ক্ৰম’জোম নাম্বাৰ-কুমকুম দেৱী শৰ্মাবৰুৱা
“অ’ ৰীমা , তহঁতৰ এইজোপা জলকীয়া গছনে বৰগছ।মোতকৈ ওখহে।ডালে-পাতে নাচাবা কি!”
“আৰে পেহী, পিছফালে আহিলেনেকি ?জোক-চোক লাগিছেনেকি চাওক।এইজোপা ‘প’লিপ্লয়দি’ জলকীয়া গছ।আহক আহক ,চাহ-তাহ খাই মই ভালকৈ বুজাই দিম।আপুনি তপককৈ বুজি পাব।”
“তই গোঁসানী থাকোঁতে মই বুজি নাপামনে আৰু।হোঁ ল, পিঠা কেইটামান ভাজিছিলো নাৰিকল দি। তিল নাই অ’।”
“আইজ্জাও জোন পিঠা।ঈদো নহয় আজি।মোৰহে পেহী আপুনি।এতিয়া বহক।মই কেক বনাইছিলো ।একেলগে ভালকৈ খাই লওঁ।তাৰপিছত মজলিছ, হাঁ।”
লৰালৰিকৈ ৰীমাই চাহ বনালে ।মাকে দুপৰীয়া পাকঘৰ মুচি-কাচি আকৌ এবাৰ গা ধোৱেগৈ ।টেঙা কৰ্দৈজোপাৰ পৰা কৰ্দৈ এটা পাৰি হাত-ভৰি ঘঁহি ঘঁহি একেবাৰে চিকচিকীয়া কৰি ধুই আহিব।দেউতাক ভাত খাই উঠি বজাৰলৈ গ’ল।
ৰীমাৰ পেহীয়েক পুতলীক সৰুতেই বাল্যবিবাহ প্ৰথানুযায়ী ন বছৰ বয়সতে বিয়া দিছিল।পিচে শান্তি (তোলনী) দুবছৰমানলৈকে নোহোৱাত পেহাকে বেলেগ ছোৱালী বিয়া পাতিলেই।পেহীক আমাৰ ঘৰৰ ওচৰত ভাল স্কুল নথকাত হাইস্কুলত পঢ়াবলৈ মাহীয়েকে লৈ গ’ল।তাত গৈ চৰকাৰী বালিকা বিদ্যালয়ত পঢ়ি পেহীয়ে নৱমমান শ্ৰেণী পালেগৈ।পেহীয়ে অতি সুন্দৰ নম্বৰ পাই পাই উত্তীৰ্ণ হৈছিল ইশ্ৰেণীৰ পৰা সিশ্ৰেণীলৈ।পিচে নৱমমানত পেহী শান্তি হ’ল।মাহীয়েকৰ ঘৰতো ৰাখিবলৈ মন নকৰিলে আৰু।পেহাই কথাতো গম পাই নিবলৈ আহিল।পেহীয়ে উপায়হীন অৱস্থাত পৰি পেহাৰ লগত যাবলগীয়া হ’ল।দেউতাৰ পঠাবলৈ বৰ মন নাছিল। কিন্তু ওচৰত হাইস্কুল তেতিয়া নাছিল।তেতিয়ালৈ পেহাৰ ইগৰাকী পত্নীৰ দুটা ল’ৰাৰ জন্ম হ’ল।পেহীৰো তাৰ পিছত পাঁচোটা সন্তান হ’ল।কিন্তু পেহীয়ে লোকৰ ঘৰত কাম কৰি ল’ৰা-ছোৱালী ডাঙৰ কৰিবলগা হ’ল।ইগৰাকীৰ প্ৰতাপত পেহীৰ সুখ নহ’ল।ইতিমধ্যে পেহাও সোনকালে ঢুকাই থাকিল ।পেহীৰ ল’ৰা-ছোৱালী ডাঙৰ হৈ দুটিয়ে এতিয়া উপাৰ্জন কৰিব পৰা হ’ল।পঢ়া-শুনাতো গোটেইকেইটাই ভাল।এতিয়া পেহীয়ে অন্ততঃ লোকৰ ঘৰত কাম কৰিবলৈ যাব নালাগে।পঞ্চায়তত এগৰাকী মহিলা মেম্বাৰ থাকিব লাগে।পেহী সদায়েই অপ্ৰতিদ্বন্দ্বী হৈ জিকি আছে।পেহীয়ে বৰ ধুনীয়াকৈ বক্তৃতা দিবও পাৰে।
ৰীমাৰ চাহ হ’ল।ইতিমধ্যে মাকো গা-ধুই ভিতৰ সোমাল।সকলোৱে একেলগে চাহত চুমুক দিলে ।হাঁহিমুখেৰে পুতলী পেহীয়ে ৰীমাক ক’লে,
“ক এতিয়া জলকীয়া গছৰ কথা আকৌ।”
ৰীমাই বোলে চাহকণ খাই লওঁ পূৰাকৈ।আজি থাকক না পেহী ।বহুত দিন থকা নাই আপুনি।দেউতাই নহ’লে বুলিকো লৈ আনকগৈ।”
“নেলাগে অ’, পৰীক্ষা এটা দিব জানই নহয় ।পঢ়ি আছে।পৰীক্ষাৰ পিছত দুয়োজনী থকাকৈ এদিন আহিম বাৰু।এতিয়া ক।নবৌ, দিয়া তামোল।গান্ধ পানখনেৰে তামোলখন খায়েই ভাল লাগে।”
“মেখেলাখন চিকচিকাই আছে।এতিয়া কিবা লগাবানেকি?”…..ৰীমাৰ মাকে সুধিলে।
“নাই, হাতখনৰ বিষ হৈছে।ইহঁতে নিদিয়ে লগাবলৈ।বিহুৰ আগত গামোছা এজুতি লগাম পিছে।”
ৰীমা বাচন ধুই আজৰি হৈ হাতখন মুচি লৈ আহি বিচনাখনত একেবাৰে পেহীয়েকৰ গাতে গা লগাই বহিলহি।
“হেৰ’ মাষ্টৰণী গাতে লাগি নাথাকে।অলপ সিফালে যা।”
“আপুনি ধুনীয়া ধুনীয়া গোন্ধায়।বাৰু পেহী, এই ইটাৰ বেৰখন দেখিছেনে? তাত ইটাবোৰ যেনেকৈ খাজি থোৱা আছে তেনেকৈ আমাৰ প্ৰাণীবোৰৰ আৰু গছ-গছনিবোৰৰ গা বোৰো কিছুমান ইটাৰে গঁথা থাকে।সেইবোৰৰ নামটো হ’ল কোষ।এতিয়া এই কোষবিলকৰ ভিতৰত নিউক্লিয়াচ বুলি গোল বলটোৰ দৰে বস্তু এটা আছে।তাতে ক্ৰম’জোম বুলি এবিধ বৰ দৰকাৰী বস্তু থাকে।এইবিলাক মেগীৰ দৰে বা সূতাৰ দৰে বুলি ধৰি লওক।দুডাল সুতা যেনিবা পাক খাই পাক খাই থাকে।তাকে উদ্ভিদেই হওক বা প্ৰাণীয়েই হওক সকলো প্ৰজাতিৰে ক্ৰম’জোমৰ সংখ্যা বেলেগ বেলেগ । কিন্তু একে প্ৰজাতিৰ ক্ৰম’জোমৰ সংখ্যা একে সমান থাকে।ধৰক মানুহৰ 46 ডাল থাকে।তাৰে এজোৰাই পিছৰ প্ৰজন্মলৈ বংশগতি কঢ়িয়াই নিয়াৰ লগতে প্ৰজননৰ চৰিত্ৰ বহন কৰে।মাইকী মানুহৰ ধৰক এইজোৰাৰ দুইডাল ক্ৰমজোম একেবাৰে একে।ধৰি লওক যেনিবা X আৰু X লগ হৈ XX হৈ থাকে।কিন্তু মতা মানুহৰ জোৰাটোৰ দুইডাল ক্ৰম’জোম বেলেগ বেলেগ ।ধৰক X আৰু Y।এতিয়া প্ৰজননৰ সময়ত কোষটো ভাগি আধা আধা হৈ যায় । তেতিয়া কি হয় এই বিশেষ জোৰাটোৰ এডালহে থাকি যায় এটা কোষত। এতিয়া দুটা জনন কোষ লগ লাগিলে মাইকী কোষটোৰ পৰা আহিব অকল X হে।কিন্তু মতা কোষটোৰ পৰা দুবিধৰ কোনোবা এবিধ আহিব।যদি X আহে দুটা X মিলি XX হৈ ছোৱালীৰ জন্ম হ’ব আৰু যদি Y ডাল আহে তেন্তে মাইকীৰ X ৰ লগত মিলি XY হৈ ল’ৰা জন্ম হ’ব।তাৰমানে পেহী সন্তানটো ল’ৰা হ’বনে ছোৱালী হ’ব এইটো কথা পুৰুষ ক্ৰম’জোমডালেহে নিৰ্ধাৰণ কৰিব।তেন্তে কিয় ছোৱালী জন্ম হ’লে মানুহে মাকক দোষ দি থাকে।বুজি পাইছেনে পেহী, এইবাৰ পঞ্চায়তৰ মাহিলী মিটিঙত আপুনি ক’ব লাগিব এই কথা ।আকৌ সন্তান নহ’লেও অকল মাইকী মানুহকে দোষ দিয়ে ,ইয়াত মতা মানুহৰো দোষ থাকিব পাৰে।গতিকে সকলো কথাত মাইকী মানুহকে দোষ দিব নোৱাৰিব কোনেও।ক’ব দেই পেহী।কিন্তু সকলো জীৱ-জন্তুৰ একে নহয়।চৰাইৰ মাইকীজনীৰহে দুই প্ৰকাৰৰ জননকোষ থাকে।গতিকে চৰাই পোৱালীটো মতা হ’বনে মাইকী হ’ব ই মাইকী চৰাইজনীৰ ওপৰতহে নিৰ্ভৰ কৰে।”
“হেৰ’ ,এনেয়ে ককায়েক সভাপতি ,ভনীয়েক সদস্য হৈছে বুলি শুনায়ে থাকে,এইখন গালে আকৌ কি বুলি কয় বা।”
“কি ক’ব কি ক’ব ,আপোনাৰ সমান কথা জনা,পঢ়া-শুনা মহিলা আমাৰ গাঁৱত আপোনাৰ বয়সৰ আছেনো কোন।পেহাই আপোনাক গোৰ মাৰি গঙ্গাতহে পেলালে।আপুনি কৈ দিব “আমি জৱাহৰলাল নেহেৰু আৰু বিজয়লক্ষ্মী পণ্ডিত” বুলি।
“হা হা হা ,হা হা হা ।” পেহী হাঁহিত ফাটি পৰিল।”
“এইজনীৰ কথা শুনা ঔ।”
ৰীমাৰ মাকেও লাহেকৈ হাঁহিলে।
এইবাৰ ৰীমাই ক’লে,
“এই ইটা দুচপৰা কোষ বুলি ধৰকচোন।প্ৰজননৰ সময়ত ভাগি ইচপৰাৰ আধা সিচপৰাৰ আধা লগ লাগে যদি পুনৰ এচপৰা ইটাই নহ’ব জানো।আচলতে সেইটোৱেই হ’ব লাগে।কিন্তু কেতিয়াবা প্ৰকৃতিত এচপৰাৰ আধা গোটেই সিচপৰাৰ লগত লাগি নতুন প্ৰজাতিৰ সৃষ্টি হয়।আমি আধাক n বুলি ধৰিলে দুটা আধা মিলি পূৰাটো 2n হ’ব। কিন্তু আধা আৰু পূৰা এচপৰা লগ লাগিলে 3n হ’ব।সম্পূৰ্ণ দুচপৰা ইটা মানে দুটা কোষ লগ লাগে যদি তেতিয়া 4n হ’ব।তেনেদৰে 6n,8n লৈকে হ’বগৈ পাৰে ক্ৰম’জোমৰ সংখ্যা।
জননকোষবোৰৰ মাজত বেৰখন ভালদৰে গঠন নহ’লে তেনেকুৱা হয়।সৌ ইটাৰ মাজত চিমেণ্টৰ মছলাবোৰ নিদিলে ইটাবোৰ লাগি নাযাব জানো?সকলো মিলি এচপৰাৰ দৰে নহ’ব জানো।তেনেকুৱাই আৰু।আৰু কাৰণ অৱশ্যে আছে।পিছত এদিন ক’ম।এইদৰেই হোৱা কোষৰ পৰা নতুন গছ বা প্ৰাণী যেতিয়া হয় তাক প’লিপ্লয়দি বুলি কোৱা হয়।প’লি মানে বহুত।এতিয়া এই জলকীয়া জোপা আমাৰ তেনেকুৱা।সম্ভৱ এইজোপা 3n ক্ৰম’জোম সংখ্যা থকা।মোৰ সত্ৰত তুলসী গছৰ খুটা বনোৱা তুলসী জোপাও তেনেকুৱাই যেন লাগে।এনেকুৱা উদ্ভিদ বা প্ৰাণীবোৰ ইবোৰতকৈ আকাৰত ডাঙৰ ,স্বাস্থ্যৱান আৰু সবল হয়।”
পেহীয়েকে ক’লে,
“যোৱাবছৰ ঘেঁহু এজোপা আমাৰ বাৰীত যিমানহে ডাঙৰ হৈছিল, সেইজোপা অকল সাৰ পাই ডাঙৰ হোৱা বুলি মনে নধৰে,প’লিপ্লয়দিয়েই হ’ব।”
ৰীমাই মাত লগালে,
“সাধাৰণতে বিলাহী ,জলকীয়া ইত্যাদি পাচলিৰ আৰু জবা,নাৰ্জী,গোলাপ ইত্যাদি ফুলৰ প’লিপ্লয়দি বেচি পোৱা যায়।আমাৰ মানুহৰো প’লিপ্লয়দি আছে।আমাৰ শ্ৰদ্ধাৰ তৃতীয় লিঙ্গৰ ব্যক্তিসকল 3n (XXX অথবা XXY) ক্ৰম’জোমৰ সংখ্যা থকা লোক।তেওঁলোক আমাতকৈ ওখ-পাখ,শক্তিশালী আৰু নিৰোগী লোক।তেওঁলোকে তেওঁলোকৰ শক্তিখিনি সৎকৰ্মত খটুৱালে নিজৰ মঙ্গল নিশ্চয় হ’ব।”
“আও ,খুউব কথাপাতি আছ,কাৰ লগত।অ’ তই আহিছ ।চাহ-তাহ খালিনে?”
“পেহীয়ে ধুনীয়া পিঠা আনিছে দেউতা।তুমিও খাই লোৱাঁ।”
“অ’ হয়নেকি?মাছ আনিছোঁ পাভ আৰু বৰলীয়া দুইবিধ।তই অলপ লৈ যাবি।এতিয়া নবৌৱেৰৰ লগত দুখন মৈদা (বঠি) লৈ বাচ মাছখিনি।মই থৈ আহিমগৈ তোক।”
মাছ বচা হ’লত নবৌৱেকে অলপ বান্ধি দিলে ষ্টিলৰ টেমা এটাতে পুতলীক।ৰীমাই দৌৰ মাৰি আহি কাণে কাণে ক’লে,
“এইবাৰ মিটিঙত পেহী তুমি মই কোৱাখিনি ক’ব লাগিব দেই ।মই আগদিনাই তোমাক কাগজ এখনত অলপ দৰকাৰী কথা লিখি দিম।”
“বাৰু হ’ব আইজনী ,এতিয়া যাওঁ দেই।নবৌ যাওঁ।যাবা এদিন সোনকালে কাহানি পাৰা দুইজনী।”
ককায়েকৰ স্কুটাৰত উঠি ভনীয়েক ৰংমনেৰে ঘৰলৈ বুলি ৰাওনা হ’ল।তেতিয়া বিয়লি সূৰুয দেৱতাই ৰান্ধনীৰ’দৰ পোহাৰ মেলি আকাশে-বতাহে ৰঙীন কৰি তুলিছিল হিৰণ্ময় জ্যোতিৰে।
******
7:07 PM
ভাল লাগিল, সুন্দৰ
7:28 PM
ধন্যবাদ জনালোঁ আপোনাক।