চম্পাৱতী আৰু তাইৰ সাধু কথা-সংহিতা ভট্টাচাৰ্য্য

‘এই বিছনাখন সলনি কৰিবলৈ হ’ল আৰু বুজিছা।’

বিছনাৰ তলৰপৰা সাৰি অনা ঘূণে ধৰা গুড়িখিনিলৈ চাই চাই কোৱা অৰ্ণবৰ কথাখিনিৰ উত্তৰ দিওঁ নিদিওঁকৈ বিদিশাই দিলে..

  ‘ও’।

বিচনাখনৰ লগত যে কিমান স্মৃতি জড়িত হৈ আছে,তাইৰ অৰ্ণৱক ক’বলৈ অলপো মন নগ’ল। জানে তাই। সি কি উত্তৰ দিব।

‘কেৱল আৱেগ অনুভৱ সোপাকে অনবৰতে বুকুত গুজি থাকা তুমি।অলপ প্ৰেক্টিকেল হ’বলৈ মানুহে শিকিব লাগে।’

কিমান শুনিব আৰু তাই এইবোৰ কথা। সেইবাবে তাই আজিকালি একো নকয়।কেৱল শুনি থাকে কথাবোৰ। শুনে আৰু বুজে। তাৰ বাহিৰে একো নাই।দুখো নাই আক্ষেপো নাই। আগতে অলপতে চকুপানী ওলোৱা তাইৰ আজিকালি চকুপানী নোলায়। কথাবোৰে আজিকালি আঘাত নকৰে অলপো তাইক।চকুপানী নোলোৱাটোকেই প্ৰেক্টিকেল বুলি কয় যদি হয়। তাই আজিকালি প্ৰেক্টিকেল।

‘মা,ফাৰ্নিচাৰবোৰ এবাৰ চাই আহকগৈ নহ’লে।’

‘নালাগে দেউতা। তহঁতবোৰে চাইছ নহয় হ’ব আৰু। একেবাৰে নহ’লে নোহোৱা বস্তুকেইটা হ’লেই হ’ল। ঘৰখনত চাগে বস্তুবোৰ আছেই। সেই একেবোৰ বস্তুকে আকৌ লোৱাৰ কি প্ৰয়োজন?’

 দায়িত্বত কুঁজা হৈ পৰা দেউতাৰ মুখলৈ চাই তাই ক’লে।

দুবছৰ হৈছেহে মাত্ৰ বায়েকৰ বিয়া হোৱা। বিয়াৰ ধাৰবোৰ দুই এটা আছেই। কেৱল পেঞ্চনৰ পইচা কেইটাৰে ঘৰেই চলাব নে বিয়াই পাতিব।

মন গ’লেও একো কৰিব নোৱাৰাৰ দুখটো লৈ ফুৰা ককায়েকৰ মুখখন তাইৰ দেখি বৰ বেয়া লাগে। মুখখনত অনবৰতে যেন এটা হতাশাই আৱৰি ৰাখে।একমাত্ৰ ভনীয়েকৰ বিয়াখনত নিজে আৰ্থিকভাৱে সহায় কৰিব নোৱাৰা দুখটো বুকুত কঢ়িয়াই লৈ ফুৰাৰ কষ্টটো হয়তো আন কোনেও অনুভৱ কৰিব নোৱাৰে।মনত আছে তাইৰ মাক নোহোৱা হোৱাৰ দিনা তাই আৰু বায়েকে চিঞৰি চিঞৰি কান্দি দুখ পাতলাইছিল। কিন্তু সি?দুখবোৰ লুকুৱাই থৈ বায়েক আৰু ভনীয়েকৰ ওচৰত শিল হৈ দেখুৱাটোও যেন আছিল তাৰ দায়িত্ব! সমস্ত নিয়ম-কানুন মনাৰপৰা শ্ৰাদ্ধবিধিত কৰিবলগীয়া আদি সকলোবোৰৰ কামৰ দায়িত্ব লৈ থাকোতে যেন কান্দিবলৈকে সময় নাছিল তাৰ। দুখ পাতল কৰিবলৈকো মানুহবোৰেও কেৱল তাই আৰু বায়েককহে সান্ত্বনা দিছিল।মানুহবোৰেও যেন জানিছিল। সি ল’ৰা মানুহ। কান্দিব নোৱাৰে সি । দুখ কমকৈ লাগে ল’ৰাবোৰৰ।পাৰে ল’ৰাবোৰে। সকলোবোৰ সহজভাবে ল’ব পাৰে। মানুহৰ এই মিছা ধাৰণা মুহূৰ্ততে নাইকিয়া হৈছিল যেতিয়া মাজৰাতি উচুপি উচুপি এটা সময়ত হুকহুকাই কান্দি পেলোৱা দেখিছিল তাই। লগত যেতিয়া দেউতাকে উচুপি উঠিছিল তেতিয়াই যেন তাই প্ৰথম অনুভৱ কৰিছিল। পুৰুষৰো দুখ লাগে। কান্দে পুৰুষেও। মাথোন দুখবোৰ গোট মাৰি শিল হয় হৃদয়ত।  তেজে তেজে ,শিৰাই শিৰাই প্ৰতিটো ক্ষণত বৈ থকা দুখবোৰ এটা সময়ত দায়িত্বৰ নামত শিল হৈ পৰে। কোনেও নজনাকৈয়ে। জানিব নিদিয়ে ল’ৰাবোৰে। আৱেগবোৰ ইমান কেনেকৈ লুকুৱাই ৰাখিব জানে?! আচৰিত লাগি যায় তাইৰ।

দেউতাক আৰু ককায়েকে লগত দিয়া বস্তুবোৰৰ কথা পাতি থকা তাই শুনিছে। ফাৰ্নিচাৰৰ দোকান থকা ককায়েকৰ লগৰ এজনৰ তাতেই চোফা ছেট আৰু বিচনাখন বনাব দিছে। মাহে মাহে কিবা এটা দি থাকিলেও হ’ব বুলি লগৰজনে কৈছে। এনেকুৱা সুবিধানো ক’ত পাব আৰু আজিকালি। সুবিধাটো পাওঁতেই অৰ্ডাৰটো দি থৈছে।

সকলোবোৰ কথা মন কৰি আছে তাই। বিয়া বুলি ক’লেই যেন শোকে খুন্দা মাৰি ধৰিছিল তাইৰ। আজিকালি ছোৱালীবোৰে কেনেকৈ পাৰে দেখিলে আচৰিত লাগি যায় তাইৰ। নিজে বিচনাখনৰ কথা কেনেকৈনো বাৰু কয় মাক দেউতাকক। চোফা চেটটোৰ কথা! কিবা এটা লাজে দেখোন মনটো কিবা কৰি পেলাইছিল তেতিয়া তাইৰ। গোটেই বিয়াখনতে বুকুখন কিহবাই যেন খুন্দা মাৰি ধৰিছিল। হেঁপাহৰ ঘৰখন এৰি যোৱাৰ কথা মনলৈ আহিলেই চকুপানীৰে ভৰি উঠিছিল দুচকু। দুই এখন যি ফটো উঠিছিল দেখিলেই হাঁহি উঠে তাইৰ। চকুপানীৰে ধূলধূলিয়া হৈ থকা মুখখন। হাঁহি এটা নাই ফটোবোৰত। আৰু এতিয়া হাঁহি হাঁহি চেল্ফি উঠি থকা কইনাবোৰক দেখিলে তাইৰ আকৌ কইনা হৈ ফটো উঠিব মন যায়। ইমান মুকলিমূৰীয়াকৈ হাঁহি হাঁহি ফটো উঠি থকা কইনা বোৰ দেখিলে কিবা এটা ভালো লাগে তাইৰ। সঁচাকৈয়ে জীৱনটো হাঁহি হাঁহি সহজকৈ ল’ব পৰাটোওতো এটা কলা!

‘এটা কাম কৰোঁ নহ’লে। মোৰ জুৰোণত দিয়া নেকলেচ ডাল আছেই। সেইডালকে ভঙাই তাইলৈ এডাল ঘৰত পিন্ধি থকা চেইন আৰু দৰা বৰণৰ আঙুঠিটো হৈ যাব। খাৰু আৰু ফুলিযোৰতো মোমায়েকে দিম বুলি কৈছেই।’

মাকে দেউতাকক কোৱা কথাবোৰ শুনি থাকিল তাই।এতিয়াও মনত আছে মাকৰ জোৰোণৰ নেকলেচডাল ভঙাবলৈ যোৱাৰ দিনাখনৰ কথা। পাহৰিব পাৰি জানো সেইকথা! মাকৰ জোৰোণৰ একমাত্ৰ নেকলেচডাল ভঙাই তাইৰ বাবে ঘৰত পিন্ধিব পৰা সাধাৰণ চেইন এডাল আৰু দৰা বৰণৰ আঙুঠি এটা বনাবলৈ গৈছিল বায়েকৰ লগত। বুকুখনত লৈ গৈছিল যেন একুৰা জুই! অলপ সময় দোকানখনৰ সন্মুখতে ৰৈ আছিল দুইজনী। কেইমুহূৰ্ত মানৰ পিছতে সোণাৰীজনে তাইৰ হাতত কিবা এটা গোল সৰু বস্তু এটা দিয়েই কৈছিল, ‘ইমানখিনি সোণ আছে ইয়াত’।  অলপ সময় ৰৈ চাই আছিল দুইজনীয়ে।  আগতে কেতিয়াও একো ভঙাই নোপোৱা সিহঁত দুজনীয়ে কেতিয়াও ভবা নাছিল যে নেকলেচডাল ভঙাই দিলে এনেকুৱা হৈ যাব। কোনোবাই যেন মাকৰ হৃদয়খন  টুকুৰা কৰি এটুকুৰা তাইৰ হাততে দিলে! এনেকুৱা লাগি গ’ল মনটো। বুকুখনত শিল এচপৰা লৈ সিহঁত দুইজনী আহি ঘৰ পাইছিলহি সেইদিনা। বাটত এজনীয়েও একো কোৱা নাছিল। ইজনীয়ে সিজনীৰপৰা যেন দুখ লুকুৱাবলৈহে চেষ্টা কৰিছিল। ক’বলৈ একো কথা বিচাৰি পোৱা নাছিল সিহঁতে। গোটেই বাটছোৱাত তাইৰ মনৰ কথাবোৰ যেন এটা গীত হৈ অনবৰতে বুকুত বাজি আছিল….

সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই..

চেনেহ জৰী তই দিয়া মোক হাততে শুৱায়..!

কইনা বৰ ধুনীয়া দেই..।

বিয়াৰ দুদিনৰ পিছৰপৰা কইনা চাবলৈ অহা যে ইমান মানুহ। ভাত খাই আজৰি হৈ উঠেহে, কইনা চোৱা মানুহ আহি ঘৰ পায়হি।

কইনা চোৱাৰ লগতে মানুহবোৰে যে কইনাই অনা বস্তুবোৰ চোৱাৰ প্ৰতি বেছি আগ্ৰহী সেই কথাও তাই অনুভৱ নকৰাকৈ নাথাকে।

বিছনাখন আৰু অকণমান ডাঙৰ হ’ব লাগিছিল অ’। দুদিনমান পিছত নোজোৰাই হ’ব দেখোন! খিলখিলাই হাঁহি হাঁহি ধেমালি কৰি কোৱা  কথাখিনিয়ে যেন শিল হৈ তাইৰ বুকুত খুন্দিয়াইছিল। ইমান কষ্টত দোকানে দোকানে ঘূৰি অৰ্ডাৰ দি হাঁহিমুখে ঘূৰি অহা দেউতাকৰ মুখখন তাইৰ বাৰে বাৰে মনলৈ আহি আছিল সেই সময়খিনিত।

‘চাই আহিবিচোন অ’ এবাৰ বিচনাখনৰ ডিজাইনটো ভাল লাগিছেনে নাই। চোফাচেটটোও চাই আহিবি।’

দেউতাকৰ স্পষ্ট মাতটো যেন তেতিয়াও তাইৰ কাণত বাজি আছিল!

কইনাজনী বৰ ধুনীয়া কেৱল বস্তুবোৰহে…কৈ কৈ ৰৈ যোৱা কথাখিনি শেষ নহওঁতেই যেন কোনোবাই কৈ উঠা শুনিছিল তাই…

বস্তু নহয় ধুনীয়া মন এটা লৈ আহিছে তাই। মাক দেউতাকৰ সংস্কাৰ লৈ আহিছে। দেউতাকৰ আদৰ্শ তেজত কঢ়িয়াই লৈ আহিছে তাই..।

পিছফালে ঘূৰি চালে বিদিশাই। কৈছে নেকি অৰ্ণবে?

নাই। নাইকোৱা। লাহে লাহে সিফালে গুচি যোৱাহে দেখিলে তাই অৰ্ণৱক। কথাবোৰত যেন লাজহে পাইছে অৰ্ণৱে। এনেকুৱা লাগি গ’ল মনটো তাইৰ। পাঁচ বছৰৰ আগতেই লগ পোৱা অৰ্ণৱক  অচিনাকি যেন লাগে তাইৰ আজিকালি। আপোন বুলি ভবা মানুহটো আপোন নহয় বুলি প্ৰথম সেইদিনা অনুভৱ হ’ল বিদিশাৰ।ঘৰখনত যেন নিজৰ কোনো নাই তাইৰ। নাই কোনো আপোন। তাই নিজেও যেন তাইৰ নিজৰ নহয় এনেকুৱা লাগি যায় মাজে মাজে তাইৰ।

আজিকালি তাই আন কিছুমান ছোৱালীৰ দৰেই যেন ভাবিব পৰা হৈছে। দিনটো কাম-বন কৰি ৰাতি বিছনাখনত ভালপোৱা বিচাৰি ল’ব পৰা হৈছে তাই! লগৰ ছোৱালীবোৰে লগ পালেই যে হাঁহি হাঁহি কয়…

‘তোলৈ যে বৰ ঈৰ্ষা হয় দেই আমাৰ। ইমান সুখ তোৰ। অট্টালিকা যেন লগা একোৰে অভাৱ নোহোৱা এখন ঘৰ। মুকলিমূৰীয়া সদায় হাঁহি হাঁহি কথা কোৱা এজন মানুহ। জীৱনত আৰু লাগে কি!’

‘অ তো। নজৰ নলগাবি দেই তহঁতে’ বুলি হাঁহি হাঁহি তাই নিজক লুকুৱাব খোজে। কি ক’ব তাই! কিহত দুখী ? কিমান বছৰ যে কাগজত বন্ধা   ডালমুট খাই খাই খোজ কাঢ়ি অৰ্ণৱৰ লগত ফুৰিবলৈ যোৱা নাই তাৰ বাবে দুখী নে সন্ধিয়া সময়ত সৌ নৈখনৰ পাৰত দুয়োটাই বহি ভাল লগা গানটো গুণগুণাই বহুদিন গাব নোপোৱাৰ দুখত দুখী তাই? ক’ব নেকি যে ইমান দিন পূজা সংখ্যা নাইবা বিহু সংখ্যাৰ আলোচনীখন পঢ়িবলৈ অৰ্ণৱে আনি নিদিয়াৰ বাবে তাই সুখী নহয়। কোনে বুজিব। বুজিবনে কোনোবাই! শুনিলে সকলোৱে হাঁহি হাঁহি ক’ব…

‘এইজনীৰো যে কথা আৰু’..!

ইমানবোৰ মানুহৰ মাজতো যে তাই কিমান অকলশৰীয়া কেনেকৈ বুজাব? প্ৰকৃততে যে অকলে থকাৰ অকলশৰীয়াতকৈ  বহু মানুহৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰাটো বেছি যন্ত্ৰণাময়, বেছি দুখজনক তাই এতিয়াহে বুজি উঠিছে।

‘ব’লা না অৰ্ণৱ, অলপ খোজ কাঢ়ি ফুৰি আহোঁগৈ। আগতে যে গৈছিলোঁ, মনত আছে নে তোমাৰ?’

‘আছে। কিন্তু তেতিয়াৰ কথা বেলেগ আছিল। তেতিয়া প্ৰেম আছিল। আমি আছিলোঁ প্ৰেমিক-প্ৰেমিকা।’

‘আৰু এতিয়া? এতিয়া কি প্ৰেম নাই আমাৰ?  আমিতো আছিলোঁ আজীৱন প্ৰেমিক-প্ৰেমিকা। চোৱাচোন মোৰ চকুলৈ চোৱা।’

অৰ্ণৱে তাইৰফালে ঘূৰি চালে। অৰ্ণৱৰ চকুলৈ চাই থাকিল বহুসময় বিদিশাই। ক’ত গল সেই আকুলতা।  ক’ত হেৰাল  কেতিয়াও শেষ নোহোৱা সেই ভালপোৱা! আচৰিত হৈ ৰৈ গ’ল বিদিশা। ক’ব খুজিও ক’ব নোৱাৰিলে যেন একো কথা…।

‘কি যে ইমপ্ৰেক্টিকেল কথা কিছুমান ভাবি থাকা তুমিও আৰু। গাড়ীখন আছেই। ড্ৰাইভাৰজনক লৈ লগৰ বান্ধৱীৰ ঘৰত ফুৰি আহিবলৈ কওঁ, নোযোৱা কিয়?’

অৰ্ণৱে তাইক বাৰে বাৰে কৈ থাকে। কিন্তু তাইতো সেইটো বিচৰা নাই। কি বিচাৰিছে তাই। ক’লেও জানো বুজিব। ক’বলৈ মন নাযায় তাইৰ। মনে মনে মাথোঁ শুনি থাকে কথাবোৰ।

জনা হোৱাৰেপৰা তাই আছিল এজনী যুক্তিবাদী ছোৱালী। নিজে নাৰী হৈও কিছু কিছু ক্ষেত্ৰত তাই যেন নাৰীবাদৰ বিৰোধী আছিল। ফেমিনিষ্ট নাছিল তাই। তাই পুৰুষৰ সমান বা আগত নহৈ নিজে নাৰী ব্যক্তিত্বৰে উজ্জ্বলি উঠিব বিচাৰিছিল। নাৰী হৃদয়ৰ কোমলতা খিনিক শক্তি হিচাবে ল’ব বিচাৰিছিল তাই। আগতে বাছত বা চিনেমা হলত যেতিয়া ‘লেডীছ ফাৰ্ষ্ট’ বুলি আগত থকা ল’ৰা এজনক আঁতৰাই তাইক আগুৱাই দিছিল তাই মানি লোৱা নাছিল। দুৰ্বল বুলি সন্মান কৰাতকৈ তাই নিজস্ব ব্যক্তিত্বৰে, নিজৰ গুণ আৰু কৰ্মৰেহে সন্মানিত হোৱাটো বিচাৰিছিল। পুৰুষতকৈ দুৰ্বল এগৰাকী নাৰী হিচাবে নহয়।

মাজে মাজে তাই অৰ্ণৱৰ ফালৰ পৰাও কথাবোৰ ভাবি চায়। সদায় মুকলিমূৰীয়াকৈ থকা অৰ্ণৱে এজনী মুকলিমূৰীয়া ছোৱালী নোপোৱাৰ দুখ কঢ়িয়াই লৈ ফুৰিছে নেকি বুকুত। নে সিও আজিকালি নিজকে তাইৰ দৰেই  অকলশৰীয়া অনুভৱ কৰিবলৈ লৈছে। ভাবে তাই। তাৰ কথাও দেখোন তাই নভবাকৈ থাকিব নোৱাৰে।  কোনো কথাতে মিল নথকা অৰ্ণৱৰ প্ৰতি তাইৰ এয়া ভাল পোৱা নে  কিবা এক মোহ?! ভালপোৱা আৰু মোহ..একে হয় জানো! খেলিমেলি লাগি যায় তাইৰ..।

এই মোহবোৰে সঁচাকৈয়ে মানুহক শেষ কৰি পেলায়। জীৱনৰ প্ৰতি মোহ, বস্তুৰ প্রতি মোহ, জীৱ-জন্তুৰ প্ৰতি মোহ, নতুনকৈ ৰোৱা ফুলগছজোপা ফুলিছে নে নাই বাৰে বাৰে চাই থকাৰ মোহ,মানুহৰ প্ৰতি মোহ,জন্মদিনৰ দিনা ৰাতি বাৰটা বজাত ফোন কৰিব বুলি ৰৈ ৰৈ উজাগৰী নিশা কটাই দিয়াৰ মোহ। আনকি এই মোহবোৰৰ প্ৰতিও এক বেলেগ ধৰণৰ যেন মোহ জন্মে! এই মোহবোৰৰ বাবেই মানুহ দুখৰপৰা পাৰ পাবলৈ উপায় নোহোৱা হয়। শেষত এনেকুৱা হয় যে এই দুখবোৰৰ প্ৰতিও কিবা এটা যেন মোহ হৈ যায়। আচৰিত! আচৰিত মানুহৰ এই জীৱনগাঁথা।

ভাবি ভাবি  লাহে লাহে তাই নতুনকৈ অৰ্ডাৰ দি অনা দানল’পৰ বিচনাখনত পৰি দিয়ে। ওচৰত সেয়া অৰ্ণৱ। লাহে লাহে অৰ্ণৱ কাষলৈ আহি থাকে তাই। ওচৰলৈ…… আৰু ওচৰলৈ…

চম্পাৱতীৰ সাধুটোৰ সেই গীতটি  ক’ৰবাৰপৰা  যেন ভাহি অহা তাই শুনিবলৈ পায়…

আই মোৰ ডিঙি কুটেকুটাই..

আই মোৰ জোঁৱাইয়ে মণি পিন্ধাই।

আই মোৰ কঁকাল কুটেকুটাই..

আই মোৰ জোঁৱাইয়ে মেখেলা পিন্ধাই….

গীতটি শেষ নহওঁতেই  তাই সমস্ত দেহৰ শক্তিৰে অৰ্ণৱক উচাট মাৰি  একেবাৰতে কাষৰ ৰূমটোৰ সেই পুৰণা বিছনাখনত দৌৰি গৈ পৰি দিয়ে। ক’ত পালে তাই ইমান শক্তি!ইমানবছৰৰ ক্ষোভ, দুখবোৰ একেলগ হৈ যেন তাইৰ দেহত  এক বেলেগ ধৰণৰ শক্তি দিয়ে। চিঞৰি উঠে তাই..

নুচুবা…

নুচুবা মোক..।

গোটেই বিছনাখনত তাই ইফালৰপৰা সিফাললৈ বহুসময় বাগৰি থাকে।গৰমত দোকানে দোকানে বিছনাখন অৰ্ডাৰ দি ঘূৰি অহা দেউতাকৰ ঘামৰ গোন্ধ বিছনাখনৰ ক’ৰবাত বিচাৰি পায় নেকি তাই গোটেই বিছনাখন গুন্ধিবলৈ ধৰে…

দেউতা.. দেউতা..।

অট্টালিকাটোৰ কাষেৰে পাৰ হৈ যোৱা মানুহবোৰে আজিকালি প্ৰায়ে কয়.. সেই অট্টালিকাৰ ধুনীয়া মানুহজনীয়ে দিনে ৰাতিয়ে বিছনাখনত কিবা বিচাৰি ফুৰে। কি বিচাৰি ফুৰে নাজানে কোনেও…

কোনেও নাজানে…।।

******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *