অৱৰোহণ-চন্দামিতা শৰ্মা
গে’টখনত খুটুংকৈ শব্দ এটা তুলি ভিতৰ সোমাব খোজোঁতে ক্ষীণ পোহৰে কিবাকৈ আন্ধাৰখিনিক দূৰ কৰিবলৈ চেষ্টা কৰি থকা ঘৰটোৰপৰা এটা মাত ভাহি আহিল….
“কোন? গে’টখন ভালকৈ বন্ধ কৰি আহিব।”
একমুহূৰ্তৰ বাবে কিবা এটা চিন্তা কৰি গে’টখন ভালকৈ বন্ধ কৰিলোঁ আৰু চিধাই গৈ বাৰাণ্ডাখনত থিয় দিলোঁ। সেমেকা কেঁচা মজিয়াত ভৰি থোৱাৰ লগে লগে ধূপৰ গোন্ধ এটা আহি নাকত লাগিল।
ডাঠ ফ্ৰেমৰ গধপা চছমাযোৰৰ মাজেদি শ্ৰীমতী বৰুৱাই মোৰ আপাদমস্তক লক্ষ্য কৰিলে আৰু পাছমুহূৰ্ততে কৈ উঠিল….
“অ’ আপুনি! আহক, আহক। বেয়া নাপাব দেই , বহুদিনৰ মূৰত দেখিছোঁ যে,ধৰিবই পৰা নাছিলো।”
মই জোৰ কৰি হঁহা যেন কৰিলোঁ। বুজাব খুজিলোঁ, বেয়া পোৱা নাই।
“এখেতক লগ পাবলৈ আহিছে চাগে!”
মই মূৰটো দুপিয়ালোঁ।
“বহক দেই”….বুলি কৈ তেখেত ভিতৰ সোমাল।
প্লাষ্টিকৰ সস্তীয়া চকীখনৰ পিছফাললৈ মূৰটো পেলাই দি আৰামকৈ বহি লৈ পৰিৱেশটোৰ লগত সহজ হ’বলৈ চেষ্টা কৰিলোঁ।
মন উদভ্ৰান্ত, ভাৰাক্ৰান্ত আৰু ভাৰ পাতলাবলৈ আগমন এই ঘৰলৈ। দৰাচলতে মোৰ আৰু বৰুৱাৰ মাজত ইমানদিনে নিমিলা সমীকৰণ এটাৰ সঠিক সমাধান বা সমীকৰণটো সমতুল কৰিবলৈ আহিছোঁ।
আজি সমীকৰণটো সমতুল কৰিমেই। কোনোদিনে আপোচ নকৰা কথা কিছুমানৰ সৈতে আপোচ কৰি আজি সমাধান উলিয়াম। সমীকৰণ এটা সমাধা কৰোঁতে মোৰ ভুল হব নোৱাৰে , মই বাণিজ্য বিভাগত উচ্চ ডিগ্ৰীধাৰী মানুহ। মই জনাত বৰুৱাও বাণিজ্য বিভাগৰ ছাত্ৰ আছিল। কিন্তু হ’লেও তেওঁৰ হিচাপ-নিকাচৰ জ্ঞান মোৰ সমান পৰিপক্ক হ’ব নোৱাৰে, হোৱাটো সম্ভৱ নহয়। ইমানবোৰ ঘটনাৰ পাছতো তেখেতৰ পৰিবাৰে মোক সম্ভাষণ জনোৱা কাৰ্যই প্ৰমাণ কৰে তেখেতৰ জীৱনৰ বহু কথাৰ সমীকৰণত গোলমাল আছে। জীৱনৰ কিছুমান অংক ইমান পোনাই পাতি দিলে যে সঠিককৈ সমাধা নহয়, সেয়া মই জানো।
মেক্স ৱেব, এলটন মেয়োৰ আদিৰ প্ৰতিপাদ্য অধ্যয়ণ কৰা মানুহ মই। বৰুৱাৰ লেখীয়াকৈ কোনো এটা বস্তুৰ বিক্ৰীমূল্য কিমান হ’ব যদিহে বস্তুটো কিনামূল্যতকৈ বিশ শতাংশ লাভত বিক্ৰী কৰা হয় আদি ধৰণৰ হিচাপ কৰা মানুহ মই নহয়।
উচ্চাকাংক্ষা নাই কাৰ? সকলোৰে আছে। গতিকে সপোনবোৰ বাস্তৱায়িত কৰাৰ বাবে পুৰাদমেই চেষ্টা কৰিছোঁ। সপোনৰ লাঙি জালখনত এটা এটাকৈ গুঠি গৈছিলোঁ এটা সুন্দৰ ঘৰ, লেটেষ্ট মডেলৰ গাড়ী, মোটা বেংক বেলেঞ্চ ইত্যাদি ইত্যাদি।
চহৰত মাটি এডোখৰ কিনি লোৱাৰ পাছত আৰু ৰৈ থাকিবলগীয়া নহ’ল। ঘৰ উঠিল। মৰ্টগেজ মাটিখিনি। মোৰ সমপৰ্যায়ৰ মানুহবোৰৰ পাংক্তেয় হ’বলৈ পত্নীৰ উদয়াস্ত আকাংক্ষাৰ সৈতে তাল মিলাই দৌৰ আৰম্ভ কৰিলোঁ। মাটি,ঘৰ হোৱাৰ লগে লগে জালখনত বাকী থাকিল গাড়ীখন।
“ইমান ধুনীয়া ধুনীয়া গাড়ী মাৰ্কেটত! নতুন নালাগে, পুৰণি এখন হ’লেই চলি যাব আমাৰ!”
এয়াও পত্নীৰ উদয়াস্ত আকাংক্ষাৰ ভিতৰুৱা কথাই। গতিকে আনৰ মূৰৰ বিষ নিজৰ মূৰত সুমুৱাই ল’বলৈ ইচ্ছা নকৰি পদূলি শুৱাই তুলিলো লেটেষ্ট মডেলৰ গাড়ী এখনেৰে। এইবাৰ মৰ্টগেজ চাকৰিটো।
প্ৰয়োজন পূৰণ হোৱাৰ পাছত এইবাৰ মূৰত সংযোজন হ’ল সৌন্দৰ্যস্পৃহা। আগতকৈ জটিল আৰু ৰঙীন সপোনে পোখা মেলিলেহি দুচকুত। গতিকে অৱধাৰিত ৰূপত আৰম্ভ হ’ল অন্য পথৰ সন্ধান। ঢাল হিচাপে ল’লো সমাজৰ উন্নয়নৰ বাবে অহৰহ নিজাববীয়াকৈ নিৰৱে কামত মগ্ন হৈ থকা বৰুৱাক। আৰম্ভ হ’ল সমাজৰ দূৰ্বল আৰু দুৰ্গত শ্ৰেণীৰ বাবে কাম(?) কৰাৰ প্ৰতিশ্ৰুতিৰে এটা সমাজ-সেৱা সংস্থা। কাম চলি থাকিল পূৰাদমে। বৰুৱাৰ অহৰহ সেৱাৰ মনোবৃত্তি আৰু অক্লান্ত পৰিশ্ৰমৰ ফলত খুব ভালদৰে ঠন ধৰি উঠিল সংস্থাটো। অকল ৰাজ্যিক নহয় কিছু কিছু ক্ষেত্ৰত আন্তঃৰাষ্টীয় পৰ্যায়ৰ কামো আমি কৰিবলৈ ল’লো। মই বিচৰাধৰণে সমীকৰণ সঠিক দিশত আগবাঢ়ি থাকিল। ভাড়াঘৰত কাম চলাই থকাতকৈ চহৰৰ একোণত থকা বৰুৱাৰ মাটি টুকুৰাৰ কথা মনলৈ আহিল। প্ৰথমে অলপ হেঁহো-নেহোঁ কৰিলেও কিন্তু আমাৰ কথাত শেষত মান্তি হৈছিল। মাটি বৰুৱাৰ, ঘৰ বন্ধা কাম মোৰ।পত্নীক অৰ্থাৎ সংস্থাৰ পৰিচালকৰ যোগেদি বৰুৱাক ভালকৈ বুজাই দিয়া হ’ল যে লাভৰ পৰিমাণ বেছিকৈ আহিলে বৰুৱাৰ মাটিৰ দাম পৰিশোধ কৰা হ’ব। অলপ দ্বিধাগ্ৰস্ততাৰে বৰুৱা মান্তি হ’ল। মেল মিটিঙকে ধৰি আন সকলো কাম তেখেতৰ ওপৰত ন্যস্ত কৰি কেৱল প্ৰশাসনিক কামকাজ পৰিচালকে চমজি ল’লে । অৱধাৰিতৰূপে মোৰ জীৱনৰপৰা পলাই লৰ মাৰিলে। বৰুৱাই লাহে লাহে মাটিৰ দাম বিচাৰিবলৈ ধৰিলে। অজুহাত(?) বহুত, বিভিন্ন ধৰণৰ যেনে ল’ৰাৰ সংস্থাপন, পত্নীৰ অসুখ ইত্যাদি ইত্যাদি। হেন সময়তে সংস্থাৰ কাম-কাজ সম্পৰ্কত পৰিচালনা সমিতিৰ লগত ঘটা মতানৈক্যই তীব্ৰ ৰূপ ধাৰণ কৰি তেখেতক সংস্থাৰ পৰা অব্যাহতি ল’বলৈ বাধ্য কৰিলে। সঁচা অৰ্থত ল’বলৈ বাধ্য কৰা হ’ল। তাৰ পাছতো দামখিনি খুজি খুজি বিৰক্ত কৰিবলৈ নেৰিলে। একে সময়তে মোৰ নিজৰ ল’ৰা-ছোৱালীহালে মোৰ সম্মুখত এক দুৰ্বোধ্য প্ৰত্যাহ্বান হৈ থিয় দিলে। যেন এক সমাধান নথকা সমীকৰণহে। বিদ্যায়তনিক দিশত চূড়ান্ত নিৰাশাজনক আৰু চৰম লজ্জাজনক ফল আৰ্জন কৰি যেতিয়া মোৰ সম্পত্তিৰ অংশ খুজিলে- মই বুজিলোঁ সমীকৰণটোত এটা সাংঘাতিক ভুল হ’ল।
মোৰ সংস্থাৰ পৰিচালক অৰ্থৱতী হোৱাৰ লগে লগে মনঃস্তাত্ত্বিকভাৱেও মোৰ পৰা আঁতৰি গ’ল। ঘৰৰ প্ৰতিজন সদস্যই যেন এখন সাগৰৰ বুকুত দূৰে দূৰে অৱস্থান কৰা সম্পৰ্কহীন একোটা নিৰ্জন দ্বীপ। মই ঘূৰি থকা কক্ষপথৰ কেন্দ্ৰবিন্দুটো বিচাৰি দিকভ্ৰান্ত হৈ পৰিলোঁ। অশান্ত হৈ পৰিল মোৰ চৌপাশৰ বতাহজাক। মাৰ্বলৰ সুদৃশ্য মজিয়াত ভৰি থলে পোৰণি আৰম্ভ হোৱা হ’ল।
মোক কিছু স্বাস্থ্যকৰ মুকলি বতাহৰ প্ৰয়োজন।
– “চাহকাপ খাওক।”
উচপ খাই উঠাৰ দৰে উঠিলোঁ। সম্মুখত শ্ৰীমতী বৰুৱা। দুচকু কোটৰগত যদিও কিবা এক অনিৰ্বচনীয় আভা আৰু আকুলতাৰে প্ৰোজ্জ্বল।
চাহৰ কাপত ঠিক শোহা এটা দিম, এনেতে বৰুৱা সোমাই আহিল।
সমীকৰণটো ক’ৰপৰা আৰম্ভ কৰোঁ, তাক জুকিয়াই ল’লোঁ।
“মোক নিশ্চয় বেয়া পাই আছে!” ক্ষমাৰ ৰেঙণি এটা মোৰ ডিঙিৰ পৰা বাহিৰ হ’ল।
” নাই, নাই।”
চাওঁ- নাচাওঁকৈ বৰুৱাৰ চকুলৈ চালোঁ। মুখমণ্ডলত প্ৰশান্ত প্ৰতীতি। চকুৰ ৰশ্মি প্ৰখৰ।
তৎক্ষণাত চকু নমাই আনিলোঁ।
জেপৰপৰা লাহেকৈ নোটৰ বাণ্ডিল এটা উলিয়াই লৈ ক’লো-
“আপোনাৰ মাটিৰ দামখিনি, মানে…।”
একমুহূৰ্তৰ পাছত বৰুৱাই গম্ভীৰ স্বৰেৰে ক’লে –
“চাওঁক,মোক আৰু এই পইচা নালাগে।ল’ৰাৰ এটা মোটামুটি ভাল সংস্থাপন হ’ল। আচলতে ল’ৰাক আমি দুয়ো জনোৱাই নাছিলোঁ যে সেইখিনি আমাৰ মাটি আছিল। অ’ আৰু এটা কথা! ল’ৰাই সংস্থাপিত হোৱা ঠাইত নিজাকৈ সৰু ঘৰ এটাৰ ব্যৱস্থা কৰি লৈছে; গতিকে যদি আপোনাক দৰকাৰ হয় আমি বৰ্তমান থকা এই মাটিখিনিও ব্যৱহাৰ কৰিব পাৰে। আপাততঃ জটিল সমীকৰণবোৰ মই মোৰ হিচাপত সমাধান কৰি অঁটালো। আপুনিও চেষ্টা কৰিবচোন।”
কোঠাটোত জ্বলি থকা ক্ষীণ পোহৰৰ বাল্বটোৱে হঠাতে তীব্ৰভাবে উজ্জ্বল কৰি তোলা কোঠালিত একো নেদেখা যেন অনুভৱ কৰিলোঁ। চাহকাপৰ পৰা নিৰ্গত ধোঁৱা আৰু টকাৰ বাণ্ডিলৰ মাজত দৃষ্টি অগা-পিছা কৰি থাকিল।
******
6:42 PM
পঢ়ি ভাল লাগিল।