ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথ আৰু গোঁসাই ফুৰোৱা উৎসৱ-অলকানন্দা ৰাজবংশী বৰা

ঐতিহ্যমণ্ডিত সম্পদৰাজিৰে সমৃদ্ধ বৰ্তমান বিশ্বনাথ জিলাৰ সদৰ ঠাই -বিশ্বনাথ , বুৰঞ্জী প্ৰসিদ্ধ ঠাই। প্ৰকৃতিয়ে উজাৰি দিয়া অনন্য নৈসৰ্গিক ৰূপে-ৰসে ওপচি থকা এই অঞ্চলটি পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

দক্ষিণপাৰৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ নদীদ্বীপ উমা-টুমনি অপৰূপ সেউজ শোভাৰ অনাবিল প্ৰশান্তিৰ আধাৰ। আনহাতে উত্তৰপাৰৰ অৰুণাচলৰ ৰামবাট পাহাৰখণ্ড প্ৰকৃতিৰ ৰম্যভূমি।মূল নগৰৰপৰা ১১ কিলোমিটাৰ দূৰৈত বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত অৱস্থিত  গুপ্তকাশী বিশ্বনাথ পুণ্য তীৰ্থভূমি।

বিশ্বনাথ অৰ্থাৎ বিশ্বৰ গৰাকী।বিশ্বনাথৰ অধিষ্ঠান ক্ষেত্ৰ ‘বাৰাণসী’ক ‘কাশী’ বোলা হয়।সেয়ে বিশ্বনাথৰ অধিষ্ঠানক গুপ্তকাশী বোলা হয়।জনশ্ৰুতিমতে তাহানি অসুৰ বংশৰ ৰজা বলীৰ পুত্ৰ শিৱভক্ত মহাবলী বাণৰজাই এক কোটি শিৱলিঙ্গ স্থাপন কৰি বিশ্বনাথ ধামক “দ্বিতীয় কাশীধাম” ৰূপত প্ৰতিষ্ঠা কৰিবলৈ মনস্থ কৰাত দেৱগণে ভয় খাই গণপতি গনেশৰদ্বাৰা এটি শিৱলিঙ্গ লুকুৱাই থ’লে ঋষ্যশৃঙ্গ পাহাৰৰ তলৰ শিঙৰীৰ জলৰাশিত।শিৱলিঙ্গ বিচাৰি নাপাই বাণৰজাই আত্মাহুতি দিবলৈ উদ্যত হোৱাত স্বয়ং মহাদেৱে দেখা দি সেই স্থানত উপস্থিত থকা মুনিদ্বয় কুমুদ আৰু কৌস্তুভক এনে নিকৃষ্ট কাম কোনে কৰিলে সুধিলে।পিছে মুনিদ্বয়ে সঁচা কথা কোৱাৰপৰা বিৰত থাকিল।মহাদেৱে সেই কথা জানি দুয়োজনকে অভিশাপ দিলে।আজিও শিলঘাটত ব্ৰহ্মপুত্ৰৰ পানীত অভিশপ্ত ৰূপত “দুই মুনি শিলা” নামে মুনিদ্বয়ৰ অৱস্থিতি পোৱা যায়।পূজাৰ বাবে এটি শিৱলিঙ্গ কম হোৱা বাবে বিশ্বনাথৰ এই ক্ষেত্ৰই “গুপ্তকাশী” নামেৰে খ্যাতি লভিলে।

এই অঞ্চলৰ নাম “বিশ্বনাথ ধাম” বোলাৰ আন এক গ্ৰহণযোগ্য তথ্য হৈছে – দশম শতিকাত ৰচিত কালিকা পুৰাণ মতে “বিশ্বনাথ” হিন্দু ধৰ্মৰ এখন প্ৰধান তীৰ্থস্থান হিচাপে প্ৰতিষ্ঠিত।দশম শতিকাৰ বহু বছৰৰ আগতেই গংগাৰ তীৰৱৰ্তী ভাৰত বিখ্যাত তীৰ্থক্ষেত্ৰ “কাশী”ৰপৰা অহা কোনো ঋষিমুনিয়ে কাশীৰ বিশ্বনাথ মন্দিৰৰ আৰ্হিত ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইৰ প্ৰতি আকৃষ্ট হৈ ইয়াত দ্বিতীয়খন পীঠস্থান প্ৰতিষ্ঠা কৰে।পিছত শালস্তম্ভ বংশৰ আৰু আহোম স্বৰ্গদেউসকলৰ দিনত এই মন্দিৰে প্ৰাধান্য লাভ কৰে ৷ অসম বুৰঞ্জীত ইয়াত ত্ৰিশখন দেৱালয় আছে বুলি উল্লেখ পোৱা যায় ৷

বিশ্বনাথ দেৱালয় কেৱল এখন মহাপীঠেই নহয় ,অসমীয়া কলা -সংস্কৃতিৰো সাধনাৰ ,সমন্বয়স্থলী ৷ বিশ্বনাথ মন্দিৰৰ লগত বিজড়িত নাট ,নৰ্তকী ,ওজাপালি আদি আজি বিলুপ্ত যদিও আহোম যুগৰপৰা ইংৰাজৰ শাসন কাললৈকে ই বিশেষভাৱে প্ৰসিদ্ধি লাভ কৰিছিল। বৰ্তমান বিশ্বনাথ মন্দিৰৰ উল্লেখনীয় উৎসৱৰ ভিতৰত শিৱৰাত্ৰি ,ৰামনৱমী আৰু গোঁসাই ফুৰোৱা উৎসৱ আদি প্ৰধান।

বিশ্বনাথৰ গোঁসাই ফুৰোৱা উৎসৱ এই অঞ্চলৰ অতীতৰ আহোম যুগৰপৰা বৰ্তমানলৈকে চলি অহা এক ধৰ্মীয় পৰম্পৰাৰ ৰাজহুৱা অনুষ্ঠান ৷ ব’হাগ মাহৰ ২ তাৰিখে অৰ্থাৎ ব’হাগ বিহুৰ তৃতীয় দিনা এই অঞ্চলত অতি উলহ-মালহেৰে গোঁসাই বিহু পালন কৰা হয়। সেইদিনা বিশ্বনাথ ঘাটৰপৰা উত্তৰে পানীভঁৰাল তথা ভীৰগাঁৱলৈকে প্ৰায় ৩ কিলোমিটাৰ পথ লোকে লোকাৰণ্য হৈ পৰে।বাৰিষা কালত “বিশ্বনাথ লিংগ” পানীত তল যায়,খৰালি কালত বালি খান্দি পৰিষ্কাৰ কৰি খেৰৰ অস্থায়ী ঘৰ সাজি ‘আঘোণ’ মাহৰ এটি শুভদিনত বছৰৰ প্ৰথম পূজাভাগ আৰম্ভ কৰা হয়। সেই দিনাৰপৰা ব’হাগৰ গোঁসাই বিহুৰ দিনালৈকে পানীৰ মাজতে ‘বিশ্বনাথ বাবাক’ পূজা কৰা হয়।সাধাৰণতে সেইদিনা গম্ভৰ পানীৰে উপচি পৰে।পানীৰ মাজতে পূজা কৰি “গোঁসাইক” ফুৰাবলৈ আনে।বামত থকা  মন্দিৰত সেইদিনা পুৱাৰ ভাগতে পূজা-অৰ্চনা কৰি মন্দিৰৰ বিগ্ৰহজনাক সজাই পৰাই ( বিশ্বনাথৰ শিৱলিঙ্গৰ ওপৰত থকা চতুৰ্ভুজ বিষ্ণু) আহোম ৰজাদিনীয়া সুসজ্জিত “কেঁকোৰা দোলাত” তুলি ভীৰগাঁৱলৈকে অনা হয়। সম্ভৱতঃ গোঁসাই বিহুৰ দিনা ফুৰোৱাৰ উদ্দেশ্যেই বিগ্ৰহজনাক সজা হৈছিল।ভীৰ গাঁও বিশ্বনাথ মহাপ্ৰভুৰ পূজাৰী-দেউৰীৰ গাঁও।সেই গাঁৱৰ নামঘৰ ‘বিশ্বনাথ নামঘৰ’ নামেৰেই জনাজাত ৷

বিশ্বনাথ মহাপ্ৰভুক ফুৰাবলৈ আনোতে সাতখন আৰোৱানেৰে আঁৰ কৰি পূজাৰী-দেউৰী আৰু  শ শ ভক্তপ্ৰাণ ৰাইজে ঢোল,খোল বজাই ,জাউৰিয়ে জাউৰিয়ে নাম গাই পানীভঁৰালত থকা আহোম ৰজাৰ দিনতে বন্ধা “কাঁই ঢাপ” আলিৰ পথাৰৰ কাষৰ অন্নপূৰ্ণা মন্দিৰলৈকে লৈ আনে ৷গোঁসাইক আদৰিবলৈ সেই দীঘলীয়া পথছোৱাৰ প্ৰতিখন ঘৰৰ পদূলিত কলপুলি ৰোৱা হয় আৰু থাপনা পাতি ধূপ-দীপ-নৈবেদ্যৰে গোঁসাই সেৱা কৰে ৷পদূলিত গোঁসাই বিহুৰ দিনা গোঁসাইৰ আশীৰ্বাদ ল’লে বছৰটোলৈ অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস। এনেদৰেই গোঁসাইক কঢ়িয়াই নি কাঁই ঢাপৰ জিৰণি চ’ৰাত থৈ পুনৰ পূজা-অৰ্চনা কৰা হয় আৰু দূৰদূৰণিৰপৰা অহা ভক্তগণে ইয়াতে গোঁসাই সেৱা কৰে। গোঁসাই বিহু উপলক্ষে ইয়াত সেইদিনা এখন ডাঙৰ মেলা বহে।নিশা বিশ্বনাথ মন্দিৰলৈ গোঁসাইক ঘূৰাই আনি পূজা-অৰ্চনাৰে পূৰ্বৰ স্থানত প্ৰতিষ্ঠা কৰা হয়।দিনৰ ভাগত যিদৰে গোঁসাইক কেঁকোৰা দোলাত অনা হয় ,ঠিক সেইদৰে গোঁসাই উভতি অহাৰ অন্য পথছোৱাত সন্ধিয়াৰপৰা পুৱতি নিশালৈকে গৃহস্থসকলে পদূলিৰ কলপুলিৰ তলত সজাই থোৱা থাপনাত  কেঁকোৰা দোলাত থকা গোঁসাইক পূজা দি পূজাৰীৰ পৰা আশীৰ্বাদ লয় আৰু তাৰ পিছতহে গৃহস্থ সকলে অন্ন গ্ৰহণ কৰে। গোঁসাইৰ চৰণত উৎসৰ্গা কৰাৰ পিছতহে অঞ্চলটোৰ জীয়ৰী-বোৱাৰীয়ে আদৰৰ কপৌফুলপাহ খোপাত গুজে।

পুৱতি নিশা গোঁসাই ঘূৰি গৈ মন্দিৰত সোমোৱাৰ সময়ত বহু আনুষ্ঠানিকতা ৰক্ষা কৰা হয়।ভক্তসকল দুটা পক্ষত ভাগ হয় -গোঁসাই পক্ষ আৰু গোঁসানী পক্ষ।সোমাবৰ সময়ত গোঁসানী পক্ষৰ ৰাইজে গোঁসাইক সোমাবলৈ নিদিয়ে। দুয়োপক্ষৰ মাজত আমোদজনক সাংসাৰিক লোক সংস্কাৰমূলক কথাৰ তৰ্কাতৰ্কি হয়৷ গোঁসাইক গোঁসানীৰ পক্ষৰ মানুহে তিনিবাৰ মন্দিৰত সোমাবলৈ নিদি  ঘূৰাই পঠায় আৰু শেষত গোঁসাই পক্ষই তিনিবাৰ মন্দিৰ প্ৰদক্ষিণ কৰি মন্দিৰত প্ৰবেশ কৰে।এই আনুষ্ঠানিকতাৰ লগত বৰপেটাৰ কীৰ্ত্তন ঘৰৰ ফাকুৱা উৎসৱ (বাঁহভঙা) আৰু পুৰীৰ জগন্নাথৰ ৰথযাত্ৰাৰ লগত যথেষ্ট সাদৃশ্য আছে।

বিশ্বনাথ গোঁসাইক ফুৰাবলৈ অনাৰ বাবে ‘ব্ৰহ্মপুত্ৰ’ নদীৰ পাৰে পাৰে এটা সুকীয়া আলিবাট আছিল আৰু সেই আলিটোৰ নাম গোঁসাই আলি।গোঁসাই  ফুৰোৱাৰ সময়ত বিশ্বনাথ অঞ্চলৰ আয়তী নামতীসকলে গোঁসাইৰ উদ্দেশ্যে গায় …

*বিশ্বনাথ গোঁসায়ে

নাখায় অন্ন পানী

খায় গছত পকা কলা

গম্ভৰৰ ভিতৰত

বহি পূজা কৰে

গলত ফটিকৰে মালা৷*

আৰু…

*বিশ্বনাথ গোঁসাই ওলাল

পানীভঁড়াল মেলালৈ

দুলিয়াই পাতিলে দোলা

গায়নে বায়নে আদৰি আনিছে নামঘৰত পাতিলে সেৱা৷*

গোঁসাই ফুৰোৱা উৎসৱৰ লগত আৰোৱানৰ ওতঃপ্ৰোত  সম্বন্ধ আছে।বিশ্বনাথ মহাপ্ৰভু ফুৰিবলৈ ওলালে সাতখন আৰোৱান লোৱাৰ নিয়ম।আহোম ৰজাসকলে তিনিখন “আৰোৱান” লয়।সেইদৰে মন্ত্ৰীসকলৰ ভিতৰত প্ৰধান তিনিজনে যথাক্ৰমে বুঢ়াগোহাঁই,বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই প্ৰত্যেকজনে একোখনকৈ আৰোৱান লয়।অতীজতে গোঁসাইক সাতখন আৰোৱানেৰে আঁৰ কৰি নিয়াৰ নিয়ম আছিল যদিও এতিয়া শতাধিক আৰোৱানৰ পয়োভৰ দেখা যায় ৷ ভক্তগণে বিভিন্ন অভীষ্ট সিদ্ধিৰ বাবে মানস কৰি  তিনিখনকৈ আৰোৱান আগবঢ়ায়।সেইমতে ফলো লাভ কৰে বুলি বিশ্বাস।আৰোৱান হৈছে কাপোৰ আৰু বাঁহেৰে সজা এবিধ বিচনীসদৃশ ডাঙৰ সামগ্ৰী।আৰোৱানসমূহত ব্যৱহাৰ কৰা বগা কাপোৰত শিৱ-পাৰ্বতী ,ৰাধা-কৃষ্ণ বা গণেশ দেৱতা আদিৰ চিত্ৰ অংকিত কৰি অতি সুন্দৰকৈ সজায়।আৰোৱান উৎসৰ্গা কৰা আৰু গোঁসাই ফুৰোৱা লোকসকল আগদিনাৰপৰাই উপবাসত থাকে ৷

মহাপ্ৰভু বিশ্বনাথৰ বামত থকা বিগ্ৰহক  বাৰমাহেই পূজা কৰা হয়।বাম আৰু পানী দুয়ো ঠাইতে বিশ্বনাথ গোঁসাইৰ অৱস্থান হোৱা হেতুকে ৰাইজে কয় – বিশ্বনাথ গোঁসাই লৰক-ফৰক ,ছমাহ জলত ছমাহ থলত।

বিশ্বনাথৰ গোঁসাই ফুৰোৱা উৎসৱ ঐতিহাসিক দিশৰপৰা অতি তাৎপৰ্যপূৰ্ণ ৷ পৰ্যটনৰ বিভিন্ন সমল থকা এই ক্ষেত্ৰত এতিয়াও যথেষ্ট কৰণীয় আছে।পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবৰ বাবে ২০০৬ আৰু ২০১২চনত বিশ্বনাথ প্ৰশাসনে “বিশ্বনাথ উৎসৱৰ”আয়োজন কৰে আৰু আংশিকভাৱে ফলপ্ৰসূতা লাভ কৰে।বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশলৈ নৌকা বিহাৰৰ সুবিধা থকাৰ বাবে যথেষ্ট পৰ্যটকৰ সমাগম হৈছে যদিও “গোঁসাই ফুৰোৱা” উৎসৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্থান লাভ কৰিব পৰাকৈ প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰা নাই। আশা কৰোঁ অনাগত ভৱিষ্যতত গুপ্তকাশী বিশ্বনাথ ক্ষেত্ৰই ভাৰত তথা বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ’ব।

******

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *