গ্ৰন্থৰ নাম: মোৰো এটা সপোন আছে-কংকনা গোস্বামী

লেখক: ড° ৰুবুল মাউত

প্ৰকাশক: পূৰ্বায়ন প্ৰকাশন

দ্বাদশ প্ৰকাশ: নৱেম্বৰ, ২০১৯

মূল্য: ১৮০ টকা

বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ইন’ভেশ্বন ফেল’ ডঃ ৰুবুল মাউতদেৱৰ আত্মজীৱনীমূলক গ্ৰন্থখনেই হৈছে ‘মোৰো এটা সপোন আছে’। অশেষ সংগ্ৰামৰ মাজেৰে শৈশৱ তথা কৈশোৰ অতিবাহিত কৰাৰ লগতে জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতকো নেওচি কিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছুচেটছ বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিলে তাৰ বিশদ বিৱৰণ গ্ৰন্থখনত বৰ্ণিত হৈছে।গভীৰ অনুপ্ৰেৰণামূলক গ্ৰন্থখনক লেখকে যথাক্ৰমে শৈশৱ, সংগ্ৰাম, সুযোগ, দেউতাৰ অসুখ এই চাৰিটা ভাগত বিভক্ত কৰি জীৱনৰ বিভিন্ন অৱস্থা বৰ্ণনা কৰিছে।আধুনিক জ্ঞান-বিজ্ঞান-সভ্যতাৰ প্ৰভাৱ নপৰা, বাট-পথৰ সুবিধা নথকা তথা কাহানিও বিজুলী-বাতিৰ পোহৰ নেদেখা অতি দুৰ্গম অঞ্চলৰপৰা কঠোৰ সংগ্ৰাম তথা কষ্ট-সাধনাৰ বলত আমেৰিকাৰ দৰে উন্নত দেশত বৈজ্ঞানিক উদ্ভাৱনাৰে প্ৰতিষ্ঠিত ড° ৰুবুল মাউতদেৱৰ আত্মজীৱনীখনে সকলোৰে মনত সাহস তথা অনুপ্ৰেৰণাৰ বীজ বাৰুকৈয়ে ৰোপণ কৰিছে।যিখন গাঁৱৰ পৰা কোনেও মেট্ৰিকৰ দেওনা পাৰ হ’ব পৰা নাছিল, যিখন গাঁৱত এজনো চৰকাৰী চাকৰিয়াল নাছিল; সেইখন গাঁৱৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাটো অতি গৌৰৱৰ কথা। মাত্ৰ চাৰি-পাঁচ মাহৰ ভিতৰত ছয় হাজাৰ নতুন ইংৰাজী শব্দৰ অৰ্থ মুখস্থ কৰাটো আমাৰ বাবে সঁচাই অকল্পনীয়। শিক্ষা বা আন যিকোনো বিষয়ৰ প্ৰতি প্ৰৱল ইচ্ছাশক্তি থাকিলে দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰ এক জ্বলন্ত উদাহৰণ হৈছে ড° ৰুবুল মাউতদেৱ। ড° ৰুবুল মাউতদেৱে মানৱ কোষৰ ত্ৰুটিপূৰ্ণ জিন সম্পাদনাৰদ্বাৰা মানৱ সভ্যতাৰপৰা সহস্ৰাধিক জেনেটিক ৰোগ নিৰ্মূল কৰাৰ সংকল্প লৈ গৱেষণাত লিপ্ত হৈছিল যদিও দেউতাকে আঁকোৱালি লোৱা পাৰকিনছনৰ দৰে এক দুৰাৰোগ্য জেনেটিক ৰোগক প্ৰতিহত কৰিব নোৱাৰাটো অতি হৃদয়বিদাৰক। শৈশৱত বাঁহেৰে বনোৱা চাৰিটা খুঁটাৰ টেবুলখনত পঢ়িয়েই পিছলৈ নিজ উপাৰ্জনেৰে সাতটা কোঠাৰ এটি প্ৰকাণ্ড ঘৰ নিৰ্মাণ কৰাটো অতিকৈ লক্ষণীয়। ৰুবুল মাউতদেৱে শিক্ষিত হৈ এনে এটা উচ্চ শিখৰত আৰোহণ কৰিছিল যে তেওঁকে আদৰ্শ হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ গাঁৱৰ সৰহভাগ পিতৃ-মাতৃয়ে আজিকালি নিজৰ সন্তানক চাকি জ্বলাই হ’লেও পঢ়িবলৈ কয়; আনকি গাঁৱৰ মানুহে শিশুসকলক নিচুকাবলৈ হ’লেও কয় যে “আকাশেদি যোৱা প্লেনত তহঁতৰ দদায়েৰ গৈছে, দাদাই আহি আমাৰ পোনাকণকো লৈ যাব দেই”।

দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ মাচাছুচেটচ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাহিনী লিপিবদ্ধ কৰা ড° ৰুবুল মাউতদেৱৰ ‘মোৰো এটা সপোন আছে’ শীৰ্ষক গ্ৰন্থখনে শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৰে মনত গভীৰ ৰেখাপাত কৰাৰ লগতে নৱপ্ৰজন্মক ভৱিষ্যত জীৱনৰ বাবে যথেষ্ট প্ৰেৰণা যোগাইছে।

 ******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *