চাদৰ-জ্যোতিমণি দেৱী
ডিভোৰ্চী মানুহৰ সততে বদনাম কিছুমান গাত লাগি থাকে৷ডিভোৰ্চী মানুহৰ উঠা-বহা কৰোঁতে বুকুত ভয় এটাও সোমাই থাকে কোনে কাৰ লগত সন্দেহ কৰে বুলি!মেলে মিটিঙে, আত্মীয়ৰ ঘৰে পৰে কোনো বিষয়ত মাত মাতিবলৈ মন থাকিলেও নিশ্চুপ হৈ ৰ’ব লগা হয় জানোচা ওফৰি আহে তেনে বাক্যবান যে ভাল কাৰণে ডিভোৰ্চ দিবলগীয়া হ’লনে বুলি! সেয়ে নিজকে কিছুমান অপ্ৰীতিকৰ পৰিবেশৰপৰা আঁতৰাই ৰখাই শ্ৰেয় বুলি ভাবে এনে লোকে৷ তেনেকৈ পিতৃৰ ঘৰখনো এনে লোকৰ কাৰণে সদায় অনুকুলে নাথাকে বিশেষকৈ মহিলা ডিভোৰ্চীৰ ক্ষেত্ৰত৷ সৱতে তেনে মহিলাৰ ক্ষেত্ৰত মানুহৰ প্ৰশ্নবোধক দৃষ্টিৰ কটাক্ষ চলি অহাটো একপ্ৰকাৰ চিৰাচৰিত নিয়মেই হৈ পৰিছে৷ এনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হ’লে পৰিমিতাৰ মনত পৰে বন্ধু বিৰাজে কোৱা কথাষাৰ………
“এৰাএৰি হৈছা হৈছা, পিছে ফোঁটটো লৈ থাকিব লাগিছিল।”
“কিয়? কিয় ল’ব লাগে সম্পৰ্ক নোহোৱাকৈ এটি ফোঁট?”
প্ৰৱল উষ্মাৰে তাই সিদিনা প্ৰতিবাদ কৰিছিল আৰু তাৰ উত্তৰত সি কৈছিল…….
“এতিয়া নুবুজিবি, পিছত বুজিবি কিয় কৈছোঁ৷ এই ফোঁটটো লৈ ফুৰিলে মানুহৰ কিছুমান চাৱনি আৰু প্ৰশ্নৰপৰা বাচি থাকিব পাৰিবি৷”
সঁচাই তাই তেতিয়ালৈ বুজি উঠা নাছিল আৰু প্ৰতিবাদ কৰিছিল পুনৰ যে তাই যদি বাচি থাকিবলৈ যোগ্য, তেন্তে তাই সেইবোৰৰ উত্তৰো নি:সন্দেহে দিবলৈ পাৰিব৷
—————————–
সময়বোৰ যদি কেতিয়াবা বৰ দ্ৰুতগতিৰে যোৱা যেন লাগিছে, কেতিয়াবা নাযায় নুপুৱাই যেন হৈছে ৷ হতাশা, নিৰাশা, আশা সকলো একাকাৰ হোৱা কোনো এটি ত্ৰিভুজত পৰিমিতাই অনুভৱ কৰিছে কিছুমান আত্মীয় আত্মীয় লগা অথচ অনাত্মীয় মানুহৰপৰা দূৰৈত অৱস্থান কৰাটো জৰুৰী।সপোন তাইৰো আছে, ডিভোৰ্চী হ’লেও মানৱীয় আৱেগ অনুভূতিৰ কৱলৰপৰা তাই মুক্ত হোৱা নাই৷ সংসাৰখন নহ’লেই যেনিবা, সেইবুলি চিকুণক লৈ তাই ঘৰ এখন নোহোৱাকৈ থকাৰ কথা ভাবিবলৈ নোৱাৰে।কিন্তু নতুনকৈ চাকৰিত সোমাই মাটি লৈ ঘৰ কৰা কথাটোও এইমুহূৰ্তত ভাবিবলৈ সম্ভৱ নহয়৷ চিকুণক বুজাইছে তাই যে মাটি, ঘৰ-দুৱাৰ বন্ধা সামগ্ৰী আদিৰ দামে আকাশ চুইছে৷ এনে অৱস্থাত নতুনকৈ নিজে ঘৰ কৰা কথাটো তাইৰ বাবে সঁচাই দুৰূহ৷ কিন্তু পিতৃৰ মাতৃৰ ঘৰখনত থকাটোও সেই একেই দুৰূহ বিষয় তাইৰ স্বাভিমানী মনটোৰে৷ কি কৰা যায়? ভাড়াঘৰ এটা?তাইৰ কৰ্মথলীৰ কাষতে ভাড়াঘৰ এটাটো লৈ থাকিব পাৰে দুয়ো! নে ভাড়াঘৰ ল’লেও কটাক্ষ কৰিব কোনোবাই কিবা সুবিধা বিচাৰি লোৱা বুলি? কৰক, তাতনো তাইৰ কি আহে যায়; অন্ততঃ তাই আৰু তাইৰ চিকুণৰ স্বাভিমান বাচিব , আৰু স্বাভিমানতকৈ ডাঙৰ ব্যক্তিগত সম্পদ আছেই বা কিটো!
এই যে ভাড়াঘৰৰ কথাটো মনলৈ আহিল, তেতিয়াৰেপৰা এটি ভাল ভাড়াঘৰ বিচাৰি আছে তাই৷ অলপ নিৰিবিলি পৰিবেশ, অলপ শান্তি,হাই-কাজিয়া,খিয়লা-খিয়লি,
সমালোচনা, পদূলিশুঙা কিছুমানপৰা কিছু দূৰৈত অকলে! দিছে, তাই দায়িত্বও দিছে সহকৰ্মী দুই এগৰাকীক “টু লেট” লিখা দেখা পালে চাবলৈ, নিজেও চাইছে কেইবাখনো ঘৰ৷ ক’ৰবাত যদি কাপোৰ মেলি দিয়া ঠাইকণ ঠিক নহয়, ক’ৰবাত টয়লেটটো বাহিৰত, ক’ৰবাত আকৌ জাবৰ পেলাবলৈ ৰাস্তাৰ কাণৰ নলা ব্যৱহাৰ কৰা,ৰাতিৰ আন্ধাৰত চৰকাৰী অনুষ্ঠানৰ কাষৰ খাৱৈত পেলাবলগীয়া হোৱা , ক’ৰবাত বাহিৰত বহোঁ বুলি ভাবিলে বহিবলৈ ঠাই অকণৰ অভাৱ৷ ইমানো আপোচ কিদৰে কৰা যায়, গাঁৱৰ মুকলি-মূৰীয়াকৈ থকা পৰিবেশৰপৰা আহি এটি চেপত কিদৰে সোমাই থাকিব পাৰি! কিন্তু সকলো মিলাই চহৰত…….?
অৱশেষত তেনে এটি ঘৰৰ তাই সন্ধান পালে৷ চাৰিমহলীয়া ঘৰটোৰ একেবাৰে গ্ৰাউণ্ড ফ্ল’ৰত এটি কোঠাৰে….মিলিছে সকলো ভাড়াৰপৰা পৰিবেশলৈ….পানীৰ পৰা জাবৰ পেলোৱালৈ সকলো মিলাই তাইৰ ৰুচিসন্মত ঘৰ এটি৷ গেটত লিখি থোৱা টু লেট চাই তাই ঘৰখনলৈ সোমাই গৈ কলিং বেল টিপি ঘৰৰ মালিক মালিকনী দুয়োকে পালে৷ বাহ! বৰ মিল মানুহ দুগৰাকীৰ! হাঁহি মাৰি মালিকনীয়ে মালিকক দায়িত্ব দিলে কথা পাতিবলৈ, মালিকে সকলো ক’লে কি কি সুবিধা পাব৷ মাজতে তাই সুধিলে ফুল ৰুবলৈ পাৰিবনে নোৱাৰে তাই আৰু তাৰো হাঁহিমুখে উত্তৰ পালে যে পাৰিব, আৰু সেইবোৰ তেওঁলোকে ভালেই পায়৷ ঘৰৰ চাঁদত খেতি কৰা জাগা আছে, তাতো ইচ্ছা কৰিলে খেতি কৰিবলৈ পাৰিব তাই৷ আৰু কি লাগে তাইক, তাইৰ ৰুচিসন্মত ঘৰখনটো ইয়াতকৈ বেলেগ একো নহয়৷ সেইদিনাই তাই ঘৰটো ঠিক কৰাৰ আগধন যাচি সন্তুষ্টি মনেৰে ঘৰমুৱা হ’ল৷
————————————-
এসপ্তাহ গ’ল পৰিমিতা আৰু তাইৰ জী চিকুণৰ ভাড়াতীয়া জীৱনৰ ৷ ইতিমধ্যে তাই কিছুমান ফুলৰ টাব সজাইছে তলত৷ চাঁদৰ ওপৰলৈ এসপ্তাহলৈ নতুনকৈ কঢ়িয়াবলগীয়া তথা আনিবলগীয়া যা-যোগাৰ কৰাৰ ব্যস্ততাৰ বাবে যোৱা হোৱা নাছিল যদিও ৰবিবাৰ পাই এসপ্তাহৰ অন্তত তাই ওপৰলৈ গৈ দেখিলে যে চাঁদখন নানান গছেৰে ভৰপূৰ হৈ আছে৷ খেতি কৰাৰ বাবে মালিকে কোৱাৰ দৰেই মাটিয়ো উঠাই থোৱা আছে৷ এখন ৰুচিশীল মানুহৰ ঘৰ হিচাপে তাই খুবেই সুখী হ’ল৷ কান্না, গুটিমালি, তগৰ, বকুল , আম, নেমু, কচমচ, পদিনা, হালধি কিছুমান গাঁৱৰ ঘৰতেই ইমান খেতি নাই চাঁদখনত যিমান খেতি আছে৷এনে এখন ঘৰ নিজৰ বাবেও কৰিবলৈ পৰিমিতাৰ যে কিমান দিনৰ সপোন! নাজানে, তাই নাজানে যে সেই সপোন তাইৰ পূৰণ হ’বনে নাই৷ তেতিয়াই তাই এনে সুখী মানুহবোৰৰ প্ৰতি অপকাৰবিহীন একধৰণৰ ঈৰ্ষা অনুভৱ কৰে আৰু স্বগতোক্তি কৰে…….. ইমান সুখী মানুহ এইবোৰ! ল’ৰা-ছোৱালী উচ্চ শিক্ষিত, দুয়োগৰাকী চাকৰিয়াল, লাগ বুলিলেই সকলো পায়, যাওঁ বুলিলেই নিজৰ গাড়ী লৈ Wondering without reason বুলি বিলাস কৰি ওলাই যাব পাৰে, ৰাতিৰ সাজ বাহিৰতে খাওঁ বুলি খাই আহিব পাৰে, মুঠৰ ওপৰত ভগৱানৰ যদি কৃপাদৃষ্টি আছে, এনেলোকৰ লগতে আছে৷ যা হওক বস্তু অনা, সজোৱা এইবোৰ ভাগৰৰ বাবে এমাহমান পঢ়া শুনা সকলো বাদ দি তাই কামলৈ ওলাই যোৱা সময়কণৰ বাদে বাকী একো নকৰাকৈ কেৱল শুলে আৰু শুলে৷
———————————
: পৰিমিতা…
চহৰৰ গলিৰে খোজ কাঢ়ি আহি থাকোঁতে তাইক কোনোবাই নাম কাঢ়ি মতা শুনি একাষলৈ ঘূৰি চাই দেখে দোকান এখনৰপৰা ৰাজেনদাই মাতিছে৷ ৰাজেনদাৰ লগত তাইৰ কবিতাৰ অনুষ্ঠান এটিত চিনাকি হৈছিল আৰু তেতিয়াৰেপৰাই দুয়োৰে মাজত দাদা ভনীৰ সম্পৰ্ক৷ ৰাজেনদা ভাল মানুহ, ভদ্ৰ মানুহ, তাই তেওঁৰ ব্যক্তিত্বক ভাল পায়৷ তাই পিচুৱাই গৈ ৰাজেনদাৰ সন্মুখত থিয় দিলে৷
: কেনে আছা? বহুদিনৰ মূৰত তোমাক লগ পাইছোঁহে৷
: ভালেই দাদা৷ এইখন কি আপোনাৰ দোকান?
: অ, তুমি হ’বলা গমেই নোপোৱা এইখন দিয়া, আহিবা মোৰ দোকানলৈয়ো৷
: আহিম আহিম,নিশ্চয় আহিম৷ এতিয়াতো মই ইয়াতেই থাকোঁ৷
: ইয়াত মানে? ঘৰ মাটি লৈছা নেকি ইয়াতে?
: এহ দাদা, কিনো কয়! ঘৰ মাটি ল’বলৈ ইমান পইচা মোৰ ক’ত আছে? মই ইয়াত ভাড়াঘৰ এটি লৈছোঁ৷
: ভাড়াঘৰ লৈছা? ক’ত লৈছা কাৰ ঘৰত?
: সেই যে কলনিটোৰ বাসিন্দা হাইস্কুলৰ শিক্ষক বৰা, তেওঁৰ ঘৰত৷
: অ বৰাৰ ঘৰত? থাকি কেনে পাইছা?
: ভালেই দাদা, বৰ শান্তিপূৰ্ণ ঘৰখন৷ গোটেই পৰিবেশটোৱেই মোৰ ভাল লাগিছে৷
: অ, সঁচাকৈনে?
: সঁচাকৈয়ে৷
: কাজিয়া পেচালৰ একো শব্দ নুশুনা তাৰমানে?
: নাইতো! কিয় সুধিলে?
: বৰা-বৰানীৰ আগতে ঢেৰ কাজিয়া লাগিছিল৷ এতিয়া নালাগে তাৰমানে!
: তেওঁ দেখোন গুৱাহাটীতহে থাকে বোলে, গতিকে কাজিয়া কেনেকৈ হ’ব! আৰু আহিলেও দুয়োৱে হাঁহি মাতি কথা কোৱাইতো দেখিছোঁ মই ভাড়া বিচাৰি আহিবৰ দিনা!
: ঠিকে আছে দিয়া, ভালকৈ থাকিবা৷ চাহ একাপ খাবা নেকি?
: নাই নাই, নাখাওঁ দাদা আজি৷ চিকুণক লগত লৈ এদিন আপোনাৰ ঘৰলৈকে যাম দিয়ক চাহ খোৱাকৈ৷ আহোঁ এতিয়া দাদা৷
: যোৱা তেন্তে।
———————————–
মাজৰাতি চিকুণ আৰু তাইৰ টোপনি ভাগিছিল৷ কিছুমান শব্দই দুয়োৰে কৰ্ণকুহৰত আঘাত কৰিছিল আৰু তাৰ শব্দতে দুয়ো সাৰ পাইছিল ৷ টোপনিৰ আলি জালিত এনে লাগিছিল কোনোবাই কাজিয়া কৰিছে, বস্তু বাহানি দলিয়াইছে আৰু চিঞৰি চিঞৰি কোনোবা নাৰীয়ে কান্দিছে৷ এই এমাহত সিহঁতে বৰ ভাগৰুৱা মানুহৰ দৰে কেৱল শুইছিল৷ নিদ্ৰাৰ কোলাত ঢলি পৰিলে যেন আৰু একোৱেই শুনিবলৈ নাপাই এনে লাগিছিল৷ এমাহৰ অন্তত আজি টোপনিত ব্যাঘাত জন্মিছে কাৰোবাৰ পাৰিবাৰিক কন্দলৰ শব্দত৷ কিন্তু কাজিয়া কাৰ লাগিব পাৰে!এইখন ঘৰৰ পৰিয়ালটোৰ মাজত আজি এমাহে হোৱা অভিজ্ঞতাৰে বেছ শান্তিপ্ৰিয় আৰু মিলাপ্ৰীতি থকা যেনেইতো অনুভৱ হৈছে৷ বাদ দিয়া, লাগিব পাৰে কাৰোবাৰ কিবা, এওঁলোকৰ নহ’বও পাৰে৷ হ’ব পাৰে ওচৰ চুবুৰীয়া আন কাৰোবাৰ! ৰাতিৰ শব্দ টোপনিৰ জালত ইমান ভালকৈতো মনিবও নোৱাৰি! কথাবোৰ এৰি দি দুয়ো পুনৰ টোপনিত লালকাল দিলে৷
————————————
বহাগ বিহুৰ বন্ধটি গ’ল৷
পৰিমিতা আৰু চিকুণে ভাড়াঘৰতেই কটালে৷ বন্ধ খোলাৰ পিছত পৰিমিতা পুনৰ কামলৈ গ’ল৷ সহকৰ্মী মনশ্ৰীয়ে হাঁহি হাঁহি আগবাঢ়ি আহি পৰিমিতাক মাত লগালে—
: গুড মৰ্ণিং পৰিমিতা বাইদেউ৷
: গুড মৰ্ণিং মনশ্ৰী৷
: বিহুৰ বন্ধ ক’ত কটালে?
: ক’ত কটাবা আৰু, ভাড়াঘৰতেই কটাই দিলোঁ৷
: কেনে পাইছে তেন্তে ভাড়াঘৰত থাকি আৰু মালিকক?
: ভালেই, শান্তিপূৰ্ণ পৰিবেশ৷ মইতো এনেয়ো বিনা কাৰণত কাৰো লগত বৰকৈ হলি গলি কৰি নুফুৰোঁ, গতিকে আপত্তি কৰিবলগীয়া একো পোৱা নাই৷
: ঠিকে আছে তেন্তে, হলিগলি কৰিবলৈ নাযাবও! মালিকজন বৰ এটা ঠিক নহয়!
: ঠিক নহয় মানে? বেঠিকটো কি?
: এহ, তেওঁৰ মাইকী কেলেংকাৰী আছে৷
: মাইকী কেলেংকাৰী মানে ? বুজাই কোৱাচোন!
মনশ্ৰীয়ে যিখিনি বুজালে তাৰপৰা পৰিমিতাই ইমানখিনিয়ে বুজিলে যে তাইৰ ঘৰৰ মালিকৰ কোনোবা চাকৰণীৰ লগত হলিগলি হৈছিল আৰু তাৰবাবে কাজিয়াও হৈছিল৷ সেয়ে মালিক এই চহৰৰ ঘৰখনত বেছিকৈ নাথাকে আৰু গুৱাহাটীত ফ্লেট লৈ থকা কৰিছে৷
হ’ব পাৰে, হ’ব পাৰে কেতিয়াবা কাৰোবাৰ এনে৷কথাতে কয়েইচোন “হস্তীৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাও”। সেইবুলি সদায়ে নিশ্চয় বেয়া হ’ব নোৱাৰে ৷ পৰিমিতাৰ মনে সততে কাকো এনেকৈ বেয়াকৈ ভাবিবলৈ নোৱাৰে৷ গতিকে ঘৰৰ মালিক সম্পৰ্কে ধাৰণাটোও তাই বেছি বেয়াকৈ ল’বলৈ অপাৰগ হ’ল৷
————————————-
অলপ আগতে স্থানীয় এল পি স্কুলখনত এটি স্বাস্থ্যশিবিৰ অনুষ্ঠিত হৈ গ’ল৷ শিবিৰটো অনুষ্ঠিত কৰিছিল স্থানীয় আশাকৰ্মী সুপৰ্ণাই আৰু শেহলৈ তেওঁ ৰৈ গ’ল৷ শিবিৰটোত উপস্থিত থাকিবলৈ সুপৰ্ণাই পৰিমিতাকো মাতিছিল আৰু পৰিমিতা সুপৰ্ণাৰ লগত ৰৈ গৈছিল শেহলৈকে৷ বিভিন্ন স্বাস্থ্যবিষয়ক কথা, ঘৰুৱা কথা-বতৰা পাতি শেষত তেওঁলোকৰ মাজত আলোচনাৰ বিষয় হৈ পৰিল বিজুলী এপৰ জৰিয়তে বিজুলী দিবলগীয়া স্মাৰ্ট মিটাৰৰ কথা৷ স্মাৰ্ট মিটাৰে কিদৰে লোকচান কৰিব পাৰে তাকো আলোচনা হ’ল৷ পৰিমিতাই সুপৰ্ণাক জনালে যে তেওঁৰ ভাড়াঘৰত এতিয়ালৈকে স্মাৰ্ট মিটাৰ হৈ উঠা নাই ৷ তথাপি বিল কিছু বেছি হৈছে এটা কোঠাৰ ব্যৱহাৰ হিচাপত৷বিজুলী সংযোগী কোনো ব্যয়বহুল আচবাব নোহোৱা স্বত্বেও বিলটো বেছি হোৱাটো পৰিমিতাৰ যে বৰ এটা ভাল লাগি থকা নাই তাকো জনালে৷ তেনেতে সুপৰ্ণাই ক’লে………..
ভাড়াঘৰৰ প্ৰায়বোৰ মালিকে নিজৰ ঘৰৰ বিলো ভাড়াতীয়াৰপৰাই আদায় লয়৷ সেয়া তেওঁলোকে গম পায় ৷ তদুপৰি পৰিমিতা থকা ঘৰখনৰ মালিকটো এনেয়ো বৰ ঠিক নহয়৷
ঠিক নহয়? তাৰমানে সুপৰ্ণায়ো জানে পৰিমিতাৰ ঘৰৰ মালিকৰ কথা! কি জানে? পৰিমিতাই কৌতূহল দমাব নোৱাৰি তেওঁক সুধিলে…..
: আপুনি যে ঠিক নহয় বুলিলে, তাৰমানে কথাটোনো কি বাইদেউ?
: অ, আপুনি গম নাপাই নেকি?
: নাপাওঁ, একো গম নাপাওঁ মই৷
: তেওঁৰ এজনী ৰক্ষিতা আছে৷ ৰক্ষিতা আৰু তেওঁৰ পক্ষৰ ছোৱালী এজনীও আছে৷ তেওঁলোক গুৱাহাটীত থাকে৷ মালিকনীৰ লগত মিল নাই, লোকক দেখুৱাই কেৱল মাতবোলহে আছে ৷
পৰিমিতা হতবাক হৈ সুপৰ্ণাৰ ফালে চাই ৰ’ল৷ যাৰ সুখৰ উৎস চাই চাই পৰিমিতা অ’তদিনে ঈৰ্ষাবোধত মগ্ন আছিল সেইবোৰ তাৰমানে……….
কি যে ডাঠ এখন চাদৰ আঁৰি লৈ জীৱনবোৰ, সংসাৰবোৰ চলি থাকে! চ’চিয়েল মিডিয়াৰ সেই সুখী সুখী দম্পতিবোৰ….! তেওঁলোকৰো চাগৈ….
ভাড়াঘৰলৈ আহি চিকুণক পৰিমিতাই ক’লে…..
: চিকুণ, মই ডিভোৰ্চী হ’লেও ময়েই সুখী মানুহ অ’৷ লোকক দেখুৱাবলৈ কান্না, বকুল, তগৰ, কচমছ ৰোৱা আবেগিক বাগানেৰে মই সুখৰ চাদৰ আঁৰি থোৱা নাই !
: আহ চিকুণ আহ,আমি মুড়ি, বিস্কুট , লালচাহেৰেই জীৱনটো উদ্যাপন কৰোঁ৷ ঘৰ আজি নাই, কাইলৈ হ’ব৷ বাঁহৰ বেৰেৰে হ’লেও হ’ব ৷ কিন্তু চাদৰখন স্বচ্ছ হ’ব, নিকা হ’ব, ইফাল সিফাল দুয়োফাল একে দেখাকৈ , সুখ দুখ মনিব পৰাকৈ পৰিমিতা নামৰ ডিভোৰ্চী নাৰীগৰাকীৰ ঘৰখন দূৰৈৰপৰাই দেখাকৈ স্বচ্ছ হ’ব, তোমাক কথা দিলোঁ৷
অ, তোমাক মই এগৰাকী ডিভোৰ্চী মাতৃয়ে কথা দিলোঁ৷
******
8:12 PM
ৱাও বৰ সুন্দৰ
6:59 PM
বৰ সুন্দৰ হৈছে।