আদিম মেজিক, ধৰ্ম আৰু ৰঙালী বিহুৰ লোকাচাৰ-বৰষা ডেকা
পৃথিৱীৰ য’তেই কৃষিজীৱী জনগোষ্ঠী আছে তাতেই আছে একোটা কৃষি উৎসৱ। এনে উৎসৱৰ আচৰণৰ লগত আদিম কালৰপৰা সংলিপ্ত হৈ আহিছে মেজিক আৰু ধৰ্ম। আদিম বিশ্বাস জড়িত মেজিক আৰু ধৰ্মৰ প্ৰভাৱৰপৰা আমাৰ কৃষি উৎসৱ বিহুৰ লোকাচাৰসমূহো মুক্ত নহয়, কাৰণ সাম্প্ৰতিক সময়ৰ বিহুৰ লোকাচাৰ হ’ল আদিম কৃষকৰ কৃষি উৎসৱৰ আচৰণৰ অৱশিষ্ট। এই সম্পৰ্কীয় আলোচনা পিছলৈ এৰি আমি এতিয়া বিচাৰ কৰি চাম আদিম মেজিক ধৰ্মনো কি, কৃষি উৎসৱৰ লগত ইয়াৰ সম্বন্ধ কিয় আৰু কেনেকৈ হয়।
আদিম কৃষিজীৱী সমাজ আছিল প্ৰকৃতি নিৰ্ভৰ। কিন্তু প্ৰকৃতিক চম্ভালি লোৱাৰ কোনো বৈজ্ঞানিক উপায় বা কৌশল তেওঁলোকৰ জ্ঞাত নাছিল। সেয়ে কিছুমান মেজিক-ধৰ্মীয় ক্ৰিয়াকাণ্ড সম্পাদনেৰে প্ৰকৃতিক চম্ভালি নাইবা সন্তুষ্ট কৰি আদিম কৃষকে অধিক ফচল, মানুহ আৰু জীৱ-জন্তুৰ উৰ্বৰতা বৃদ্ধি আৰু অশুভ শক্তিক আঁতৰত ৰাখিব বিচাৰিছিল। আদিম মানুহৰ মেজিক আছিল অভীষ্ট সিদ্ধিৰ কাৰণে সম্পাদন কৰা এবিধ উদ্ভট ক্ৰিয়াকাণ্ড। ইয়াৰ প্ৰয়োগৰ স’তে জড়িত বিশ্বাসটো হ’ল কিছুমান নিৰ্দিষ্ট ক্ৰিয়াকাণ্ড সম্পাদনৰ যোগেদি প্ৰকৃতিক হাত কৰি লৈ মানুহে বিচৰা ধৰণে কাম কৰাব পাৰি। যিটো সূত্ৰমতে মেজিকে আদিম সমাজত থিতাপি লৈছিল সেয়া হ’ল বাস্তৱক নিয়ন্ত্ৰণ কৰাৰ ভাও ধৰিলে বাস্তৱ সঁচাকৈয়ে নিয়ন্ত্ৰিত হৈ যায়। ইয়াত উনুকিওৱা ‘মেজিক’ৰ অৰ্থ আমি সচৰাচৰ বুজাৰ দৰে ভৌতিক বাজী বা হাতচালাকী বাজীৰ স’তে জড়িত বিশেষ কলা বিধ নহয়; ই হ’ল এটা নৃতাত্ত্বিক শব্দ যাৰ লগত সংযুক্ত হৈ আছে এবিধ নিৰ্দিষ্ট আদিম কলা। এই আদিম কলা বিধৰ লগত সম্বন্ধ আছে আদিম কৃষিজীৱী মানুহৰ উদ্বেগপূৰ্ণ বিদাৰণ, দিবা স্বপ্ন আৰু দীৰ্ঘদিনৰ অপূৰণীয় আকাংক্ষা।
আদিম ধৰ্ম হ’ল আদিম কৃষিজীৱী মানুহৰ কিছুমান বোধগম্য বিশ্বাস আৰু আচৰণ পদ্ধতিৰ সমষ্টি, যাৰ সহায়ত জনা শুনা, কৌশলেৰে সমাধান কৰিব নোৱাৰা কোনো গুৰুতৰ সমস্যা সমাধানৰ চেষ্টা কৰিছিল। প্ৰকৃতিক বাট দেখুওৱা মেজিকৰ অলৌকিক শক্তিক ধৰ্মত মানি লোৱা হৈছিল দেৱ – দেৱী হিচাপে। এই দেৱ- দেৱীক সন্তুষ্ট কৰি আকাংক্ষিক বাস্তৱক পাবলৈ প্ৰাৰ্থনা, উৎসৰ্গ, নৈবেদ্য নিবেদন কৰা আদি আচৰণ সমূহক ধৰ্মীয় ক্ৰিয়া-বিধি হিচাপে সম্পাদন কৰা হৈছিল। নৃতাত্ত্বিক বিশ্লেষণ মতে ধৰ্ম হ’ল অতিকথা বা পুৰাণকথাই যুক্তিসঙ্গত বুলি প্ৰতীয়মান কৰা ক্ৰিয়া- বিধিৰ সমষ্টি যাক সম্পাদনৰদ্বাৰা মানুহে প্ৰকৃতিক পৰিচালনা কৰা দেৱ-দেৱীক প্ৰভাৱাম্বিত কৰিব পাৰে। গতিকে ক্ৰিয়া-বিধিৰ সম্পাদনেই ধৰ্মীয় আচৰণ; এই আচৰণৰদ্বাৰা প্ৰাকৃতি আৰু মানৱ জীৱনৰ গতিক পৰিচালনা কৰা দেৱ-দেৱীক তুষ্ট কৰাই হ’ল ধৰ্মৰ মুখ্য কাম।
আদিম মেজিক আৰু ধৰ্মৰ লক্ষ্য যদিও একেটাই আছিল তথাপিও মেজিক আৰু ধৰ্ম একে বস্তু নাছিল। দুয়ো বিধ ক্ৰিয়া-কাণ্ডৰ উদ্ভৱো একেলগে হোৱা নাছিল। পণ্ডিত সকলৰ মতে মানৱ ইতিহাসত ধৰ্মতকৈ মেজিক পুৰণি আৰু আদিম মেজিক আছিল আদিম ধৰ্মৰ ভেঁটি। ধৰ্মত প্ৰকৃতিৰ লগত জ্ঞাত কাৰকৰদ্বাৰা পৰিচালিত হয়, আনহাত মেজিকত প্ৰকৃতিৰ গতি অপৰিৱৰ্তনীয় বিধিৰ দ্বাৰা পৰিচালিত হয়। ধৰ্মীয় কথা বা কৰ্মৰ ব্যাখ্যাত নিৰ্দিষ্ট দেৱ-দেৱীয়ে উল্লেখ পায়, কিন্তু মেজিকত অলৌকিক শক্তিৰ উল্লেখেৰে ব্যাখ্যা দিয়া হয়। ধৰ্মত দেৱ-দেৱীক সন্তুষ্ট কৰা হয় আৰু মেজিকত অলৌকিক শক্তিক চম্ভালি লোৱা হয়। যেতিয়া আদিম মানুহে মেজিকৰদ্বাৰা অভীষ্ট সিদ্ধিত কৃতকাৰ্য্য হ’ব নোৱাৰিছিল তেতিয়া শৰণাপন্ন হৈছিল ধৰ্মীয় আচৰণৰ। আদিম কৃষিজীৱী সমাজত মেজিক আৰু ধৰ্মৰ এনেদৰে সংমিশ্ৰণ হোৱাটো আছিল সচৰাচৰ ঘটনা।
অপৰিপুষ্ট বিশ্বাসে গ্ৰাস কৰা আদিম কৃষিজীৱী সমাজত আমি ওপৰত উল্লেখ কৰি অহা মেজিক-ধৰ্মীয় ক্ৰিয়াকাণ্ডৰ ভূমিকা আছিল অপৰিসীম। সম্ভৱতঃ আদিম কৃষক যুক্তিতকৈ স্বাভাৱিক বুদ্ধিৰেহে বেছি পৰিচালিত হৈছিল, সেয়ে হয়তো তেওঁলোকে প্ৰকৃতিক বাট দেখুওৱা অলৌকিক শক্তিক মেজিক-ধৰ্মীয় ক্ৰিয়া কাণ্ডৰে নিয়ন্ত্ৰণ অথবা সন্তুষ্ট কৰি পাৰ্শ্বৱৰ্তী প্ৰভাৱৰ সৈতে মিলি যাব বিচাৰিছিল। আদিম কৃষিজীৱী সমাজত মেজিক-ধৰ্মীয় কাৰ্য্যকলাপৰ ব্যাপকভাৱে প্ৰচলন হোৱাৰ আন এটা কাৰণ হ’ল সেই সমাজত শিপাই থকা উৰ্বৰা- কল্প। তিৰোতাই সন্তান জন্ম দিয়া আৰু মাটিৰ বুকুত গছ-গছনি গজা চাক্ষুষ অভিজ্ঞতাৰপৰা তেওঁলোকে বুজিছিল যে তিৰোতা আৰু পৃথিৱী (খেতিৰ পথাৰ) একে প্ৰজনন ক্ষমতা সম্পন্ন। এই বিশ্বাসৰ ভেঁটিৰ আদিম কৃষকৰ উৰ্বৰা-কল্প প্ৰকাশিত আৰু বিকশিত হৈছিল। তেওঁলোকৰ কৃষিৰ লগত যৌনতাৰ সম্পৰ্কৰ আঁতডালো এই উৰ্বৰা-কল্পৰ মাজতে বিচাৰিব পাৰি। যিহেতু সংগম উৰ্বৰাৰ কাৰণৰ আগতেই সংঘটিত হয়, উৰ্বৰা-ন কল্পৰ লগত যৌনতাৰ সম্পৰ্কও এৰুৱাব নোৱাৰা।যৌনতা জড়িত মেজিক আৰু ধৰ্মীয় ক্ৰিয়াকাণ্ডবোৰ আদিম কৃষিজীৱী মানুহে খেতি-বাতিৰ সময়ত সম্পাদন কৰি মানুহ আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰিছিল।
আদিম কালৰ কৃষিৰ লগত জড়িত মেজিক-ধৰ্মীয় ক্ৰিয়া কাণ্ডৰ অৱশিষ্ট আজিও পৃথিৱীৰ বিভিন্ন কৃষিজীৱী জনগোষ্ঠীৰ মাজত লক্ষ্য কৰা যায়। ফেজাৰ, থমছ্ন, মেলাইনোক্সি, ব্ৰিফল্ট, কিথ্, মেক্ডোনেল, হেবিলেণ্ড, ওৱালেছ আদি পণ্ডিতসকলে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ কৃষি-উৎসৱৰ লগত মেজিক আৰু ধৰ্মৰ সম্পৰ্ক বিস্তৃত ভাৱে আলোচনা কৰিছে। ভাৰতবৰ্ষৰো মুণ্ডা, ওৰাও, খাৰোৱাৰ, পৰাগনাহাত, পাঞ্জা, হো’ আৰু ভূঁইয়া সকলকে আদি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন কৃষিজীৱী জনগোষ্ঠীৰ মাজত প্ৰাগ-ঐতিহাসিক সময়ৰপৰা উৰ্বৰা বিশ্বাসৰ লগত জড়িত মেজিক আৰু ধৰ্মীয় লোকাচাৰৰ প্ৰচলন আছে। উৰ্বৰা-কল্পৰপৰা উদ্ভৱ হোৱা খেতি পথাৰক ‘পৃথিৱীমাতৃ’, আকাশ খনক ‘আকশপিতৃ’ জ্ঞান কৰা বিশ্বজনীন ধাৰণাটো এই সকলো কৃষিজীৱী জনগোষ্ঠীৰ মাজত প্ৰবল।
সাম্প্ৰতিক কালৰ বিহু উৎসৱৰ লোকাচাৰ যে অতীত অসমৰ কৃষিজীৱী জনগোষ্ঠীৰ উৰ্বৰা-কল্পৰপৰা উদ্ভৱ হোৱা বিভিন্ন মেজিক আৰু ধৰ্মীয় কৃত্যৰক অনশিষ্ট তাত অকণো সন্দেহ নাই। যুগ বাগৰি অহা এই লোকাচাৰ সমূহৰ সূক্ষ্ম বিচাৰে আদিম মনৰ উদ্বেগ দিয়ে। অসমৰ আদিম কৃষিজীৱী জনগোষ্ঠীও আছিল প্ৰকৃতিনিৰ্ভৰ আৰু অদৃষ্টত বিশ্বাসী। এই কথা নিশ্চিতভাৱে ক’ব পাৰি যে উৎপাদনৰ অতি নূন্যতম উপায় হেতু আদিম সমাজত জীয়াই থকাৰ জোৰা মাৰিবলৈ প্ৰয়োজন হৈছিল পৰিমিত খাদ্যৰ আৰু প্ৰকৃতিৰ লগত অবিৰত সংগ্ৰামত লিপ্ত থাকিবলৈ প্ৰয়োজন আহি পৰিছিল জনসংখ্যা বৃদ্ধিৰ। গতিকে স্বাভাৱিকভাৱে এই কৃষকসকলে অলৌকিক শক্তিৰ অনুগ্ৰহ বিচাৰিছিল। বসন্তকালীন উৰ্বৰতাৰ লগত সম্বন্ধ থকা প্ৰাগ-ঐতিহাসিক অসমৰ বিহু নাচ আৰু গীত এহাতে যেনেকৈ আছিল মেজিকৰ নাটকীয় ৰুপাঙ্কণ আনহাতে ই ধৰ্মীয় ক্ৰিয়া বিধিও আছিল। যৌনোদ্দীপক অংগিভংগি আৰু অবাইচ গীত- মাতে কাম প্ৰবৃত্তি বৃদ্ধি কৰি তিৰোতাক সগৰ্ভা কৰা আদিম কৃষকৰ বাস্তৱ অভিজ্ঞতাৰ মেজিক ৰুপাঙ্কণৰ ভাওনাই কৃষিভূমি অৰ্থাৎ ‘পৃথিৱীমাতৃ’কো উৰ্বৰ কৰি শস্য সম্ভৱা কৰি তুলিছিল। এই ভাওনা আদিম কৃষকৰ ধৰ্মীয় ক্ৰিয়াবিধি আছিল যেতিয়া ইয়াক ‘আকাশপিতৃ’ আৰু ‘পৃথিৱীমাতৃ’ক কামোদ্দীপক কৰি তুলিবলৈ প্ৰাৰ্থনা হিচাপে নিবেদন কৰা হৈছিল। কাম প্ৰবৃত্তমূলক নাচ- গীতৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ‘আকাশপিতৃ’য়ে দিব্য দৃষ্টিৰে ‘পৃথিৱীমাতৃ’ক উৰ্বৰ কৰি অধিক উৎপাদনক্ষম কৰিছিল। ব’হাগ বিহুৰ কড়ি খেল আৰু কণী যুঁজো উৰ্বৰা বিশ্বাস জড়িত মেজিক। কড়ি খেল বৰষুণ আনিবৰ বাবে কৰা মেজিক নৃত্য। কড়ি প্ৰজনন ইন্দ্ৰিয়ৰ প্ৰতীক, কড়িৰ চালখন কৃষিভূমিৰ প্ৰতীক আৰু গোটেই কড়ি খেলখন হ’ল চহা জীৱনৰ প্ৰতীক। ব’হাগ বিহুৰ কড়িৰ ব্যৱহাৰে কৃষি আৰু যৌনতাৰ লগত সম্পৰ্ক থকা আদিম মেজিকৰ কথাকে সূচায়। কড়িৰ দৰে কণীকো আদিম কৃষিজীৱী মানুহে প্ৰজননৰ প্ৰতীক বুলি বিশ্বাস কৰিছিল। কণী যুঁজ শস্যৰ উৎপাদন বঢ়াবৰ বাবে কৰা এটি মেজিক নৃত্য।
আদিম যুগৰ যৌনতাৰ লগত সম্পৰ্ক থকা মেজিক ধৰ্মীয় ক্ৰিয়াকাণ্ডবোৰ আজিৰ যুগৰ নৈতিকতাৰে জুখিলে অশিষ্ট আৰু অশালীন যেন লাগিলেও সিবোৰৰ মূল কাৰণ আছিল অৰ্থনৈতিক। পৃথিৱীৰ আন প্ৰান্তৰ কৃষিজীৱী জনগোষ্ঠীৰ কথা বাদেই, আনকি ভাৰতবৰ্ষৰ গৰগনাইতি, পাঞ্জা, হো’, ভূঁইয়া আদি জনগোষ্ঠীৰ মাজত আমাৰ বিহুতকৈও অনেক গুণে অশ্লীল ক্ৰিয়াকাণ্ড কৃষিৰ লগত জড়িত আছিল বুলি জনা যায়। এই সকলো জনগোষ্ঠীৰেই কৃষিৰ লগত জড়িত মেজিক ধৰ্মীয় ক্ৰিয়াকাণ্ডবোৰৰ সঠিক মূল্যায়ন আজিৰ পৰিৱৰ্তিত পৰিস্থিত কৰিব লাগিব বস্তুধৰ্মী দৃষ্টিৰে ঐতিহাসিক প্ৰেক্ষাপটত।
মেজিক বা ধৰ্মীয় বিশ্বাসৰ বশৱৰ্তী হৈ কৰা কাম কিছুমান ক্ৰিয়াকাণ্ডও ব’হাগ বিহুত লক্ষ্য কৰা যায়, যিবোৰৰ আকাংক্ষিত বাস্তৱৰ স’তে কোনো মিল নাই। যৌন গন্ধ বিবৰ্জিত এই ক্ৰিয়াকাণ্ডবোৰৰ পৰোক্ষভাৱে কৃষিৰ লগত সম্পৰ্ক আছে। গৰু বিহুৰ দিনা কৃষি প্ৰধান আহিলা আৰু গৰুৰ শ্ৰীবৃদ্ধি হ’বলৈ মন্ত্ৰ মাতি দীঘলতি পাতেৰে কোবোৱা লোকাচাৰটো এটা মেজিক কৃত্য। আনহাতে সেই দিনটোত গৰুক গো-লক্ষ্মী জ্ঞান কৰি শ্ৰীবৃদ্ধিৰ বাবে পুৰোহিতৰদ্বাৰা গোহালিত গো-পূজা কৰাৰ লোকাচাৰ হ’ল ধৰ্মীয় কৃত্য। গৰুৰ বাবে ব্যৱহাৰ কৰা পুৰণি পঘা গৰুৰ দুঠেঙৰ মাজেদি দলিয়াই পেলোৱা লোকাচাৰ গৰু বিহুৰ আন এটা মেজিক কৃত্য। মেজিক বিশ্বাসৰ মতে, পুৰণি পঘা এইদৰে দলিয়াই পেলালে গৰুৰ অপায়-অমংগলো দলিয়াই পেলোৱা হয়। নাহৰৰ পাতত মন্ত্ৰ লিখি ঘৰৰ মাৰলিত গুজি ৰখাটো এহাতে যেনেকৈ মেজিকধৰ্মী আনহাতে ঘৰটো ধুমুহা, বজ্ৰপাত আৰু জুইৰপৰা ৰক্ষা কৰিবলৈ সম্পাদন কৰা এই লোকাচাৰ বেদৰ মহাভয়ানক দেৱতা মহাদেৱৰ প্ৰতি এটি প্ৰাৰ্থনা।ব’হাগ বিহুৰ হুঁচৰিত মেজি আৰু ধৰ্ম দুয়োটাই লক্ষ্য কৰা যায়। দেহৰ অংগি-ভংগিৰে ঘূৰি ঘূৰি গোৱা হুঁচৰি খাদ্যৰ বাবে গোৱা মেজিক গীত। এই হুঁচৰিত আকৌ সংগীতক দিয়া হৈছে স্বৰ্গীয় মূলৰ মৰ্য্যদা।
আদিম অমেজিকে সংশ্লিষ্ট জনগোষ্টীৰ বাস্তৱৰ প্ৰতি থকা ভাৱমূলক দৃষ্টিভংগীক সলনি কৰি বাস্তৱকো সলনি কৰিব পাৰিছিল। সেয়ে হয়তো মেজিকৰ ফলদায়ক গুণ সম্পৰ্কে আদিম মানুহৰ অকণো সন্দেহ নাছিল। কিন্তু আদিম মেজিক আছিল কৃত্ৰিম বিজ্ঞান, সেয়ে প্ৰতিটো মেজিকৰপৰা আদিম মানুহে আকাংক্ষিক ফল নোপোৱাটোৱেই আছিল স্বাভাৱিক। যেতিয়া মেজিক ব্যৰ্থ হৈছিল, তেতিয়া আদিম মানুহে মেজিকৰ সম্পাদনা পদ্ধতিহে ত্ৰুটিপূৰ্ণ বুলি ভাবিছিল। যিটো মেজিক সম্পাদনে আদিম মানুহক আকাংক্ষিত ফল দিছিল, নিশ্চিতভাৱে তাৰ সম্পাদনা আৰু আকাংক্ষিত বাস্তৱৰ কাকতালীয় সংযোগ ঘটিছিল। গতিকে এই কথা স্পষ্ট যে আদিম মেজিক আছিল মিছা আৰু বন্ধ্যা। মেজিকৰ দৰে আদিম ধৰ্ময়ো আদিম মানুহক আকাংক্ষিত ফল দিয়াত ব্যৰ্থ হৈছিল। কাৰণ ধৰ্মীয় কৃত্যৰ কৃতকাৰ্যতা কোনো প্ৰাকৃতিক বিধিৰ ওপৰত নিৰ্ভৰশীল নহয়। আনহাতে, আজিৰ যিকোনো উচ্চ ধৰ্মত লক্ষ্যণীয় দাৰ্শনিক চিন্তা – ভাৱনা আদিম ধৰ্মত নাছিল।
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষই মানুহৰ উন্নতিক চৰম পৰ্য্যায়লৈ লৈ যোৱা এই আধুনিক যুগৰ মেজিক আৰু ধৰ্মীৰ পুৰাতনীয় অৰ্থ আৰু উদ্দেশ্য অপ্ৰাসংগিক হৈ পৰাটো নিতান্তই স্বাভাৱিক। তথাপি অসমৰ আদিম কৃষিজীৱী জনগোষ্ঠীয়ে বসন্ত কালত সম্পাদন কৰা ক্ৰিয়া-কাণ্ডৰ অৱশিষ্ট আজিও ব’হাগ বিহুত লোকাচাৰ হিচাপে পালন কৰাৰ পৰম্পৰা টিকি আছে খেতিয়ক মানুহৰ অভ্যাসৰ বাবে আৰু হয়তো বশীভূত কৰি ৰখাৰ অনুভূতিক বাহিৰ উলিয়াই দিয়াৰ বাবে। বিহুৰ নাচ-গীত খিনিৰ কথা সুকীয়া; তাত জড়িত আছে আদিম কৃষিজীৱী মানুহৰ কলা। কলাগুণৰ মৃত্যু নহয়; পৰিৱৰ্তিত পৰিস্থিত উপযোগী হৈ কলা জীয়াই থাকিবই।
******