কুইজৰ ‘অ আ ক খ’ আৰু দীপাংকৰ কৌশিক-ৰাহুল দত্ত

” কুইজ হৈছে তথ্যক আধাৰ কৰি মগজুৰ খেল, তাৎক্ষণিক জ্ঞানৰ পৰীক্ষা “- দীপাংকৰ কৌশিক

সমগ্ৰ অসমৰ কুইজ জগতৰ এটি জনপ্ৰিয় নাম দীপাংকৰ কৌশিক।নলবাৰী জিলাৰ আৰিকুছিৰ মাধাপুৰত জন্মগ্ৰহণ কৰা কৌশিক ডাঙৰীয়াৰ কুইজৰ যাত্ৰা আৰম্ভ হৈছিল মোমায়েকহঁতৰ গাঁও (নন্দগাঁও) ৰ বিহু সন্মিলনীৰ কুইজ প্ৰতিযোগিতাৰ জৰিয়তে। চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়ত এই যাত্ৰা আৰম্ভ কৰিছিল তেওঁৰ মাহীয়েক মিনিমা দেৱীৰ উৎসাহত। জীৱনৰ সেই প্ৰথমখন কুইজ প্ৰতিযোগিতাত খেল আৰু সাহিত্য বিষয়ৰ ৰাউণ্ডৰ জৰিয়তে লাভ কৰা সাফল্যই তেওঁক উৎসাহ প্ৰদান কৰিছিল আগুৱাই যোৱাত। 

১৯৬৭ চনত অধ্যাপক দিলীপ কুমাৰ বৰুৱাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন কুইজ প্ৰতিযোগিতাৰ পৰিচালনা কৰিছিল আৰু আৰম্ভ হৈছিল কুইজীয় যাত্ৰাৰ।বৰুৱাদেৱক অনুসৰণ কৰিয়েই আগুৱাই যোৱা কৌশিকে তেওঁক কুইজৰ গুৰু হিচাপে মানি আহিছে। তেওঁৰ কুইজৰ অনুপ্ৰেৰণা হৈছে আকৌ আন এজন জনপ্ৰিয় কুইজ পৰিচালক দিলীপ কুমাৰ শৰ্মা। ‘দৈনিক অসম’ কাকতত কলেজীয়া দিনত কৌশিকে  দিলীপ কুমাৰ শৰ্মাই পৰিচালনা কৰা কুইজৰ শিতান “প্ৰজ্ঞা স্মৃতি”ত প্ৰশ্ন পঠিয়াইছিল।তেনেদৰেই দুয়োজনৰ মাজত গঢ়ি উঠিছিল এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৷  সেইসময়তে  নীলোৎপল ডেকাৰ ‘আছাম ট্ৰিবিউন’ৰ ‘কল’ছিয়াম’ আৰু অভ্ৰ দাসৰ ‘কুইজ’ন’ শিতানতো দীপাংকৰ কৌশিকৰ প্ৰশ্ন নিয়মীয়াকৈ প্ৰকাশ হৈছিল।’প্ৰজ্ঞাস্মৃতি’ৰ পৰিচালক হিচাপে দিলীপ কুমাৰ শৰ্মাৰপৰা পোৱা এখন চিঠিয়ে কৌশিকক কুইজৰ ক্ষেত্ৰখনত আগুৱাই যোৱাত সহায় কৰিছিল। ইয়াৰোপৰি অভ্র দাস , শৈলেন বৈশ্য, ৰাজীৱ ফুকন, অমৃত শৰ্মা,  বিশ্বজিত ফুকন, মণিমুগ্ধ শৰ্মা, বিশ্বজ্যোতি শইকীয়াৰ দৰে আগশাৰীৰ কুইজাৰ্ড তথা কুইজ পৰিচালকসকলে তেওঁৰ এই যাত্ৰাপথত বাট দেখুৱাই আহিছে ।

কুইজৰ যাত্ৰাত কৌশিকৰ পিতৃ দীননাথ শৰ্মা আৰু মাতৃ নীলিমা দেৱীৰো ভূমিকা অপৰিসীম। ২০০২ চনত নলবাৰীত ‘অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ’ৰ নলবাৰী চহৰ সমিতিয়ে আয়োজন কৰিছিল সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা।স্নাতক পৰীক্ষালৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত কৌশিকক সেই কুইজখনত যাবলৈ মাতৃয়ে উৎসাহ প্ৰদান কৰিছিল আৰু সেই কুইজখনত পুলক চক্ৰৱৰ্তীৰ সৈতে লাভ কৰিছিত তৃতীয় পুৰস্কাৰ। সেয়া আছিল দীপাংকৰ কৌশিকৰ কুইজীয় জীৱনৰ টাৰ্ণিং পইন্ট।অধ্যাপক দিলীপ কুমাৰ বৰুৱা আৰু লেহোৰাম বড়োৱে পৰিচালনা কৰা সেই কুইজখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ১৪৪ টা দলে অংশ লৈছিল। 

“পৰীক্ষালৈ এসপ্তাহ বাকী থকাৰ সময়ত মাই যদি মোক সেই কুইজখনলৈ যাব নিদিলেহেঁতেন তেনেহ’লে হয়তো কুইজৰ জগতখনত এতিয়াৰ দৰে গভীৰভাৱে প্ৰৱেশ সম্ভৱ নহ’লহেঁতেন” – দীপাংকৰ কৌশিকে এইবুলি কয়।

১৫ বছৰ ধৰি চলি থকা  জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেই কুইজখনত প্ৰতিযোগী হিচাপে আৰম্ভ কৰা যাত্ৰাৰ পথ এতিয়া সলনি হৈছে তেওঁৰ।২০১৭ চনৰেপৰা কৌশিকে কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰি আহিছে কুইজ মাষ্টাৰ হিচাপে।’কুইজ কেৱল ছটা ফাইনেলিষ্ট দলৰ বাবে নহয়, কুইজ হৈছে সকলোৰে বাবে’ – এই মূলমন্ত্ৰেৰে কুইজক গণমুখী কৰাৰ লক্ষ্যত ব্ৰতী দীপাংকৰ কৌশিকে গুৱাহাটী, নলবাৰী, যোৰহাট, ডিব্ৰুগড়, নগাঁৱকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত কুইজ পৰিচালনা কৰি আহিছে ।  

“গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে মোৰ জীৱনৰ গতিপথ সলনি কৰিছিল।” 

সাংবাদিকতা বিভাগৰ ছাত্ৰ হিচাপেও তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি শ্বিলঙত মিডিয়া ফেষ্টিভেলকে ধৰি বিভিন্ন স্থানত  আয়োজিত কুইজতো সফলতা অৰ্জন কৰিছিল।২০০৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ কুইজতো স্বৰ্ণ পদক অৰ্জন কৰিছিল দীপাংকৰ কৌশিকে।বিশ্ববিদ্যালয়ত থকাৰ সময়ত তেওঁক অধ্যাপক অভিজিৎ বৰা, চন্দন গোস্বামী, বিমলকৃষ্ণ শৰ্মাই সাংবাদিকতা আৰু কুইজৰ দিশত বাট দেখুৱাইছিল।সাংবাদিকতা জীৱনত বিশিষ্ট ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা , যুগল লোচন দাসৰ লগতে ‘আমাৰ অসম’ ত কাম কৰাৰ সময়ত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গৌতম শৰ্মাই তেওঁক লিখা মেলাৰ দিশত প্ৰেৰণা যোগাইছিল ।

যোগাযোগ আৰু সাংবাদিকতা বিভাগৰপৰা উত্তীৰ্ণ হোৱাৰ পিছত সাংবাদিক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল “নৱ প্ৰজ্ঞান” আলোচনীত ২০০৬ চনত। তেতিয়াই তেওঁ তেওঁৰ প্ৰথমখন কিতাপ  “খেলজগতৰ কুইজ” প্ৰকাশ পাইছিল । প্ৰকাশ কৰিছিল পাঞ্চজন্য প্ৰকাশনে।পৰৱৰ্তী  পৰ্যায়ত তেওঁৰ “ক্ৰিকেটৰ ঈশ্বৰ” , “প্ৰজ্ঞা প্ৰহেলিকা” , “দুটা খণ্ডৰ জাৰ্ণাল কুইজ বুক”,  “জ্ঞানৰ সঁফুৰা”, “প্ৰতিযোগিতা সাৰথি” , “খেলৰ কুইজ বেংক”, “ছাত্ৰ ছাত্ৰীৰ জ্ঞান – জিজ্ঞাসা”,  “সমগ্ৰ কুইজ” ইত্যাদি গ্ৰন্থ প্ৰকাশ পাইছে।শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী “প্লেয়িং ইট মাই ৱে” ৰ অসমীয়া সংস্কৰণৰ সম্পাদনাৰ লগতো তেখেত জড়িত আছিল।  দৈনিক অসমত প্ৰকাশিত দীপাংকৰ কৌশিকৰ “প্ৰজ্ঞা প্রহেলিকা” হৈছে অসমীয়া সংবাদপত্ৰৰ ইতিহাসত সৰ্বাধিক সময়ৰ বাবে (১৬ বছৰ) চলা অসমীয়া কুইজ শিতান।

সাহিত্য আৰু খেল প্ৰিয় বিষয় হিচাপে তেওঁ কুইজত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে।অসমৰ কুইজৰ ভৱিষ্যতক লৈ আশাবাদী তেওঁ।নৱ প্ৰজন্মক নিয়মীয়াকৈ কিতাপ, বাতৰিকাকত, আলোচনী পঢ়িবলৈ তেখেতে পৰামৰ্শ দিয়ে। ‘গুগল গুৰু’ৰ ওপৰতেই কেৱল নিৰ্ভৰশীল হ’ব নালাগে বুলিও তেওঁ কয়।অসমত কুইজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰাৰ উদ্দেশ্যেৰে দিলীপ কুমাৰ শৰ্মাৰ সৈতে লগ লাগি ২০১১ চনত তেওঁ গঠন কৰিছিল কুইজৰ সংস্থা ‘অ আ ক খ’ ৷ সুধাকণ্ঠৰ জীৱনকালতে তেওঁৰ জীৱন-কৰ্মৰাজিক লৈ প্ৰথমখন কুইজ আয়োজন কৰিছিল ‘অ আ ক খ’ ই। বিগত ১১ বছৰে ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’ শীৰ্ষক এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে।লগতে ২০১৭ চনত অসমৰ কুইজৰ সোণালী জয়ন্তী বৰ্ষত অসম কুইজ উৎসৱকে ধৰি ভবেন্দ্ৰ নাথ শইকীয়া বিষয়ক কুইজ ‘কুইজৰ ৰম্যভূমি’, স্কুল কুইজ, বৰ্ষটোৰ তথ্য সামৰি ‘অসম কুইজ’ আদি আয়োজন কৰি আহিছে ।  এনেদৰেই অসম আৰু অসমীয়াৰ চৰ্চা কৰি আহিছে সংস্থাটোৱে।যোগাযোগ আৰু সাংবাদিকতাৰ লগতে ইংৰাজী বিষয়ৰো স্নাতকোত্তৰ দীপাংকৰ কৌশিকে স্কুলীয়া দিনত ভগ্নী মিতালী কৌশিকৰ সৈতেও কুইজত অংশ লৈ সফলতা অৰ্জন কৰিছিল।তেওঁৰ প্ৰেমো হৈছিল কুইজীয় ঘটনাৰ মাজেৰেই আৰু পৰৱৰ্তী সময়ত বিবাহপাশত আৱদ্ধ হোৱা নন্দিতা দেৱীয়েও তেওঁক কুইজৰ দিশত সহযোগিতা আগবঢ়াই আহিছে ।  

এসময়ত নলবাৰীৰ বিভিন্ন অঞ্চলত সহযোগী দীপক কুমাৰ শৰ্মাৰ সৈতে চাইকেল চলাই চলাই কুইজত অংশ লৈ ফুৰা দীপাংকৰ কৌশিক বৰ্তমান অসমৰ কুইজ জগতৰ জনপ্ৰিয় নাম।অনাগত দিনত আমি তেওঁৰপৰা আৰু অধিক আশা কৰিব পাৰোঁ। নৱ প্ৰজন্মক লৈ বহুখিনি নতুন কাম কৰাৰ হেঁপাহ মনত পুহি ৰখা দীপাংকৰ কৌশিক আৰু সফল হওক , ছাত্ৰ – ছাত্ৰীসকলক বাট দেখুৱাই যাওক – সেয়াই আমাৰ কামনা।

 

******

One comment

  • Kumkum Devi Sarmabaruah

    কথাখিনি জানিবলৈ পায় ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *