ডিতে ৰামায়ণৰ ৰচক প্ৰচেতসৰ পুত্ৰ ৰত্নাকৰ বুলি মত আগবঢ়ায় আৰু একাংশই এটা লোককাহিনী ৰূপে প্ৰচাৰ কৰিছিল বুলি মত আগবঢ়ায়। খ্ৰীঃপূঃ ৪ৰ্থ শতিকাতে ৰামায়ণ ৰচনা আৰম্ভ হয় বুলি বিজ্ঞসকলে মতপোষণ কৰিছে যদিও এইক্ষেত্ৰত মতপাৰ্থক্য নথকা নহয়। প্ৰবন্ধটোৰ মূল বিষয় এই তথ্যবোৰৰ বিশ্লেষণ যিহেতু নহয় সেয়েহে বিস্তৃত আলোচনাৰ পৰা বিৰত থকা হ’ল। তদুপৰি ৰামায়ণৰ কেবাটাও চৰিত্ৰৰ উল্লেখ বৈদিক সাহিত্যত বিভিন্ন প্ৰসংগত পোৱা যায়। আদিকবি বাল্মীকিয়ে শোকত আৰ্ত হৈ যি উচ্চাৰণ কৰিলে সেয়াই শ্লোকৰ ৰূপত ৰামকথাৰূপে বৰ্তি থাকিল। বাল্মীকি ৰামায়ণৰ কাণ্ড কেইটা ইয়াক লৈ বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে আৰু বাল বা আদি কাণ্ড,উত্তৰাকাণ্ডৰ প্ৰক্ষিপ্ততাক লৈ সময়ে-সময়ে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈ আহিছে। ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিন্ন প্ৰান্তত ৰামায়ণৰ কাহিনীৰ চৰিত্ৰবিশেষৰ যি কাৰ্য আৰু গুণৰ উপস্থাপনত বিভিন্নতা বিদ্যমান। ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰচলিত পাঠসমূহৰ তুলনামূলক অধ্যয়নৰ দ্বাৰা পণ্ডিতসকলে তিনিটা পাঠৰ উল্লেখ কৰিছে-ক)গৌড়ীয় পাঠ, খ)পশ্চিমোত্তৰীয় পাঠ,গ) দাক্ষিণাত্য পাঠ। এই পাঠকেইটাত প্ৰচলিত কাহিনী আৰু চৰিত্ৰৰ প্ৰক্ষেপণত ভালেখিনি পাৰ্থক্য চকুত পৰে। অসমীয়া ৰামায়ণী সাহিত্য একক আৰু অনন্য ঐতিহ্যৰ দাবীদাৰ কিয়নো পোনপ্ৰথমবাৰৰ বাবে ৰামায়ণী সাহিত্য নব্য ভাৰতীয় আৰ্য ভাষালৈ অনূদিত হৈছিল। চতুৰ্দশ শতিকাত কছাৰী ৰজা মহামাণিক্যৰ অনুৰোধত সেইসময়ৰ সমাজখনৰ উদ্দেশ্যে মাধৱ কন্দলিয়ে গৌড়ীয় পাঠ অনুসৰণ কৰি ৰামায়ণখন অনুবাদ কৰিছিল। সময় বিৱৰ্তনৰ ফলশ্ৰুতিত মাধৱ কন্দলিৰ ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড নোহোৱা হ’ল। পৰৱৰ্তী সময়ত মাধৱদেৱ আৰু শংকৰদেৱে ক্ৰমে আদি আৰু উত্তৰাকাণ্ড ৰচনা কৰে। ড° সত্যেন্দ্ৰনাথ শৰ্মাই বৈষ্ণৱ যুগৰ এই সংযোজন সম্পৰ্কে কাৰণ ব্যক্ত কৰি লিখিছে….”

 মাধৱ কন্দলিয়ে ‘সাতোকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি কৈছে যদিও আজিকালি মাজৰ ৫টা কাণ্ডহে পাবলৈ আছে। কথিত আছে কছাৰী মাৰণত মাধৱ কন্দলিৰ আদি আৰু উত্তৰাকাণ্ড নষ্ট পায়। এইকাৰণে মহাপুৰুষ শংকৰদেৱে উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড ৰচনা কৰি মাধৱ কন্দলিৰ ৰামায়ণত সংযোগ কৰি দিয়ে।”

তদুপৰি   বিজ্ঞসকলে চৰিতপুথিৰপৰা অনন্ত কন্দলিৰ ভকতীয়া ৰামায়ণৰ প্ৰসংগও উল্লেখ কৰি শংকৰদেৱ আৰু মাধৱদেৱে কৰা সংযোজনৰ কথা আছে। এইখিনিতে শংকৰদেৱ আৰু মাধৱদেৱে মাধৱ কন্দলিৰ ৰামায়ণখনক সম্পূৰ্ণ কৰা কথাটো তাৎপৰ্যপূৰ্ণ। যুগৰ প্ৰয়োজনত নে ধৰ্মপ্ৰচাৰৰ সহায়ক হিচাপে ৰামায়ণখনক বৈষ্ণৱীকৰণ কৰা হ’ল এই কথাও বিবেচনাৰ যোগ্য। বাল্মীকি ৰামায়ণৰ লৌকিক আদৰ্শকে সাৰোগত কৰি মাধৱ কন্দলিয়েও ৰামায়ণৰ অনুবাদ কাৰ্য সম্পন্ন কৰিছিল। ৰামৰ চৰিত্ৰত যি ঐশ্বৰিকত্ব আৰোপ কৰা হৈছে,সেয়া কন্দলিৰ ৰচনা নহয় বুলি বিজ্ঞসকলে মতপোষণ কৰিছে। এই প্ৰসংগত ড° সত্যেন্দ্ৰনাথ শৰ্মাই কিছু সম্ভাৱনীয়তা ব্যক্ত কৰি লিখিছে….

“বৰ্তমান কালত প্ৰচলিত মাধৱ কন্দলিৰ ৰামায়ণত থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় কথাৰ হয়তো বহুতখিনিয়েই বৈষ্ণৱ যুগত সংযোগ কৰি দিয়া। কিন্তু কিমানখিনি মাধৱ কন্দলিৰ আৰু কিমানখিনি পাছত সংযোগ কৰা বিচাৰ কৰি উলিওৱা কঠিন। বৈষ্ণৱ যুগত যে মাধৱ কন্দলিৰ ৰামায়ণৰ ওপৰত অলপ হাত ফুৰোৱা হৈছিল সেইকথা উপদেশ পাঠখিনিৰ পৰা বুজিব পাৰি।”

মাধৱ কন্দলিৰ ৰামায়ণখন অসমীয়া লিখিত সাহিত্যৰ বাবে কেবাটাও দিশৰপৰা গুৰুত্বপূৰ্ণ। বিশেষকৈ এই ৰামায়ণখনে অসমীয়া লিখিত সাহিত্যৰ সৌধ তৈয়াৰ কৰাৰ প্ৰথম শক্তিশালী ইটাৰূপে কাৰ্য সম্পন্ন কৰাৰ ওপৰি ৰামায়ণী সাহিত্যৰ এখন মুক্ত দ্বাৰ মুকলি কৰি দিয়ে। তদুপৰি,যোগাযোগমূলক অনুবাদ ৰীতিৰে অনুবাদ কাৰ্য সম্পন্ন কৰা হেতুকে এই ৰামায়ণখন পৰৱৰ্তীকালৰ কবিকুলৰ বাবে আদৰ্শস্বৰূপ। বৰ্তমানলৈ প্ৰায় প্ৰতিটো প্ৰজন্মৰ ৰামায়ণী সাহিত্যিকৰ ওপৰত ই প্ৰভাব বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ড° মহেশ্বৰ নেওগে মাধৱ কন্দলিৰ ৰামায়ণ প্ৰসংগত লিখিছে…..

“ মাধৱ কন্দলিয়ে তেওঁৰ সুন্দৰ শব্দচয়ন আৰু ভাষাৰ সাংগীতিক গুণেৰে শংকৰদেৱ আদি বৈষ্ণৱ কবিসকলৰ নিমিত্তে এটি বহল প্ৰকাশিকা-শক্তি-পূৰ্ণ ভাবৰ বাহন এৰি থৈ যায়। পিছৰ যুগৰ ৰামায়ণী সাহিত্যত মাধৱ কন্দলিৰ প্ৰভাৱ প্ৰভূত।”

মাধৱ কন্দলি যদিও এজন ৰাজপৃষ্ঠপোষকতা লাভ কৰা কবি আছিল তথাপিও তেওঁ সমাজ বিচ্ছিন্ন কবি নাছিল। ড° মহেশ্বৰ নেওগে কেবাটাও ঠাইত সমাজৰ তৎকালীন ঘটনাৱলীৰ প্ৰভাৱ ৰৈ যোৱা বুলি মন্তব্য কৰিছে। মাধৱ কন্দলিয়ে ৰামায়ণী সাহিত্যৰ যি এক শক্তিশালী পৰম্পৰাৰ বাৰ্তাবাহক হিচাপে ভূমিকা গ্ৰহণ কৰিলে,তাতে পৰৱৰ্তী সময়ত সংযোজিত হ’ল শংকৰদেৱ,মাধৱদেৱ,দুৰ্গাবৰ,অনন্ত কন্দলী,শ্ৰীৰাম আতা,অনন্ত ঠাকুৰ আতা,ৰঘুনাথ মহন্ত শ্ৰীকান্ত সূৰ্যবিপ্ৰ,গংগাৰাম দাস,চন্দ্ৰভাৰতী,ভৱদেৱ বিপ্ৰ আদিৰ নাম মধ্যযুগলৈকে অসমীয়া ৰামায়ণী সাহিত্যত সাঙোৰ খাই পৰিলে। ইয়াৰ ভিতৰত ৰঘুনাথ মহন্তৰ বিষয়েহে নিবন্ধটোত আলোচনা কৰা হ’ব।

অসমীয়া ৰামায়ণী সাহিত্যক প্ৰধানকৈ তিনিটা ভাগত আলোচনা কৰিব পাৰিঃ ক) পদত ৰচিত ৰামায়ণী সাহিত্য খ)গদ্যত ৰচিত ৰামায়ণী সাহিত্য গ) নাট্যৰূপ প্ৰাপ্ত ৰামায়ণী সাহিত্য। ইয়াৰে গদ্যত ৰচিত ৰামায়ণী সাহিত্যৰ ধাৰাটোৰ এজন চৰ্চাকাৰী তথা বাটকটীয়াস্বৰূপ আছিল ৰঘুনাথ মহন্ত। ড° বিৰিঞ্চি কুমাৰ বৰুৱাই শংকৰদেৱৰ অংকীয়া নাটতে অসমীয়া গদ্য সাহিত্যৰ উন্মেষ ঘটিছিল বুলি কৈছিল যদিও অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেঁৱেই পোনপ্ৰথমবাৰৰ বাবে কথা-ত কেবাখনো পুথিৰ পদভাঙনি কৰি গদ্য সাহিত্যৰ ধাৰাটোৰ শক্তিশালী শুভাৰম্ভণি  ঘোষণা কৰিছিল। গুৰু দামোদৰদেৱৰ আজ্ঞাবাহী ভট্টদেৱে কথা-ভাগৱত,কথা-গীতা,কথা-ৰত্নাৱলী ৰচনা কৰি গদ্য সাহিত্যৰ বুৰঞ্জীত নিজৰ স্থিতি নিকপকপীয়া কৰিবলৈ সমৰ্থ হৈছিল। ড° সুনীতি কুমাৰ চেটাৰ্জ্জীয়ে এইক্ষেত্ৰত কৰা মন্তব্যৰ পৰা ভট্টদেৱৰ স্থিতিৰ উমান পাব পাৰি। যথা-

“ যি সময়ত ভাৰতত গদ্য সাহিত্যৰ অভ্যুদয় হোৱা নাছিল,সেই কালত অৰ্থাৎ ষষ্ঠদশ শতাব্দীত পূৰ্ণাঙ্গ সৌষ্ঠৱ লাভ কৰা কথা ৰচনা-বিধি আৱিষ্কাৰ কৰাটো ভাৰতীয় ভাষা এটাৰ কাৰণে সাধাৰণ কথা নহয়।”

 ভট্টদেৱৰ এই ধাৰাটোৰদ্বাৰাই কম-বেছি পৰিমাণে প্ৰভাৱিত হৈ পৰৱৰ্তী সময়ত ৰঘুনাথ মহন্তই ৰামায়ণৰ কাহিনী চয়ন কৰি তিনিখন গদ্যত ৰচিত ৰামায়ণী সাহিত্যৰ পুথি ৰচনা কৰিছিল। ৰঘুনাথ মহন্তই ৰচনা কৰা পুথি তিনিখন হ’ল- ‘কথা-ৰামায়ণ’,’অদ্ভূত-ৰামায়ণ’,’শত্ৰুঞ্জয়’। ৰঘুনাথ মহন্ত গোলাঘাট মহকুমাৰ দৈয়াং সত্ৰৰ অধিকাৰ আৰু সতানন্দ ওৰফে বৰভকতৰ বংশধৰ আছিল। কথা-ৰামায়ণখনো হেমচন্দ্ৰ গোস্বামীয়ে গোলাঘাট মহকুমাৰ দক্ষিণ হেঙেৰাৰ ভীমকান্ত সত্ৰাধিকাৰৰপৰা উদ্ধাৰ কৰিছিল। ৰঘুনাথ মহন্তই ৰচনা কৰা ‘শত্ৰুঞ্জয়’ পুথিৰ ৰচনাকাল ১৬৫৮ শক আৰু কথা-ৰামায়ণৰ ৰচনাকাল ১৭০৩ শক। গতিকে,’শত্ৰুঞ্জয়’খন আগৰ ৰচনা। ড° সত্যেন্দ্ৰনাথ শৰ্মাই এইক্ষেত্ৰত লিখিছে-

“শত্ৰুঞ্জয়ৰ বিষয়বস্তু আৰু বৰ্ণনাৰ লঘুতালৈ চাই লিখকৰ ডেকাবয়সৰ ৰচনা বুলি ধৰিব পাৰি। গতিকে ৰঘুনাথে বৃদ্ধবয়সত, মৃত্যুৰ আগে-আগে ভক্তিপ্ৰধান কথা-ৰামায়ণ লিখিবলৈ লয় যেন লাগে। কিন্তু কালে তেওঁৰ সেই কাম বোধকৰোঁ সম্পূৰ্ণ কৰিবলৈ নিদিলে।”

 ইয়াৰপৰা অনুমান কৰিব পাৰি যে ৰঘুনাথ মহন্তই বাৰ্ধক্যজনিত কাৰণতহে ৰামায়ণৰ চাৰিটা খণ্ড কথাত অনুবাদ কৰিবলৈ সমৰ্থ হৈছিল আৰু সেয়েহে আন তিনিটা কাণ্ডৰ কোনো শুংসূত্ৰ পোৱা নাযায়। কিন্তু এই চাৰিটা কাণ্ডৰ ভিতৰত প্ৰথমকাণ্ডত দুজন লেখকৰ নাম পোৱা আৰু কিষ্কিন্ধ্যাকাণ্ডত শিষ্ট নামৰ এজনৰ ভণিতা পোৱা যায়। তদুপৰি আদিকাণ্ডৰ ভাষা অযোধ্যা আৰু অৰণ্যকাণ্ডৰ ভাষাৰ লগত সামঞ্জস্য থকাৰ হেতু আদিকাণ্ড ৰঘুনাথৰ ৰচনা বুলি সত্যেন্দ্ৰনাথ শৰ্মাই যুক্তি আগবঢ়াইছে। কিন্তু কিষ্কিন্ধ্যাকাণ্ডৰ ভাষা ৰীতি সম্পূৰ্ণ ব্যতিক্ৰম,সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে-

“ কিষ্কিন্ধ্যাকাণ্ডৰ ৰচনা ৰীতি বেচি ঘৰুৱা আৰু ব্ৰজবুলি প্ৰভাবহীন; আনকি মূল পুথিত হস্তাক্ষৰো বেলেগ।”

 ৰঘুনাথ মহন্তই তেওঁৰ ৰচনাৰাজিত যি আত্মপৰিচয় প্ৰসংগ উল্লেখ কৰিছে তাৰ পৰা শংকৰোত্তৰ যুগৰ এজন বিখ্যাত লোক আছিল বুলি ক’ব পাৰি। ৰঘুনাথ মহন্তই নিজৰ বংশ পৰিচয় প্ৰসংগত লিখিছে এইদৰে-

           “কৃষ্ণৰ কিংকৰ বৰভক্ত বংশে জাত।

            অল্পমতি ৰঘুনাথ নামত বিখ্যাত।।”

ৰঘুনাথ মহন্ত সংস্কৃতৰ পণ্ডিত আছিল বুলি তেওঁৰ ৰামায়ণখনে আমাক জনায়। সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে-“ বেদান্তাদিশাস্ত্ৰত তেওঁৰ ব্যুৎপত্তি থকাৰ পৰিচয় ৰামায়ণে ঠায়ে ঠায়ে দিয়ে।”

অসমীয়া ৰামায়ণী সাহিত্যলৈ ৰঘুনাথ মহন্তৰ অৱদান অতুলনীয়। তেঁৱেই সৰ্বপ্ৰথমে কথাত নৱ্য ভাৰতীয় আৰ্যভাষাসমূহৰ ভিতৰত ৰামায়ণ অনুবাদ কৰিছিল। ‘শত্ৰুঞ্জয়’ কাব্যৰ বিষয়বস্তু বাল্মীকি ৰামায়ণৰপৰা সংগ্ৰহ কৰা যদিও লেখকে প্ৰক্ষিপ্ত সংযোগ কৰিবলৈ এৰা নাই। বিশেষকৈ বানৰৰাজ বালিৰ দিগ্বিজয় প্ৰসংগত প্ৰাগজ্যোতিষাধিপতি নৰকাসুৰকো সহযোগী ৰূপত চিত্ৰিত কৰিছে। একেদৰে,’অদ্ভুত-ৰামায়ণ’ৰ বিষয়বস্তু সংগ্ৰহৰ ক্ষেত্ৰত নিৰ্দিষ্ট ৰামায়ণী গ্ৰন্থ অনুসৰণ যে কৰা নাছিল সেই কথা মূল কাহিনীভাগলৈ দৃষ্টি নিক্ষেপ কৰিলে ধৰিব পাৰি। ৰঘুনাথ মহন্তৰ ‘কথা-ৰামায়ণ’খন তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ। কথা-ৰামায়ণৰ যি চাৰিটা কাণ্ড পোৱা যায় তাৰে আদিকাণ্ড,অযোধ্যাকাণ্ড,অৰণ্যকাণ্ড এই তিনিটাকাণ্ডহে তেওঁৰদ্বাৰা ৰচিত বুলি খাতাংকৈ ক’ব পাৰি। তেওঁৰ ‘কথা-ৰামায়ণ’খন অসমীয়া ৰামায়ণী সাহিত্যৰ ক্ষেত্ৰখনৰ বিশিষ্ট সম্পদ। ৰঘুনাথ মহন্তই বাল্মিকী ৰামায়ণৰ গৌড়ীয় পাঠ অনুসৰণ কৰিয়েই গদ্যত ভাঙনি কৰিছিল যদিও ৰামায়ণখনত মাধৱ কন্দলি,অনন্ত কন্দলি,শংকৰদেৱ,মাধৱদেৱৰ প্ৰভাৱ পূৰ্ণৰূপত প্ৰত্যক্ষ কৰিব পাৰি। বহু সময়ত মাধৱ কন্দলিৰ বৰ্ণনাত ব্যৱহৃত ৰূপক,উপমা হুবহু ৰূপত ৰঘুনাথ মহন্তই ব্যৱহাৰ কৰিছে আৰু ভাষাগত সাদৃশ্যও বহুত বেছি। ৰামায়ণখনৰপৰা মাধৱ কন্দলিৰ ভাষাৰ প্ৰভাৱৰ কথা এটা উদাহৰণ দিলে স্পষ্ট হৈ পৰিব। কন্দলিৰ ৰামায়ণৰ কিষ্কিন্ধ্যাকাণ্ডৰ পদফাঁকি তলত উল্লেখ কৰা হ’ল-

     “পণ্ডিত জনক যেন ভাণ্ডি গৈল ধোৱে।

       বাটলি নকাটে যেন বিনা হাঠুৰীয়ে।।”

‘কথা-ৰামায়ণ’ত ইয়াৰ ভাঙনি কৰা হৈছে এইদৰে-

“যেন যাজক দ্বিজক ধোৱে বস্ত্ৰ দেখাই ভাণডিলেঃআৰু যেন বিনা হাঠুৰী বটালি নকটায়।”

এনেকুৱা নিদৰ্শন ‘কথা-ৰামায়ণ’ৰ অনেক ঠাইত পোৱা যায়। তদুপৰি অনন্ত কন্দলিৰ ৰামায়ণৰ দুটি উপমা যেনে-“ শালগ্ৰাম মাটিত থৈয়া নটীক পিৰা”,’ যেন মাৱক নজনায় মাসীত ভক্তি কৰয়” ইয়াত হুবহুভাৱে ব্যৱহাৰ কৰা হৈছে। শংকৰদেৱৰ ৰামায়ণী সাহিত্য ৰামবিজয় নাটকৰো প্ৰভাৱ মহন্তৰ কথা-ৰামায়ণত পৰিলক্ষিত হৈছে। যেনে- ৰামবিজয় নাটকৰ “হে মুনিৰাজ তোহাৰি পদ পৰশে হামাৰ অযোধ্যাপুৰ পৱিত্ৰ ভৈল”-এই কথাখিনিৰ ভাঙনি ৰঘুনাথ মহন্তই কৰিছে এইদৰে-“হে ঋষিৰাজ তোমাৰ পাদপংকজে অযোধ্যা পুত ভৈল”। সত্যন্দ্ৰনাথ শৰ্মাই এই দিশবোৰৰ উল্লেখ কৰি সম্ভাৱনা ব্যক্ত কৰিছে এইদৰে-

“ কথা-ৰামায়ণ ৰচনা কৰোঁতে বোধহয় পূৰ্ব্ববৰ্ত্তী ৰামায়ণ লেখকসকলক আগত ৰাখিহে লিখকে লেখনী চলাইছিল।”

কথা-ৰামায়ণত বাল্মীকি ৰামায়ণৰ কথনৰীতিৰ পূৰ্ণ প্ৰভাৱ পৰিছে। যথা-

“ নাৰদে কহন্তঃ জানা বাল্মীকি,ৰামৰ অভিষেক সুনি জেখন নগৰত মহা মহোৎসৱ,সেহি সময়ে কৈকেয়ীৰ দাসী কুজা নামত মন্থৰা নগৰত আনন্দ বধাই দেখি জিজ্ঞাসা কৰি ৰামৰ অভিষেক সুনি মহা মন কষ্টে মহাদই কৈকেয়ীত কহিল।”

তদুপৰি,ৰঘুনাথ মহন্তই সমগ্ৰ কথাবস্তু থোৰতে সামৰিবৰ প্ৰয়াস কৰিছে। কিন্তু মহন্ত বা সেইসময়ৰ আন লেখকৰ মূল উদ্দেশ্যই যিহেতু ধৰ্ম প্ৰচাৰ আছিল সেই উদ্দেশ্যৰ হেতু হৰিৰ কীৰ্তনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। অযোধ্যাকাণ্ডত পোৱা যায় এইদৰে-

“সত্যৰহিতজনৰ ধৰ্ম-কৰ্ম সকলো ব্যৰ্থ। এতেকে সত্যতে থাকি শ্ৰীৰামে চিত্ত দিয়া নিৰন্তৰে হৰি বোল হৰি।”

ৰঘুনাথ মহন্তৰ ৰামায়ণখনত যদিও তেওঁৰ পূৰ্বসুৰীসকলৰ প্ৰভাৱ প্ৰত্যক্ষ কৰিব পাৰি তথাপি যুগৰ সীমাবদ্ধতাৰ পিনৰপৰা বিচাৰ কৰিলে অসমীয়া কথাসাহিত্যক সমৃদ্ধ কৰাত গ্ৰন্থখনৰ ভূমিকাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তেওঁৰ আন দুখন পুথিৰ লগতে এই কথা সাহিত্যৰ পুথিখনৰো গুৰুত্ব অনস্বীকাৰ্য। ড° সত্যেন্দ্ৰনাথ শৰ্মাই এইক্ষেত্ৰত লিখিছে….

 “কথা-ৰামায়ণৰ মূল্য ইয়াৰ গদ্যৰীতিত। আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত ৰচনা কৰা কথা-ৰামায়ণ অন্যতম আদিম ৰচনা। ভট্টদেৱৰ গদ্যৰ আদৰ্শত এই গদ্য ৰচিত হ’লেও ভট্টদেৱৰ গদ্যতকৈ অধিক সুবোধ্য আৰু শুৱলা।”

সহায়ক গ্ৰন্থপঞ্জীঃ

১। ৰামায়ণৰ ইতিবৃত্তঃ ড° সত্যেন্দ্ৰনাথ শৰ্মা,গুৱাহাটী,২০১৫।

২। পুৰণি সাহিত্য অধ্যয়নঃ সত্যেন্দ্ৰনাথ শৰ্মা,গুৱাহাটী,১৯৯৮।

৩। অসমীয়া সাহিত্যৰ ৰূপৰেখাঃ ড° মহেশ্বৰ নেওগ,গুৱাহাটী,২০১৯।

সহায়ক প্ৰবন্ধঃ

১। ৰঘুনাথ মহন্তৰ ৰামায়ণত মাধৱ কন্দলিৰ প্ৰভাৱঃ অজিৎ কলিতা(অপ্ৰকাশিত)

******

Leave a Reply

Your email address will not be published. Required fields are marked *