কৃষকৰ সপোন-কপিল দেৱগোস্বামী

নিশাৰ তমসা আঁতৰাই

কাঁচিয়লি কিৰণেৰে ভুমুকিয়াইছে

প্ৰভাতী সূৰুযে।

কুকুৰাই ডাক দি জনালে

পূৱে ধলফাট দিলে।

কান্ধত নাঙল লৈ গৰুহাল যুতি দি

ওলালে পথাৰলৈ বুলি

কঠিয়া ৰুবলৈও গৈছে ৰোৱনী

 

দুপৰৰ প্ৰখৰ ৰ’দত

দাৱনীৰ সৈতে ধান কটাৰ সময়ত

দৌৰা-দৌৰিকৈ জলপানৰ টোপোলা

হাতত লৈ পথাৰলৈ যায়।

গছৰ ছাঁত বহি

হেঁপাহ পলুৱাই জলপান খাই

দুয়ো মনৰ কথা কয়।

 

হেঙুলী ৰহণ সানি সূৰুযে

পশ্চিমলৈ ঢাপলি মেলিছে

ধানৰ ডাঙৰিৰ ভাৰখন লৈ

ঘৰলৈ উভতিছে খেতিয়ক ককাই

মুখত ফুটি উঠিছে প্ৰাপ্তি

দুচকুত যেন আশাৰ ৰেঙনি।

 

কুঁৱলীসিক্ত গধূলি

সোণগুটি চপাই

চোতালত মৰণা মাৰি

ভঁড়ালত লখিমীক থয় সাঁচি।

 

ইয়াতেই কৃষকৰ সুখ-আনন্দ

এয়াই যেন কৃষকৰ সপোন।

******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *