অস্তৰাগ-বন্দিতা জৈন

“মৃত্যুওতো এটি শিল্প জীৱনৰ কঠিন শিলত কটা এটা নিৰ্লোভ ভাস্কৰ্য”_______হীৰেণ ভট্টাচাৰ্য

কবৰটোৰ ওপৰত শিলেৰে লিখি শেষ কৰি  মজদুৰজনে  নিজৰ কামৰ মজদুৰি লৈ আঁতৰি গ’ল। বহি থাকিল ক্ৰিছটিনা,,,,,পল পল সময়বোৰ সাবটি কবৰটোৰ  কাষত। হাতত লৈ অহা এপাহ ৰঙা গোলাপ  কবৰটোৰ ওপৰতে দি কিছু সময় মুখেৰে বিৰবিৰাই থাকিল। হয়তো ভগৱান যীশুক সোঁৱৰণ কৰি অহা জন্মৰ বাবে তাক আকৌ লগ পোৱাৰ ইচ্ছা জনালে। শিলত লিখা বাক্যটোৰ ওপৰেৰে কেইবাবাৰো হাতখন মোহাৰি থাকিল। কিমান সময় তেনেকৈ বহি থাকিল তাইৰ অনুমান নহ’ল। কোনোবাই বাহুত ধৰি জোকাৰি দিয়া অনুভৱ কৰি উভতি চালে তাই। শৰ্মিলা।

“ব’ল ঘৰলৈ, বহুত সময় হ’ল। পুৱাৰপৰা ইয়াতেই আছ, একো খোৱাও নাই। ব’ল, মই থৈ আহোঁ।”

শৰ্মিলাই কৈ উঠিল।

অলপ সময় ক্ৰিছটিনাই একো নক’লে। মাথোঁ নিৰৱে তললৈ চাই থাকিল, কিজানিবা কিবা বিচাৰি পায়! সকলো শেষ হৈ গ’ল জানো? তাৰ জীয়া অনুভুতিবোৰ! সি সদায় আলফুলে ধৰি থকা হাতখনত তাৰ মৰমৰ স্পৰ্শখিনি,,, শেষ হ’ল জানো ? নাকান্দো বুলি ভাবিলেও চকুৰে নিৰৱে নিগৰি ওলোৱা চকুৰ ধাৰাটো অবাধ্য হৈ উঠিল।

“সেয়া,তই ওমঙক কথা দিছ নাকান্দো বুলি,তোৰ এফুট চকুৰ পানীও সি সহিব নোৱাৰে বুলি কৈছিল ন?”

সৰি পৰিবলৈ নিদিলে শৰ্মিলাই তাৰ কবৰটোৰ ওপৰত চকুৰ টোপালবোৰ। হাতেৰে ধৰি পেলালে,ক্ৰিছটিনাকো। এইসময়ত তাইক এখন হাতৰ প্ৰয়োজন, মৰমৰ। সাবটি ধৰিলে তাইক শৰ্মিলাই।তাই কঁপি উঠা শৰীৰটোক মানা নকৰিলে এইবাৰ কান্দিবলৈ। কোনে জানো কৈছিল কান্দিলে হেনো মনৰ দুখবোৰ পাতল হয়। কান্দক তায়ো, আজি চাৰিটা দিন তাক দিয়া কথাৰে এবাৰো কন্দা নাই, এটা কথাও কোৱা নাই। চাৰিটা দিনৰ চকুৰ পানীখিনি উলিয়াই দিবলৈ ক্ৰিছটিনাৰ বাবে শৰ্মিলাৰ কান্ধতকৈ বিশ্বাসী  আৰু কোনো নাই।

ওমং,ক্ৰিছটিনা, আৰু শৰ্মিলা তিনিও বন্ধু। ঠিক বন্ধু বুলি ক’লেও ক’ম হ’ব। চৌকাৰ উধান তিনিও। ক্ৰিছটিনা  খ্ৰীষ্টান যদিও তাইৰ ধৰ্ম কৰ্ম সকলো অসমীয়াৰ দৰেই। লগতে শৰ্মিলাৰ দৰে এজনী বান্ধৱী থকা বাবে আৰু অসমীয়া হৈ গৈছে। দুয়ো একেলগে পঢ়ি আছে গুৱাহাটী বি.বৰুৱা কলেজত। দুয়ো এইবাৰ ডিগ্ৰী ফাইনেল ইয়েৰৰ ছাত্ৰী  আৰু ওমং ক্ৰিছটিনাতকৈ এটা শ্ৰেণী ওপৰত,সি ফাইনেল দি ঘৰ চলোৱা অজুহাতত আৰু আগলৈকে নপঢ়ি গুৱাহাটীতে প্ৰাইভেট কোম্পানীৰ কামত জইন কৰিছিল। পিছলৈ পইচা জমা কৰি এম.এচ.চি টোও কৰি ল’ব। আচলতে উদ্দেশ্য সেয়া যদিও ক্ৰিছটিনাক এৰি সি উভতি যাব পৰা নাই ঘৰলৈ। ঘৰৰ একমাত্ৰ সন্তান সি। বেমাৰী দেউতাকক মাকে অকলেই চোৱা চিতা কৰিব লাগে। মাকে মাতি আছে যদিও সি দুটা দিন থাকিয়েই গুচি  আহিল। তাৰমতে ঘৰত বহি থকাতকৈ কিবা কাম এটাত মূৰটো গুজি থ’লে অন্ততঃ দেউতাকৰ ঔষধখিনি সময়মতে দি থাকিব পাৰিব,,কাঠচিতীয়া খুড়াকহঁতে দি থকা বাবেই বহুত কথা শুনিব লগা হৈছে মাকে।প্ৰয়োজনীয় ঔষধৰ অভাৱত দেউতাকৰ পেটৰ বেমাৰটো ভাল কৰিবলৈ পৰা নাই। দেউতাক ভাল হ’লেই মাকৰ অকলশৰীয়া মুহূৰ্তবোৰ শেষ হ’ব। সিও কাম কৰিয়েই আগলৈ পঢ়িবলৈ পাৰিব।লগতে তাৰ প্ৰেয়সী আছেই।

ওমং জাতিগতভাৱে  মুছলমান। কিন্তু তিনিওৰে ভিতৰত কেতিয়াও জাতপাতৰ বিষয়ে আলোচনা হোৱা নাছিল। কথা বতৰাৰে অতি নম্ৰ আৰু সকলোৰে প্ৰিয় সি। প্ৰয়োজনত সকলোকে সহায় কৰি ভাল পোৱা বাবেই ক্ৰিছটিনাৰ প্ৰিয় সি। কেতিয়াবা সামাজিক কামত বৰকৈ লাগি থাকি তাইক সময় দিব নোৱাৰিছিল বাবে অতিপাত কাজিয়াও হৈছিল দুয়োৰে। সি বুজি পায় তাই বহুত ভাল পায় তাক। তাক ভাল পোৱা মানুহ যিমান  ঈৰ্ষা কৰা মানুহো সিমানেই। ভাল কামৰ শত্ৰু সদায় বেছি।সেইসকলে বহুত দিন তাক ধমকিও দি আহিছে। তাইৰ ভয় তাতেই।

“ঐ,টিনা মই যদি কেতিয়াবা হঠাতে হেৰাই যাওঁ, তই কি কৰিবি? কান্দিবিনে? নে অভিমানত মুখ ফুলাই থাকিবি ? চাবি দেই, তই কান্দিব নোৱাৰিবি। মোৰ আত্মাই শান্তি নাপাব। মোৰ অবিহনে তই মোৰ মা আৰু আব্বাক কিছু দিন সময় দিবি। তোৰ কথা কোৱা আছে। ফটোত চিনি পায় তোক মায়ে। তোক লগ কৰাই দিবলৈ কয় যদিও সময়ত লগ কৰাই দিম বুলি কৈ থৈছোঁ। লগ কৰিবিনে তোৰ ভাবি শাহুমাক ?”

তাইৰ চুলিখিনি লাহেকৈ টানি ধৰি তাইক জোকাবলৈ কয় সি। তাইৰ আলফুলীয়া দীঘল চুলিকোছস সকলোৰে বাবে আকৰ্ষণীয়। তাৰ আটাইতকৈ বেছি। তদুপৰি তাইৰ চুলিত হাত দিলে তাইৰ উঠা খঙটোত আৰু মজা পায় সি।

“প্ৰথম কথা তই মোৰ চুলিৰপৰা হাত এৰ। আৰু এই যে মাজে সময়ে মৰাৰ কথা কৈ থাক, তোৰ কি মাথাৰ গণ্ডগোল আছে নেকি? সকলো জানিও এনে ধেমালি কিয় কৰ কচোন। মোক জ্বলাই খুব ভাল পাৱ ন? তেন্তে শুন তই যদি আঁতৰি যাৱ,ময়ো যাম তোৰ পিছে পিছে। তোৰ মা দেউতাকো চাম কিছুদিন। নাকান্দো খুব ফূৰ্ত্তি কৰিম, হ’ব? সুখী ন?”

অভিমানত উফন্দি উঠে তাই। কোনো নাই তাইৰ। ওমঙৰ মাজতে সকলো মৰম বিচাৰি পায় তাই। কোনোবা মহান সদাশয় লোকে তাইক ৰাস্তাৰপৰা উঠাই আশ্ৰমত ৰাখিছিল। আশ্ৰমতে ডাঙৰ হৈ, তেওঁলোকৰ খৰচত গুৱাহাটীত পঢ়ি আছে। আশ্ৰমৰ গুৰুমা তাইৰ মা। খ্ৰীষ্টান মিছনেৰী হোৱা বাবেই তায়ো সৰুৰেপৰা সেই ধৰ্ম পালন কৰি আহিছে। আজিও অজ্ঞাত তাইৰ প্ৰকৃত ধৰ্ম কি? তথাপি দুখ নকৰে তাই। সুন্দৰভাৱে জীয়াই আছে লগতে ওমঙৰ দৰে মৰমীয়াল এজন প্ৰেমিক আৰু শৰ্মিলাৰ দৰে বান্ধৱী আৰু কি লাগে সুখী হ’বলৈ। জীয়াই থকাটোৱেই আটাইতকৈ সুখী মুহূৰ্ত। এই সময়ৰ এক  মুহূৰ্তও  হেৰুৱাব  নিবিচাৰে তাই। সাংঘাটিক পজিটিভ মাইণ্ড।

নিজৰ মতে সজাই লোৱা জীৱনত হেনো সুখ নাথাকে। ভগৱানৰ বিচাৰধাৰা সূক্ষ্ম চিন্তা যিবোৰৰ উমান আমি নাপাওঁ বা অনুমান কৰিব নোৱাৰোঁ বাবেই চাগে আমাৰ মানুহ আৰু ভগৱানৰ মাজত ব্যৱধান সদায় থাকে। তেওঁ দিব লগা ইংগিত ঠিকেই দিয়ে, আমি সাৱধান হোৱাত পলম কৰোঁ। কেতিয়াবা কাৰোবাক বহুত বেছি ভাল পোৱাও ভগৱানৰ বাবে অপৰাধ হ‌য় চাগে। ক্ৰিছটিনাৰো সেয়ে হ’ল। কলেজৰ বন্ধত এসপ্তাহৰ বাবে আশ্ৰমৰ গুৰুমাই মাতি থকা বাবে গৈছিল। আৰু ওমঙক একো নজনোৱাকৈ আচৰিত কৰাৰ মানসেৰে এদিন আগতে গুচি আহিছিল। সেইদিনা, সেইদিনা তাই নিজ চকুৰে যি দেখিছিল তাতেই তাইৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গৈছিল। সেয়া তাই কি দেখিলে….. নিজৰ মনৰ মানুহ বুলি ভবা ওমং শৰ্মিলাৰ দুবাহুৰ মাজত!একো নোকোৱাকৈ উভতি আহিছিল তাই। কি দৰে সম্ভৱ,,,, সেয়া চাগে তাইৰ চকুৰ ভুল আছিল। এনে নহয় দুয়ো। আহিয়েই গুৰুমাৰ বুকুত সোমাই হিয়া উজাৰি কান্দিছিল আৰু উভতি যোৱা নাছিল কলেজ নোখোলালৈকে। দুয়োজনৰ কাৰোৰে ফোনৰ উত্তৰ দিয়া নাছিল। আহিলেও দেখা দিয়া নাছিল।

“তই এবাৰ তালৈ গৈ খোলাখুলিকৈ কথাবোৰ পাত। হয়তো তই যি দেখিছ তাৰ ভিতৰত কিবা কথা নিশ্চয় আছে। খুলি কথা পাতিলৈ কোনো কথাৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাল।কলেজ ট্ৰেঞ্চফাৰ মই কৰি দিম, তই প্ৰথমে কথা পাতি আহ।”

সেই দিনাই আবেলি তাইক লৈ গুৰুমাই তাৰাতাৰিকৈ গুৱাহাটী আঠগাঁও মাৰোৱাৰী মেটাৰনিটিলৈ  লৈ আহিছিল।একো কথা পতা নাছিল। আজি ইমান দিনে গুৰুমাক ইমান ছিৰিয়াছ দেখাতো নাছিল!কিবা এটা সুধিবলৈয়ো তাই ৰৈ গৈছিল। থাকক তেওঁ নিজে ক’ব। কিন্তু তাইৰ বুকুত সেয়া বিষ কিয় হৈছে?ঠিক বিষো নহয়, এটা চেপা উত্তাল কিবা যেন ৰৈ ৰৈ বাজি আছে। ধৰিব পৰা নাই, মনেৰে ভগৱানলৈ প্ৰাৰ্থনা কৰে তাইৰ ওমং যেন ভালে থাকে।ইমান কঠোৰ তাই কেনেকৈ হ’ল?এবাৰ কথা পাতিব পৰা হ’লে !

হাস্পতালৰ নেফ্ৰʼলজি ডিপাৰ্টমেন্ট। বিছনাত সেয়া কোন? যাক সুস্থ ৰাখিবলৈ ভগৱানক বাৰে বাৰে প্ৰেয়াৰ কৰিলে,, তেওঁ বিছনাত কিয়??পাগলীৰ দৰে দৌৰি তাক সাবটি জোকাৰি দিলে। জাপ খাই থকা চকু আৰু ফুলি উঠা শৰীৰটো দেখি তাই নিজকে ধৰি ৰাখিব নোৱাৰিলে। চিঞৰি চিঞৰি কান্দি উঠিল। সকলোৱে তাইক চাবলৈ লাগিল। তাইৰ ভ্ৰূক্ষেপ নাই। বিষত অচেতন হৈ পৰি থকাৰপৰাই ওমঙৰ মুখত সামান্য যেন হাঁহি আহিছে। সামান্য বিৰবিৰাই উঠিল সি। তাই তাক সাবটি প্ৰশ্নৰ বাণেৰে থকাসৰকা কৰি উঠিল। কিয় এনে হ’ল? এবাৰো তাইক নজনালে কেলেই? ইমানবোৰ নাটক কিয় কৰিলে সি ??

“টিনা”…..অস্পষ্ট মাতেৰে সি তাইক বিচাৰিলে। ডাক্টৰে সুধিলে, “টিনা কোন?”

তাই ওচৰলৈ অহাত ডাক্টৰে ভালদৰে লক্ষ্য কৰি তাইক কৈ উঠিল,

“বৰ্তমান আৰু কেইটামান ঘন্টাৰ বাবে সি এই পৃথিৱীৰ আলহী। অতিৰিক্ত পইজন তাৰ শৰীৰত বিয়পি পৰিছে। মগজুলৈকে ভিতৰৰ অংগ, লিভাৰ সম্পূৰ্ণ বেয়া হৈ পৰিছে। সি বাৰে বাৰে টিনাৰ নাম লৈ আছে। যদি তুমি হয়, থকা সময়খিনি তুমি কাষত থাকি ভাল লগা কথাৰে তাক ৰাখা। সিও সেয়াই বিচাৰে। যোৱা। সি একো ক’ব নোৱাৰে, সকলো শুনিব পাৰে।”

“ছাৰ, হঠাতে এনে কি হৈ গ’ল?  এমাহ আগতে সম্পূৰ্ণ সুস্থ আছিল।”…..ডক্টৰলৈ চাই তাই সুধিলে।

“সুস্থ সি মুঠেও নাছিল। দুই মাহতে সি মোৰ ওচৰতে কেইবাটাও চেকআপ কৰিছিল। মাজতে অলপ ভাল হৈছিল। কিন্তু তাক কোনোৱে পইজন দিছিল। শ্লʼ পইজন।যাৰ বাবে সি ভিতৰি ভাগি পৰিছিল। ভিতৰৰ অংগবোৰ বিশেষ পৰিবৰ্তন হ’বলৈ আৰম্ভ কৰিছিল। সি সামাজিক কামত লাগি থাকে। শত্ৰুৰ সংখ্যাও বেছি। হয়তো কোনোবাই এনেদৰে তাক শেষ কৰি দিলে। তোমাক ভাল পাইছিল। মোক তোমাৰ বিষয়ে কৈছিল সি এবাৰ। যোৱা তাৰ যত্ন লোৱা তুমি। দুখ লাগিব,নিজক চম্ভালিবা। ময়ো বহুত যত্ন কৰিলোঁ, নোৱাৰিলোঁ। ভগৱানত বিশ্বাস ৰাখা দুষ্টজনে ফল অৱশ্যে পাব। আৰু শুনা তাৰ হাস্পতালৰ বিলৰ বাবে চিন্তা কৰিব নালাগে। মই চাই লম।”

ব্যস্ত জীৱনত কিছু মানুহৰূপী ভগৱান আছে আৰু কিছুমান দানৱ। ৰূপ ধৰিব নোৱাৰি। তেওঁক ধন্যবাদ দি গডলৈ প্ৰে’ কৰিলে তাই। তেওঁৰ ভাল হওক।

ৰুমটোত সোমাই গৈছিল তাই।ডাঙৰ মেচিনবোৰৰ শব্দ বোৰৰ লগতে সামান্য কঁপি থকা তাৰ বুকু। তাই কাষত থাকিলে চুলিবোৰ চুই তাইক খং উঠোৱা হাতখন শীতল আৰু স্থবিৰ। তাইৰ বুকুৰ ভিতৰখনৰ দৰেই। লাহে লাহে আগুৱাই গৈছিল তাই। আলফুলে দুহাতেৰে তাৰ মুখখন উঠাই কপালত চুমা এটা খাই উঠিল। অবাধ্য বুকুৰ যন্ত্ৰণাবোৰ চকুত  ভিৰ কৰিছেহি।বহুত কথা পাতিবলৈ থাকিল।একো ক’ব নোৱাৰিলে।সদায় তাৰ হাতৰ মাজত তাইৰ হাত লৈ ফুৰা ল’ৰাজনৰ হাত আজি তাই আলফুলে দুহাতেৰে তুলি ধৰিলে।সামান্য কঁপি উঠিল সি।এয়েই অন্তৰৰ প্ৰেম। চকুৰে নেদেখিলেও অনুভৱ কৰিব পাৰি। অনুভৱ কৰিব পাৰি হৃদয়ৰ ভিতৰত চলি থকা ধুমুহা। কোনোৱে কৈছিল সঁচা প্ৰেম হেনো ভগৱানে কেতিয়াও সফল হ’বলৈ নিদিয়ে।

বিৰবিৰাই থকা অস্ফুট মাতটো শুনিবলৈ তাই কাণখন আগবঢ়াই  দিলে,,,সি কৈ আছিল,,”নাকান্দিবি,দুখ পাম, মোৰ মাক চাবি। ক্ষমা ক_ৰি_বি।” ফেকুৰি উঠিছিল তাই, নিজকে সামৰি তাক কথা দিলে নাকান্দে তাই। তাৰ সকলো কাম তাই কৰিব। মাকহতকো চাব। সি ক’লে,  “গান গা।” এই সময়ত গান!পাৰেনে কোনোৱে হৃদয়ৰ প্ৰিয়জনৰ মৃত্যু যন্ত্ৰনাত গান গাবলৈ?

গাইছিল তাই তাৰ ভাল লগা জুবিনৰ গানটি,,,”ফুল ফুলক ৰ’দৰে ফুল,হৃদয় সেউজী ধৰা,,,,,”

তাৰ বুকুত মুৰটো থৈ কৈ গৈছিল সিহঁতৰ ভাল লগা কথাবোৰ।

হঠাতে তাৰ হাতখন তললৈ সৰি পৰিল,মুখত এটা গেঙনি ,,,,”টিনা”,,,, আৰু স্তব্ধ সকলো। তাই ততকে ধৰিব নোৱাৰিলে কি হৈছিল।থৰ হৈ পৰিছিল তাই। ৰূমৰ ডিউটিৰ নাৰ্চগৰাকী দৌৰি আহিছিল। ডক্টৰ আহিছিল   আৰু সেয়া তাইৰ ওমঙক বগা কাপোৰেৰে ঢাকি শেষ বিদায় দিছিল।গুচি গৈছিল সি অজ্ঞাত কোনো দেশলৈ।

“ঢপ” এটা শব্দ। সকলোৱে উভতি চালে, ক্ৰিছটিনা বেহুচ হৈ পৰি গৈছিল। সম্পূৰ্ণ চাৰিটা দিনৰ পিছত শৰ্মিলাৰ শুশ্ৰূষাত চকু মেলিলে তাই আৰু আহিল ওমঙক শেষ বিদায় জনাবলৈ।

এটা জীৱনৰ মুক্তি।এটা সপোনৰ মৃত্যু। আশাবোৰ হেৰাই গ’ল। তাই আকাশলৈ চাই কৈ উঠিল “আমিন।”

“ফলাফল তোমাৰ হাতত প্ৰভু।”

******

2 Comments

  • Kumkum sarmabaruah

    সুন্দৰ গল্প।

    Reply
  • সংগীতা পাচনি

    অতি সুন্দৰ গল্প।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *